SCERT class 6 Social Science Chapter 22 গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ free study material and class notes available here for free. So, if you are looking for class six Assamese text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
SCERT Class 6 Social Science Chapter 22
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 6 social Science chapter 22 “গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ” Lesson 22 free notes. You can even download SCERT Assam class 6 social science PDF.
গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
পাঠ নং ২২
অনুশীলনী :
প্ৰশ্ন ১) চমু উত্তৰ লিখা—
ক) গণতন্ত্ৰৰ এটা নীতিৰ নাম লিখা।
উত্তৰ— গণতন্ত্ৰৰ এটা নীতি হল- সমতা।
খ) যুগলহঁতে পূজাৰ বন্ধত কি ক্লাব খুলিলে?
উত্তৰ— যুগলহঁতে পূজাৰ বন্ধত এটা ক্ৰিকেট ক্লাব খুলিলে।
গ) মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কি আন্দোলন কৰিছিল?
উত্তৰ— মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আন্দোলন কৰিছিল।
প্ৰশ্ন ২) উত্তৰ লিখা—
ক) গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ কি?
উত্তৰ— গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ অন্যতম কাৰন হৈছে এই ব্যৱস্থাত জনসাধাৰণে পূৰ্ণ সহযোগিতা কৰাৰ সুবিধা পায়।
খ) নাগৰিকৰ অধিকাৰ কেইটা মান লিখা।
উত্তৰ— গণতন্ত্ৰত ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে কেইবাটাও অধিকাৰ দিছে। এই অধিকাৰ সমূহেই হৈছে মৌলিক অধিকাৰ। এই অধিকাৰ সমূহ তলত উল্লেখ কৰা হ’ল-
১) সমতাৰ অধিকাৰ
২) স্বাধীনতাৰ অধিকাৰ
৩) শোষণৰ বিৰুদ্ধে অধিকাৰ
৪) ধৰ্মীয় অধিকাৰ
৫) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ
৬) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ
গ) তুমি দেশৰ কাৰণে কৰিব পৰা দুটা কৰ্তব্যৰ বিষয়ে উল্লেখ কৰা।
উত্তৰ— স্বাধীনতা আন্দোলনৰ মহান আদৰ্শসমূহক শ্ৰদ্ধা কৰা আৰু প্ৰাকৃতিক পৰিবেশ ৰক্ষা কৰা।
ঘ) প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তোমালোকে কি কি কাম কৰিবা উল্লেখ কৰা।
উত্তৰ— প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ আমি তলত উল্লেখ কৰা কাম কেইটা কৰিম—
১) বিনা কাৰণত গছ কটা বন্ধ কৰিব পাৰো ।
২) বৃক্ষ ৰোপণ কৰিব পাৰো ।
৩) প্লষ্টিক,পলিথিন জাতীয় প্ৰদূষক বোৰ হাবি বা মুকলি ঠাইত পেলোৱাৰ পৰা বিৰত থাকিম।
৪) মানুহৰ মাজত পৰিবেশৰ প্ৰতি সজাগতা আনিম ।
ঙ) আমি আমাৰ দেশত উপভোগ কৰিব পৰা দুটা অধিকাৰ উল্লেখ কৰা ।
উত্তৰ— বাকস্বাধীনতা আৰু মুকলিভাৱে এঠাইৰ পৰা আনঠাইলৈ অহা-যোৱা কৰিব পৰা স্বাধীনতা।
প্ৰশ্ন ৩) খালী ঠাই পূৰ কৰা—
ক) আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন ———— মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ।
উত্তৰ— আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন ৰাজ্যটো মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ।
খ) শিশুৰ প্ৰাথমিক শিক্ষাৰ আইনখন ———— চনত কাৰ্যকৰী কৰা হয়।
উত্তৰ— শিশুৰ প্ৰাথমিক শিক্ষাৰ আইনখন ২০১০ চনত কাৰ্যকৰী কৰা হয়।
গ) ভাৰতবৰ্ষ এখন ———— দেশ।
উত্তৰ— ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ।
ঘ) ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা আমাৰ মৌলিক কৰ্তব্য।
উত্তৰ— ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা আমাৰ মৌলিক কৰ্তব্য।
প্ৰশ্ন ৪) দলগত কাৰ্য-
১) আমি মৌলিক কৰ্তব্য কিয় পালন কৰিব লাগে আলোচনা কৰা। (শিক্ষক-শিক্ষয়িত্ৰীয়ে আলোচনাৰ আঁত ধৰিব)
উত্তৰঃ আমি সকলোৱে এখন গণতান্ত্ৰিক দেশত বাস কৰো। গণতন্ত্ৰত নাগৰিকে নিজৰ স্বাৰ্থৰক্ষাৰ কাৰণে মৌলিক কৰ্তব্য সমুহ পালন কৰে যদিও ইয়াৰ দ্বাৰা সমূহীয়া ভাৱে দেশৰো স্বাৰ্থ ৰক্ষা হয়। মৌলিক কৰ্তব্য পালনৰ জৰিয়তে জনগণে দেশৰ প্ৰতি একাত্মবোধ তথা স্বদেশপ্ৰেম প্ৰকাশ কৰাৰ সুবিধা পায়। ইয়াৰ উপৰিও আমাৰ ভাষা, কলা-সংস্কৃতি, বিজ্ঞান, ইতিহাস আৰু পৰিবেশ পৰিস্থিতিতন্ত্ৰৰ প্ৰতি থকা দায়িত্ববোধৰ কথাও সোঁৱৰাই দিয়ে। মৌলিক কৰ্তব্যৰ ক্ষেত্ৰত বিশেষ আইনগত বাধ্যবাধকতা দেখা নাযায়। সেই বুলি এইবোৰ মূল্যহীন নহয়। মৌলিক কৰ্তব্যসমূহ পালন কৰোতে নাগৰিক সকলে নিজৰ বিবেক-বুদ্ধিৰ প্ৰয়োগ কৰা উচিত। ইয়াৰ লগতে তেওঁলোকৰ কৰ্তব্যপালনৰ সময়ত আনৰ স্বাৰ্থ যাতে ব্যাহত নহয় সেই ক্ষেত্ৰত সদাসচেতন হোৱা উচিত।
Sl. No. | Contents (Class 6 Social Science) |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ |
Chapter 7 | অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | সিন্ধু উপত্যকাৰ সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাৱৰ উত্থান |
Chapter 16 | মৌৰ্য সামাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
প্ৰশ্ন ৫) প্ৰকল্প :
ক) বিভিন্ন দেশৰ জাতীয় পতাকাৰ ছবিসমূহ সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা।
উত্তৰ—
দেশৰ নাম | জাতীয় পতাকা |
ভূটান | |
নেপাল | |
শ্ৰী লংকা | |
থাইলেণ্ড | |
জাপান | |
বাংলাদেশ |
খ) আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীত দুটি শুদ্ধকৈ লিখি চৰ্চা কৰা ।
উত্তৰ—
ৰাষ্ট্ৰীয় সংগীত
জন গণ মন অধিনায়ক জয় হে
ভাৰত ভাগ্য বিধাতা !
পঞ্জাৱ সিন্ধু গুজৰাট মাৰাঠা
দ্ৰাবিড় উৎকল বংগ
বিন্ধ্য হিমাচল যমুনা গঙ্গা
উচ্ছল জলধি তৰংগ ।
তব শুভ নামে জাগে,
তব শুভ আশিস মাগে,
গাহে তব জয় গাথা ।
জন গণ মঙ্গল দায়ক জয় হে
ভাৰত ভাগ্য বিধাতা !
জয় হে জয় হে, জয় হে ।।
জাতীয় সংগীত
অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুনি দেশ
এনেখন শুৱলা, এনেখন সুফলা,
এনেখন মৰমৰ দেশ !!
অ’ মোৰ সুৰীয়া মাত !
অসমৰ সোৱদী মাত !
পৃথিৱীৰ কতো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।।
অ’ মোৰ ওপজা ঠাই !
অ’ মোৰ অসমী আই !
চাই লওঁ তোমাৰ মুখখনি এবাৰ
হেঁপাহ মোৰ পলোৱা নাই ।
(adsbygoogle = window.adsbygoogle || []).push({});