SCERT Assam অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি class 8 Social Science Chapter 11 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 11 “অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি” Lesson 11 free notes. you can also download class 8 social science chapter 11 PDF for free.
অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি
পাঠ ১১
অনুশীলনী :
প্ৰশ্ন ১। চমুকৈ উত্তৰ লিখা :
(ক) অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল ?
উত্তৰ— অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ আছিল- কামৰূপ-কমতা, চুটিয়া, বাৰভূঞা, কছাৰী আৰু আহোম ৰাজ্য ।
(খ) দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে ?
উত্তৰ— দখনা বড়ো জাতিৰ মহিলাসকলে পৰিধান কৰে ।
(গ) আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী কোন আছিল ?
উত্তৰ— আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী ৰজা আছিল ।
(ঘ) মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায়–বাণিজ্য চলিছিল ?
উত্তৰ— মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা ব্যৱসায়–বাণিজ্য চলিছিল ।
(ঙ) কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল ?
উত্তৰ— কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলীয়ে টোল পাতি জ্ঞান চৰ্চা কৰিছিল।
প্ৰশ্ন ২। ‘ক’ অংশৰ লগত ‘খ’ অংশৰ কথাখিনি মিলোৱা :
‘ক’ অংশ | ‘খ’ অংশ |
মাধৱ কল্দলি সুকুমাৰ বৰকাইথ পুৰুষোত্তম বিদ্যাবাগীশ ভট্টদেৱ বলদেৱ সূৰ্যখৰি দৈৱজ্ঞ |
ৰত্নমালা দৰং ৰাজবংশাৱলী ৰামায়ণ হস্তীবিৰ্দ্যানৱ কথা গীতা |
উত্তৰ—
‘ক’ অংশ | ‘খ’ অংশ |
মাধৱ কন্দলি সুকুমাৰ বৰকাইথ পুৰুষোত্তম বিদ্যাবাগীশ ভট্টদেৱ বলদেৱ সূৰ্যখৰি দৈৱজ্ঞ |
ৰামায়ণ হস্তীবিৰ্দ্যানৱ ৰত্নমালা কথা গীতা দৰং ৰাজবংশাৱলী |
প্ৰশ্ন ৩। খালী ঠাই পূৰ কৰা—
(ক) হয়গ্ৰীৱ-মাধৱ মন্দিৰ ______ নিৰ্মাণ কৰিছিল।
উত্তৰ— হয়গ্ৰীৱ-মাধৱ মন্দিৰ নৰনাৰায়ণে নিৰ্মাণ কৰিছিল।
(খ) মধ্যযুগত মহিলাৰ স্থান আছিল _____।
উত্তৰ— মধ্যযুগত মহিলাৰ স্থান আছিল উচ্চ ।
(গ) জনজাতীয় লোকসকলৰ মাজত ______ খেতিৰ প্ৰচলন আছিল।
উত্তৰ— জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল ।
(ঘ) অনন্ত কন্দলীয়ে ______ অসমীয়ালৈ অনুবাদ কৰে।
উত্তৰ— অনন্ত কন্দলীয়ে ভাগৱত অসমীয়ালৈ অনুবাদ কৰে।
(ঙ) ______ মধ্যযুগৰ প্ৰধান বৈশিষ্ট্য আছিল।
উত্তৰ— আত্মনিৰ্ভৰশীলতা মধ্যযুগৰ প্ৰধান বৈশিষ্ট্য আছিল।
প্ৰশ্ন ৪। শুদ্ধ উত্তৰটোত √ চিন দিয়া—
(ক) মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক/ৰাজতান্ত্ৰিক ।
উত্তৰ— ৰাজতান্ত্ৰিক ( √ ) ।
(খ) পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে/ কোচসকলে।
উত্তৰ— আহোমসকলে ( √ ) ।
(গ) টঙালি, হাঁচতি বড়োসকলৰ/ বাৰভূঞাসকলৰ অৱদান আছিল।
উত্তৰ— বাৰভূঞাসকলৰ ( √ ) ।
(ঘ) কছাৰীসকল/ কোচসকল নলা-নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল।
উত্তৰ— কছাৰীসকল ( √ ) ।
(ঙ) স্বৰ্গদেউ ৰুদ্ৰসিংহ/ স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল, পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে।
উত্তৰ— স্বৰ্গদেউ ৰুদ্ৰসিংহ ( √ ) ।
প্ৰশ্ন ৫। উত্তৰ লিখা : (৫০ টামান শব্দৰ ভিতৰত)
(ক) আহোমসকলৰ পাইক প্ৰথা ।
উত্তৰ— আহোম শাসন ব্যৱস্থাৰ এক অভিনৱ উপাদান হ’ল পাইক প্ৰথা। ১৫ বছৰৰ পৰা ৫০ বছৰলৈ সকলো সক্ষম পুৰুষক একো একোজন পাইক বুলি কোৱা হৈছিল। স্বদেশ আৰু স্বজাতিৰ উন্নয়নৰ বাবে প্ৰয়োজন হোৱা শ্ৰম, দেশৰ সুৰক্ষাৰ বাবে আৱশ্যক হোৱা সামৰিক শক্তি আৰু আহোমৰ কৰ ব্যৱস্থাৰ ভেটি আছিল এই পাইকসকল। ৩ বা ৪ জন পাইক মিলি একোটা গোট হৈছিল আৰু প্ৰতি গোটৰ একোজন পাইকে ৰজা ঘৰত শ্ৰম দান কৰিব লাগিছিল । ৰজা ঘৰলৈ যোৱা পাইক জনৰ কামসমূহ গোটৰ অন্যান্য পাইক সকলে ভগাই লৈছিল । স্বৰ্গদেউ গোৰিনাথ সিংহৰ আগলৈ আহোম ৰাজ্যত যিহেতু কোনো স্থায়ী সৈন্য বাহিনী নাছিল সেয়ে পাইক সকলে যুদ্ধৰ সময়ত সৈনিকৰ কামো কৰিব লাগিছিল ।
(খ) কি কাৰণে আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ— দেশৰ জনসাধাৰনৰ সুৰক্ষা তথা দেশ সংগঠনৰ বাবে আহোমসকলে কিছুমান অভিনৱ ব্যৱস্থা হাতত লৈছিল। সেই সমূহৰ ভিতৰত পচা প্ৰথা অন্যতম। পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাসকলক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে আহোম সকলে পচা প্ৰথা প্ৰবৰ্তন কৰিছিল । পচা প্ৰথা হৈছে সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ অত্যাচাৰৰ পৰা আহোম প্ৰজাক ৰক্ষা কৰাৰ এক বিশেষ বন্দোৱস্তি।
(গ) মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল ?
উত্তৰ— মধ্যযুগত অসমীয়া সমাজত নাৰীৰ স্থান আছিল উচ্চ। মহিলা সকলক সন্মানৰ চকুৰে চোৱা হৈছিল । তেওঁলোক কেৱল ঘৰুৱা কাম-কাজতে আবদ্ধ নাথাকি দৌল-দেৱালয়ত নৰ্তকীৰ কাম, বোৱা কটা আৰু চোৱাংচোৱাৰ কামো কৰিছিল। মধ্য যুগৰ মহিলাসকলে সময় সাপেক্ষে যুদ্ধত অংশ গ্ৰহণ কৰাৰ উপৰি ৰাজ সিংহাসনত বহি ৰাজ্য শাসনো কৰিছিল । ৰুচি সম্পন্ন স্বকীয় সাজ–পাৰ আৰু আ-অলংকাৰ পৰিধান কৰা সেই সময়ৰ ৰমনীসকলক সমাজত যথেষ্ট সন্মান কৰা হৈছিল ।
(ঘ) মধ্যযুগৰ কৃষি ব্যৱস্থা ।
উত্তৰ— মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি তথা জনসাধাৰনৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতু ভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল । কৃষকসকলে ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল–মূল, শাক–পাচলি আদি উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত প্ৰধানত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল – মূলৰ খেতি কৰিছিল । জনজাতীয় লোসকলে জুম খেতি কৰিছিল। ডোং বান্ধি বৰষুণৰ পানী জমা কৰি ৰাখি খেতি পথাৰত পানী দিয়া ব্যৱস্থা আছিল । বৰ্তমান মথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা গছ – গছনি, শস্য ৰক্ষা কৰাৰ যি ব্যৱস্থা সেয়া মধ্যযুগতেই আৰম্ভণি হৈছিল বুলি কব পাৰি ।
(ঙ) কছাৰীসকলৰ স্থাপত্য বিদ্যাৰ উল্লেখযোগ্য দিশসমূহ কি কি?
উত্তৰ— কছাৰীসকলৰ স্থাপত্য বিদ্যাৰ উল্লেখযোগ্য দিশসমূহ হ’ল-
◊ কছাৰীসকলৰ স্থাপত্য-ভাস্কৰ্য শিল্প অতি উচ্চ খাপৰ আছিল । যি সময়ত আহোম সকলে ইটাৰ ব্যৱহাৰ জনা নাছিল সেই সময়তে কছাৰী সকলৰ ৰাজধানী ডিমাপুৰৰ তিনিওফালে ইটাৰ বেৰেৰে ঘেৰা আছিল ।
◊ কছাৰীসকলে নানা ৰকমৰ চিত্ৰ খোদিত স্তম্ভ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰিছিল ।
◊ কছাৰীসকলৰ স্থাপত্য বিদ্যাত বংগদেশৰ মুছলমান সকলৰ গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ দেখা যায় ।
◊ নলা–নৰ্দমা নিৰ্মাণ ব্যৱস্থাতো কছাৰীসকল আগৰণুৱা আছিল ।
প্ৰশ্ন ৬। মধ্যযুগৰ অসমৰ অৰ্থনৈতিক কাম-কাজৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা।
উত্তৰ— মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি তথা জনসাধাৰনৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতু ভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল । কৃষকসকলে ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল–মূল, শাক–পাচলি আদি উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত প্ৰধানত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল – মূলৰ খেতি কৰিছিল । জনজাতীয় লোসকলে জুম খেতি কৰিছিল। ডোং বান্ধি বৰষুণৰ পানী জমা কৰি ৰাখি খেতি পথাৰত পানী দিয়া ব্যৱস্থা আছিল । বৰ্তমান মথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা গছ – গছনি, শস্য ৰক্ষা কৰাৰ যি ব্যৱস্থা সেয়া মধ্যযুগতেই আৰম্ভণি হৈছিল বুলি কব পাৰি ।
অসম কুটিৰ আৰু ক্ষুদ্ৰ শিল্পৰ ক্ষেত্ৰতো মধ্যযুগৰ পৰাই চহকী আছিল। শিল্প সমূহৰ ভিতৰত বস্ত্ৰ–শিল্প, বয়ন শিল্প, ৰঞ্জন শিল্প, হাতী দাঁতৰ শিল্প মৃৎ শিল্প, ধাতু শিল্প আদিয়েই প্ৰধান । সেই সময়ত প্ৰতি ঘৰতেই তাঁতশাল আছিল আৰু কামৰূপ–কমতাৰ কোনো কোনো অঞ্চলত পুৰুষ–মহিলা উভয়ে পেছাদাৰী শিপিনী আছিল ।
মধ্য যুগত বাণিজ্যিক আদান–প্ৰদান আছিল যথেষ্ট সীমিত । আনৰ পৰা বস্তু অনা বা আনক বস্তু দিয়াতো বিশেষ ভাৱে পৰিলক্ষিত নহৈছিল । আত্মনিৰ্ভৰশীলতা সেই যুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল । আহোম সকলে ওচৰ–চুবুৰীয়া জনজাতি সকলৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰাৰ লগতে চীন, তিব্বত, বংগদেশ আদিৰ লগতো বাণিজ্যিক ক্ষেত্ৰত সু-সম্পৰ্ক সম্পৰ্ক স্থাপন কৰিছিল। ব্যৱসায় বাণিজ্যৰ উন্নতিৰ বাবে কোচ ৰজা সকলে যথেষ্ট ব্যৱস্থা হাতত লৈছিল ফলত তেওঁলোকৰ দিনত দিনত ব্যৱসায় বাণিজ্যই যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল ।
প্ৰশ্ন ৭। আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা।
উত্তৰ— আহোম আমোলত ৰজাই আছিল ভূ–সম্পত্তিৰ গৰাকী । কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল । অবশ্যে প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল । আহোম ৰজা সকলে ব্ৰাহ্মন, দেৱ – দেৱালয়, সত্ৰ – মন্দিৰ আদিক কৰ মুক্ত মাটি দান কৰিছিল । পৰবৰ্তী সময়ত মছজিদ, কবৰ আদিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰিছিল বুলি উল্লেখ আছে ।
প্ৰশ্ন ৮। মধ্যযুগত নিৰ্মিত মঠ–মন্দিৰ সমূহৰ ছবি সংগ্ৰহ কৰি এটি এলবাম তৈয়াৰ কৰা ।
উত্তৰ—
মঠ–মন্দিৰৰ নাম | ছবি |
বিষ্ণু দৌল | |
হয়গ্ৰীৱ-মাধৱ মন্দিৰ | |
শিৱদৌল |
* আৰু মঠ-মন্দিৰৰ ছবি তোমালোকে নিজে সংগ্ৰহ কৰি এটা এলবাম তৈয়াৰ কৰা।
প্ৰশ্ন ৯। মধ্যযুগত ৰচিত বিভিন্ন পুথি সমূহৰ লগতে তাৰ ৰচকসকলৰ এখন তালিকা প্ৰস্তুত কৰা ।
উত্তৰ—
মধ্যযুগত ৰচিত পুথি সমূহ | ৰচকৰ নাম |
হস্তী বিদ্যাৰ্ণৱ | সুকুমাৰ বৰকাইথ |
ভাগৱত | অনন্ত কন্দলি |
ৰত্নমালা ব্যাকৰণ | পুৰুষোত্তম বিদ্যাবাগীশ |
পদ্মপুৰাণ | নাৰায়ণদেৱ |
ৰামায়ণ | মাধৱ কন্দলি |
কথা–ভাগৱত, কথা–গীতা | ভট্টদেৱ |
গীতগোবিন্দ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, শকুন্তলা কাব্য | ৰামনাৰায়ণ চক্ৰৱৰ্তী |
প্ৰশ্ন ১০। ‘সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য–সংস্কৃতি প্ৰতিটো জাতি–জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি‘— এই বাক্য শাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰা ।
উত্তৰ— সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য–সংস্কৃতিৰ ভেটি গঢ়ি উঠিছে মধ্যযুগৰ সাহিত্য-সংস্কৃতিক কেন্দ্ৰ কৰি। সেয়েহে অসমীয়া সাহিত্য-সংস্কৃতিলৈ মধ্যযুগৰ খিলঞ্জীয়া জনজাতীয় ভাষিক গোষ্ঠী, কমতা সকল, চুতীয়া সকল, কছাৰী সকল আৰু উজনিৰ আহোমসকলৰ অনবদ্য অৱদানৰ আলোচনা অবিহনে বৰ্তমানৰ সাহিত্য-সংস্কৃতিৰ আলোচনা নিৰৰ্থক। সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য–সংস্কৃতি প্ৰতিটো জাতি-জনগোষ্ঠীৰেই উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি। কামৰূপ – কমতাৰ ৰজাসকলৰ পৃষ্ঠ পোষকতাত হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল । সেইদৰে কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল । এইজনা ৰজাৰ দিনতে কপিলীৰ পাৰত আলিপুখুৰী বৰদোৱাত মহেন্দ্ৰ কন্দলিয়ে টোল পাতি জ্ঞান মাৰ্গৰ সাধনা কৰি আনকো জ্ঞান চৰ্চাৰ প্ৰতি উৎসাহিত কৰিছিল । ঠিক তেনেকৈ আহোমসকলৰ অসমীয়া সাহিত্য-সংস্কৃতলৈ অৱদানৰ কথা ক’বলৈ গ’লে পোন প্ৰথমে বুৰঞ্জী সাহিত্যৰ নাম ল’ব লাগিব। কিয়নো বুৰঞ্জী পোনতে টাই-আহোম ভাষাত আৰু পিছলৈ অসমীয়া ভাষাত লিখাৰ পৰম্পৰাৰ সৃষ্টি হৈছিল।
sl. No. | contents (class 8 social science) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ–মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ–নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
মনত ৰাখিবলগীয়া কথা : (Class 8 Social Science Chapter 11)
♦ মধ্যযুগ বুলিলে ত্ৰয়োদশ শতিকাৰ আগভাগৰ পৰা ১৯ শতিকাৰ আগভাগলৈ ধৰা হয়।
♦ মধ্যযুগৰ শাসন ব্যৱস্থা আছিল ৰাজতান্ত্ৰিক, ৰজা আছিল ৰাজ্যৰ সৰ্বময় কৰ্তা। ৰাজ্যৰ শাসন পৰিচালনাত ৰজাই মন্ত্ৰী পৰিষদৰ সহায় লৈছিল।
♦ উজনিৰ ভূঞাসকলৰ নিজা প্ৰশাসন ব্যৱস্থা আৰু বিচৰালয় আছিল।
♦ পাইকপ্ৰথা, খেল ব্যৱস্থা, পচা প্ৰথা আহোম শাাসন ব্যৱস্থাৰ অভিনৱ উপাদান আছিল।
♦ আহোমসকলে স্থানীয় জাতি-জনজাতিৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি স্থানীয় লোকৰ লগত মিলি গৈছিল।
♦ মধ্যযুগৰ সামাজিক দৃষ্টিভংগী উদাৰ আছিল।
♦ মথাউৰি নিমাৰ্ণ আৰু জান-জুৰিত বান্ধ দি খেতি পথাৰত পানী যোগান ধৰা পদ্ধতি মধ্যযুগতেই প্ৰচলিত আছিল।
♦ আহোমসকলে বংগদেশ, তিব্বত, চীন আদি দেশৰ লগত বাণিজ্যক সম্পৰ্ক স্থাপন কৰিছিল।
♦ আহোমসকলৰ পূৰ্বেই কছাৰীসকলে ইটাৰ ব্যৱহাৰ কৰিছিল। কছাৰীসকলৰ স্থাপত্য বিদ্যাত বংগদেশৰ মুছলমানসকলৰ প্ৰভাৱ পৰিছিল।
♦ অৰুণাচল প্ৰদেশৰ নামনি অঞ্চলত অৱস্থিত মালিনী থানৰ স্থাপত্য-ভাস্কৰ্য চুটিয়াসকলৰ অৱদান।
♦ আহোমসকলে স্থাপত্য-ভাস্কৰ্য, সাহিত্য-সংস্কৃতি আৰু শিল্প-কলালৈ অতুলনীয় অৱদান দি গৈছে।
♦ বৰ্তমানৰ সাহিত্য-সংস্কৃতিৰ ভেটি মধ্যযুগত গঢ়ি উঠিছিল। মধ্যযুগৰ অসমত সাহিত্য-সংস্কৃতিৰ মানচিত্ৰখনৰ নিৰ্মাতা হ’ল জনজাতীয় ভাষিক গোষ্ঠীসমূহ, কমতা ৰজাসকল, কোচসকল আৰু উজনিৰ আহোমসকল।
♦ কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ বিশাল প্ৰতিভা বিকাশৰ সুবিধা পাইছিল।
অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি FAQ
Where I can find অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি Answers?
You can find all the answers at eStudyAssam.com
মধ্যযুগ বুলিলে কোনখিনি সময়ক বুজা যায়?
মধ্যযুগ বুলিলে ত্ৰয়োদশ শতিকাৰ আগভাগৰ পৰা ১৯ শতিকাৰ আগভাগলৈ বুজো।
মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায়–বাণিজ্য চলিছিল ?
বিনিময় প্ৰথাৰ দ্বাৰা ।