SCERT class 6 Social Science Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা free study material and class notes available here for free. So, if you are looking for class 6 social science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT class 6 social Science chapter 12 “সিন্ধু উপত্যকাৰ সভ্যতা” Lesson 12 free notes.
সিন্ধু উপত্যকাৰ সভ্যতা
পাঠ নং ১২
CLASS 6 SOCIAL SCIENCE
অনুশীলনী :
প্ৰশ্ন (১) উত্তৰ লিখা :―
ক) কি কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল?
উত্তৰ— সিন্ধু নদীৰ পাৰত সিন্ধু সভ্যতা, নীল নদীৰ পাৰত মিছৰীয় সভ্যতা, ইউফ্ৰেটিচ আৰু টাইগ্ৰীছ নদীৰ পাৰত বেবিলনীয় সভ্যতা, হোৱাংহো আৰু ইয়াং চিকিয়া নদীৰ পাৰত চীনা সভ্যতা গঢ়ি উঠিছিল।
খ) পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতা সমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি ?
উত্তৰ— পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতা সমূহৰ ভিতৰত সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি ।
গ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছপটেমীয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি কব পাৰি ?
উত্তৰ— সিন্ধু উপত্যকা বা হৰপ্পা সংস্কৃতিত ব্যৱহৃত মোহৰ, মণি আদি মেছ’পটেমিয়াত পোৱা গৈছে । ইয়াৰ ওপৰত ভিত্তি কৰিয়েই সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছপটেমীয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি কব পাৰি ।
ঘ) সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ-বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে পাঠটোৰ আলমত লিখা।
উত্তৰ— সিন্ধু উপত্যকা বা হৰপ্পা সংস্কৃতিতত ব্যৱহৃত মোহৰ, মণি আদি মেছ’পটেমিয়াত পোৱা গৈছে । ইয়াৰ বাহিৰেও হৰপ্পাৰ চীল-মোহৰ কিছুমান চুমেৰীয় অঞ্চলত আৱিষ্কাৰ হৈছে। চুমেৰীয় আৰু মেছ’পটেমিয়া সভ্যতায়ো হৰপ্পা সংস্কৃতিৰ দৰে যোগাযোগ ব্যৱস্থাৰ বাবে চিহ্ন ব্যৱহাৰ কৰিছিল। এই কথাবোৰেই প্ৰমাণ কৰে যে সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ-বাণিজ্যৰ সম্বন্ধ আছিল।
ঙ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ মানুহে চিলাই বিদ্যা জানিছিল বুলি অনুমান কৰা হয় ?
উত্তৰ— সিন্ধু উপত্যকাত কৰা খনন কাৰ্যত বেজী, বুটামৰ আৱিস্কাৰৰ ওপৰত ভিত্তি কৰি তাৰ মানুহে চিলাই বিদ্যা জানিছিল বুলি অনুমান কৰা হয়।
প্ৰশ্ন ২) পাঠত থকা মানচিত্ৰখন চাই তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া―
(ক) লোথাল আৰু কালিবাংগান বৰ্তমান কোন কোন ৰাজ্যত অৱস্থিত?
উত্তৰ— গুজৰাটত লোথাল আৰু কালিবাংগান ৰাজস্থানত ৰাজ্যত অৱস্থিত।
(খ) সিন্ধু নদীয়ে চুই যোৱা ঠাই কেইখনৰ নাম উল্লেখ কৰা।
উত্তৰ— পঞ্জাব, সিন্ধ প্ৰদেশ (পাকিস্তান), লাডাখ, লেহ, হায়দৰাবাদ (পাকিস্তান), কৰাচী (পাকিস্তান)।
(গ) বৰ্তমান পাকিস্তান অন্তৰ্গত ঠাই কেইখনৰ নাম লিখা ?
উত্তৰ— সিন্ধ প্ৰদেশ , হায়দৰাবাদ , কৰাচী, চুক্কুৰ, ঠাক’ত, স্বাবি ।
(ঘ) ঝিলাম বৰ্তমান কোনখন দেশত ?
উত্তৰ— পাকিস্তানত ।
(ঙ) ৰোপাৰ বৰ্তমান ভাৰতৰ কোন ৰাজ্যৰ অন্তৰ্গত?
উত্তৰ— পঞ্জাব ।
প্ৰশ্ন ৩) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা―
ক | খ |
(১) সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে
(২) সিন্ধু উপত্যকাৰ সভ্যতাৰ মোহৰবোৰ আছিল (৩) সিন্ধু উপত্যকাৰ মানুহে বস্তু কঢ়িয়াবলৈ (৪) সিন্ধু উপত্যকাৰ সভ্যতাৰ ভঁৰালবোৰ ব্যৱহাৰ কৰা হৈছিল (৫) সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা |
(১) শষ্য ৰাখিবৰ বাবে ।
(২) ইৰাকৰ লগত বেপাৰ বানিজ্য কৰিছিল । (৩) চতুৰ্ভুজ, ঘূৰনীয়া অৰু চুঙা আকৃতিৰ । (৪) অলংকাৰ পিন্ধিছিল। (৫) উট আৰু গাধ ৰাখিছিল । (৬) মেছ’পটেমিয়া সভ্যতা। |
উত্তৰ—
ক | খ |
(১) সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে
(২) সিন্ধু উপত্যকাৰ সভ্যতাৰ মোহৰবোৰ আছিল (৩) সিন্ধু উপত্যকাৰ মানুহে বস্তু কঢ়িয়াবলৈ (৪) সিন্ধু উপত্যকাৰ সভ্যতাৰ ভঁৰালবোৰ ব্যৱহাৰ কৰা হৈছিল (৫) সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা |
(২) ইৰাকৰ লগত বেপাৰ বানিজ্য কৰিছিল ।
(৩) চতুৰ্ভুজ, ঘূৰনীয়া অৰু চুঙা আকৃতিৰ । (৫) উট আৰু গাধ ৰাখিছিল । (১) শষ্য ৰাখিবৰ বাবে । (৬) মেছ’পটেমিয়া সভ্যতা। |
প্ৰশ্ন ৪) দলগত কাৰ্য
তোমাৰ অঞ্চলত পোৱা মাটিৰে কি কি সামগ্ৰী তৈয়াৰ কৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ— মলা, টেকেলি, কলহ, চৰু আদি।
প্ৰশ্ন ৫) শুদ্ধ বাক্যত √ চিন দিয়া―
(ক) মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ পোন আছিল।
উত্তৰ— শুদ্ধ ।
(খ) মহেঞ্জোদাৰো নগৰৰ কোনো পৰিকল্পনা নাছিল।
উত্তৰ— অশুদ্ধ।
(গ) সিন্ধু উপত্যকাৰ সভ্যতাৰ ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল।
উত্তৰ— শুদ্ধ ।
(ঘ) সিন্ধু সভ্যতাৰ মানুহে লিপিৰ ব্যৱহাৰ কৰিছিল।
উত্তৰ— শুদ্ধ ।
(ঙ) হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহৰ প্ৰায়ভাগে টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী।
উত্তৰ— শুদ্ধ ।
প্ৰশ্ন ৬) সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰ পৰিকল্পনাৰ বিষয়ে লিখা।
উত্তৰ— প্ৰত্নতত্ববিদ সকলৰ মতে সিন্ধু নদীৰ উপত্যকাৰ সভ্যতাৰ নগৰ সুচিন্তিত পৰিকল্পনাৰ সহায়তে নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰা হৈছে। এই নগৰৰ আলিবাটবোৰো পোন, বহল আৰু সুপৰিকল্পিত আছিল। এই আলিবাটবোৰ সমান্তৰালভাৱে নগৰৰ ইমূৰৰ পৰা আনমূৰলৈ বিস্তৃত হৈ আছিল।এই আলিবাটবিলাক লম্বভাৱে কটাকটি কৰি নগৰখনক কেইবাটাও সমান ভাগত ভাগ কৰিছিল। ৰাস্তাৰ চুকবোৰ আছিল ধেনুভেৰীয়া যাতে বস্তু কঢ়িয়াই নিয়া গধুৰ যান-বাহন সহজতে চলাচল কৰিব পাৰে।ঘৰবোৰ কিছুমান এমহলীয়া আৰু কিছুমান দুমহলীয়া আছিল আৰু এইবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। প্ৰতিটো ঘৰতে একোখন চোতাল থকাৰ উপৰি, একোটাকৈ কুঁৱা অৰু স্নানাগাৰো আছিল।
প্ৰশ্ন ৭) হৰপ্পা সংস্কৃতিৰ মানুহে ব্যৱহাৰ কৰা আচবাব-পত্ৰ, ঘৰ সজা প্ৰণালী আদিৰ ওপৰত এটা টোকা প্ৰস্তুত কৰা।
উত্তৰ— খনন কাৰ্যত উদ্ধাৰ হোৱা সামগ্ৰীবোৰৰ পৰা অনুমান কৰা হৈছে যে হৰপ্পাৰ শিল্প-কলা বহুত আগবঢ়া আছিল। উদ্ধাৰ হোৱা বিভিন্ন আকাৰ আকৃতিৰে গঢ়া পাত্ৰসমূহ বৰ আকৰ্ষনীয়। ভিন ভিন ৰং আৰু আৰ্হিৰে সজাই তোলা সামগ্ৰীসমূহ বিশেষকৈ টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী ব্ৰ’ঞ্জ ধাতুৰে গঢ়া আছিল। ইয়াৰ উপৰি পোৱা মাটিৰ বাচন বৰ্তন, আ-অলংকাৰ, পুতলা আদিও তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা গৈছে। অকল এয়াই নহয়, খনন কাৰ্যত ঘৰ, স্নানাগাৰ আদিৰ লগতে ডাঙৰ ভঁৰালঘৰৰো ভগ্নাৱশেষও পোৱা গৈছে।
প্ৰশ্ন ৮) হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎস কি কি আছিল? তালিকা বনোৱা।
উত্তৰ— হৰপ্পা সংস্কৃতিৰ সৰহভাগ মানুহে কৃষিকৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰিছিল। সেই সময়ত কৃষক সকলে ঘেঁহু, বাৰ্লি, মটৰ, মাহ আদিৰ উপৰি সৰিয়হ, কপাহ আদিৰ খেতি কৰিছিল। হৰপ্পা সংস্কৃতিৰ মানুহেই পোন প্ৰথমে কপাহ খেতি কৰিছিল বুলি ধাৰণা কৰা হয়।
সেই সময়ৰ বহুতে আকৌ পশু পালন কৰিও পেট প্ৰবৰ্তাইছিল। গৰু-ম’হ, ছাগলী, ভেড়া, গাহৰি আদি পালন কৰিছিল। কুকুৰ আৰু মেকুৰীও পুহিছিল। তাৰ ওপৰি বস্তু কঢ়িয়াবলৈ উট আৰু গাধ ৰাখিছিল। ঘোঁৰাৰ ব্যৱহাৰ কম আছিল। হাতী, বলধ, গড় আদি প্ৰাণীক হৰপ্পা সভ্যতাৰ মানুহে প্ৰাধান্য দিছিল।
তদুপৰি আন বহুলোকে ঘৰ সাজি, ইটা আদি তৈয়াৰ কৰি, বাচন-বৰ্তন প্ৰস্তুত কৰি আ-অলংকাৰ আদি গঢ়ি আৰু কাপোৰ বৈও জীৱিকা নিৰ্বাহ কৰিছিল। অৰ্থাৎ সেই সময়ত কৃষক আৰু পশুপালকৰ উপৰি কুমাৰ, কৰিকৰ, বণিক, বাঢ়ৈ, শিপিনী আদি শ্ৰেণীৰ লোকো আছিল।
Sl. No. | Contents (Class 6 Social Science) |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ |
Chapter 7 | অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | সিন্ধু উপত্যকাৰ সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাৱৰ উত্থান |
Chapter 16 | মৌৰ্য সামাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
অন্যান্য প্ৰশ্ন (Class 6 Social Science)
প্ৰশ্ন (ক) সিন্ধু উপত্যকাৰ মানুহৰ ধৰ্মীয় বিশ্বাস সম্বন্ধে এটি টোকা যুগুত কৰা।
উত্তৰ— হৰপ্পা সংস্কৃতিৰ মানুহে গছ আৰু সাপ পূজা কৰিছিল বুলি অনুমান কৰিব পাৰি। লগতে মাতৃ দেৱীকো পূজা কৰা যেন অনুমান হৈছিল। কিন্তু সিন্ধু উপত্যকাৰ সভ্যতাৰ ধ্বংসাৱশেষৰ মাজত এতিয়ালৈ কোনো মন্দিৰৰ অস্তিত্ব দেখা পোৱা নাই।
প্ৰশ্ন (খ) সিন্ধু সভ্যতা কিমান বছৰ মান তিষ্ঠি আছিল?
উত্তৰ— প্ৰায় এক হাজাৰ বছৰমান তিষ্ঠি আছিল।
প্ৰশ্ন (গ) হৰপ্পা আৰু মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা ভগ্নাৱশেষ , শিলৰ মোহৰ আদি কিমান পুৰণি?
উত্তৰ— প্ৰায় ৪,৫০০ বছৰ মান পুৰণি।
(adsbygoogle = window.adsbygoogle || []).push({});