SCERT Assam আমাৰ মৌলিক কৰ্তব্য class 8 Social Science Chapter 24 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 8 Social Science Chapter 24
StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 24 “আমাৰ মৌলিক কৰ্তব্য” Lesson 24 free notes. you can also download class 8 social science chapter 24 PDF for free.
আমাৰ মৌলিক কৰ্তব্য
পাঠ ২৪
অনুশীলনী
প্ৰশ্ন ১। চমু উত্তৰ লিখা—
(ক) নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা ?
উত্তৰ— ভাৰতবৰ্ষৰ নাগৰিক সকলৰ ব্যক্তিত্বৰ বিকাশ আৰু সাধাৰণ জীৱন–যাপনৰ বাবে সংবিধানে কিছুমান সা–সুবিধা বা অধিকাৰ প্ৰদান কৰিছে । এই সা–সুবিধা বা অধিকাৰ সমূহ উপভোগ কৰাৰ লগে লগে নাগৰিক সকলৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও আহি পৰে । নাগৰিক সকলৰ এই দায়িত্বকেই নাগৰিক কৰ্তব্য বুলি কোৱা হয় ।
(খ) ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি ?
উত্তৰ— ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো হ’ল– ৬-১৪ বছৰৰ সকলো শিশুক পিতৃ – মাতৃ আৰু অভিভাৱকে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা ।
(গ) জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে ?
উত্তৰ— জাতীয় পতাকা হৈছে দেশৰ সন্মানৰ ধ্বজা । সেইবাবেই জাতীয় পতাকা উত্তোলনৰ সময়ত আমি সকলোৱে থিয় হৈ সন্মান জনাব লাগে।
(ঘ) বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি ?
উত্তৰ— বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে আমি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সময় মতে বিদ্যালয়লৈ আহি, সহপাঠীৰ লগত ভাতৃত্ববোধ বজাই ৰাখি বিদ্যালয়ৰ নিয়ম মতে এটাৰ পাছত এটাকৈ শৃংখলাবদ্ধ ভাৱে কৰ্তব্য বোৰ পালন কৰি যাব লাগে ।
প্ৰশ্ন ২। সংবিধানত উল্লেখিত যিকোনো পাঁচটা কর্তব্যৰ বিষয়ে লিখা।
উত্তৰ— সংবিধানত উল্লেখিত ১১ টা কতৰ্ব্যৰ ভিতৰত ৫ টা কৰ্তব্য তলত উল্লেখ কৰা হ’ল—
১) সংবিধান মানি চলা, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা জনোৱা।
২) ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা।
৩) মাতৃভূমিক ৰক্ষা কৰা আৰু প্ৰয়োজন হ’লে দেশৰ প্ৰতি সেৱা আগবঢ়োৱা।
৪) আমাৰ সংস্কৃতিৰ মূল্যৱান ঐতিহ্যক সন্মান দিয়া আৰু ৰক্ষা কৰা।
৫) জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানৱতাবোধ বিকাশ কৰা।
প্ৰশ্ন ৩। এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ’ব পাৰে লিখা ।
উত্তৰ— এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা মনত দেশ প্ৰেমৰ ভাৱ জাগ্ৰত হোৱাৰ লগতে শৃংখলাবদ্ধ, ধৈৰ্য আৰু সহানুভূতিৰ দৰে মহান গুনবোৰৰ বিকাশ হ’ব পাৰে ।
প্ৰশ্ন ৪। প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত ?
উত্তৰ— প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি গছ-বন ৰোপণ কৰিব লাগে, অবাবত গছ-গছনি কটা বন্ধ কৰিব লাগে, হ্ৰদ, নদ-নদী বনাঞ্চলবোৰৰ ৰক্ষণাবেক্ষন দিব লাগে আৰু সেইবোৰৰ সুৰক্ষাৰ বাবে আনকো তেনে কাম কৰাৰ বাবে উৎসাহিত কৰিব লাগে।লগতে প্ৰকৃতিৰ অভিন্ন অংগস্বৰুপ সকলো জীৱিত প্ৰাণীয়ে যাতে সঠিক ভাৱে জীয়াই থাকি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে। লগতে আমাৰ কৰ্মই যাতে আন জীৱ-জন্তুৰ খাদ্য আৰু বাসস্থানৰ ওপৰত বিৰুপ প্ৰভাৱ নেপেলায় তাৰ প্ৰতিও সচেতন হ’ব লাগে।
প্ৰশ্ন ৫। খালী ঠাই পূৰ কৰা—
(ক) আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত _______ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে।
উত্তৰ— আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত ৫২ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে।
(খ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমি _______ গাব লাগে।
উত্তৰ— ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে।
(গ) ৬-১৪ বছৰৰ সকলো শিশুক _______ লাভৰ সুবিধা দিব লাগে।
উত্তৰ— ৬-১৪ বছৰৰ সকলো শিশুক প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে।
(ঘ) ভাৰতীয় সংবিধানত মুঠ_______ কৰ্তব্যৰ কথা উল্লেখ আছে।
উত্তৰ— ভাৰতীয় সংবিধানত মুঠ ১১ টা কৰ্তব্যৰ কথা উল্লেখ আছে।
প্ৰশ্ন ৬। শুদ্ধটো বাছি উলিওৱা—
(ক) ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব নালাগে/লাগে।
উত্তৰ— ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব লাগে।
(খ) নলা-নর্দমাত প্লাষ্টিকৰ বেগ, জাঁবৰ-জোথৰ পেলাব লাগে /নালাগে ।
উত্তৰ— নলা-নর্দমাত প্লাষ্টিকৰ বেগ, জাঁবৰ-জোথৰ পেলাব নালাগে ।
(গ) বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে/নালাগে ।
উত্তৰ— বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে ।
(ঘ) শান্তি স্থাপনৰ বাবে হিংসাত্মক কার্য পৰিহাৰ কৰিব লাগে/নালাগে ।
উত্তৰ—শান্তি স্থাপনৰ বাবে হিংসাত্মক কার্য পৰিহাৰ কৰিব লাগে ।
(ঙ) দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে /নালাগে ।
উত্তৰ— দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে /নালাগে ।
প্ৰশ্ন ৭| জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা ।
উত্তৰ— ক) জনসাধাৰণৰ মাজত কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিব লাগিব।
খ) নৈতিক শিক্ষাৰে শিক্ষিত কৰি শিশুসকলৰ মাজত মানৱীয় প্ৰমূল্যবোধ জগাই তুলিব লাগিব, কাৰণ শিশুসকলেই হৈছে ভৱিষ্যতৰ নাগৰিক।
sl. No. | contents (class 8 social science) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ–মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ–নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
মনত ৰাখিবলগীয়া কথা (Class 8 Social Science Chapter 24)
♦ ১৯৭৬ চনৰ সংবিধান সংশোধনৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ বাবে দহবিধ মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰিছে।
♦ ২০০২ চনৰ ৮৬তম সংবিধান সংশোধনৰ যোগেদি সংবিধানত নাগৰিকৰ বাবে ১১তম কৰ্তব্য অন্তৰ্ভূক্ত কৰা হৈছে।
♦ ১১তম কৰ্তব্যৰ যোগেদি ৬-১৪ বছৰৰ শিশুক পিতৃ-মাতৃ আৰু অভিভাৱকে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে।
(adsbygoogle = window.adsbygoogle || []).push({});