SCERT class 8 Social Science Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 2 “জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ” Lesson 2 free notes.
জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ ২
অনুশীলনী :
প্ৰশ্ন ১ । শুদ্ধ উত্তৰটো লিখা—
(ক) কোনটো অঞ্চলত জনসংখ্যা বেছি—
(১) নিৰক্ষীয় অঞ্চল, (২) উত্তৰ মেৰু, (৩) পূব এছিয়া, (৪) আফ্ৰিকাৰ চাহাৰা মৰুভূমি।
উত্তৰ— (৩) পূব এছিয়া।
(খ) কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক—
(১) ইউৰোপ, (২) আফ্ৰিকা, (৩) এছিয়া, (৪) অষ্ট্ৰেলিয়া
উত্তৰ— (৩) এছিয়া
(গ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল—
(১) ২.২৪ কোটি, (২) ৩.১২ কোটি, (৩) ২.৩৫ কোটি, (৪) ২.৪৬ কোটি
উত্তৰ— (২) ৩.১২ কোটি
(ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই—
(১) এছিয়া, (২) দক্ষিণ আমেৰিকা, (৩) কুমেৰু বা এণ্টাৰ্কটিকা, (৪) ইউৰোপ
উত্তৰ— (৩) কুমেৰু বা এণ্টাৰ্কটিকা
প্ৰশ্ন ২ । খালী ঠাই পূৰ কৰা—
(ক) জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ _____ বৃদ্ধিক বুজায়।
উত্তৰ— জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়।
(খ) পৃথিৱীৰ বেছিভাগ মানুহে _____ গোলাৰ্ধত বসতি কৰে।
উত্তৰ— পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে।
(গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ _____ ।
উত্তৰ— প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব ।
(ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ _____ বোলে ।
উত্তৰ— এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান বোলে ।
প্ৰশ্ন ৩। চমু টোকা লিখা—
(ক) মানৱ সম্পদ উন্নয়ন, (খ) জনসংখ্যাৰ থূপীকৰণ, (গ) জনসংখ্যাৰ বিস্ফোৰণ।
উত্তৰ— (ক) মানৱ সম্পদ উন্নয়ন :- এখন সমাজ বা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক, মানসিকভাৱে অৰিহণা আগবঢ়াব পৰা মানুহখিনিয়েই হৈছে মানৱ সম্পদ। এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলি ক’ব পাৰি। মানৱ সম্পদেই হৈছে সমাজ তথা দেশৰ উন্নতিৰ ভেটিস্বৰূপ। মানৱ সম্পদ উন্নয়ন অথবা মানুহৰ গুণগত উৎকৰ্ষ সাধনৰ বাবে চৰকাৰৰ উপযুক্ত আঁচনি থকা দৰকাৰ। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথভাৱে নিশ্চিত কৰাটোৱেই হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত। জনসংখ্যাৰ গুণগত বিকাশ হ’লে মানৱ সম্পদৰ বিকাশ হোৱা বুলি ক’ব পাৰি।
(খ) জনসংখ্যাৰ থূপীকৰণ :- প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ বাবে কিছুমান অঞ্চলত মানুহৰ বসতি অতি ঘন হ’বলৈ ধৰা প্ৰক্ৰিয়াকে জনসংখ্যাৰ থূপীকৰণ বা কেন্দ্ৰীভৱন বোলে। জনসংখ্যাৰ থূপিকৰণৰ ভিত্তিত পৃথিৱীৰ প্ৰধান চাৰিটা ঘন বসতি অঞ্চল হৈছে- (ক) পূব এছিয়া, (খ) দক্ষিণ পূব-এছিয়া (গ) পশ্চিম আৰু মধ্য ইউৰোপ আৰু (ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয় অঞ্চল। সাধাৰণতে পানীৰ সুবিধা, সাৰুৱা ভূমি, স্বাস্থ্যকৰ জলবায়ু, প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য আদিয়েই হৈছে ঘনবসতিৰ প্ৰধান কাৰক। তদুপৰি ঔদ্যোগীকৰণ, নগৰীকৰণ, উন্নত শিক্ষা, যাতায়ত, চিকিৎসা ব্যৱস্থাৰ লগতে বিনোদনৰ সা-সুবিধা আদিয়েও জনসংখ্যা কেন্দ্ৰীভূত হোৱাত অৰিহণা যোগায়।
(গ) জনসংখ্যাৰ বিস্ফোৰণ :- বিভিন্ন সময়ত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱনহানি ঘটিলেও পৰৱৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মানুহৰ মৃত্যুৰ হাৰ কমি, ঊনবিংশ শতিকাৰ আৰম্ভনিৰ পৰা জনসংখ্যা ক্ষিপ গতিত বৃদ্ধি হ’বলৈ ধৰে। জনসংখ্যাৰ এই অভাৱনীয় পৰিৱৰ্তনকে জনসংখ্যাৰ বিস্ফোৰণ বুলি অভিহিত কৰা হৈছে। জনসংখ্যাৰ বিস্ফোৰণৰ ফলতে পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটাৰ উপৰি খাদ্য সংকট, অনগ্ৰসৰতা, মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ আদি সমস্যাবোৰে দেখা দিছে।
প্ৰশ্ন ৪ । বহলাই লিখা (৮০টা মান শব্দৰ ভিতৰত)
জন প্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জন প্ৰব্ৰজনৰ ফলাফলবোৰ কেনে ধৰণৰ?
উত্তৰ— মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত এঠিাইৰ পৰা অন্য এঠাইলৈ গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যকে জন-প্ৰব্ৰজন বোলে।
জন-প্ৰব্ৰজনৰ কাৰণবোৰ হ’ল- যুদ্ধ-বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি। বৰ্তমান সময়ত উন্নত শিক্ষা গ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন যাপন আদিৰ বাবেও জন-প্ৰব্ৰজন ঘটে।
ইয়াৰ ফলত ঠাইখনত জনসংখ্যা দ্ৰুতভাৱে বৃদ্ধি পায় লগতে ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণো হ্ৰাস হয়।
অন্যান্য প্ৰশ্ন (Class 8 Social Science Chapter 2)
প্ৰশ্ন ১। ২০০১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ— ২,৬৬,৩৮, ৮০৭ জন।
প্ৰশ্ন ২ । প্ৰব্ৰজনৰ উৎস স্থান আৰু লক্ষ্যস্থান বুলিলে কি বুজা?
উত্তৰ— প্ৰব্ৰজনকাৰীসকলে যি স্থানৰ পৰা যায় সেই ঠাইক প্ৰব্ৰজনৰ উৎস স্থান বোলে আৰু যিখন নতুন ঠাইত গৈ বসবাস কৰিবলৈ লয় তাক প্ৰব্ৰজনৰ ল্ক্ষ্যস্থান বোলে।
sl. No. | contents (class 8 social science) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ–মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ–নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
মনত ৰাখিবলগীয়া কথা :
♦ পৃথিৱীৰ বিভিন্ন ঠাইত ঘন অথবা পাতলীয়াকৈ মানুহে বসতি কৰি আছে, ইয়েই হৈছে জনসংখ্যাৰ বিতৰণ।
♦ কিছুমান অঞ্চলত মানুহৰ বসতি অতি ঘন হ’বলৈ ধৰা প্ৰক্ৰিয়াকে জনসংখ্যাৰ থূপীকৰণ বা কেন্দ্ৰীভৱন বোলে।
♦ জনসংখ্যাৰ থূপীকৰণৰ ভিত্তিত পৃথিৱীৰ প্ৰধান চাৰিটা ঘন বসতি অঞ্চল হৈছে- (ক) পূব এছিয়া, (খ) দক্ষিণ পূব-এছিয়া (গ) পশ্চিম আৰু মধ্য ইউৰোপ আৰু (ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয় অঞ্চল।
♦ প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সেই সংখ্যাই হৈছে ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব।
♦ মানুহে কৰ্মসূত্ৰেবা আন কোনো কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানত গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বোলে।
♦ পৰিৱেশত পোৱা উপাদানসমূহক ব্যৱহাৰৰ উপযোগী কৰি মানুহে সম্পদৰ ৰূপ দিয়ে।
♦ প্ৰকৃতিৰ বিভিন্ন উপাদানক সম্পদলৈ ৰূপান্তৰিত কৰাৰ সামৰ্থ্য, উৎপাদনৰ সামৰ্থ্য আৰু আৱিস্কাৰৰ সামৰ্থ্যৰ বাবে আন সকলো সম্পদৰ তুলনাত ।
♦ মানুহক শ্ৰেষ্ঠ সম্পদ হিচাপে আখ্যা দিয়া হৈছে।
♦ ব্যৱহাৰৰ ফলত প্ৰাকৃতিক সম্পদসমূহৰ পৰিমাণ দিনক দিনে কমি আহে, কিন্তু ইয়াৰ বিপৰীতে মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধিহে হৈ গৈ থাকে।
♦ উচ্চ শিক্ষা লাভ, কৰ্মসংস্থাপন আদিৰ সুযোগ ল’বলৈ মানৱ সম্পদৰ বহিৰ্গমন ঘটে।
♦ জনসংখ্যাৰ বৃদ্ধি বুলিলে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঠাই এখনত ঘটা জনসংখ্যাৰ বৃদ্ধিক বুজায়। জনসংখ্যাৰ বৃদ্ধি মানে ইয়াৰ সংখ্যাগত বৃদ্ধি আৰু বিকাশ মানে ইয়াৰ উৎকৰ্ষ সাধন।
(adsbygoogle = window.adsbygoogle || []).push({});