SCERT class 6 Social Science Chapter 3 পৃথিৱীৰ গতি free study material and class notes available here for free. So, if you are looking for class 6 Social Science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
SCERT Class 6 Social Science Lesson 3
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 3 “পৃথিৱীৰ গতি” Lesson 3 free notes.
পৃথিৱীৰ গতি
পাঠ নং ৩
অনুশীলনী :
প্ৰশ্ন (১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া
(ক) পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্রী কোণ কৰি আছে ?
উত্তৰ— পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত ৬৬ ১/২° কোণ কৰি আছে ।
(খ) পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ?
উত্তৰ— ২৪ ঘন্টা ।
(গ) পোহৰ বৃত্ত কাক বোলা হয় ?
উত্তৰ— পৃথিৱী খনৰ পোহৰ পৰা আৰু নপৰা অৰ্থাৎ দিন আৰু ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে । এই বৃত্তটোক পোহৰ বৃত্ত বোলা হয় ।
(ঘ) বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে ?
উত্তৰ— ২৩ চেপ্তেম্বৰ আৰু ২১ মাৰ্চ।
প্ৰশ্ন (২) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া—
(ক) আহ্নিক গতি আৰু বাৰ্ষিক গতি বুলিলে কি বুজা ?
উত্তৰ— আহ্নিক গতি: পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰপৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰাকে আহ্নিক গতি বা আৱৰ্তন বোলে।
বাৰ্ষিক গতি: পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰা যি গতি তাকেই বাৰ্ষিক গতি বা পৰিভ্ৰমন বোলে।
(খ) আহ্নিক গতিৰ ফলত পৃথিৱীত দিন-ৰাতি কেনেকৈ হয় বুজাই লিখা ?
উত্তৰ— আমি সকলোৱে জানো যে পৃথিৱীৰ নিজা পোহৰ নাই। সূৰ্যৰপৰাহে পৃথিৱীয়ে তাপ আৰু পোহৰ পায়। পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰপৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফাল সূৰ্যৰ মুখা-মুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফালত পোহৰ নপৰে। পোহৰ পৰা অংশত দিন আৰু পোহৰ নপৰা অংশত ৰাতি হয়। এনেকৈয়ে আহ্নিক গতিৰ ফলত পৃথিৱীত দিন-ৰাতি হয়।
(গ) অধিবৰ্ষ বুলিলে কি বুজা ?
উত্তৰ— পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ ৩৬৫ দিন আৰু প্ৰায় ৬ ঘন্টা সময় লাগে যদিও গণনাৰ সুবিধাৰ বাবে ৩৬৫ দিনত এবছৰ হিচাপে ধৰি লোৱা হয়। অৰ্থাৎ প্ৰতিবছৰে আমি প্ৰায় ৬ ঘন্টা সময় বাদ দিওঁ । এই বাদ দিয়া প্ৰায় ৬ ঘন্টা সময়খিনি ৪ বছৰত লগ লাগি প্ৰায় ২৪ ঘন্টা অৰ্থাৎ এদিন হয় । সেয়েহে প্ৰতি ৪ বছৰৰ মূৰে মূৰে ফ্ৰেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই লোৱা হয় সেই বছৰটোক অধিবৰ্ষ বা লিপ্ইয়েৰ (Leap year) বোলা হয় ।
(ঘ) কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিৰ পাৰ্থক্য বুজাই লিখা।
উত্তৰ— পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোতে ২১ জুন তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰে । এই অৱস্থাটোকে কৰ্কট সংক্ৰান্তি বোলে । সেইদিনা কৰ্কট ক্ৰান্তি আৰু ইয়াৰ উত্তৰে থকা ঠাইসমূহত বছৰটোত ভিতৰতে দিন আটাইতকৈ দীঘল আৰু ৰাতি আটাইতকৈ চুটি হয় । উক্ত সময়ছোৱাত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হয় । আনহাতে, ২২ ডিচেম্বৰৰ দিনাখন মকৰক্ৰান্তি ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে । পৃথিৱীৰ এই অৱস্থানকে মকৰ সংক্ৰান্তি বোলা হয় । এই সময়ছোৱাত দক্ষিণ গোলাৰ্ধত ৰাতি চুটি আৰু দিন দীঘল হয় আৰু উত্তৰ গোলাৰ্ধত ৰাতি দীঘল আৰু দিন চুটি হয় ।
(ঙ) পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন বুজাই লিখা ।
উত্তৰ— বাৰ্ষিক গতিৰ ফলত ধৰাপৃষ্ঠত একোটা অঞ্চলত বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ঋতু বিৰাজ কৰা দেখিবলৈ পোৱা যায় । ঋতু পৰিৱৰ্তনৰ বাবে বা বতৰৰ পৰিৱৰ্তনৰ বাবে আমাৰ সাজ-পাৰ, খাদ্য আদিৰো পৰিৱৰ্তন ঘটে। ঋতু অনুযায়ী মানুহে বিভিন্ন উৎসৱ-পাৰ্বন আদি পালন কৰি আহিছে। মানুহৰ বাহিৰে অন্যান্য জীৱ-জন্তু আৰু গছ-গছনিৰ ওপৰতো বাৰ্ষিক গতিয়ে নানান প্ৰভাৱ বিস্তাৰ কৰিছে । মেৰু-ভালুক, নানা সৰীসৃপ, ভেকুলী আদি শীতকালত শীতনিদ্ৰাত থাকে; শীতকালত বহুতো চৰাইৰ ৰং-বিৰঙৰ পাখি সৰি শীতবোধক বগা পাখি গজি উঠে । শীতকালত বহুতো গছ-গছনিৰ পাত সৰি যায় আৰু বসন্তকালত নতুন পাত আহে, গছে-গছে ফুল ফুলে । তাপৰ পৰিৱৰ্তন ফলতে বায়ুমণ্ডলীয় চাপ আৰু আৰ্দ্ৰতাৰো পৰিৱৰ্তন ঘটে । মুঠতে বাৰ্ষিক গতিকে ভূ-পৃষ্ঠৰ জীৱজগত আৰু জলবায়ু তথা বতৰৰ ওপৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰে ।
(চ) পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা ? কক্ষপথৰ এটা চিত্ৰ আঁকি দেখুওৱা ।
উত্তৰ— পৃথিৱীয়ে যিটো উপবৃত্তাকাৰ পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথটোক পৃথিৱীৰ কক্ষপথ বোলে।
প্ৰশ্ন (৩) শুদ্ধ উত্তৰবোৰত (√)চিহ্ন দিয়া—
(ক) পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি ?
(১) আহ্নিক গতি (২) মেৰুদণ্ড (৩) বাৰ্ষিক গতি
উত্তৰ— (৩) বাৰ্ষিক গতি
(খ) বিষুৱৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে ?
(১) ২১ মাৰ্চ (২) ২১ জুন (৩) ২২ ডিচেম্বৰ
উত্তৰ— (১) ২১ মাৰ্চ
(গ) পৃথিৱীৰ উপৰিভাগ ঋতু পৰিৱৰ্তন হোৱাৰ কাৰণ―
(১) বাৰ্ষিক গতি (২) আহ্নিক গতি (৩) এই দুটা গতিৰ এটাও নহয়
উত্তৰ— (১) বাৰ্ষিক গতি
(ঘ) অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ’ল―
(১) ৩৬৫ দিন (২) ৩৬৬ দিন (৩) ৩৬৫ ১/২ দিন
উত্তৰ— (২) ৩৬৬ দিন
(ঙ) মকৰ সংক্ৰান্তি হোৱা দিনটো হ’ল―
(১) ২৩ ছেপ্তেম্বৰ (২) ২১ মাৰ্চ (৩) ২২ ডিচেম্বৰ
উত্তৰ— (৩) ২২ ডিচেম্বৰ
প্ৰশ্ন ৪। খালী ঠাই পূৰ কৰা―
(ক) পৃথিৱীৰ নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে ……………… বোলে ।
উত্তৰ— পৃথিৱীৰ নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে আহ্নিক গতি বোলে ।
(খ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক ……………… বোলে ।
উত্তৰ— পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক কক্ষপথ বোলে ।
(গ) ……………… ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয় ।
উত্তৰ— শীত ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয় ।
(ঘ) পৃথিৱীৰ সোঁমাজেৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালৰ নাম ……………… ।
উত্তৰ— পৃথিৱীৰ সোঁমাজেৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালৰ নাম মেৰুদণ্ড।
(ঙ) মকৰক্ৰান্তি বৃত্তটো পৃথিৱীৰ ……………… গোলাৰ্ধত কল্পনা কৰা হৈছে ।
উত্তৰ— মকৰক্ৰান্তি বৃত্তটো পৃথিৱীৰ উত্তৰ গোলাৰ্ধত কল্পনা কৰা হৈছে ।
(চ) পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত ……………… কোন কৰি হেলনীয়া হৈ থাকে ।
উত্তৰ— পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত ৬৬ ১/২° কোন কৰি হেলনীয়া হৈ থাকে ।
Sl. No. | Contents (Class 6 Social Science) |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ |
Chapter 7 | অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | সিন্ধু উপত্যকাৰ সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাৱৰ উত্থান |
Chapter 16 | মৌৰ্য সামাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
অন্যান্য প্ৰশ্ন (Class 6 Social Science)
প্ৰশ্ন ১) চমু উত্তৰ দিয়া―
(ক) আৱৰ্তন বা আহ্নিক গতিৰ আন এটা নাম কি?
উত্তৰ— দৈনিক গতি।
(খ) অপসূৰ আৰু অনুসূৰ কি?
উত্তৰ— ৪ জুলাই তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ অধিক হয় (প্ৰায় ১৫২ নিযুত কিল’মিটাৰ), এই দূৰত্বটোক অপসূৰ বোলে। আকৌ ৩ জানুৱাৰী তাৰিখে পৃথিৱী আৰু সূৰ্যৰ আটাইতকৈ কম হয়, এই দূৰত্বটোক অনুসূৰ বোলে।
(গ) পৃথিৱীৰ গতি দুটাৰ নাম লিখা।
উত্তৰ— আহ্নিক গতি আৰু বাৰ্ষিক গতি।
(adsbygoogle = window.adsbygoogle || []).push({});