SCERT class 8 Social Science Chapter 1 প্ৰাকৃতিক সম্পদ free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 1 “প্ৰাকৃতিক সম্পদ” Lesson 1 free notes.
প্ৰাকৃতিক সম্পদ
পাঠ ১
অনুশীলনী :
প্ৰশ্ন ১। চমু উত্তৰ লিখা—
(ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ— মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পায় অহাৰ দুটা কাৰণ হ’ল— জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক প্ৰতিযোগিতা ।
(খ) কোনো এঠাইত জন বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? (দুটা কাৰন লিখা)
উত্তৰ— কোনো এটা অঞ্চলৰ জন বসতি ঘন হোৱাৰ বহুতো কাৰণ আছে। ইয়াৰ ভিতৰত দুটা কাৰণ হৈছে— অঞ্চলটো কৃষি আৰু বসবাসৰ বাবে উপযোগী ।
(গ) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা।
উত্তৰ— ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ হৈছে— ভূমিস্খলন আৰু গৰাখহনীয়া।
ভূমিস্খলন— ভূমিস্খলন হৈছে প্ৰাকৃতিক কাৰণত বা মানুহৰ কাৰ্যৰ ফলত সংঘটিত হোৱা এক দুৰ্যোগ। ভূমিকম্পৰ জোকাৰণি, নেৰানেপেৰা বৰষুণ আদিৰ ফলত ওখ ঠাইৰ ভূ-খণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে।
গৰাখহনীয়া— গৰাখহনীয়া নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বোলে। দুয়োপাৰত হোৱা খহনীয়াৰ ফলত নৈপৰীয়া মাটিৰ পৰিমান কমি আহে।
(ঘ) বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ কাৰণ দুটা লিখা।
উত্তৰ— জনসংখ্যা বৃদ্ধি আৰু পানীৰ প্ৰধান উৎসসমূহ প্ৰদূষিত হ’বলৈ ধৰাৰ ফলতে বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিবলৈ আৰম্ভ কৰিছে।
প্ৰশ্ন ২। শুদ্ধ উত্তৰত √ চিন দিয়া—
(ক) তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে ?
(১) অবাবতে পানীৰ টেপ খুলি থলে, (২) ভূ-গৰ্ভৰ পানীৰ অত্যাধিক ব্যৱহাৰ কৰিলে, (৩) বৰষুণৰ পানী জমা কৰি থলে
উত্তৰ— (৩) বৰষুণৰ পানী জমা কৰি থলে ।
(খ) নিৰ্মল পানী পাবলৈ হ’লে—
(১) আবৰ্জনাবোৰ নৈত পেলাব লাগে, (২) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে, (৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।
উত্তৰ— (৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।
(গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে—
(১) জীৱাস্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ’লে, (২) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে, (৩) শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ’লে।
উত্তৰ— (১) জীৱাস্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ’লে ।
প্ৰশ্ন ৩। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০টা মান শব্দৰ ভিতৰত)
উত্তৰ— ভূমি সম্পদৰ গুৰুত্ব :- মাটি বা ভূমিয়েই হৈছে সমগ্ৰ জীৱজগতৰ আধাৰ। কিন্তু এই মাটি বা ভূমি অসীম নহয়। ই সীমিত। পৃথিৱীৰ উপৰিভাগৰ মাত্ৰ ২৯% হৈছে ভূমি। মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদিৰ ক্ষেত্ৰতো ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। অকল এয়াই নহয়, মানুহৰ মৌলিক প্ৰয়োজনসমূহ যেনে অন্ন, বস্ত্ৰ, বাসস্থান আনকি ইন্ধনৰ মূলতো হৈছে ভূমি সম্পদেই। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰশীল।
ভূমি সম্পদৰ ব্যৱহাৰ :- কৃষি কাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণ, ঘৰ–দুৱাৰ, ৰাস্তা–ঘাট আদি নিৰ্মাণৰ বাবে ভূমি সম্পদ ব্যৱহাৰ কৰা হয়। ভূমিৰ ব্যৱহাৰ নিৰ্ভৰ কৰে অঞ্চলটোৰ অবস্থান, জলবায়ু, পানীৰ উৎস আদি প্ৰাকৃতিক কাৰকৰ ওপৰত ।
প্ৰশ্ন ৪। তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞলোকৰপৰা সেই সম্পর্কে জানি লৈ এটি টোকা যুগুত কৰা।
ভূমি সম্পদ | অতীত | বৰ্তমান |
কৃষি মাটি | ||
শিক্ষানুষ্ঠান | ||
উদ্যান, খেলপথাৰ | ||
কাৰখানা, উদ্যোগ | ||
ধৰ্মীয় বা আন সামাজিক অনুষ্ঠান |
*ওপৰত দেখুওৱা দৰে তোমালোকে পৰিয়ালৰ জেষ্ঠলোক বা ওচৰৰ বিজ্ঞলোকৰ পৰা তালিকাখন প্ৰস্তুত কৰি এটি টোকা যুগুত কৰা।
প্ৰশ্ন ৫। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত ।
উত্তৰ— বনজ সম্পদ :- বনজ সম্পদ বুলি ক’লে বিভিন্ন ধৰনৰ গছ-গছনিকে আদি কৰি বাঁহ, বেত, ফুল, ঘাহ-বন আদি কৰি বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকতি আদি পৰে ৷ কিন্তু বিভিন্ন কাৰনত এই গছ-গছনি, পশু-পক্ষীৰ সংখ্যা দিনে দিনে কমি আহিছে ৷ এটা হিচাপ মতে বিগত ২০০০ বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা ১৬০ বিধমান জন্তু আৰু প্রায় ৮৮ বিধমান চৰাইৰ প্রজাতি নাইকীয়া হৈ গৈছে ৷ অৰণ্য ধ্বংস, গৰাখহনীয়া, বনজুই, চুনামী, ভূমিস্খলন, বানপানী আদি দুর্যোগে বনজ সম্পদসমূহৰ যথেষ্ট ক্ষতি সাধন কৰিছে ৷ ফলত বনজ সম্পদ সমূহলৈ যথেষ্ট সংকট নামি আহিছে ৷ এই সম্পদ সমূহৰ সংৰক্ষণৰ বাবে আমি সামাজিক আৰু ব্যক্তিগতভাৱে দায়িত্ব লোৱাৰ সময় আহি পৰিছে ৷ ইয়াৰ বাবে আমি সকলোৰে মাজত বনজ সম্পদ সংৰক্ষণৰ প্ৰতি সচেতনতা বঢ়াব লাগিব আৰু এই সম্পদসমূহ সংৰক্ষণৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷
জলজ সম্পদ :- পৃথিৱীত জীৱকুল বৰ্তি থাকিবৰ বাবে পানী অপৰিহাৰ্য ৷ পৃথিৱীৰ উপৰিভাগৰ প্ৰায় দুই–তৃতীয়াংশ পানীৰে আৱৰা ৷ তথাপি আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ বৰ তাকৰ ৷ এই জলসম্পদ প্ৰধানকৈ জলসিঞ্চন, পৰিবহন, উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ হয়। বিদ্যুত শক্তি আহৰণৰ বাবেও জলসম্পদৰ প্ৰয়োজন হয় ৷ জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে পানীৰ ব্যৱহাৰো যথেষ্ট পৰিমানে বৃদ্ধি পাইছে ৷ কিন্তু ইয়াৰ অনুপাতে ব্যৱহাৰযোগ্য পানীৰ যোগান বঢ়া নাই ৷ ইয়াৰ লগতে লগতে পানীৰ উৎসসমূহ প্ৰদূষিত হ’বলৈ লোৱাৰ বাবেও জলসম্পদৰ নাটনিয়ে দেখা দিছে। পানীৰ সমস্যা দূৰ কৰিবলৈ আমি জলসংৰক্ষণৰ ওপৰত গুৰুত্ব দিব লাগিব ৷ যিবোৰ কামৰ দ্বাৰা পানী প্ৰদূষণ হয়, তাক পৰিহাৰ কৰিব লাগিব; প্ৰয়োজনতকৈ বেছি পানী ব্যৱহাৰ কৰা অনুচিত আৰু বৰষুণৰ পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত ৷
Also Read :- প্ৰাকৃতিক সম্পদ MCQs
প্ৰশ্ন ৬। শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে?
উত্তৰ— পৃথিৱীৰ প্ৰায় সকলোতে শক্তি সম্পদ বিয়পি থাকিলেও এই সম্পদবোৰ আমি অনায়াসে আহৰণ কৰিব নোৱাৰো। ইয়াৰ বাবে যথেষ্ট শ্ৰম, প্ৰযুক্তি, সময় আৰু অৰ্থৰ প্ৰয়োজন হয়। সেয়ে সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি যথেষ্ট মিতব্যয়ী হ’ব লাগে। যিহেতু এই সম্পদবোৰৰ পৰিমান সীমিত সেয়ে সম্পদৰ অপচয় ৰোধ কৰিলেহে আমি ভৱিষ্যতৰ বাবে এই সম্পদ ৰাহি কৰিব পাৰিম।
প্ৰশ্ন ৭। চমু টোকা লিখা
(ক) বণ্যপ্ৰাণী, (খ) জীৱাষ্ম ইন্ধন, (গ) মৰুকৰণ, (ঘ) সৌৰশক্তি, (ঙ) ভূমিস্খলন
উত্তৰ— (ক) বণ্যপ্ৰাণী— বন বা হাবিত বাস কৰা সকলোধৰনৰ জীৱ-জন্তু, চৰাই-চিৰিকতি, কীট-পতংগ ইত্যাদিবোৰক বন্যপ্রাণী বুলিব পাৰি। সকলোবোৰ বন্যপ্ৰাণীয়েই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত যথেষ্ট সহায় কৰে। উদাহৰণস্বৰূপে পখিলাই উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে। শগুণে মৰাশ খাই পৰিৱেশ নিকা কৰাত সহায় কৰে। ইয়াৰ কোনো এটাৰ হ্ৰাস-বৃদ্ধি হ’লেই পৰিৱেশত ভাৰসাম্যহীনতাই দেখা দিয়ে। কিন্তু দিনক দিনে জনসংখ্যা বৃদ্ধি হৈ অহাৰ লগে লগেই, মানুহে নিজৰ প্ৰয়োজনত হাবি-বন কাটি বন্যপ্ৰাণীবোৰৰ যথেষ্ট ক্ষতিসাধন কৰিছে। এইক্ষেত্ৰত আমি সকলোৱে মিলি সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত সচেতনতা বঢ়াব লাগিব।
(খ) জীৱাষ্ম ইন্ধন— জীৱাষ্ম ইন্ধন হৈছে পৰম্পৰাগত শক্তিৰ এক প্ৰধান উৎস। কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদিবোৰেই হৈছে জীৱাশ্ম ইন্ধন। এনে ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। দুখৰ কথা যে ব্যাপক ব্যৱহাৰৰ ফলত এই ইন্ধনবোৰৰ পৰিমাণ দ্ৰুত গতিত কমি আহিছে। সেয়েহে জীৱাষ্ম ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত আমি মিতব্যয়ী হ’ব লাগে। অন্যথা এদিন ভূ-গৰ্ভত সঞ্চিত হৈ থকা জীৱাস্ম ইন্ধনৰ ভঁৰাল শূণ্য হৈ পৰিব।
(গ) মৰুকৰণ— প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিত প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। অধিক উৎপাদনৰ বাবে একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰব্য, জলসিঞ্চন আদি প্ৰয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হয়, পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে আৰু ভূগৰ্ভৰ জলস্তৰ নিম্ন গামী হয়। ফলত অঞ্চলটো শুকান বা মৰুসদৃশ হৈ পৰিব পাৰে। মৰুভূমিৰ দাঁতিকাষৰীয়া অঞ্চলত বননি ধ্বংস আৰু অধিক পশুচাৰণেও মৰুভূমিৰ প্ৰসাৰ ঘটায়।
(ঘ) সৌৰশক্তি— সূৰ্যৰ পৰা পোৱা শক্তিক সৌৰশক্তি বোলে । সূৰ্যই হৈছে সকলো শক্তিৰ মূল উৎস। আমি প্রত্যেক দিনেই সূর্যৰ পৰা তাপ আৰু পোহৰ পাওঁ । সূৰ্যৰ এই শক্তিক সৌৰ কোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎ শক্তিৰ সহায়ত সৌৰ চৌকা (Solar Cooker), সৌৰ হিটাৰ (solar heater) আদি চলোৱা হয় ǀ সৌৰ কোষৰ সহায়ত বিদ্যুৎ উৎপাদন কৰি ঘড়ী, বেটাৰী, বিদ্যুত সংযোগ নথকা গাঁৱত বিজুলী চাকিৰ যোগান ধৰাৰ উপৰিও এই শক্তিক মহাকাশ যান, উপগ্ৰহ আদিতো ব্যৱহাৰ কৰা হয়।
(ঙ) ভূমিস্খলন— ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত হোৱা এক দুৰ্যোগ । নেৰানেপেৰা বৰষুণ, ভূমিকম্প আদিৰ ফলত ওখ ঠাইৰ ভূ – খণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে । পাহাৰীয়া অঞ্চলত মানুহে মাটি কটাৰ ফলত বা গছ গছনি ধ্বংস কৰাৰ ফলত ভূমিস্খলন হব পাৰে ।
প্ৰশ্ন ৮। পাৰ্থক্য দেখুওৱা—
(ক) গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ
উত্তৰ— গ্ৰামাঞ্চলৰ ভূমি বা মাটি প্ৰধানকৈ কৃষি কাৰ্যত ব্যৱহাৰ হয়। এই মাটিত কৃষিকাৰ্য কৰিয়েই গ্ৰামাঞ্চলৰ সৰহখিনি মানুহে জীৱন নিৰ্বাহ কৰে। আনকি কৃষি কাৰ্যৰ বাবে বহুতে ঘাঁহনি, বিল, পিতনি, চৰণীয়া পথাৰ আদিও মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। আনহাতে নগৰ অঞ্চলৰ মাটি ৰাস্তা-ঘাট, ব্যৱসায়-বাণিজ্যিক, কল-কাৰখানা, উচ্চ অট্টালিকা বনাবলৈ ভূমিৰ ব্যৱহাৰ কৰা হয় ।
(খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি
উত্তৰ— i) পৰম্পৰাগত শক্তিৰ ব্যৱহাৰত প্ৰদূষণৰ মাত্ৰা অধিক, কিন্তু অপৰম্পৰাগত শক্তিৰ ব্যৱহাৰত প্ৰদূষণৰ মাত্ৰা কম।
ii) পৰম্পৰাগত শক্তিৰ পৰিমান সীমিত। অৰ্থাৎ ইয়াক নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। কিন্তু অপৰম্পৰাগত শক্তিৰ পৰিমান অসীমিত (অক্ষয়)। অৰ্থাৎ ইয়াক নতুনকৈ সৃষ্টি কৰিব পাৰি।
প্ৰশ্ন ৯। তোমালোকৰ ওচৰে-পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিবপৰা উপায়সমূহ উল্লেখ কৰা ।
উত্তৰ— জধে মধে গছ কটা কাৰ্য বন্ধ কৰা। এইবোৰৰ পৰিৱৰ্তে ব্যক্তিগত আৰু সামাজিক পৰ্যায়ত বৃক্ষৰোপন কৰিবলৈ সকলোৰে মাজত সচেতনতা বৃদ্ধি কৰা। প্ৰদূষণৰ উপাদানবোৰ নাইকিয়া কৰি বা কমাই বনজ সম্পদ বিকশিত হবলৈ সুবিধা কৰি দিয়া।
অন্যান্য প্ৰশ্ন (Class 8 Social Science)
প্ৰশ্ন ১। চাৰিবিধ অপৰম্পৰাগত শক্তিৰ নাম লিখা।
উত্তৰ— সৌৰশক্তি, বতাহশক্তি, পাৰমাণৱিক শক্তি, জোৱাৰৰ শক্তি ।
প্ৰশ্ন ২। তিনিবিধ পৰম্পৰাগত শক্তিৰ নাম লিখা।
উত্তৰ— কয়লা, প্ৰেট্ৰলিয়াম, প্ৰাকৃতিক গেছ।
প্ৰশ্ন ৩। পনীয়া সোন বুলি কোনবিধ জীৱাস্ম ইন্ধনক জনা যায়?
উত্তৰ— প্ৰেট্ৰ’লিয়ামক।
প্ৰশ্ন ৪। এল পি জি কি?
উত্তৰ— এল পি জি এবিধ প্ৰেট্ৰ’লিয়াম গেছ।
sl. No. | contents (class 8 social science) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ–মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ–নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
মনত ৰাখিবলগীয়া কথা (Class 8 Social Science)
♦ মানুহৰ কামত অহা প্ৰকৃতিৰ আটাইবোৰ উপাদানেই প্ৰাকৃতিক সম্পদ।
♦ জীৱজগতৰ মূল আধাৰ হিচাপে ভূমি সম্পদ অতি গুৰুত্বপূৰ্ণ।
♦ ভূমি সম্পদৰ উপযুক্ত ব্যৱহাৰ ন’হলে ব্যৱহাৰযোগ্য ভূমিৰ নাটনি হয়।
♦ জনসংখ্যাৰ বৃদ্ধি, অপৰিকল্পিত ব্যৱহাৰ আৰু বিভিন্ন প্ৰাকৃতিক কাৰণত ভূমিৰ সমস্যাই দেখা দিছে।
♦ বিভিন্ন উপায়েৰে ভূমি সংৰক্ষণ কৰিব পাৰি।
♦ জল সম্পদ আমাৰ বাবে প্ৰকৃতিৰ এক অনবদ্য অৱদান।
♦ জল সম্পদৰ উপযুক্ত ব্যৱহাৰ, ব্যৱস্থাপনা আৰু সংৰক্ষণ অবিহনে জল সংকটৰ সৃষ্টি হয়।
♦ বনজ সম্পদৰ ব্যৱহাৰ, সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ প্ৰতি সকলো সচেতন হোৱা উচিত।
♦ বনজ সম্পদৰ উপাদানসমূহৰ মাজত পাৰস্পৰিক সৰ্ম্পক আছে। মানুহক বিভিন্ন প্ৰকাৰে এই সম্পদে সহায় কৰে।
♦ শক্তি সম্পদ মানুহৰ উন্নতিৰ বাবে অপৰিহাৰ্য।
♦ পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ সংৰক্ষণ অত্যন্ত প্ৰয়োজনীয়।
♦ জীৱাস্ম ইন্ধনসমূহৰ ভঁৰাল দিনক দিনে কমি আহিছে। গতিকে বিকল্প শক্তিৰ ব্যৱহাৰৰ ওপৰত জোৰ দিয়া উচিত।
♦ সামগ্ৰিকভাৱে সকলো সম্পদৰে সংৰক্ষণ দৰকাৰ।
(adsbygoogle = window.adsbygoogle || []).push({});