Class 6 Social Science Chapter 13 বৈদিক সভ্যতা

SCERT class 6 Social Science Chapter 13 বৈদিক সভ্যতা free study material and class notes available here for free. So, if you are looking for class 6 social science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 13 “বৈদিক সভ্যতা” Lesson 13 free notes.

বৈদিক সভ্যতা

পাঠ নং ১৩

অনুশীলনী :

প্ৰশ্ন (১) উত্তৰ লিখা :―

প্ৰশ্ন (ক) ভাৰতৰ কোন দিশৰ পৰা আৰ্যসকল ভাৰতৰ সপ্তসিন্ধু উপত্যকালৈ আহিছিল ?

উত্তৰ— ভাৰতৰ উত্তৰ পশ্চিম দিশৰ পৰা আৰ্যসকল ভাৰতৰ সপ্তসিন্ধু উপত্যকালৈ আহিছিল ।

প্ৰশ্ন (খ) আৰ্যসকলৰ পূৰ্বপুৰুষ সকল কোন অঞ্চলৰ অধিবাসী আছিল ?

উত্তৰ— আৰ্যসকলৰ পূৰ্বপুৰুষ সকল কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ পাৰত থকা ভূ-ভাগৰ অধিবাসী আছিল ।

প্ৰশ্ন (গ) সিন্ধু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজত দুটা প্ৰধান পাৰ্থক্য দেখুওৱা ।

উত্তৰ— সিন্ধু উপত্যকাৰ সভ্যতাত মানুহে গছ , সাপ আদিক পূজা কৰিছিল । সেই সময়ত মন্দিৰৰ অস্তিত্ব নাছিল কিন্তু বৈদিক যুগৰ সভ্যতাৰ  মানুহে বিভিন্ন দেৱদেৱীক যেনে ইন্দ্ৰ , বৰুণ , অগ্নি , ঊষা , আদি দেৱ দেৱীক পূজা কৰিছিল ।

সিন্ধু উপত্যকাৰ সভ্যতাৰ লোকসকলে তাম আৰু ব্ৰঞ্জ ধাতুৰ তৈয়াৰী ধাতুৰ ব্যৱহাৰ কৰিছিল আৰু তেঁওলোকে লোৰ ব্যৱহাৰ নাজানিছিল। কিন্তু বৈদিক সভ্যতাৰ লোকসকলে লোৰ ব্যৱহাৰ জানিছিল।

প্ৰশ্ন (ঘ) চাৰিওখন বেদৰ ভিতৰত কোনখন প্ৰাচীনতম বেদ ?

উত্তৰ— ঋকবেদ ।

প্ৰশ্ন (ঙ) আৰ্যসকল গংগা উপত্যকালৈ কিয় আগবাঢ়ি গৈছিল ?

উত্তৰ— আৰ্যসকল পোনতে সিন্ধু উপত্যকাৰ ( সপ্ত সিন্ধুৰ ) আশে-পাশে থকা গাঁও বোৰত বসতি কৰিছিল । পশুপালনেই আছিল তেওঁলোকৰ  জীৱন নিৰ্বাহৰ প্ৰধান উপায় । কালক্ৰমত সপ্ত সিন্ধু অঞ্চলত ঘাঁহনি পথাৰৰ অভাৱ , জনসংখ্যা বৃদ্ধি আৰু জীৱজন্তুৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে তেওঁলোকে উৰ্বৰা ঠাই বিচাৰি হিমালয়ৰ নামনি গংগা নদীৰ উপত্যকাত প্ৰৱেশ কৰিছিল ।

প্ৰশ্ন (চ) বৈদিক যুগৰ দুগৰাকী বিদুষী মহিলাৰ নাম লিখা ?

উত্তৰ— লোপামুদ্ৰা, অপলা।

প্ৰশ্ন (ছ) আৰ্যসকল কোন ভাষিক গোষ্ঠীৰ মানুহ আছিল ?

উত্তৰ— ইন্দো-ইউৰোপীয়ান ভাষা গোষ্ঠীৰ লোক আছিল।

প্ৰশ্ন (জ) আৰ্যসকলে কিহক প্ৰধান সম্পদ হিচাপে গণ্য কৰিছিল?

উত্তৰ— আৰ্যসকলে পশুধনক প্ৰধান সম্পদ হিচাপে গণ্য কৰিছিল । গৰুৱেই আছিল জীৱিকাৰ প্ৰধান আহিলা।

প্ৰশ্ন ঝ) আৰ্যসকলে ভাৰতত কোনবিধ ঘৰচীয়া জন্তুৰ প্ৰচলন কৰিছিল ?

উত্তৰ— ঘোঁৰাৰ।

জানো আহা

ইতিহাসবিদসকলৰ মতে আৰ্যসকলে ভাৰতত ঘোঁৰা আৰু লোৰ ব্যৱহাৰ আৰম্ভ কৰি সভ্যতাৰ এক নতুন যুগৰ সূচনা কৰিছিল।

প্ৰশ্ন (২)  শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা

(ক) বৈদিক যুগৰ অনুমানক সময়সীমা খৃঃ পূঃ ১৫০০ ৰ পৰা খৃঃ পূঃ ১০০০ ৰ ভিতৰত পৰে ।

উত্তৰ— অশুদ্ধ ।

(খ) ঋক্ বৈদিক যুগতে চাৰিওখন বেদ ৰচনা কৰা হৈছিল ।

উত্তৰ— শুদ্ধ ।

(গ) আৰ্যসকলৰ দিনত লোৰ প্ৰচলন আছিল ।

উত্তৰ— শুদ্ধ ।

(ঘ) সপ্তসিন্ধুৰ স্থানীয় লোকসকলক আৰ্যসকলে হেয় জ্ঞান কৰিছিল ।

উত্তৰ— শুদ্ধ ।

(ঙ) আৰ্যসকলৰ সময়ত সমাজত তিৰোতাৰ স্থান নিম্ন আছিল ।

উত্তৰ— অশুদ্ধ ।

Sl. No. Contents (Class 6 Social Science)
Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3 পৃথিৱীৰ গতি
Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Chapter 8 আমাৰ ভাৰত
Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10 আদি প্ৰস্তৰ যুগ
Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা
Chapter 13 বৈদিক সভ্যতা
Chapter 14 মহাজনপদ
Chapter 15 নতুন ভাৱৰ উত্থান
Chapter 16 মৌৰ্য সামাজ্য
Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19 জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21 চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22 গণতন্ত্ৰ আৰু নীতিসমূহ
Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

প্ৰশ্ন ৩) সিন্ধু নদী আৰু তাৰ উপনৈৰে সৈতে সপ্তসিন্ধু অঞ্চলৰ এখন মানচিত্ৰ অংকন কৰা।

উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সহায় লৈ নিজে কৰা।

প্ৰশ্ন ৪) সপ্তসিন্ধুৰ পৰা গংগা উপত্যকালৈ আৰ্যসকলৰ বসতি স্থানৰ এখন তালিকা বনোৱা।

উত্তৰ— সিন্ধ প্ৰদেশ, পঞ্জাব, দিল্লী, পূৱ আফগানিস্তান।

অন্যান্য প্ৰশ্ন (Class 6 Social Science)

Class 6 Social Science chapter 13প্ৰশ্ন ১) আৰ্য সকলে কল্পিত দেৱ-দেৱীৰ ভিতৰত কাক শ্ৰেষ্ঠ জ্ঞান কৰিছিল।

উত্তৰ— ইন্দ্ৰক ।

প্ৰশ্ন ২) যাতায়তৰ বাবে আৰ্যসকলে কি ব্যৱহাৰ কৰিছিল?

উত্তৰ— ঘোঁৰা আৰু ঘোঁৰাই টনা ৰথ।

প্ৰশ্ন ৩) আৰ্যসমাজত গাঁৱৰ মুৰব্বীক কি বুলি কোৱা হৈছিল?

উত্তৰ— গ্ৰামণী।

প্ৰশ্ন ৪) বৈদিক সাহিত্য বুলিলে কি বুজা?

উত্তৰ— বেদ, ব্ৰাহ্মণ্যক, আৰণ্যক আৰু উপনিষদসমূহক একেলগে বৈদিক সাহিত্য বোলে।

প্ৰশ্ন ৫) বৈদিক সভ্যতাৰ আনুমানিক সময়টো লিখা।

উত্তৰ— খ্ৰীষ্ট পূৰ্ব ১৬০০ ৰ পৰা খ্ৰীষ্ট পূৰ্ব ৬০০ বুলি ধাৰণা কৰা হয়।

জানি থওঁ আহা : (Class 6 Social Science)

‘সপ্তসিন্ধু’ বুলিলে সিন্ধু নদী আৰু ইয়াৰ উপনৈ শতদ্ৰু (বৰ্তমান সুতলেজ), বিপাশা (বৰ্তমান বিয়াচ), ইৰাৱতী (বৰ্তমান ৰাবি), চন্দ্ৰভাগা (বৰ্তমান চিনাব), বিতস্তা (বৰ্তমান ঝিলাম) আৰু সৰস্বতী নদীক বুজায়।

প্ৰশ্ন ৬) আৰ্য সকলৰ শাসন ব্যৱস্থাৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰ— আৰ্য শাসন ব্যৱস্থাত পৰিয়ালৰ মুৰব্বীক গৃহপতি বোলা হৈছিল। তেওঁলোকৰ বেলেগ বেলেগ ফৈদ আছিল। ফৈদ অনুযায়ী কেইবাটাও পৰিয়াল লগ-লাগি একোখন গাওঁ গঠিত হৈছিল। গাঁৱৰ মুৰব্বীক গ্ৰামণী বোলা হৈছিল। কেইবাখনো গাঁও মিলি একোখন বিশ গঠিত হৈছিল আৰু বিশৰ মুখিয়াল জনক বিশপতি বোলা হৈছিল। কেইবাখনো বিশ লগ লাগি একোখন জন গঠন হৈছিল আৰু জনৰ অধিপতিজনক ৰাজন বোলা হৈছিল। এনেদৰেই একোখন জনপদৰ সৃষ্টি হৈছিল ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close