Class 6 Social Science Chapter 19 জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

SCERT class 6 Social Science Chapter 19 জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ free study material and class notes available here for free. So, if you are looking for class 6 Social Science text book questions-answers (ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 6 social Science chapter 19 “জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ” Lesson 19 free notes.

জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

পাঠ নং ১৯

অনুশীলনী :

প্ৰশ্ন ১) প্ৰযুক্তি কাক বোলে ? তুমি জনা কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তুৰ নাম লিখা ?

উত্তৰ— কোনো কাৰ্য পৰিচালনা আৰু সম্পাদনা সুচল কৰাৰ উদ্দেশ্যে ব্যৱহৃত বিজ্ঞানসন্মত চিন্তা চৰ্চ্চা , আহিলা পাতি আৰু কৌশল আদিৰ সমষ্টিক প্ৰযুক্তি বোলে। মই জনা কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তুৰ নাম হৈছে- মোবাইল ফোন, মটৰ গাড়ী , ৰেল গাড়ী, ৰেফ্ৰিজেৰেটৰ, কম্পিউটাৰ, ৰেডিঅ, টেলিভিছন ইত্যদি ।

প্ৰশ্ন ২) আমাৰ জীৱন যাপনৰ মান উন্নয়নত প্ৰযুক্তিয়ে কেনেধৰণে সহায় কৰিছে লিখা ।

উত্তৰ— প্ৰযুক্তিয়ে আমাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া আগৰ তুলনাত অধিক খৰতকীয়া আৰু আৰামদায়ক কৰি তুলিছে । এতিয়া মানুহে কম সময়তে কম কষ্ট কম খৰচত বহুতো কাম কৰিব পৰা হৈছে । মোবাইল ফোনৰ সহায়ত মন গ’লেই দূৰত থকা আপোন জন, বন্ধু-বান্ধৱৰ লগত ভাৱৰ আদান-প্ৰদান কৰিব পাৰে। এয়াই নহয়, ভিডিঅ’ কনফাৰেঞ্চিংৰ সহায়ত ভিন ভিন ঠাইত থক দুই বা ততোধিক ব্যক্তিয়ে দৃশ্য আৰু শ্ৰাব্য উভয় মাধ্যমত ভাবৰ আদান-প্ৰদান কৰিব পাৰে। বাছ, ৰেল আৰু এৰোপ্লেনৰ সহায়ত দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় নালাগে । পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু হৈ পৰিছে । ফলস্বৰূপে বিভিন্ন দেশৰ মাজত বেহা বেপাৰ বৃদ্ধি হৈছে । লগে লগে অৱসৰ বিনোদনৰ বাবে বিভিন্ন সুবিধৰো সৃষ্টি হৈছে । প্ৰকৃতিৰ অৱদান আৰু প্ৰযুক্তিৰ জ্ঞানে মানুহৰ জীৱন ক্ৰমান্বয়ে উন্নতৰ পৰা উন্নততৰ স্তৰলৈ লৈ গৈছে ।

প্ৰশ্ন ৩) প্ৰযুক্তি অবিহনে আমাৰ জীৱন-ধাৰণ প্ৰণালী কেনেকুৱা হ’লহেঁতেন বৰ্ণনা কৰা ।

উত্তৰ— প্ৰযুক্তি অবিহনে আমাৰ জীৱন ধাৰণ প্ৰণালী অতি কষ্টকৰ আৰু লেহেম গতিৰ হলহেঁতেন । যিকোনো এটা কাম কৰাৰ বাবে অধিক কষ্ট আৰু সময় লাগিল হেঁতেন । যাতায়তৰ বাবে গাড়ী-মটৰ, এৰোপ্লেনৰ সলনি হাতী বা ঘোঁৰা ব্যৱহাৰ কৰিব লাগিলেহেঁতেন । ফলত বেহাবেপাৰ আৰু যোগাযোগৰ ক্ষেত্ৰত বহুতো অসুবিধা আৰু সমস্যাৰ সৃষ্টি হলহেঁতেন । লগতে মানুহৰ আজৰি সময়ৰ  পৰিমান বহুত কম হ’ল হয়।

প্ৰশ্ন ৪) ‘নদীৰ পানী প্ৰকৃতিৰ দান ।’ এনেদৰে আৰু কি কি প্ৰকৃতিৰ দান আছে ? সেইবোৰক আমি কি কি কামত ব্যৱহাৰ কৰোঁ ? বাখ্যা কৰা।

উত্তৰ— নদীৰ পানী দৰে সাগৰ, সূৰ্য, মাটি, গছ-গছনি আদিও প্ৰকৃতিৰ দান । সাগৰৰ পানীৰ পৰা আমি নিমখ প্ৰস্তুত কৰো। সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰি বিভিন্ন সময়ত কামত প্ৰয়োগ কৰো । গছ-গছনিৰ পৰা বিভিন্ন আচবাচ পত্ৰ , ঘৰ বনোৱা কামৰ উপৰিও বিভিন্ন কামত ব্যৱহাৰ কৰা যায় । মাটিৰ পৰা পোৱা খনিজ পদাৰ্থক আমি বিভিন্ন সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰোঁ । সেয়েহে আমি কব পাৰো যে মানৱ সভ্যতা প্ৰকৃতি আৰু প্ৰযুক্তিৰ সম্বনয়ৰ ফল ।

প্ৰশ্ন ৫) খালি ঠাই পূৰ কৰা ―

ক) মানুহৰ অভাৱ ―――― নাই ।

উত্তৰ— মানুহৰ অভাৱৰ কোনো সীমা নাই ।

খ) জীৱন ধাৰণৰ মান ―――― কৰিবলৈ বিচৰাটো প্ৰতিগৰাকী মানুহৰ স্বাভাৱিক ―――― ।

উত্তৰ— জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ বিচৰাটো প্ৰতিগৰাকী মানুহৰ স্বাভাৱিক হাবিয়াস

গ) মানৱ সভ্যতা হল ―――― আৰু ―――― সমন্বয়ৰ ফল ।

উত্তৰ— মানৱ সভ্যতা হল প্ৰকৃতি আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ফল ।

ঘ) প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক ―――― আৰু ―――― কৰি তুলিছে ।

উত্তৰ— প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক খৰতকীয়া আৰু আৰামদায়ক কৰি তুলিছে ।

ঙ) গোবৰৰ পৰা ―――― আৰু সূৰ্যৰ ৰশ্মিৰ পৰা ――――  প্ৰস্তুত কৰা হয় ।

উত্তৰ— গোবৰৰ পৰা গোবৰ গেছ প্ৰস্তুত কৰি আৰু সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি প্ৰস্তুত কৰা হয় ।

Class 6 Social Science Chapter 19

class 6 social science chapter 19প্ৰশ্ন  ৬) অশুদ্ধ শব্দটো কাটি বাক্যটো শুদ্ধকৈ লিখা ―

ক) অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত / সীমাহীন ।

উত্তৰ— অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত ।

খ) দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় লাগে / নালাগে ।

উত্তৰ— দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় নালাগে ।

গ) প্ৰযুক্তিয়ে আমাৰ দৈনিন্দন জীৱিকাত অহৰ্নিশে সহায় / অসুবিধা কৰি আছে ।

উত্তৰ— প্ৰযুক্তিয়ে আমাৰ দৈনিন্দন জীৱিকাত অহৰ্নিশে সহায় কৰি আছে ।

ঘ) প্ৰযুক্তিৰ সহায় নোলোৱাকৈ / লৈ মানুহে সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে ।

উত্তৰ— প্ৰযুক্তিৰ সহায় লৈ মানুহে সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে ।

ঙ) পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি / অচিনাকি ।

উত্তৰ— পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি ।

Sl. No. Contents (Class 6 Social Science)
Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3 পৃথিৱীৰ গতি
Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5 ভূগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ
Chapter 7 অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি
Chapter 8 আমাৰ ভাৰত
Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10 আদি প্ৰস্তৰ যুগ
Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা
Chapter 13 বৈদিক সভ্যতা
Chapter 14 মহাজনপদ
Chapter 15 নতুন ভাৱৰ উত্থান
Chapter 16 মৌৰ্য সামাজ্য
Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19 জীৱন ধাৰনৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21 চৰকাৰৰ ধাৰনা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22 গণতন্ত্ৰ আৰু নীতিসমূহ
Chapter 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা
(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close