Class 6 Social Science Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি

SCERT class 6 Social Science Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি free study material and class notes available here for free. So, if you are looking for class 6 Social Science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 2 “পৃথিৱীৰ আকাৰ আৰু আকৃতি” Lesson 2 free notes.

পৃথিৱীৰ আকাৰ আৰু আকৃতি

পাঠ নং ২

অনুশীলনী :

প্ৰশ্ন (১) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া

(ক) কৰ্কট ক্ৰান্তি ৰেখা কাক বোলে?

উত্তৰ— বিষুৱ ৰেখাৰ উত্তৰফালে অৱস্থিত ২৩ ১/২° (২৩.৫ ডিগ্ৰী) উঃ অক্ষাংশ কাল্পনিক ৰেখাডালকেই কৰ্কটক্ৰান্তি ৰেখা বোলে ।

(খ) তাপমণ্ডল তিনিটা কি কি ?

উত্তৰ— তাপমণ্ডল তিনিটা হ’ল- গ্ৰীষ্ম মণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল

(গ) অক্ষৰেখা কাক বোলে?

উত্তৰ— বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ পূৱা-পশ্চিমাকৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে । এই ৰেখাবোৰকে অক্ষৰেখা বোলে ।

(ঘ) দ্ৰাঘিমাৰেখা কাক বোলে?

উত্তৰ— পৃথিৱীৰ উপৰিভাগত কোনো ঠাইৰ অৱস্থান নিৰ্ণয়ৰ বাবে অক্ষ ৰেখাৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয় । এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলে ।

(ঙ) গ্ৰীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ম কিয় হয় ?

উত্তৰ— গ্ৰীষ্মমণ্ডলত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি প্ৰায় পোনপটীয়াভাৱে পৰাৰ ফলত ই অধিক উষ্ম হয় ।

(চ) বিষুৱৰেখা কোনটো তাপমণ্ডলত অৱস্থিত ?

উত্তৰ— বিষুৱৰেখা গ্ৰীষ্মমণ্ডলত অৱস্থিত ।

(ছ) মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে ?

উত্তৰ— মেৰু অঞ্চলত ছমাহ কাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু ছমাহ কাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে । সেইবাবে এই অঞ্চলত শীতৰ প্ৰকোপ অতি বেছি হয় আৰু সাগৰৰ পানী গোট মাৰি থাকে।

প্ৰশ্ন (২) কেৱল উত্তৰ দিয়া

(ক) কৰ্কটক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে ?

উত্তৰ— উত্তৰ গোলাৰ্ধত ।

(খ) কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰে দুই মেৰুবিন্দুক সংযোগ কৰিছে?

উত্তৰ— দ্ৰাঘিমাৰেখাই ।

(গ) গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে ?

উত্তৰ— উত্তৰ ফালে বা ওপৰৰ ফালে।

(ঘ) বিষুৱ ৰেখাৰ অক্ষাংশ কিমান ?

উত্তৰ— ০° অক্ষাংশ ।

(ঙ) তুমি কোন গোলাৰ্ধৰ বাসিন্দা ?

উত্তৰ— উত্তৰ গোলাৰ্ধৰ ।

প্ৰশ্ন (৩) শুদ্ধটোত (√) চিন দিয়া

(ক) মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে―

(১) ৯০°   (২) ০°    (৩) ৬৬°

উত্তৰ— (২) ০

(খ) শীতমণ্ডলৰ অৱস্থান হৈছে―

(১) মেৰু অঞ্চলত  (২) বিষুৱীয় অঞ্চলত

উত্তৰ— (১) মেৰু অঞ্চলত

(গ) বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব?

(১) ৬৬ / দক্ষিণ অক্ষাংশ    (২) ২৩ / দক্ষিণ অক্ষাংশ    (৩) ২৩ /  উত্তৰ অক্ষাংশ

উত্তৰ— (২) ২৩ / দক্ষিণ অক্ষাংশ

(ঘ) ১° অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হব―

(১) ১৮০ ডাল  (২) ৩৬০ ডাল  (৩) ৯০ ডাল

উত্তৰ— (২) ৩৬০ ডাল

প্ৰশ্ন (৪) (ক) বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি ?

উত্তৰ— গ্ৰীষ্মমণ্ডল।

(খ) সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত আছে ?

উত্তৰ— সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী গোট মাৰি থাকে ।

Sl. No. Contents (Class 6 Social Science)
Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3 পৃথিৱীৰ গতি
Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Chapter 8 আমাৰ ভাৰত
Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10 আদি প্ৰস্তৰ যুগ
Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা
Chapter 13 বৈদিক সভ্যতা
Chapter 14 মহাজনপদ
Chapter 15 নতুন ভাৱৰ উত্থান
Chapter 16 মৌৰ্য সামাজ্য
Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19 জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21 চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22 গণতন্ত্ৰ আৰু নীতিসমূহ
Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

অন্যান্য প্ৰশ্ন (Class 6 Social Science)

Class 6 Social scienceপ্ৰশ্ন (১) পৃথিৱীৰ মেৰুদণ্ড বুলিলে কি বুজা?

উত্তৰ— পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে । এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে ।

প্ৰশ্ন (২) বিষুৱ ৰেখা কাক বোলে ?

উত্তৰ— পৃথিৱীৰ উপৰিভাগত সোঁমাজেৰে পূৱা-পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰা হৈছে । এই ৰেখাডালকে বিষুৱ ৰেখা বোলে । পৃথিৱীৰ উপৰিভাগত কোনো ঠাইৰ অৱস্থিতি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত বিষুৱ ৰেখাৰ সহায় লোৱা হয় ।

প্ৰশ্ন (৩) অক্ষাংশ কাক বোলে ?

উত্তৰ— এখন ঠাই বিষুৱৰেখাৰ কিমান উত্তৰে বা কিমান দক্ষিণে আছে তাক জানিবৰ বাবে বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকৰ ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাবোৰকে অক্ষৰেখা বোলে। প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বোলে।

প্ৰশ্ন (৪) গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে পাৰ হৈ যোৱা দ্ৰাঘিমাৰেখাডালৰ নাম কি?

উত্তৰ— গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে পাৰ হৈ যোৱা দ্ৰাঘিমাৰেখাডালক মূখ্য দ্ৰাঘিমাৰেখা (Prime Meridian) বুলি কোৱা হয়।

প্ৰশ্ন (৫) চমুটোকা লিখা।

(ক) উত্তৰ মেৰু  (খ) দক্ষিন মেৰু

উত্তৰ— (ক) উত্তৰ মেৰু: পৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেখা বা পৃথিৱীৰ মেৰুদণ্ডদালৰ ওপৰৰ পিনে থকা শীৰ্ষবিন্দুটোক উত্তৰ মেৰু বা সুমেৰু বোলে।

(খ) দক্ষিন মেৰু: পৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেখা বা পৃথিৱীৰ মেৰুদণ্ডদালৰ তলৰ পিনে থকা শীৰ্ষবিন্দুটোক দক্ষিন মেৰু বা কুমেৰু বোলে।

প্ৰশ্ন (৬) খালী ঠাই পূৰ কৰা-

(ক) পৃথিৱীক সমানে দুভাগ কৰা কাল্পনিক বৃত্তাকাৰ ৰেখাডালক  বিষুৱৰেখা।

উত্তৰ— পৃথিৱীক সমানে দুভাগ কৰা কাল্পনিক বৃত্তাকাৰ ৰেখাডালক বিষুৱৰেখা বোলে ।

(খ) আৰু ৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি।

উত্তৰ— অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close