SCERT class 6 Social Science Chapter 14 মহাজনপদ free study material and class notes available here for free. So, if you are looking for class 6 social science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 14 “মহাজনপদ” Lesson 14 free notes.
মহাজনপদ
পাঠ নং ১৪
অনুশীলনী :
প্ৰশ্ন ১) সচাঁ-মিছা নিৰ্ণয় কৰা―
ক) পুৰাতত্ববিদসকলে খনন কাৰ্যৰ দ্বাৰা জনপথদসমূহৰ বিষয়ে তথ্য লাভ কৰিছিল ।
উত্তৰ— সঁচা ।
খ) জনপদৰ দিনত বিভিন্ন ৰঙৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰা হৈছিল ।
উত্তৰ— সঁচা ।
গ) মহাজনপদৰ সময়ত লোৰ ব্যৱহাৰ হোৱা নাছিল ।
উত্তৰ— মিছা।
ঘ) মহাজনপদৰ দিনত শস্যৰ ওপৰত ১/৬ অংশ কৰ নিৰ্ধাৰণ কৰা হৈছিল ।
উত্তৰ— সঁচা ।
ঙ) মহাজনপদসমূহৰ সমগ্ৰ ভাৰততে সিঁচৰতি হৈ আছিল ।
উত্তৰ— মিছা।
প্ৰশ্ন ২) শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
ক) তলৰ কোনখন মহানজনপদত ৰাজতন্ত্ৰ নাছিল ?
১) মগধ, ২) লিচ্ছবী, ৩) অঙ্গ, ৪) অৱন্তী
উত্তৰ— ২) লিচ্ছবী ।
খ) মগধ ৰাজ্যৰ কাষতে থকা নদীখন হ’ল।
১) গংগা, ২) যমুনা, ৩) কোশী, ৪) মহানদী
উত্তৰ— ১) গংগা
গ) তলৰ কোনখন ঠাই ষোল্লমহাজনপদৰ অন্তৰ্ভুক্ত নহয় ?
১) কোশল, ২) বৎস ৩) হস্তিনাপুৰ ৪) অৱন্তী
উত্তৰ— ৩) হস্তিনাপুৰ
ঘ) কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল ?
১) বাঢ়ৈ, ২) কুমাৰ, ৩) শিপিনী, ৪) পেছাদাৰী স্থপতি
উত্তৰ— ৪) পেছাদাৰী স্থপতি
ঙ) কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল ?
১) বিম্বিসাৰ, ২) অজাতশত্ৰু, ৩) মহাপদ্মনন্দ, ৪) চন্দ্ৰগুপ্ত মৌৰ্য
উত্তৰ— ৪) চন্দ্ৰগুপ্ত মৌৰ্য
প্ৰশ্ন ৩) উত্তৰ লিখা―
ক) মহাজনপদৰ দিনত কি উপায়েৰে খাদ্য শস্যৰ উৎপাদন বঢ়োৱা হৈছিল ?
উত্তৰ— মহাজনপদৰ দিনত অধিক সংখ্যক কৃষিভূমি কম সময়তে চহাই কৃষিকাৰ্য কৰিবৰ বাবে কাঠৰ সঁজুলিৰ পৰিৱৰ্তে লোৰে তৈয়াৰী দা, কুঠাৰ, কোৰ, নাঙলৰ ফাল আদি সঁজুলি ব্যৱহাৰ কৰিবলৈ ধৰিলে। লগতে, নিৰ্দিষ্ট ঠাইত বীজ সিঁচি তাৰপৰা পুলি নি পথাৰত ৰোপণ কৰা হৈছিল। ইয়াৰ আগলৈকে পথাৰত গুটি সিঁচি খেতি কৰা হৈছিল। ফলত সিঁচি দিয়া গুটিবোৰ চৰাই-চিৰিকটিয়ে খাই অনিষ্ট কৰি কৃষিৰ উৎপাদন হ্ৰাস কৰিছিল। এনেকৈ ৰোপণ কৰাৰ ফলত কৃষিৰ উৎপাদন বাঢ়িবলৈ লয়।
খ) ৰাজন পদৰ নিৰ্বাচন কোনে কৰিছিল ?
গ) মহাজনপদৰ ৰজা সকলে কিয় দুৰ্গ নিৰ্মান কৰিছিল ?
উত্তৰ— মহাজনপদৰ ৰজা সকলে দুৰ্গ নিৰ্মান কৰাৰ প্ৰধান কাৰন কেইটা হৈছে- আনৰ আক্ৰমনৰপৰা নিজকে ৰক্ষা কৰা, নিজৰ প্ৰতিপত্তি বজাই ৰখা আৰু দুৰ্গৰ ভিতৰত বসবাস কৰি জনসাধাৰণক নিজৰ অধীনত ৰখা ইত্যাদি।
ঘ) মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ কি আছিল ?
উত্তৰ— মগধ শক্তিশালী হোৱাৰ মূলতে আছিল ইয়াৰ প্ৰাকৃতিক সম্পদৰাজি । প্ৰধান নদী গংগা আৰু শোন মগধৰ মাজেদি বৈ গৈছিল বাবে এই বিস্তৃত অঞ্চল সাৰুৱা আছিল ।ইয়াৰ ফলত পৰিবহণ, পানী যোগান আদিৰ সুবিধা হৈছিল । তাৰ উপৰি মগধৰ বহু অঞ্চল হাবি বননিৰে পৰিপূৰ্ণ আছিল । হাবিত থকা হাতীবোৰ ধৰি আনি প্ৰশিক্ষণ দি সৈন্য বাহিনীৰ কামত লগোৱা হৈছিল । আনহাতে হাবিত থকা মূল্যবান কাঠবোৰৰ জৰিয়তে ঘৰ সজা, জন্তুৱে টনা গাড়ী সজা আৰু অন্যান্য সামগ্ৰী প্ৰস্তুত কৰাত সহায় হৈছিল । লোৰ খনিও পোৱা গৈছিল যাৰদ্বাৰা অস্ত্ৰ-শস্ত্ৰ , কৃষিৰ সা- সঁজুলি আৰু অন্যান্য আচবাব নিৰ্মাণত সহায় হৈছিল ।
ঙ ) মহাজনপদৰ দিনত লিপিক বিশেষ কৈ কি কি কামত ব্যৱহাৰ কৰিছিল ?
উত্তৰ— মহাপদজনৰ দিনত ব্যৱসায় সকলে তেওঁলোকৰ প্ৰয়োজনীয় হিচাপ নিকাচ ৰাখিবৰ বাবে আৰু দূৰ দূৰনিলৈ খবৰ পঠিয়াবলৈ লিপিক ব্যৱহাৰ কৰিছিল । ইয়াৰ লগতে ৰাজকীয় নীতি-নিৰ্দেশনা, মুদ্ৰা, শিলালিপি, তাম্ৰলিপি, কৰ সম্পৰ্কীয় কামতো লিপি ব্যৱহাৰ কৰা হৈছিল।
প্ৰশ্ন ৪) দলত আলোচনা কৰি উত্তৰ লিখা―
ক) জনপদৰ দিনত ৰজা নিৰ্বাচন আৰু বৰ্তমান শাসকসকলৰ নিৰ্বাচনৰ মাজত কি অমিল দেখা যায় ?
উত্তৰ— জনপদৰ দিনত গৰু, ঘোঁৰা আৰু ৰথেৰে চহকী কিছু সংখ্যক প্ৰতিপত্তিশালী লোক আছিল, এইসকলক ৰাজন্য বোলা হৈছিল। এই ৰাজন্যসকলৰ মাজৰ পৰাই বাহুবলী, শক্তিশালী আৰু যুদ্ধ-বিগ্ৰহত নেতৃত্ব দিব পৰা একোজন ব্যক্তি ৰজা বা ৰাজন হৈছিল। আনহাতে, বৰ্তমান শাসকসকলক জনসাধাৰণে ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্বাচিত কৰে ।
খ) মহাজনপদসমূহৰ সময়ত জনসাধাৰণে কি কি কৰ শোধাইছিল ?
উত্তৰ— মহাজনপদৰ সময়ত শস্যৰ ওপৰত আৰোপ কৰা কৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ আছিল। ইয়াৰ বাহিৰেও বাঢ়ৈ বা শিপিনীসকলেও মাহত এদিন ৰজাৰ ঘৰত পৰিশ্ৰম কৰি কৰ আদায় দিবলগীয়া হৈছিল । পশুপালক সকলেও জীৱজন্তু অথবা জীৱ জন্তুৰ পৰা উৎপন্ন হোৱা বস্তুৰ বাবদ কৰ কাটল আদায় দিব লাগিছিল । ব্যৱসায় বাণিজ্য কৰা সকলে তেওঁলোকে বেচা-কিনা কৰিবলৈ অন্য বস্তুৰ ওপৰত নিৰ্দিষ্ট পৰিমাণৰ কৰ কাটল আদায় দিব লগা হৈছিল । চিকাৰী বা জংঘলত বাস কৰা লোকসকলেও জন্তু বা অন্যান্য কাঠৰ সামগ্ৰী যোগান ধৰি কৰ কাটল দিব লাগিছিল ।
প্ৰশ্ন ৫) মানচিত্ৰ চাই উত্তৰ লিখা―
ক ) সিন্ধু নদী ভাৰতৰ কোন দিশত অৱস্থিত ? ই বৰ্তমান ভাৰতৰ কোন কোন ৰাজ্য চুই গৈছে ?
উত্তৰ— সিন্ধু নদী ভাৰতৰ উত্তৰ পশ্চিম দিশত অৱস্থিত । ই ভাৰতৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যক চুই গৈছে ।
খ) প্ৰাচীন মগধ বৰ্তমান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত ?
উত্তৰ— প্ৰাচীন মগধ বৰ্তমান ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত ।
Sl. No. | Contents (Class 6 Social Science) |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ |
Chapter 7 | অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | সিন্ধু উপত্যকাৰ সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাৱৰ উত্থান |
Chapter 16 | মৌৰ্য সামাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
অন্যান্য প্ৰশ্ন (Class 6 Social Science)
প্ৰশ্ন ১) জনপদসমূহ ক’ত গঢ় লৈ উঠিছিল?
উত্তৰ— জনপদসমূহ ঘাইকৈ উত্তৰ ভাৰতৰ গঙ্গা উপত্যকাৰ সমভূমি অঞ্চলত গঢ় লৈ উঠিছিল।
প্ৰশ্ন ২) প্ৰাচীন ভাৰতৰ দুখন জনপদৰ নাম লিখা।
উত্তৰ— পুৰণাকিল্লা, হস্তিনাপুৰ।
প্ৰশ্ন ৩) মহাজনপদৰ সময়ত কি কি লিপিৰ প্ৰচলন আছিল?
উত্তৰ— মহাজনপদৰ সময়ত ব্ৰাহ্মী, প্ৰাকৃত আৰু খৰোষ্ঠী লিপিৰ প্ৰচলন আছিল।
(adsbygoogle = window.adsbygoogle || []).push({});