SCERT Assam মধ্য যুগৰ অসম class 8 Social Science Chapter 10 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 10 “মধ্য যুগৰ অসম” Lesson 10 free notes. you can also download class 8 social science chapter 10 PDF for free.
মধ্য যুগৰ অসম
পাঠ ১০
অনুশীলনী
প্ৰশ্ন ১। উত্তৰ লিখা—
(ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল ?
উত্তৰ— ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল ।
(খ) চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল ?
উত্তৰ— চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন আছিল বুঢ়াগোঁহাই আৰু বৰগোঁহাই।
(গ) মূলাগাভৰু কোন আছিল ?
উত্তৰ— মূলাগাভৰু ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল।
(ঘ) কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে ?
উত্তৰ— ১৬৮১ খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে।
(ঙ) কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল ?
উত্তৰ— কোচ ৰজা নৰনাৰায়ণে ১৫৬২ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল ।
(চ) চুটিয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন ?
উত্তৰ— চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা হৈছে ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ।
প্ৰশ্ন ২। ক্ৰমানুসাৰে সজোৱা—
(ক) ইয়াণ্ডাবু সন্ধি।
(খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ।
(গ) শৰাইঘাটৰ যুদ্ধ।
(ঘ) মিৰজুমলাৰ অসম আক্ৰমণ।
(ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন।
(চ) ইখতিয়াৰ উদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰুপ আক্ৰমণ।
উত্তৰ— (ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন।
(চ) ইখতিয়াৰ উদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰুপ আক্ৰমণ।
(খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ।
(ঘ) মিৰজুমলাৰ অসম আক্ৰমণ।
(গ) শৰাইঘাটৰ যুদ্ধ।
(ক) ইয়াণ্ডাবু সন্ধি।
প্ৰশ্ন ৩। শুদ্ধ অশুদ্ধ বিচাৰ কৰা—
(ক) আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ ।
উত্তৰ— শুদ্ধ ।
(খ) চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে ।
উত্তৰ— অশুদ্ধ ।
(গ) মিৰজুমলাৰ অসম আক্ৰমনৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল ।
উত্তৰ— শুদ্ধ ।
(ঘ) কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ দিনত কছাৰী ৰাজ্য বৃটিছৰ অধীনস্থ হয় ।
উত্তৰ— শুদ্ধ ।
(ঙ) চুটিয়াসকল বৈষ্ণৱ ধৰ্মী আছিল ।
উত্তৰ— অশুদ্ধ ।
(চ) কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী–আফগান সকলক ভূঞা সকলে সহায় কৰিছিল ।
উত্তৰ— অশুদ্ধ ।
প্ৰশ্ন ৪। খালি ঠাই পূৰোৱা—
(ক) আহোমসকল অসমলৈ অহাৰ পিছৰে পৰা কামৰূপ ৰাজ্যখন _______ নামেৰে পৰিচিত হয়।
উত্তৰ— আহোমসকল অসমলৈ অহাৰ পিছৰে পৰা কামৰূপ ৰাজ্যখন অসম নামেৰে পৰিচিত হয়।
(খ) আহোমসকলে _______ নামৰ দেৱতাক পূজা সেৱা কৰিছিল ǀ
উত্তৰ— আহোমসকলে চোমদেউ নামৰ দেৱতাক পূজা সেৱা কৰিছিল ǀ
(গ) _______ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ হিন্দু নাম।
উত্তৰ— স্বৰ্গ নাৰায়ণ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ হিন্দু নাম।
(ঘ) সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা _______ লৈ স্থানান্তৰিত কৰে ।
উত্তৰ— সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে ।
(ঙ) _______ চুটিয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল।
উত্তৰ— ৰত্নধ্বজপাল চুটিয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল।
(চ) _______ শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক।
উত্তৰ— ভূঞা শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক।
প্ৰশ্ন ৫। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা ঃ
(ক) কেতিয়া, কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল?
উত্তৰ— আজিৰ পৰা প্ৰায় ৭৯০ বছৰ আগেয়ে দক্ষিণ চীনৰ মাওলুং ৰাজ্যৰ ৰাজকোঁৱৰ চুকাফাই মুংকুং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰে আৰু ১২২৮ খ্ৰীষ্টাব্দত তেওঁ চৰাইদেউত ৰাজধানী স্থাপন কৰে। এই সময়ছোৱাত চুকাফাই খিলঞ্জীয়া লোকসকলৰ পৰা বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছিল যদিও চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল। ইয়াৰ বাবে তেওঁ স্থানীয় মৰাণ আৰু বৰাহী সকলক বিভিন্ন পদবী যচাৰ লগতে তেওঁলোকৰ লগত বৈবাহিক সম্পৰ্কও স্থাপন কৰিছিল। চুকাফা চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিল। ৩৬ বছৰ ৰাজত্ব কৰি ১২৬৮ খ্ৰীষ্টাব্দত তেখেত স্বৰ্গগামী হয়।
(খ) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? ইয়াৰ ফলাফল কি হ’ল?
উত্তৰ— শৰাইঘাট যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল। আহোম ৰজা চক্ৰধ্বজ সিংহই মোগলসকলক কৰ দিবলৈ অমান্তি হোৱাৰ বাবে আহোম আৰু মোগলৰ মাজত সংঘাত আৰম্ভ হয় । মোগল সম্ৰাট ঔৰংগজেৱে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়াই। ১৬৭১ খ্ৰীষ্টাব্দত চক্ৰধ্বজ সিংহৰ সেনাপতি লাচিত বৰফুকন আৰু ৰামসিংহৰ মাজত গুৱাহাটীৰ পাণ্ডুৰ ওচৰৰ শৰাইঘাট নামৰ ঠাইত এই যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধত বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহক পৰাস্ত কৰি অসমৰ যশ, মান গৌৰৱ উদ্ধাৰ কৰিছিল।
(গ) বীৰ চিলাৰায় কোন আছিল? তেওঁ কি কি ৰাজ্য জয় কৰিছিল ?
উত্তৰ— বীৰ চিলাৰায় কোচ ৰাজ্যৰ এজন সুদক্ষ সেনাপতি আৰু কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ আছিল। তেওঁৰ আচল নাম শুক্লধ্বজ। চিলাৰ দৰে অতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে তেওঁক বুৰঞ্জীত ‘চিলাৰায়’ নামেৰে জনাজাত।
বীৰ চিলাৰায়ে জয় কৰা ৰাজ্যবোৰ হৈছে- আহোম ৰাজ্য, কছাৰী, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি।
(ঘ) বাৰভূঞাসকল কোন ?
উত্তৰ— চতুৰ্দশ শতিকাত কমতাপুৰ ৰাজ্যখন দুভাগ হওঁতে কমতেশ্বৰ দুৰ্ল্লভনাৰায়ণে গৌড়েশ্বৰ ধৰ্মনাৰায়ণৰ পৰা সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ উপহাৰ স্বৰূপে লাভ কৰে। এওঁলোকৰ ভিতৰত চণ্ডীবৰ মুখিয়াল আছিল। সেয়ে চণ্ডীবৰক শিৰোমণি ভূঞা পাতিছিল। এই লোকসকলেই পিছলৈ অসমত বাৰভূঞা হিচাপে জনাজাত হৈছিল। ভূঞা শব্দৰ অৰ্থ হল মাটিৰ মালিক । অসমৰ ভূঞাসকল মূলত কায়স্হ, দৈবজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা ।
(ঙ) কছাৰীসকল কোন?
উত্তৰ— কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী । ইতিহাসবিদ সকলৰ মতে প্ৰাচীন কালত কছাৰী সকলে কামৰূপ ৰাজ্যত শাসন কৰিছিল। তেওঁলোকৰ শাসন বৰ্তমান বাংলাদেশৰ চিলেট, মৈমনসিং আদিকে ধৰি সাগৰৰ পাৰলৈ বিস্তৃত আছিল । চুতীয়া ,কোচ, ত্ৰিপুৰী, শৰণীয়া, গাৰো, ৰাভা, লালুং, ডিমাচা জনগোষ্ঠীসকল আদিতে এই কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল। কিন্তু এই জনগোষ্ঠীৰ লোকসকল সময়ত বিভিন্ন স্থানত নিগাজিকৈ থাকিবলৈ লোৱাত চৌপাশৰ পাৰিপাশ্বিক পৰিৱেশৰ প্ৰভাৱত নিজস্ব কৃষ্টি সংস্কৃতিৰ জন্ম দিয়ে। এই সংস্কৃতি তেওঁলোকৰ পূৰ্বৰ সংস্কৃতিতকৈ কিছু পৃথক। সেয়ে এই লোকসকলক বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা যায়। যেনে- বড়ো, কছাৰী, মেছ,ডিমাচা, গাৰে, হাজং, শৰণীয়া, সোণোৱাল আদি।
প্ৰশ্ন ৬। পাঠত থকা মানচিত্ৰ দুখনৰ এটি তুলনামুলক চমুটোকা প্ৰস্তুত কৰা।
উত্তৰ— পাঠত থকা মানচিত্ৰ দুখনৰ এখন ত্ৰয়োদশ শতিকাৰ আৰু আনখন ষোড়শ শতিকাৰ কোচ আৰু আহোম ৰাজ্যৰ আনুমানিক মানচিত্ৰ। ত্ৰয়োদশ শতিকাৰ মানচিত্ৰখনত কেইবাখনো সৰু সৰু ৰাজ্য দৃষ্টিগোচৰ হয়। পশ্চিমে কৰতোৱা নদীৰ পৰা বৰ্তমানৰ দৰং আৰু নগাওঁ জিলাৰ এই অঞ্চলটোত কামৰূপ-কমতা ৰাজ্যখন আছিল। এই কামৰূপ-কমতা ৰাজ্যৰ বুকুতে ষোড়শ শতিকাৰ কোচ ৰাজ্যখন সৃষ্টি হৈছিল। ত্ৰয়োদশ শতিকাৰ অসমৰ কেইখনমান ৰাজ্য আছিল- কমতাপুৰ, চুটিয়া ৰাজ্য, কছাৰী ৰাজ্য, খাচিয়া-জয়ন্তীয়া ৰাজ্য আদি। আনহাতে ষোড়শ শতিকাৰ অসমৰ কেইখনমান উল্লেখযোগ্য ৰাজ্য হৈছে- কোচ ৰাজ্য, আহোম ৰাজ্য, জয়ন্তীয়া ৰাজ্য, ডিমৰুৱা ৰাজ্য, কছাৰী ৰাজ্য আদি।
sl. No. | contents (class 8 social science) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ–মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ–নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
অন্যান্য প্ৰশ্ন (Class 8 Social Science Chapter 10)
প্ৰশ্ন ১। আহোম শাসনত কোন ৰজাৰ দিনৰ পৰা হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে?
উত্তৰ— স্বৰ্গদেউ চুডাংফা বা বামুনী কোৱৰৰ দিনৰ পৰা।
প্ৰশ্ন ২। আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হয়?
উত্তৰ— গদাধৰ সিংহৰ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহক আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হয়।
প্ৰশ্ন ৩। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ— বিশ্বসিংহ।
মনত ৰাখিবলগীয়া কথা : (Class 8 Social Science Chapter 10)
♦ আহোমসকল অসমলৈ অহাৰ সময়ত অসমত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য আছিল।
♦ ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহি চৰাইদেউত ৰাজধানী পাতে।
♦ আহোমসকলৰ সৰ্বমুঠ ৪০ জন ৰজাই ৰাজত্ব কৰে। এওঁলোকে নামৰ আগত স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল।
♦ স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোমসকলৰ শাসন ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে আৰু স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ দিনৰ পৰা আহোমসকলে হিন্দু নাম গ্ৰহণ কৰে।
♦ স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা।
♦ স্বৰ্গদেউ লক্ষীসিংহৰ দিনৰ পৰা আহোমসকলৰ পতন আৰম্ভ হয়।
♦ ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধি মতে আহোম ৰাজ্য বৃটিছৰ অন্তৰ্ভুক্ত হয়।
♦ কামৰূপ ৰজা বৈদ্যদেৱে বৈদ্যগড় নিৰ্মাণ কৰিছিল বুলি কোৱা হয়।
♦ কমতা ৰাজ্য দুৰ্ল্লভনাৰায়ণ শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ চণ্ডীবৰ ভূঞাৰ সমসাময়িক আছিল।
♦ ১৪৯৮ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধি মতে আহোম ৰাজ্য বৃটিছৰ অন্তৰ্ভুক্ত হয়।
♦ কামৰূপ ৰজা বৈদ্যদেৱে বৈদ্যগড় নিৰ্মাণ কৰিছিল বুলি কোৱা হয়।
♦ কমতা ৰজা দুৰ্ল্লভনাৰায়ণ শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ চণ্ডীবৰ ভূঞাৰ সমসাময়িক আছিল।
♦ ১৪৯৮ খ্ৰীষ্টাব্দৰ বংগৰ নৱাব হুছেইন শ্বাহৰ আক্ৰমণত কামৰূপ-কমতা ৰাজ্য ধ্বংস হয়।
♦ কমতা ৰাজ্যৰ বুকুতেই কোচ ৰাজ্যৰ প্ৰতিষ্ঠা হয়। বিশ্বসিংহ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল।
♦ নৰনাৰায়ণ কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিল। তেওঁৰ ভাতৃ চিলাৰায় কোচ ৰাজ্যৰ মুখ্য সেনাপতি আছিল।
♦ বীৰপাল চুটিয়াসকলৰ প্ৰথম ৰজা আৰু ৰত্নধ্বজপাল চুটিয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল।
♦ স্বৰ্গদেউ চুহুংমুঙৰ দিনত চুটিয়া ৰাজ্য আহোমৰ দখললৈ আহে।
♦ ভূঞা শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক। অসমৰ ভূঞাসকলক বাৰভূঞা বুলি জনা যায়।
♦ বাৰভূঞাসকলৰ বংশতেই শ্ৰীমন্ত শংকৰদেৱে জন্মগ্ৰহণ কৰে। স্বৰ্গদেউ চুহুংমুঙৰ দিনত শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ পাতনি মেলে।
♦ কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। কছাৰীসকলৰ কেইজনমান উল্লেখযোগ্য ৰজা হ’ল- মহামানিক্য, খুনখৰা, যশোনাৰায়ন, তাম্ৰধ্বজ, কৃষ্ণচন্দ্ৰ, গোবিন্দচন্দ্ৰ।
মধ্য যুগৰ অসম FAQ
Where I can find মধ্যযুগৰ অসম class 8 extra questions?
You can all the answers at eStudyAssam.com
কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
নৰনাৰায়ন।
মোগলৰ লগত অসমৰ শেষ যুদ্ধখন ক’ত আৰু কেতিয়া হৈছিল?
১৬৮২ খ্ৰীষ্টাব্দত ইটাখুলিত হৈছিল।