Class 6 Social Science Chapter 21 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ

SCERT class 6 Social Science Chapter 21 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ free study material and class notes available here for free. So, if you are looking for class 6 Social Science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 6 social Science chapter 21 “চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ” Lesson 21 free notes. You can even download SCERT Assam class 6 social science PDF.

চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ

পাঠ নং ২১

অনুশীলনী :

প্ৰশ্ন ১) উত্তৰ লিখা—

(ক) চৰকাৰ বুলিলে কি বুজা?

উত্তৰ— চৰকাৰ হ’ল কোনো দেশৰ সৰ্বোচ্চ সংস্থা তথা কৰ্তৃপক্ষ যাৰ মাধ্যমৰে দেশখনৰ শাসন কাৰ্য পৰিচালিত হয়। দেশৰ জনসাধাৰণৰ টকা-পইচা, শিক্ষা, স্বাস্থ্য, যাতায়ত, যোগাযোগ, নিৰাপত্তা আদি সকলো নীতি চৰকাৰখনে গ্ৰহণ কৰে।

খ) তোমাৰ দৈনন্দিন জীৱনত চৰকাৰে আগবঢ়োৱা সেৱাৰ বিষয়ে তিনিটা বাক্য লিখা ।

উত্তৰ— চৰকাৰে জনসাধাৰনৰ উন্নয়নৰ কাৰনে সকলো আঁচনি প্ৰস্তুত কৰি কাৰ্যকৰী কৰে। ইয়াৰ ভিতৰত চৰকাৰে-

  • জনসাধাৰণৰ ভৰন-পোষণৰ দায়িত্ব বহন কৰে, 
  • শিক্ষা, স্বাস্থ্য, যাতায়ত আদি ব্যৱহাৰৰ দায়িত্ব লয় । 
  • জনসাধাৰণৰ বাবে সুভল মূল্যৰ সামগ্ৰী যোগান , খোৱা পানী, আদিৰ ব্যৱস্থা কৰে ।

গ) আমাৰ দেশত কি ধৰণৰ চৰকাৰে শাসন কৰে ? আমাৰ গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰ— আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰে শাসন কৰে।

গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট্য হৈছে-

১) গণতান্ত্ৰিক শাসন ব্যৱস্থা জনমতৰ ভিত্তিত ওপৰত প্ৰতিষ্ঠিত ।

২) জনসাধাৰণে নিৰ্বাচন কৰা প্ৰতিনিধিসকলে চৰকাৰ গঠন কৰে।

৩) গণতান্ত্ৰিক শাসন ব্যৱস্থাত সকলো নাগৰিকৰে মৌলিক অধিকাৰ সমূহ থাকে ।

ঘ) ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ থকা একোখনকৈ দেশৰ নাম লিখা ।

উত্তৰ— ৰাজতন্ত্ৰ থকা দেশ ভূটান আৰু সমাজতন্ত্ৰ থকা দেশ চীন।

প্ৰশ্ন ২) চমু উত্তৰ লিখা

ক) কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে ?

উত্তৰ— ১৮ (ওঠৰ) বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে ।

খ) একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব পাৰেনে ?

উত্তৰ— একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব নোৱাৰে ।

প্ৰশ্ন ৩) পাৰ্থক্য লিখা

ক) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ

উত্তৰ—

গণতন্ত্ৰ ৰাজতন্ত্ৰ
গণতন্ত্ৰত জনসাধাৰণেই সৰ্বেসৰ্বা ৰাজতন্ত্ৰত ৰজাই সর্বেসর্বা
গণতন্ত্ৰত ৰাইজৰ প্ৰতিনিধিয়ে শাসন চলায় ৰাজতন্ত্ৰত ৰজাই শাসন চলায়
গণতন্ত্ৰত জনসাধাৰণে প্ৰতিনিধি নিৰ্বাচন কৰে ৰাজতন্ত্ৰত ৰজাই নিজে প্ৰতিনিধি নিৰ্বাচন কৰে
গণতন্ত্ৰত সকলো মানুহক সমমৰ্যদা প্ৰদান কৰা হয় ৰাজতন্ত্ৰত সকলো মানুহক সমমৰ্যদা প্ৰদান কৰা নহয়

খ) একনায়কত্ববাদ আৰু সমাজতন্ত্ৰ

উত্তৰ—

একনায়কত্ববাদত এজন ব্যক্তিয়েই সকলো ক্ষেত্ৰতে নিয়ন্ত্ৰন কৰে। সমাজত তেওঁৰে গুৰুত্ব সৰ্বাধিক হয়। সমাজতন্ত্ৰত ব্যক্তিৰ স্বাৰ্থতকৈ সামাজিক স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় ।
একনায়কত্ববাদত জনসাধাৰনে মুক্তভাৱে জীৱন-যাপন  কৰিবলৈ স্বাধীনতে লাভ কৰিব নোৱাৰে। সমাজতন্ত্ৰত চৰকাৰে সকলো শ্ৰেণীৰ মানুহৰ মাজত অৰ্থনৈতিক সমতাৰ যোগেদি সমাজত ন্যায় স্থাপন কৰিব বিচাৰে ।

Class 6 Social Science Chapter 21

class 6 social science
Sl. No. Contents (Class 6 Social Science)
Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3 পৃথিৱীৰ গতি
Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Chapter 8 আমাৰ ভাৰত
Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10 আদি প্ৰস্তৰ যুগ
Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা
Chapter 13 বৈদিক সভ্যতা
Chapter 14 মহাজনপদ
Chapter 15 নতুন ভাৱৰ উত্থান
Chapter 16 মৌৰ্য সামাজ্য
Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19 জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21 চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22 গণতন্ত্ৰ আৰু নীতিসমূহ
Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

প্ৰশ্ন ৪) শুদ্ধ অশুদ্ধ বাছি উলিওৱা

ক) চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰে ।

উত্তৰ— অশুদ্ধ ।

খ) আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ আছে ।

উত্তৰ— শুদ্ধ ।

গ) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য নাই ।

উত্তৰ— অশুদ্ধ ।

ঘ) গণতন্ত্ৰত জনসাধাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

উত্তৰ— শুদ্ধ ।

ঙ) গণতন্ত্ৰত পুৰুষ-মহিলাৰ ভোটৰ মূল্য সমান ।

উত্তৰ— শুদ্ধ ।

প্ৰশ্ন ৫) নিম্নলিখিত সিদ্ধান্তসমূহ চৰকাৰৰ কোনটো পৰ্যায়ত পৰে সঠিক বাকচত (√) চিন দিয়া

ক) চৰকাৰে কৃষকসকলৰ বাবে বিনামূলীয়া বীজ আৰু সাৰ যোগানৰ ব্যৱস্থা কৰিছে ।

উত্তৰ— ৰাজ্যিক ।

খ) চৰকাৰৰ ৰে’ল মন্ত্ৰালেয় তিনিচুকীয়া আৰু দিল্লীৰ মাজত নতুনকৈ ৰে’লগাড়ী সংযোগৰ ব্যৱস্থা কৰিছে ।

উত্তৰ— কেন্দ্ৰীয় ।

গ) চৰকাৰে পাকিস্থান চৰকাৰৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক ৰখাৰ চেষ্টা চলাই আছে ।

উত্তৰ— কেন্দ্ৰীয় ।

ঘ) ধেমাজি জিলাত এখন শিশু উদ্যান স্থাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উত্তৰ— ৰাজ্যিক ।

ঙ) চৰকাৰে নতুনকৈ দুহেজাৰ টকীয়া নোটৰ প্ৰচলন কৰিছে ।

উত্তৰ— কেন্দ্ৰীয় ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close