SCERT class 6 Social Science Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা free study material and class notes available here for free. So, if you are looking for class six social science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 6 Social Science Chapter 24
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials for the students of Assam. Now lets have a look at the SCERT Assam স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা class 6 social science chapter 24 answers.
স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা
পাঠ নং ২৪
অনুশীলনী :
প্ৰশ্ন ১) উত্তৰ লিখা—
(ক) গাঁও অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থা কেইটা আৰু কি কি ?
উত্তৰ— গাঁও অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থা কেইটা হৈছে— গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ।
(খ) গাঁও পঞ্চায়তৰ সদস্য সংখ্যা কিমান ?
উত্তৰ— গাঁও পঞ্চায়তৰ সদস্য সংখ্যা ১০।
(গ) কোন চনত অসমত তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছে ?
উত্তৰ— ১৯৯৪ চনত ।
(ঘ) আঞ্চলিক পঞ্চায়তৰ কার্যকাল কেইবছৰ ?
উত্তৰ— আঞ্চলিক পঞ্চায়তৰ কার্যকাল ৫ বছৰ ।
(ঙ) জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্দ্ধাৰণ কৰা হয় ?
উত্তৰ— জিলা পৰিষদৰ সমষ্টিসমূহ প্ৰায় ৪০ হাজাৰ জনসংখ্যাৰ ভিত্তিত নিৰ্দ্ধাৰণ কৰা হয় ।
প্ৰশ্ন ২) শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) জিলা পৰিষদ কার্যকাল ২/৩/৫/ বছৰ ।
উত্তৰ— জিলা পৰিষদ কার্যকাল ৫ বছৰ ।
(খ) গাঁও পঞ্চায়তত অনুসূচীত জাতি / জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসন আছে/ নাই ।
উত্তৰ— গাঁও পঞ্চায়তত অনুসূচীত জাতি / জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসন আছে ।
(গ) অসমত স্বায়ত্ব শাসিত জিলা পৰিষদ ২/৩/৪/ খন ।
উত্তৰ— অসমত স্বায়ত্ব শাসিত জিলা পৰিষদ ২ খন ।
(ঘ) আঞ্চলিক পঞ্চায়ত নগৰ সমিতি/ গাঁও পঞ্চায়ত/ জিলা পৰিষদৰ সদস্যৰে গঠিত ।
উত্তৰ— আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়তৰ সদস্যৰে গঠিত ।
(ঙ) অসমত পৌৰ নিগম ১/২/৩ খন আছে ।
উত্তৰ— অসমত পৌৰ নিগম ১ খন আছে ।
প্ৰশ্ন ৩) খালী ঠাই পূৰ কৰা—
(ক) বড়োলেণ্ড টেৰিটৰিয়েল ———— এখন স্বায়ত্ব শাসিত পৰিষদ ।
উত্তৰ— বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এখন স্বায়ত্ব শাসিত পৰিষদ ।
(খ) জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় ———— জনসংখ্যা থাকে ।
উত্তৰ— জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় ৪০,০০০ জনসংখ্যা থাকে ।
(গ) বি. টি. চি ———— খন জিলাক লৈ গঠন কৰা হৈছে ।
উত্তৰ— বি. টি. চি ৪ খন জিলাক লৈ গঠন কৰা হৈছে ।
প্ৰশ্ন ৪ | (ক) স্বায়ত্ত শাসিত জিলা পৰিষদ গঠনৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ— অসম এখন বৈচিত্ৰ্য পূৰ্ণ ৰাজ্য । অতীতৰে পৰা এই ৰাজ্যত নানা জাতি আৰু জনজাতিৰ লোকে পাহাৰ ভৈয়াম সকলোতে বসবাস কৰি আহিছে । প্ৰত্যেক জাতি জনজাতিৰ নিজা নিজা ভাষা , কৃষ্টি , সংস্কৃতি , ৰীতি নীতি আৰু পৰম্পৰা আছে । এইবোৰৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ কাৰণে আমাৰ সংবিধানে স্বায়ত্ত শাসনৰ দৰে কিছুমান বিশেষ সুবিধা প্ৰদান কৰিছে ।
আমাৰ অসমৰ পাহাৰীয়া কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ ( নতুন নামাকৰণ ডিমা হাছাও ) জিলাত পঞ্চায়ত ব্যৱস্থাৰ সলনি স্বায়ত্ত শাসিত জিলা পৰিষদ আছে আৰু ভৈয়ামৰ বড়ো জনজাতি অধ্যুষিত এলেকাসমূহত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ( বি . টি . চি ) গঠন কৰা হৈছে । ভৈয়ামৰ মিচিং , ৰাভা , দেউৰী , তিৱা , আদি জনজাতি সমলৰ বাবে সুকীয়া স্বায়ত্ত পৰিষদ আছে । কাৰ্বি আংলং জিলা আৰু উত্তৰ কাছাৰ ( ডিমা হাছাও ) জিলাত স্বায়ত্ত শাসিত জিলা পৰিষদ আছে ।
(খ) ভৈয়ামৰ যিকোনো দুখন স্বায়ত্ত শাসিত পৰিষদৰ নাম লিখা ।
উত্তৰ— ৰাভা স্বায়ত্ত শাসিত পৰিষদ আৰু বড়ো স্বায়ত্ত শাসিত পৰিষদ ।
প্ৰশ্ন ৫ | জিলা পৰিষদৰ কাৰ্যাৱলী লিখা ।
উত্তৰ— আমাৰ ৰাজ্যৰ তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা আটাইতকৈ উচ্চ পৰ্যায়ত জিলা পৰিষদ থাকে। গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ দৰে জিলা পৰিষদেও জিলাখনৰ সামূহিক উন্নতিৰ বাবে বহুতো জনহিতকৰ কাম কৰে। এই কামসমূহক প্ৰধানকৈ ২০ টা ভাগত ভাগ কৰিব পাৰি । তাৰে কেইটামান গুৰুত্বপূৰ্ণ কাম বা বিষয় তলত উল্লেখ কৰা হ’ল—
- জিলা পৰিষদৰ গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ কাম কাজসমূহ পৰ্যবেক্ষণ কৰে আৰু সমন্বয় স্থাপন কৰে ।
- গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তলৈ অনুদান আগবঢ়োৱা আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰে ।
- আশ্ৰম, ছাত্ৰাবাস, শিক্ষানুষ্ঠান, সমবায় সমিতি, সাংস্কৃতিক বিকাশ কেন্দ্ৰ, হাট-বজাৰ আদি প্ৰতিষ্ঠা কৰে ।
- জলপথত নাও, ফেৰী আদিৰ ব্যৱস্থা কৰে ।
Sl. No. | Contents (Class 6 Social Science) |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ |
Chapter 7 | অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | সিন্ধু উপত্যকাৰ সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাৱৰ উত্থান |
Chapter 16 | মৌৰ্য সামাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
অন্যান্য প্ৰশ্ন
প্ৰশ্ন ১) পঞ্চায়তে সন্মুখীন হোৱা দুটা সমস্যাৰ কথা কোৱা।
উত্তৰ— নিৰক্ষৰতা আৰু দুৰ্নীতি।
প্ৰশ্ন ২ ) গাওঁ সভা কি?
উত্তৰ— গাওঁ সভা হৈছে পঞ্চায়ত ব্যৱস্থাৰ একেবাৰে নিম্নতম গোট।
প্ৰশ্ন ৩) আঞ্চলিক পঞ্চায়তৰ কাৰ্যাৱলী লিখা ।
উত্তৰ— গাঁও পঞ্চয়তৰ দৰে আঞ্চলিক পঞ্চায়তেও নিজাববীয়াকৈ কিছুমান আঁচনি হাতত লয় , যেনে ― ৰাজহুৱা পুথিভঁৰাল, ৰাস্তা পদূলি, গ্ৰাম্য বাসভৱন, পৰিয়াল কল্যান, ভূমি সংৰক্ষণ, খোৱা পানী যোগান আদি । কিছুমান শিক্ষিত যুৱক-যুৱতীক স্বাৱলম্বী হ’বৰ বাবে আৰ্থিক অনুদানো আগবঢ়ায় । যেনে ― বাঁহ বেতৰ উদ্যোগ, মীন পালন, গো আৰু হাঁহ কুকুৰা পালন, বৃক্ষৰোপন ইত্যাদি ।
প্ৰশ্ন ৪) উন্নয়ন খণ্ড বুলিলে কি বুজা?
উত্তৰ— প্ৰশাসনৰ সুবিধাৰ কাৰনে প্ৰত্যেকখন জিলাকে কেইবাটাও খণ্ডত ভাগ কৰা হয়। ইয়াৰ প্ৰতিটো খণ্ডকে উন্নয়ন খণ্ড বোলে।
(adsbygoogle = window.adsbygoogle || []).push({});