SCERT Class 6 Social Science Chapter 8 আমাৰ ভাৰত

SCERT class 6 Social Science Chapter 8 আমাৰ ভাৰত free study material and class notes available here for free. So, if you are looking for SCERT class 6 Social Science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 8 “আমাৰ ভাৰত” Lesson 8 free notes.

আমাৰ ভাৰত

পাঠ নং ৮

অনুশীলনী :

প্ৰশ্ন (ক) উত্তৰ দিয়া―

(১) ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি কি ?

উত্তৰ— ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগকেইটা হ’ল― উত্তৰৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূলীয় নিম্নভূমি আৰু দ্বীপ অঞ্চল।

(২) দক্ষিণ ভাৰতৰ চাৰিখন প্ৰধান নদীৰ নাম লিখা ?

উত্তৰ— মহানদী, গোদাবৰী,  কৃষ্ণা আৰু কাবেৰী ।

(৩) ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ সাতখনৰ নাম লিখা ।

উত্তৰ— আফগানিস্তান, পাকিস্তান, চীন, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা ।

(৪) ভাৰতত মুঠতে কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে ?

উত্তৰ— ভাৰতত মুঠতে ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।

(৫) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন ?

উত্তৰ— উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত । এনে পলসুৱা মাটি কৃষিৰ বাবে উপযোগী হোৱাৰ বাবে এই অঞ্চলত জনবসতিও ঘন ।

(৬) ভাৰৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত কি কি পাৰ্থক্য আছে ?

উত্তৰ— ভাৰতবৰ্ষৰ পূৱ উপকূল তুলনামূলকভাৱে বহল আৰু সাৰুৱা, আনহাতে পশ্চিম উপকূল ঠেক, শিলাময় আৰু অসাৰুৱা।

(৭) ভাৰতক কিয় এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয় ?

উত্তৰ— ভাৰত বিভিন্ন ধৰ্মৰ আৰু বহু ভাষা-ভাষী লোকৰ বাসস্থান আৰু ভাৰতীয় গণতন্ত্ৰয়ো ধৰ্মনিৰপেক্ষ নীতি অৱলম্বন কৰি সকলো ধৰ্মৰ প্ৰতি সমভাব প্ৰকাশ কৰিছে।  নানা জাতি উপজাতিসমূহৰ ভাষা, সাহিত্য সংস্কৃতিৰ সু-সমন্বয়ত এক সমৃদ্ধ সংস্কৃতি গঢ় লৈ উঠিছে । সেয়ে ভাৰতবৰ্ষক এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয় ।

প্ৰশ্ন (খ) সোঁফালৰ লগত বাঁওফাল মিলোৱা―

বাঁওফাল সোঁফাল
এভাৰেষ্ট ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ
তাপ্তী স্বাস্থ্যকৰ ঠাই
আন্দামান আৰু নিকোবৰ পৃথিৱীৰ সৰ্ব্বোচ্চ পৰ্বত শৃংগ
নেপাল বংগোপসাগৰত থকা দ্বীপপুঞ্জ
নাইনিতাল দক্ষিণ ভাৰতৰ নদী

উত্তৰ—

বাঁওফাল সোঁফাল
এভাৰেষ্ট পৃথিৱীৰ সৰ্ব্বোচ্চ পৰ্বত শৃংগ
তাপ্তী দক্ষিণ ভাৰতৰ নদী
আন্দামান আৰু নিকোবৰ বংগোপসাগৰত থকা দ্বীপপুঞ্জ
নেপাল ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ
নাইনিতাল স্বাস্থ্যকৰ ঠাই

প্ৰশ্ন (গ) খালী ঠাই পূৰ কৰা―

(১) ভাৰতৰ মূল ভূখণ্ডৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ’ল …………………….. (কন্যাকুমাৰী/পণ্ডিচেৰী)।

উত্তৰ— ভাৰতৰ মূল ভূখণ্ডৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ’ল কন্যাকুমাৰী

(২) ভাৰতবৰ্ষক …………………….. প্ৰায় সমানে দুভাগ কৰিছে (বিষুৱ ৰেখাই/দ্ৰাঘিমা ৰেখাই/কৰ্কটক্ৰান্তি ৰেখাই) ।

উত্তৰ— ভাৰতবৰ্ষক কৰ্কটক্ৰান্তি ৰেখাই প্ৰায় সমানে দুভাগ কৰিছে (বিষুৱ ৰেখাই/দ্ৰাঘিমা ৰেখাই/কৰ্কটক্ৰান্তি ৰেখাই) ।

(৩) গংগা নদীৰ উৎস হিমবাহ …………………….. (টামছুক খাম্বাব/গংগোত্ৰী) ।

উত্তৰ— গংগা নদীৰ উৎস হিমবাহ গংগোত্ৰী

(৪) …………………….. ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে । (চুৱেজ খালে/আৰৱ সাগৰে/পক্ প্ৰণালীয়ে)

উত্তৰ— পক্ প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে ।

প্ৰশ্ন (ঘ) ভূচিত্ৰাৱলী বা মানচিত্ৰৰ সহায় লৈ উত্তৰ উলিওৱা―

(১) আৰব সাগৰত পৰা দুখন উল্লেখযোগ্য নদীৰ নাম।

উত্তৰ— নৰ্মদা আৰু তাপ্তী ।

(২) হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰা-ওচৰিকৈ থকা তিনিখন দেশৰ নাম ।

উত্তৰ— নেপাল, চীন আৰু ভাৰত ।

(৩) ভাৰতবৰ্ষৰ প্ৰতিবেশী দ্বীপৰাষ্ট্ৰ কি ?

উত্তৰ— শ্ৰী লংকা ।

(৪) ভাৰতবৰ্ষৰ পূব-উপকূল আৰু পশ্চিম উপকূলত পৰা নদীসমূহ চিনাক্ত কৰি নাম লিখা ।

উত্তৰ— ভাৰতৰ পূব-উপকুলত পৰা নদী – বহ্মপুত্ৰ, বৰাক, সোৱনশিৰি । পশ্চিম উপকুলত পৰা নদী – ইৰাৱতী, চন্দ্ৰভাগা, শতদ্ৰু ।

Sl. No. Contents (Class 6 Social Science)
Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3 পৃথিৱীৰ গতি
Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Chapter 8 আমাৰ ভাৰত
Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10 আদি প্ৰস্তৰ যুগ
Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা
Chapter 13 বৈদিক সভ্যতা
Chapter 14 মহাজনপদ
Chapter 15 নতুন ভাৱৰ উত্থান
Chapter 16 মৌৰ্য সামাজ্য
Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19 জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21 চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22 গণতন্ত্ৰ আৰু নীতিসমূহ
Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

প্ৰশ্ন (ঙ) মানচিত্ৰ নং-৭ অধ্যয়ন কৰি ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৰাজধানীসহ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ—

ৰাজ্যৰ নাম  ৰাজধানী
অন্ধ্ৰ প্ৰদেশ হায়দৰাবাদ
অৰুণাচল প্ৰদেশ ইটানগৰ
অসম দিছপুৰ
বিহাৰ পাটনা
ছত্তীশগড় ৰায়পুৰ
গোৱা পানাজী
গুজৰাট গান্ধীনগৰ
হাৰিয়ানা চণ্ডীগড়
হিমাচল প্ৰদেশ ছিমলা
ঝাড়খণ্ড ৰাঞ্চী
কৰ্ণাটক বেংগালুৰু
কেৰালা তিৰুভন্থাপুৰম
মধ্য প্ৰদেশ ভূপাল
মহাৰাষ্ট্ৰ মুম্বাই
মণিপুৰ ইম্ফল
মেঘালয় শ্বিলং
মিজোৰাম আইজল
নাগালেণ্ড কহিমা
উৰিষ্যা ভুৱনেশ্বৰ
পঞ্জাব চণ্ডীগড়
ৰাজস্থান জয়পুৰ
ছিক্কিম গেংটক
তামিল নাডু চেন্নাই
তেলেংগানা হায়দৰাবাদ
ত্ৰিপুৰা আগৰতলা
উত্তৰ প্ৰদেশ লক্ষ্ণৌ
উত্তৰাখণ্ড ডেৰাদুন
পশ্চিমবংগ কলকাতা

কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ আৰু ৰাজধানী

কেন্দ্ৰীয়শাসিত অঞ্চল ৰাজধানী
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ পৰ্ট ব্লেয়াৰ
চণ্ডীগড় চণ্ডীগড়
জম্মু আৰু কাশ্মীৰ শ্ৰী নগৰ (গ্ৰীষ্ম), জম্মু (শীত)
দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ দমন
লাক্ষাদ্বীপ কাভাৰাত্তি
লাডাখ লেহ
দিল্লী নতুন দিল্লী
পুডুছেৰী পণ্ডিচেৰী

অন্যান্য প্ৰশ্ন (SCERT Class 6 Social Science)

SCERT Social Science class 6প্ৰশ্ন (ক) যমুনা নৈৰ উৎপত্তি হোৱা হিমবাহটোৰ নাম কি?

উত্তৰ— যমুনোত্ৰী ।

প্ৰশ্ন (খ) পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টৰ উচ্চতা কিমান?

উত্তৰ— ৮,৮,৪৮ মিটাৰ ।

প্ৰশ্ন (গ) পৃথিৱীৰ বৃহত্তম ব-দ্বীপটোৰ নাম কি?

উত্তৰ— সুন্দৰবন ।

প্ৰশ্ন (ঘ) নীলগিৰি অঞ্চল কি খেতিৰ বাবে বিখ্যাত ?

উত্তৰ— চাহ আৰু কফি।

প্ৰশ্ন (ঙ) চুনামী বুলিলে কি বুজা ?

উত্তৰ— সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদ্গীৰণ বা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিশাল সাগৰীয় ঢৌকে চুনামী বোলে।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close