Class 6 Social Science Chapter 15 নতুন ভাবৰ উত্থান

SCERT class 6 Social Science Chapter 15 নতুন ভাবৰ উত্থান free study material and class notes available here for free. So, if you are looking for class 6 Social Science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 14 “নতুন ভাবৰ উত্থান” Lesson 14 free notes.

নতুন ভাবৰ উত্থান

পাঠ নং ১৫

অনুশীলনী :

প্ৰশ্ন (১) উত্তৰ লিখা―

ক) কি কি কাৰণত পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাবধাৰা গঢ়ি উঠিছিল ?

উত্তৰ— জটিল ধৰ্মীয় নীতি-নিয়ম, বৰ্ণ প্ৰথা আৰু আৰ্থ-সামাজিক পৰৱৰ্তনৰ ফলত পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাবধাৰা গঢ়ি উঠিছিল।

খ) জৈন ধৰ্মৰ মূল নীতি শিক্ষা কেইটা কি কি ?

উত্তৰ— জৈন ধৰ্মৰ মূল নীতি শিক্ষা কেইটা হৈছে- অহিংসা , সত্যবাদিতা , চুৰি নকৰা , ত্যাগ আৰু ব্ৰহ্মচৰ্য ।

গ) জৈন ধৰ্ম ভাৰতৰ কোন কোন ঠাইত বিস্তৃত হৈছিল ?

উত্তৰ— জৈন ধৰ্ম ভাৰতৰ গুজৰাট , উত্তৰ ভাৰত , তামিলনাডু , কৰ্ণাটক আদি ঠাইত বিস্তৃত হৈছিল ।

ঘ) গৌতম বুদ্ধৰ ধৰ্মৰ প্ৰতি মন ঢাল খোৱাৰ মূলতে কি আছিল ?

উত্তৰ— গৌতম বুদ্ধৰ ধৰ্মৰ প্ৰতি মন ঢাল খোৱাৰ মূল কাৰনটো আছিল মানুহৰ সুখ-শান্তিৰ উপায় বিচৰা।

ঙ) কিহৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠিছিল ?

উত্তৰ— চাৰিটা মহৎ সত্যৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠিছিল। এই চাৰি সত্য হ’ল- ১) পৃথিৱীখন দুখময়, ২) মানুহৰ আশা-আকাংক্ষাৰপৰা দুখ উৎপত্তি হয়, ৩) আশা-আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয় আৰু সেই মুক্তিৰ বাবে অষ্টাংগিক মাৰ্গ বা আঠটা পথ অনুসৰণৰ প্ৰয়োজন আছে। ইয়াৰ লগতে তেঁও হিংসা-বিদ্বেষ, ব্যভিচাৰ, মদ্যপাণ আৰু মিছা কথা কোৱাৰপৰা দূৰত থাকিবলৈ কৈছিল আৰু সকলো জীৱৰ প্ৰতি দয়া , অহিংসা ভাব মনত ৰাখি এক শুদ্ধ জীৱন যাপন কৰিবলৈ কৈছিল ।

চ) বৌদ্ধ বিহাৰবোৰৰ কাম কি আছিল ?

উত্তৰ— বৌদ্ধ ধৰ্মৰ কথা বা মতবাদসমূহ প্ৰচাৰ কৰাই বৌদ্ধ বিহাৰবোৰৰ কাম আছিল ।

ছ) পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধ ধৰ্মপ্ৰচাৰৰ বাবে কি কি ব্যৱস্থা হাতত লৈছিল ?

উত্তৰ— পৰৱৰ্তী সময়ত বৌদ্ধ ধৰ্মপ্ৰচাৰৰ বাবে ৰজাসকলে বিভিন্ন ঠাইত স্থায়ীভাৱে বৌদ্ধ মঠ-মন্দিৰ নিৰ্মাণ কৰিছিল আৰু এইবোৰত বুদ্ধৰ বাণী, বৌদ্ধ চিত্ৰ শিল্প অংকিত কৰিছিল। ইয়াৰ উপৰি ৰজাসকলে নিজ নিজ ৰাজ্যত ‘বৌদ্ধ মহামেল’ আয়োজন কৰি তালৈ দেশ-বিদেশৰ বহুতো গুণী-জ্ঞানী, দাৰ্শনিক পণ্ডিতক আমন্ত্ৰণ কৰি আনি ধৰ্ম চৰ্চা কৰিছিল।

প্ৰশ্ন (২) সত্য অসত্য নিৰূপন কৰা―

(ক) জৈন ধৰ্মই কৰ্মফল আৰু পুনৰজন্ম বিশ্বাস কৰে ।

উত্তৰ— সত্য ।

(খ) বুদ্ধ দেবে বলি বিধানত বেছি গুৰুত্ব দিছিল ।

উত্তৰ— অসত্য ।

(গ) বুদ্ধদেৱে সাৰনাথত দিব্য জ্ঞান লাভ কৰিছিল ।

উত্তৰ—অসত্য ।

(ঘ) বৌদ্ধ সংঘবোৰত বুদ্ধৰ বাণীসমূহ চৰ্চা কৰা হৈছিল ।

উত্তৰ— সত্য ।

(ঙ) সকলো বয়সৰ লোকে বৌদ্ধসংঘৰ সদস্য হ’ব পাৰিছিল।

উত্তৰ— সত্য ।

প্ৰশ্ন (৩) চমুকৈ উত্তৰ লিখা―

(ক) ক্ষত্ৰিয় সকলে কিয় ব্ৰাহ্মণৰ সমমৰ্যদা দাবী কৰিছিল ?

উত্তৰ— ক্ষত্ৰিয় সকল ৰাজনৈতিক , অৰ্থনৈতিক , সামাজিক আদি সকলো ক্ষেত্ৰতে শক্তিশালী আছিল । গতিকে ক্ষত্ৰিয় সকলে ব্ৰাহ্মণৰ সমমৰ্যদা দাবী কৰিছিল ।

(খ) মহাবীৰে কিয় ‘জিন’ উপাধি পাইছিল ?

উত্তৰ— মহাবীৰে ১২ বছৰ কাল তপস্যা কৰি ‘কৈৱল্য’ বা ‘আত্মজ্ঞান’ লাভ কৰিছিল। তেতিয়াৰপৰা তেঁও ‘সৰ্বজ্ঞ’ আৰু ‘জিতেন্দ্ৰিয়’ হিচাপে জ্ঞাত হৈছিল। ইন্দ্ৰিয় জয় কৰিছিল কাৰনে তেঁও ‘জিন’ উপাধি পাইছিল ।

(গ) জৈন ধৰ্মৰ ভাগ দুটাৰ নাম কি কি ?

উত্তৰ— জৈন ধৰ্মৰ ভাগ দুটাৰ নাম হ’ল- শ্বেতাম্বৰ আৰু দিগম্বৰ ।

(ঘ) বুদ্ধদেৱে প্ৰথমে কত ধৰ্ম প্ৰচাৰ কৰিছিল ?

উত্তৰ— বুদ্ধদেৱে প্ৰথমে সাৰনাথত ধৰ্ম প্ৰচাৰ কৰিছিল ।

(ঙ) বৌদ্ধ ধৰ্মৰ মূল মতবাদ কি আছিল?

উত্তৰ— বৌদ্ধ ধৰ্মৰ মূল মতবাদ আছিল- এটা ভাল জীৱন-যাপন কৰিবৰ বাবে বলি বিধান, যাগ-যজ্ঞৰ বা জাতিভেদ প্ৰথাৰ প্ৰয়োজন নাই।

প্ৰশ্ন (৪) বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত মিলখিনিৰ এখন তালিকা বনোৱা ।

উত্তৰ— ) বলি বিধান, যাগ-যজ্ঞ, জাতিভেদ- এইকেইটা দুয়োতা ধৰ্মতে নিষিদ্ধ।

খ) বৌদ্ধ আৰু জৈন প্ৰতিটো ধৰ্মৰ উপাসক সকল দুটা ভাগত বিভক্ত। বৌদ্ধ ধৰ্মৰ ভাগ দুটা হৈছে- হীনযান আৰু মহাযান । আনহাতে জৈন ধৰ্মৰ ভাগ দুটা হৈছে- শ্বেতাম্বৰ আৰু দিগম্বৰ।

প্ৰশ্ন (৫) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা―

‘ক’ অংশ ‘খ’ অংশ

(ক) ত্ৰিপিটক

(খ) কুশীনাৰা

(গ) কৈৱল্য

(ঘ) কুন্দপুৰ

(ঙ) পূৰ্ব

(চ) সাৰনাথ

(ছ) কপিলাবস্তু

বৌদ্ধ ধৰ্মগ্ৰন্থ।

বৌদ্ধ মতবাদ প্ৰথমে প্ৰচাৰ কৰা ঠাই।

মহাবীৰৰ জন্মস্থান।

জৈন ধৰ্মগ্ৰন্থ।

বুদ্ধদেৱৰ জন্মস্থান।

তপস্যাৰ অন্তত মহাবীৰে লাভ কৰিছিল।

বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণৰ ঠাই।

উত্তৰ—

‘ক’ অংশ ‘খ’ অংশ

(ক) ত্ৰিপিটক

(খ) কুশীনাৰা

(গ) কৈৱল্য

(ঘ) কুন্দপুৰ

(ঙ) পূৰ্ব

(চ) সাৰনাথ

(ছ) কপিলাবস্তু

বৌদ্ধ ধৰ্মগ্ৰন্থ।

বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণৰ ঠাই।

তপস্যাৰ অন্তত মহাবীৰে লাভ কৰিছিল।

মহাবীৰৰ জন্মস্থান।

জৈন ধৰ্মগ্ৰন্থ।

বৌদ্ধ মতবাদ প্ৰথমে প্ৰচাৰ কৰা ঠাই।

বুদ্ধদেৱৰ জন্মস্থান।

Sl. No. Contents (Class 6 Social Science)
Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3 পৃথিৱীৰ গতি
Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Chapter 8 আমাৰ ভাৰত
Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10 আদি প্ৰস্তৰ যুগ
Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা
Chapter 13 বৈদিক সভ্যতা
Chapter 14 মহাজনপদ
Chapter 15 নতুন ভাৱৰ উত্থান
Chapter 16 মৌৰ্য সামাজ্য
Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19 জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21 চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22 গণতন্ত্ৰ আৰু নীতিসমূহ
Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

অন্যান্য প্ৰশ্ন (Class 6 Social Science)

Class 6 Social Scienceপ্ৰশ্ন ১) গৌতম বুদ্ধৰ ল’ৰালিকালৰ নাম কি আছিল?

উত্তৰ— গৌতম বুদ্ধৰ ল’ৰালিকালৰ নাম আছিল সিদ্ধাৰ্থ ।

প্ৰশ্ন ২) বৌদ্ধধৰ্মৰ মূল ধৰ্মপুথি খনৰ নাম কি?

উত্তৰ— ত্ৰিপিটক।

প্ৰশ্ন ৩) অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল?

উত্তৰ— চাণক্য বা কৌটিল্যই ৰচনা কৰিছিল।

প্ৰশ্ন ৪) চন্দ্ৰগুপ্ত মৌৰ্যৰ মাতৃৰ নাম কি আছিল?

উত্তৰ— চন্দ্ৰগুপ্ত মৌৰ্যৰ মাতৃৰ নাম মুৰা আছিল।

জানি থওঁ আহা :ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী শাসক হ’ল সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্য।
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close