Class 6 Social Science Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ

SCERT Assam class 6 Social Science Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ free study material and class notes available here for free. So, if you are looking for class 6 social science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 5 “ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ” Lesson 5 free notes.

ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ

পাঠ নং ৫

অনুশীলনী :

প্ৰশ্ন (১) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া―

(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি ?

উত্তৰ— মানচিত্ৰৰ প্ৰধান উপাদান কেইটা হৈছে― দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন ।

(খ) প্ৰধান দিশ চাৰিটা কি কি ?

উত্তৰ— পূৱপশ্চিমউত্তৰ আৰু  দক্ষিণ

(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা ?

উত্তৰ— ভূ-পৃষ্ঠৰ ওপৰৰ দূৰত্বক মানচিত্ৰৰ দূৰত্বৰ লগত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকে মানচিত্ৰৰ মাপনী বা স্কেল বোলে। মাপনীৰ সহায়ত ধৰাপৃষ্ঠৰ কিলোমিটাৰ আদি বিশাল একক মানচিত্ৰত চেন্টিমিটাৰত দেখুওৱা হয়।

(ঘ) কিছুক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিদৰে বেছি সুবিধাজনক ?

উত্তৰ— ভূগোল অধ্যয়নত গোলকৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা আছে । গোটেই পৃথিৱীখনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰতহে গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি । কিন্তু যেতিয়া পৃথিৱীৰ কোনো এটি অংশৰ বিষয়ে অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাওঁ আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ গোলকৰ সলনি মানচিত্ৰৰ সহায় লবলগীয়া হয় মানচিত্ৰত কোনো এক ধৰনৰ তথ্য বা বহুধৰনৰ অৱস্থান বা তথ্যৰ বিতৰণ একেলগে দেখুৱাব পাৰি, যিটো গোলকত নোৱাৰি।

(ঙ) মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি ?

উত্তৰ— কাগজ বা তেনেকুৱা সমান পিঠিত স্কেল বা মাপনী অনুসৰি পৃথিৱীৰ উপৰিভাগ বা তাৰ কোনো অংশ অংকন কৰা চিত্ৰই হ’ল মানচিত্ৰ । আনহাতে, ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰ‌ই হ’ল নক্সা বা প্লেন (Plan)।

(চ) মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে ?

উত্তৰ— মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰেলপথ, পুখুৰী, কুৱা, খেতিপথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি । গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয় । এই সাংকেতিক চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে । কোনো এখন নতুন ঠাইলৈ গৈ সেই ঠাইখনৰ বিভিন্ন তথ্য জনাৰ ক্ষেত্ৰত অসুবিধা হলে সেই ঠাইৰ মানচিত্ৰখন উলিয়াই লৈ এই চিহ্নবোৰৰ সহায়ত প্ৰয়োজনীয় তথ্য জানিব পাৰি ।

প্ৰশ্ন (২) শুদ্ধ উত্তৰটোত √ চিহ্ন দিয়া―

(ক) উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰবিধ হ’ল।

(১) বতৰৰ মানচিত্ৰ    (২) বিষয় ভিত্তিক মানচিত্ৰ     (৩) ৰাজনৈতিক মানচিত্ৰ

উত্তৰ— (২) বিষয় ভিত্তিক মানচিত্ৰ ।

(খ) তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং ব্যৱহাৰ কৰা হয়―

(১) পানী ভাগ   (২) পৰ্বত    (৩) সমভূমি

উত্তৰ— (১) পানী ভাগ ।

(গ) কম্পাছ ব্যৱহাৰ কৰা হয়―

(১) সাংকেতিক চিহ্ন দেখুৱাবলৈ    (২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ      (৩) দূৰত্ব জুখিবলৈ

উত্তৰ— (২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ ।

(ঘ) তলৰ কোনটোৰ বাবে মাপনীৰ প্ৰয়োজন ?

(১) মানচিত্ৰ অংকন    (২) আৰ্হি চিত্ৰ    (৩) চিহ্ন

উত্তৰ— (১) মানচিত্ৰ অংকন ।

অন্যান্য প্ৰশ্ন (Class 6 Social Science)

Social science chapter 4

Sl. No. Contents (Class 6 Social Science)
Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3 পৃথিৱীৰ গতি
Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Chapter 8 আমাৰ ভাৰত
Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10 আদি প্ৰস্তৰ যুগ
Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা
Chapter 13 বৈদিক সভ্যতা
Chapter 14 মহাজনপদ
Chapter 15 নতুন ভাৱৰ উত্থান
Chapter 16 মৌৰ্য সামাজ্য
Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19 জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21 চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22 গণতন্ত্ৰ আৰু নীতিসমূহ
Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

প্ৰশ্ন (ক) আৰ্হি চিত্ৰ বা স্কেচ্ বুলিলে কি বুজা?

উত্তৰ— মাপনীৰ সহায় নোলোৱাকৈ কেৱল পৰ্যবেক্ষণ কৰি বা মনৰ ধাৰনা বা স্মৃতিৰ ওপৰত ভিত্তি কৰি অংকন কৰা চিত্ৰই হ’ল আৰ্হি চিত্ৰ বা স্কেচ্।

প্ৰশ্ন (খ) মানচিত্ৰত পাহাৰ-পৰ্বত দেখুৱাবলৈ কি ৰং ব্যৱহাৰ কৰা হয়?

উত্তৰ— ডাঠ মুগা ৰং ।

প্ৰশ্ন (গ) মাপনী বা স্কেলৰ ওপৰত ভিত্তি কৰি মানচিত্ৰক কেই ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰ— মাপনী বা স্কেলৰ ওপৰত ভিত্তি কৰি মানচিত্ৰক দুই ভাগত ভাগ কৰিব পাৰি- সৰু মাপনীৰ মানচিত্ৰ (Small Scale Map) আৰু মাপনীৰ মানচিত্ৰ ডাঙৰ (Large Scale Map)।

জানো আহা

  • মানচিত্ৰ বিভিন্ন প্ৰকাৰৰ আছে, যেনে- প্ৰাকৃতিক মানচিত্ৰ, ৰাজনৈতিক মানচিত্ৰ, বতৰ মানচিত্ৰ, জনসংখ্যা মানচিত্ৰ, যাতায়ত আৰু পৰিৱহন মানচিত্ৰ, কৃষি মানচিত্ৰ, উদ্যোগ মানচিত্ৰ ইত্যাদি।
  • মানচিত্ৰত বিভিন্ন ভৌগৌলিক তথ্য বুজাবলৈ ব্যৱহাৰ কৰা বিশেষ চিনবোৰক সাংকেতিক চিহ্ন বোলা হয়।
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close