SCERT class 6 Social Science Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস (নৱপ্ৰস্তৰ যুগ) free study material and class notes available here for free. So, if you are looking for class 6 social science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 11 “আদি প্ৰস্তৰ যুগ” Lesson 11 free notes.
আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস (নৱপ্ৰস্তৰ যুগ)
পাঠ নং ১১
অনুশীলনী :
প্ৰশ্ন (১) উত্তৰ লিখা :―
(ক) সুমনৰ স্কুলৰ বাইদেৱে আগদিনা খন কিহৰ বিষয়ে বুজাইছিল ?
উত্তৰ— সুমনৰ স্কুলৰ বাইদেৱে আগদিনা খন আদিম মানুহৰ বিষয়ে বুজাইছিল। কিদৰে অতি কষ্ট কৰি খোৱা বস্তু সংগ্ৰহ কৰি জীৱন অতিবাহিত কৰিব লগা হৈছিল, কিদৰে ভীষণ কষ্টত জীৱন নিৰ্বাহ কৰিবলগা হৈছিল সেই বিষয়ে বুজাইছিল। আদিম মানুহে চিকাৰ কৰি জীৱ-জন্তুৰ মঙহ আৰু হাবিৰ ফল-মূল আদি গোটাইছিল।তেওঁলোকৰ কষ্টৰ কোনো সীমা নাছিল।
(খ) আদিম মানুহে হাবিত পোৱা ফল-মূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল ?
উত্তৰ— আদিম মানুহে দল বান্ধি ঘূৰি ফুৰোতে হাবিত পোৱা ফল-মূলৰ গছবোৰৰ বিষয়ে কিছুমান কথালৈ লক্ষ্য কৰিছিল। সেইবোৰ হ’ল- কেনেকৈ গুটিৰ পৰা নতুন গছ গজে, ফল-মূল হোৱা গছ-গছনিবোৰ ক’ত বেছিকৈ গজে, কিছুমান ঠাইত গছবোৰ সোনকালে গজে আৰু কিছুমান ঠাইত গজালি ওলোৱা দেৰি হয় ইত্যাদি ।
(গ) খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল ?
উত্তৰ— খেতি কৰাৰ বাবে আদিম মানুহে শিল, জন্তুৰ হাড়, দাঁতৰ মাড়ি আৰু কাঠৰ বিভিন্ন উন্নত আৰু চোকা অস্ত্ৰ তৈয়াৰ কৰি লৈছিল।
(ঘ) আদিম মানুহে কি কি কাৰণে জীৱ জন্তু পুহিছিল।
উত্তৰ— আদিম মানুহে বিভিন্ন কাৰণে জীৱ জন্তু পুহিছিল । প্ৰধানকৈ এই জীৱ-জন্তুবোৰৰপৰা মঙহ, গাখীৰ আদি খাদ্য পোৱাৰ উপৰি কিছুমান জন্তুক ঘৰ পহৰা দিয়া, চিকাৰত সহায় কৰা কামত আৰু আন কিছুমানক কৃষি আৰু যাতায়তৰ কামত ব্যৱহাৰ কৰিছিল।
(ঙ) চকাৰ ব্যৱহাৰে আদিম মানুহক কি কি কামত সহায় কৰিছিল ?
উত্তৰ— চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱন ধাৰণ প্ৰণালীক বহুত সহজ আৰু উজু কৰি তুলিছিল। উদাহৰণ স্বৰূপে আগতে মানুহে খোজ কাঢ়ি বা জন্তুৰ পিঠিত উঠি এঠাইৰ পৰা আন ঠাইলৈ গৈছিল। কিন্তু চকাৰ ব্যৱহাৰ শিকাৰ লগে লগে, চকা লগাই তৈয়াৰ কৰা গাড়ী জন্তুৰ দ্বাৰা টনোৱাই একাধিক মানুহ একেটা সময়তে এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা হ’ল। তদুপৰি খেতিৰ ফচল আৰু বিভিন্ন গধুৰ বোজা এনে চকা লগোৱা গাড়ীত কঢ়িয়াব পৰা হ’ল।
(চ) গাঁৱত দলবদ্ধ ভাবে বসবাস কৰাৰ পৰা আদিম মানুহৰ কি কি সুবিধা হৈছিল ?
উত্তৰ— গাঁৱত দলবদ্ধ ভাবে আদিম মানুহে বসবাস কৰাৰ ফলত মানুহৰ নিৰাপত্তা আৰু সহায় সহযোগিতা নিশ্চিত হৈছিল। এইদৰেই কিছুমান পৰিয়াল দলবদ্ধ ভাৱে থাকি একোখন গাঁৱৰ সৃষ্টি কৰিছিল। তেওঁলোকে খেতি বাতি কৰা, জীৱ জন্তু পোহৰ বাবে নদী বা হ্ৰদৰ পাৰত বসতি আৰম্ভ কৰিছিল। পৃথিৱীৰ প্ৰাচীন সভ্যতা সমূহো নদীৰ পৰতেই গঢ়ি উঠিছিল।
(ছ) আদিম মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল ?
উত্তৰ— আদিম মানুহে শস্য ৰাখিবলৈ আৰু ৰান্ধিবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল।
Sl. No. | Contents (Class 6 Social Science) |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ |
Chapter 7 | অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | সিন্ধু উপত্যকাৰ সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাৱৰ উত্থান |
Chapter 16 | মৌৰ্য সামাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
প্ৰশ্ন ২) দাওজালি হাডিং কোন জিলাত ? তোমাৰ জিলাখনৰ পৰা ই কোন দিশত অৱস্থিত ?
উত্তৰ— দাওজালি হাতিং ডিমা-হাচাও জিলাত অৱস্থিত। ই আমাৰ জিলাৰ পৰা দক্ষিণ দিশত অৱস্থিত।
প্ৰশ্ন ৩) প্ৰকল্প প্ৰস্তুত কৰা―
তোমাৰ অঞ্চলত চকা কি কি কামত ব্যৱহাৰ কৰা হয়?
উত্তৰ— অমাৰ অঞ্চলত চকা বিভিন্ন কামত ব্যৱহাৰ কৰা হয়, যেনে- গাড়ী-মটৰত, চাইকেলত, ধান বনোৱা মিলত, মাটিৰ বাচন-বৰ্তন তৈয়াৰ কৰা কামত ।
প্ৰশ্ন ৪) ভাৰতৰ এখন মানচিত্ৰ আঁকি তলৰ ঠাইবোৰ যথাস্থানত বহুৱা-
(ক) বুৰ্জাহাম (খ) মহাগড় (গ) চীৰাণ্ড (ঘ) ভীমবেটকা (ঙ) পৈয়ামপল্লী
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা।
অন্যান্য প্ৰশ্ন (Class 6 Social Science)
প্ৰশ্ন (ক) ভাৰতৰ ক’ত ক’ত আদিম মানুহে ব্যৱহাৰ কৰা সঁজুলি উদ্ধাৰ হৈছে?
উত্তৰ— কাশ্মীৰ উপত্যকা, দাক্ষিণাত্যৰ কৃষ্ণা আৰু গোদাবৰী উপত্যকা, বিহাৰৰ চিৰাণ্ড, উত্তৰ প্ৰদেশৰ বৈলান উপত্যকা আৰু অসমৰ ডিমা-হাচাও জিলাত আদিম মানুহে ব্যৱহাৰ কৰা সঁজুলি উদ্ধাৰ হৈছে।
প্ৰশ্ন (খ) গাঁৱৰ সৃষ্টি কেনেকৈ হৈছিল?
উত্তৰ— আদিম মানুহে খেতি-বাতি আৰম্ভ কৰাৰ লগে লগে ইমান বছৰে চলি থকা ঠাই সলনি কৰাৰ অভ্যাস ত্যাগ কৰি একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। এইদৰেই কিছুমান পৰিয়াল দলবদ্ধভাৱে বাস কৰি একোখন গাঁৱৰ সৃষ্টি কৰিছিল।
প্ৰশ্ন গ) আদিম মানুহে শস্য ভাঙিবলৈ কি ব্যৱহাৰ কৰিছিল?
উত্তৰ— আদিম মানুহে শস্য ভাঙিবলৈ শিলৰ পটা, পটাগুটি ব্যৱহাৰ কৰিছিল।
(adsbygoogle = window.adsbygoogle || []).push({});
I like this chapter.. thank you so much for this all question answers 🙏🏻