SCERT Assam বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন class 8 Social Science Chapter 12 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 12 “বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন” Lesson 12 free notes. you can also download class 8 social science chapter 12 PDF for free.
বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ ১২
অনুশীলনী :
প্ৰশ্ন ১। চমু উত্তৰ দিয়া—
(ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল ?
উত্তৰ— বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ১৫৯৯ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল।
(খ) ভাৰতলৈ অহা জলপথ পোণতে কোনজন নাৱিকে আৱিস্কাৰ কৰিছিল ?
উত্তৰ— ভাৰতলৈ অহা জলপথ ভাস্কো-ডা-গামাই আৱিস্কাৰ কৰিছিল ।
(গ) ওলণ্ডাজসকলে ভাৰতৰ কোন ঠাইত প্ৰথম দুৰ্গটো সাজে ?
উত্তৰ— ওলণ্ডাজ সকলে ভাৰতৰ পুলিকটত প্ৰথম দুৰ্গটো সাজে ।
(ঘ) দ্বিতীয় চালৰ্ছে বোম্বাই (মুম্বাই) কাক লীজত দিছিল ?
উত্তৰ— দ্বিতীয় চালৰ্ছে বোম্বাই (মুম্বাই) ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিছিল।
(ঙ) পঞ্জাৱ, মহীশূৰ আৰু মাৰাঠা ৰাজ্য ইংৰাজৰ কি নীতিৰ চিকাৰ হৈছিল ?
উত্তৰ— পঞ্জাৱ, মহীশূৰ আৰু মাৰাঠা ৰাজ্য ইংৰাজৰ ‘বিভাজন আৰু শাসন’ (Divide and rule) নীতিৰ চিকাৰ হৈছিল।
প্ৰশ্ন ২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—
‘ক’ অংশ | ‘খ’ অংশ |
কলম্বাছউইলিয়াম হকিন্সভাস্কো-ডা-গামাদ্বিতীয় চালৰ্ছপুলিকট | পৰ্তুগীজ নাৱিকপৰ্তুগীজ ৰাজকুমাৰীইংৰাজ কটকীওলণ্ডাজআমেৰিকা |
উত্তৰ—
‘ক’ অংশ | ‘খ’ অংশ |
কলম্বাছউইলিয়াম হকিন্সভাস্কো-ডা-গামাদ্বিতীয় চালৰ্ছপুলিকট | আমেৰিকাইংৰাজ কটকীপৰ্তুগীজ নাৱিকপৰ্তুগীজ ৰাজকুমাৰীওলণ্ডাজ |
প্ৰশ্ন ৩। খালী ঠাই পূৰ কৰা—
ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে …………………… খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায়-বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল ।
উত্তৰ— বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬০০ খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায়-বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল ।
খ) ………………….. দ্বাৰা দেশৰ অৰ্থনৈতিক কাম–কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয় ।
উত্তৰ— বাণিজ্যবাদৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম–কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয় ।
গ) ১৬৬১ খ্ৰীষ্টাব্দত দ্বিতীয় চালৰ্ছে …………………….. ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে ।
উত্তৰ— ১৬৬১ খ্ৰীষ্টাব্দত দ্বিতীয় চালৰ্ছে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে ।
ঘ) ১৭১৫ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ……………………. ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান/ অনুমতি প্ৰদান কৰে ।
উত্তৰ— ১৭১৫ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুখচিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান/ অনুমতি প্ৰদান কৰে ।
ঙ) ……………………. সকল সাগৰীয় নৌবাহিনীত শক্তিশালী আছিল ।
উত্তৰ— ইংৰাজ সকল সাগৰীয় নৌবাহিনীত শক্তিশালী আছিল ।
প্ৰশ্ন ৪। সত্য/ অসত্য বিচাৰ কৰা—
ক) ১৮ শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল।
উত্তৰ— অসত্য ।
খ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল ।
উত্তৰ— অসত্য ।
গ) ভাস্কো–ডা–গামাই ১৪৯২ খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল ।
উত্তৰ— অসত্য ।
ঘ) ভাৰতীয় কৃষক সকলৰ পৰা জোৰ-জুলুমকৈ ৰাজহ সংগ্ৰহ কৰা পদ্ধতি প্ৰৱৰ্তনৰ ফলত ভাৰতীয় কৃষক সকল ঋণগ্ৰস্ততাত ভুগিছিল ।
উত্তৰ— সত্য ।
ঙ) বাণিজ্যবাদে উপনিবেশবাদক উদ্গনি যোগাইছিল ।
উত্তৰ— সত্য ।
প্ৰশ্ন ৫। দলত আলোচনা কৰি টোকা প্ৰস্তুত কৰা—
ক) ইউৰোপীয় বণিজ গোষ্ঠীৰ ভাৰত আগমনৰ কাৰণ ।
উত্তৰ— ইউৰোপীয় বনিজ গোষ্ঠীৰ ভাৰত আগমনৰ প্ৰধান কাৰণ হ’ল— ইউৰোপত ভাৰত প্ৰচুৰ ধন-সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল । প্ৰাচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত ভাৰতৰ বেহা–বেপাৰৰ সম্পৰ্ক আছিল । ভাৰতৰ মচলা, বস্ত্ৰ, ৰেছম, ধাতৱ দ্ৰব্য, সোণ, ৰূপ, মূল্যবান পাথৰ আদিৰ মধ্য যুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল ।
এইবোৰ সামগ্ৰী কিছু জলপথেৰে আৰু কিছু স্থল পথেৰে ইউৰোপ পাইছিলগৈ । পিছত ইউৰোপ আৰু প্ৰাচ্যৰ দেশ সমূহৰ মাজত থকা বেহা-বেপাৰৰ পথ তুৰ্কী সকলে বন্ধ কৰি দিয়াত ইউৰোপীয় বেপাৰী সকলে ভাৰত আৰু চীন দেশলৈ আহিবলৈ নতুন সাগৰীয় পথৰ সন্ধান কৰিবলগীয়া হৈছিল ।
কেইবছৰ মান পিছতেই ১৪৯৮ খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক ভাস্কো–ডা–গামাই ভাৰতৰ লগত প্ৰত্যক্ষ বেহা–বেপাৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আহি কালিকট বন্দৰত পৰ্দাপন কৰে । সেই সময়ত কালিকট প্ৰাচ্যৰ বেহা–বেপাৰ এক মুখ্য বন্দৰ আছিল । বেহা–বেপাৰৰ এই প্ৰতিদ্বন্দ্বিতাই আন ইউৰোপীয় শক্তি সমূহকো ভাৰতলৈ আহিবলৈ উদ্ধুদ্ধ কৰিছিল ।
খ) বাণিজ্যবাদ বুলিলে কি বুজা ? বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত সম্পৰ্ক কি ?
উত্তৰ— বাণিজ্যবাদ বুলিলে ব্যৱসায়-বাণিজ্য বা অৰ্থনৈতিক কাৰ্যকলাপ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাকে বুজায়।
১৬ শতিকাৰ পৰা ১৮ শতিকাৰ সময়ছোৱাত ইউৰোপৰ প্ৰধান দেশবোৰে বৈদেশিক বেপাৰ-বাণিজ্যত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল যদিও লাহে লাহে দেশবোৰে বেপাৰৰ সামগ্ৰী ৰপ্তানী কৰাত গুৰুত্ব দি আমদানি কৰিবলৈ অনিচ্ছুক হয়। কোনোৱে যদি আমদানি নকৰে ৰপ্তানী কালৈ কৰিব? ফলস্বৰূপে বেপাৰৰ সামগ্ৰী ৰপ্তানী কৰিবৰ বাবে বজাৰৰ প্ৰয়োজন হোৱাত ইউৰোপৰ দেশসমূহে বিদেশত বাণিজ্য সম্প্ৰসাৰণৰ উদ্দেশ্যে উপনিৱেশ স্থাপনত গুৰুত্ব দিয়ে। এইদৰেই বাণিজ্যবাদ উপনিৱেশবাদলৈ পৰিৱৰ্তন হয় আৰু বাণিজ্যিক দেশবোৰে উপনিৱেশ পাতি বাস কৰিবলৈ আৰম্ভ কৰে। এইদৰে বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত সম্পৰ্ক গঢ়ি উঠিছিল।
গ) ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিজসকলৰ প্ৰভাৱ ।
উত্তৰ— ইউৰোপীয় বণিজসকলৰ প্ৰভাৱ ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত বাৰুকৈয়ে পৰিছিল। ইউৰোপীয় বণিজসকলৰ প্ৰথম আৰু একমাত্ৰ উদ্দেশ্য আছিল ভাৰতত বেহা-বেপাৰ কৰি অৰ্থনৈতিকভাৱে লাভৱান হোৱা। লাহে লাহে ইউৰোপীয়ান কোম্পেনীবোৰে আন আন ইউৰোপীয়ান জাতি আৰু অন্য দেশীয় বেপাৰীক চেৰ পেলাই ব্যৱসায়িক আৰু ৰাজনৈতিক ক্ষেত্ৰত গোটেই ভাৰততে আধিপত্য বিস্তাৰ কৰে। কোম্পানীৰ ব্যৱসায়ৰ উপৰি কোম্পানীৰ বিষয়া–কৰ্মচাৰী সকলেও নিজাববীয়াকৈ ব্যৱসায় চলাবলৈ ধৰে । ইয়াৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটৰ সন্মুখীন হব লগা হৈছিল । এইসকল লোকে স্থানীয় শিপিনী সকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী অতি কম দামতে বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল। আন বিদেশী কোম্পানীক সামগ্ৰীবোৰ বিক্ৰী কৰিবলৈ দিয়া নহৈছিল। ইয়াৰ ব্যতিক্ৰম হ’লে তেওঁলোক কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিছিল। ফলত উপায়ন্তৰ হৈ বহুতে পৰম্পৰাগত বৃত্তি ত্যাগ কৰাত কুটীৰ শিল্প ধ্বংসমুখী হৈছিল।
ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নতুন ভূমি ৰাজহ ব্যৱস্থাৰো প্ৰৱৰ্তন কৰিছিল। যেনে- চিৰস্থায়ী বন্দবস্ত, ৰায়তবাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদি।ইয়াৰ ফলত মাটি খাজনা অধিক পৰিমানে বৃদ্ধি পাইছিল আৰু জমিদাৰ, মহাজনৰ প্ৰতিপত্তি বাঢ়ি গৈছিল। কৃষিৰ মাটি খাজনাৰ বাবদ খেতিয়কে মহাজনৰ পৰা টকা ধাৰ লবলৈ বাধ্য হৈছিল আৰু উচ্চ হাৰত সুত ভৰিছিল । ঋণ পৰিশোধ নকৰিলে মাটি বাজেয়াপ্ত কৰিছিল । গ্ৰাম্যাঞ্চলত ঋণ গ্ৰস্ততাৰ সংখ্যা বৃদ্ধি পাইছিল । ভাৰতৰ নিচিনা কৃষি প্ৰধান দেশত কৃষকৰ সংখ্যা সেই সময়ত প্ৰায় ৮০-৯০ শতাংশ আছিল । গতিকে দেশৰ সৰহ সংখ্যক প্ৰজাই দৰিদ্ৰ জীৱন–যাপন কৰিব লগা হৈছিল । সেই সময়ত দেশৰ প্ৰায় ৭০ শতাংশ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত জীৱন নিৰ্বাহ কৰিছিল ।
প্ৰশ্ন ৬ । ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি পৰ্তুগীজ, ওলণ্ডাজ, ইংৰাজ আৰু ফৰাচী সকলৰ ব্যৱসায়িক ঘাটি বোৰ বহুওৱা ।
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা।
প্ৰশ্ন ৭। ইংৰাজসকলে ভাৰতত প্ৰবেশ কৰাৰ পূৰ্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্ৰস্তুত কৰা ।
উত্তৰ— ইংৰাজসকলে ভাৰতত প্ৰবেশ কৰাৰ পূৰ্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহ হ’ল—
১) মছলা উদ্যোগ ।
২) কপাহী কাপোৰ উদ্যোগ ।
৩) ৰেচম উদ্যোগ ।
৪) ধাতৱ দ্ৰব্য উদ্যোগ ।
৫) সোণ–ৰূপ, মূল্যবান পাথৰ উদ্যোগ আদি ।
৬) মৃত্তিকা শিল্প আদি ।
প্ৰশ্ন ৮। ‘১৭ শতিকাৰ শেষ আৰু ১৮ শতিকাৰ আৰম্ভণিৰ কালছোৱাত ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল’— উক্তিটোৰ তাৎপৰ্য ব্যাখ্যা কৰা ।
উত্তৰ— ‘১৭ শতিকাৰ শেষ আৰু ১৮ শতিকাৰ আৰম্ভণিৰ কালছোৱাত ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল ‘ । এই সময়ছোৱাত দুটা দিশত ভাৰতবৰ্ষত গুৰুত্বপূৰ্ণ পৰিবৰ্তনৰ সূচনা হৈছিল । তাৰে এটা হ’ল ভাৰতত ৰাজনৈতিক মানচিত্ৰৰ পট পৰিবৰ্তন আৰু আনটো হল আর্থ–সামাজিক দিশৰ পৰিবৰ্তন ।
বাবৰে প্ৰতিষ্ঠা কৰা মোগল সম্ৰাজ্য ঔৰংজেৱৰ ৰাজত্ব কালত ভাঙোনৰ মুখে ধাবিত হৈছিল । তেওঁৰ কঠোৰ শাসন নীতিয়ে মাৰাঠা, শিখ আৰু জাঠ সকলক মোগলৰ শাসন ওফৰাই পুনৰ স্বাধীন হবৰ বাবে উৎসাহিত কৰিছিল । ১৭০৭ খ্ৰীষ্টাব্দত ঔৰংজেৱৰ মৃত্যুৰ পাছত মোগল ৰাজবংশৰ কোনো এজন সম্ৰাটে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা বিদ্ৰোহ দমন কৰি মোগল সাম্ৰাজ্যক পুনৰ একত্ৰীকৰণ কৰিব পৰা নাছিল । ফলস্বৰূপে মোগল শাসনৰ দুৰ্বলতাৰ সুযোগ লৈ মোগলৰ শাসনাধীন বিভিন্ন স্থানত বহুতো সৰু সৰু স্বাধীন ৰাজ্যৰ উত্থান হয় । এই ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈয়ে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত আধিপত্য স্থাপনৰ দিশে অগ্ৰসৰ হয় ।
অন্যান্য প্ৰশ্ন (Class 8 Social Science Chapter 12)
প্ৰশ্ন ১। আমেৰিকা কোনে আৱিস্কাৰ কৰিছিল?
উত্তৰ— কলম্বাছে।
প্ৰশ্ন ২। প্ৰাচ্যৰ বেহা-বেপাৰৰ এক মুখ্য বন্দৰৰ নাম লিখা।
উত্তৰ— কালিকট।
প্ৰশ্ন ৩। ঔৰংজেৱৰ মৃত্যু কোন খ্ৰীষ্টাব্দত হৈছিল?
উত্তৰ— ১৭০৭ খ্ৰীষ্টাব্দত।
sl. No. | contents (class 8 social science) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ–মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ–নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
মনত ৰাখিবলগীয়া কথা : (Class 8 Social Science Chapter 12)
♦ ১৭ শতিকাৰ শেষ আৰু ১৮ শতিকাৰ আৰম্ভণিৰ ভাগত ভাৰতৰ ৰজনীতিৰ পট পৰিৱৰ্তনৰ লগেতে আৰ্থ-সামাজিক দিশতো পৰিৱৰ্তন ঘটিছিল।
♦ ইংলেণ্ডৰ বণিকসকলে প্ৰাচ্যৰ দেশবোৰৰ লগত বেহা-বেপাৰ কৰিবলৈ ১৫৯৯ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰে আৰু ১৬০০ খ্ৰীষ্টাব্দত ৰাণী এলিজাবেথৰ পৰা অনুমতি লাভ কৰে।
♦ ১৪৯৮ খ্ৰীষ্টাব্দতে পৰ্তুগীজ নাৱিক ভাস্কো-ডা-গামাই ভাৰতলৈ অহা জলপথ আৱিস্কাৰ কৰিছিল।
♦ প্ৰকৃততে ইউৰোপ আৰু প্ৰাচ্যৰ দেশসমূহৰ মাজত থকা বেহা-বেপাৰৰ পথ তুৰ্কীসকলে বন্ধ কৰি দিয়াত ইউৰোপীয় বেপাৰীসকলে ভাৰত আৰু চীন দেশলৈ আহিবলৈ নতুন সাগৰীয় পথৰ সন্ধান কৰিবলগীয়া হয়।
♦ ১৬ শতিকাৰ পৰা ১৮ শতিকাৰ শেষলৈ ইউৰোপৰ অৰ্থনীতি বাণিজ্যবাদে নিয়ন্ত্ৰণ কৰিছিল আৰু অৰ্থনীতিৰ মূল ভেটি আছিল সাম্ৰাজ্যবাদ।
♦ ব্যৱসায়-বাণিজ্য আৰু উপনিৱেশ স্থাপনৰ ক্ষেত্ৰত ভাৰতত ইংৰাজসকলৰ মুখ্য প্ৰতিদ্বন্দ্বী আছিল ফৰাচীসকল।
♦ ইংৰাজ, ফৰাচী, পৰ্তুগীজ, ওলণ্ডাজসকলৰ উপৰি ডেনিচ, প্ৰুচিয়ান, ছুইচ আৰু অষ্ট্ৰিয়ানসকলেও ভাৰতৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপনৰ চেষ্টা কৰিছিল।
♦ ১৭১৫ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুখছিয়াৰে প্ৰদান কৰা ফৰমানৰ দ্বাৰা বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যথেষ্ট লাভৱান হৈছিল।
♦ ইংৰাজসকলৰ শাসনৰ সময়ত ভাৰতীয় উদ্যোগবোৰ সংকটত পৰিছিল আৰু ভাৰতীয় কুটিৰ শিল্প ধ্বংসৰ পিনে গতি কৰিছিল।
♦ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৭৬৫ খ্ৰীষ্টাব্দত বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰিছিল।
♦ ইংৰাজৰ ‘বিভাজন আৰু শাসন’ নীতি আৰু ভাৰতীয় দেশীয় ৰাজ্যবোৰৰ বিভিন্ন দুৰ্বলতাৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ ৰাজনীতিত সোমোৱাৰ সুবিধা লাভ কৰিছিল।
(adsbygoogle = window.adsbygoogle || []).push({});