SCERT Assam বসতি class 8 Social Science Chapter 3 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 3 “বসতি” Lesson 3 free notes. you can also download class 8 social science chapter 3 PDF for free.
বসতি
পাঠ ৩
অনুশীলনী :
প্ৰশ্ন ১ । খালী ঠাই পূৰ কৰা—
(ক) _____ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।
উত্তৰ— কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।
(খ) _____ উৎসক ভিত্তি কৰি গাঁওবাসীয় ভালেমান সা–সুবিধা ভোগ কৰে ।
উত্তৰ— পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয় ভালেমান সা–সুবিধা ভোগ কৰে ।
(গ) আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক _____ বসতি বোলে।
উত্তৰ— আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে।
(ঘ) বৰ্তমান অসমত গাঁৱৰ সংখ্যা হল _____ খন।
উত্তৰ— বৰ্তমান অসমত গাঁৱৰ সংখ্যা হল ২৫,৫৯০ খন।
প্ৰশ্ন ২ । শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) গ্ৰাম্য বসতিৰ মূল বৃত্তি হ’ল বেপাৰ-বাণিজ্য/ উদ্যোগ/ কৃষি।
উত্তৰ— গ্ৰাম্য বসতিৰ মূল বৃত্তি হ’ল কৃষি।
(খ) গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম/ অধিক/ সমান।
উত্তৰ— গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব অধিক ।
(গ) ভাৰতৰ প্ৰায় ৭০/ ৮০/ ৬০ শতাংশ লোকে গাঁৱত বাস কৰে।
উত্তৰ— ভাৰতৰ প্ৰায় ৭০ শতাংশ লোকে গাঁৱত বাস কৰে।
(ঘ) কোনো ঠাইত থূপ খাই থকা বসতিয়েই হ’ল ৰৈখিক/ কেন্দ্ৰীভূত/ পাতল বসতি।
উত্তৰ— কোনো ঠাইত থূপ খাই থকা বসতিয়েই হ’ল কেন্দ্ৰীভূত বসতি।
প্ৰশ্ন ৩ । উত্তৰ লিখা : (৪টা বা ৫টা বাক্যৰ ভিতৰত)
(ক) মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা?
উত্তৰ— আদিম যুগত মানুহৰ স্থায়ী বাসস্থান নাছিল। কিন্তু কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মাটি চহোৱা, শষ্য চোৱা-চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসতি কৰিবলগীয়া হয়। আনহাতে খেতি চপোৱাৰ পাছত শষ্যবোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবলৈও মানুহে স্থায়ীভাৱে বসবাসৰ পোষকতা কৰে।
(খ) গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।
উত্তৰ— গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য আৰু ভিত্তি হ’ল কৃষি। সেইবাবেই নদ-নদী, জান-জুৰি, হ্ৰদ আদিৰ কাষৰীয়া অঞ্চলত সাৰুৱা মাটি থকাৰ বাবে তেনে ঠাইত গাঁৱৰ সৃষ্টি হোৱা দেখা যায়। তদুপৰি পানীৰ উৎসবোৰে গ্ৰাম্য বসতি অতি সহজসাধ্য কৰি তোলে কাৰন পানী মানুহে খোৱা, ৰন্ধা-বঢ়া, ধোৱা-পখলা, কৃষিকাৰ্য আদি বিভিন্ন কামত ব্যবহাৰ কৰে। জলাশয়বোৰত মাছ আদি ধৰিও বহুতো মানুহে জীৱিকা নিৰ্বাহ কৰে। ইয়াৰ বসতি পাতল আৰু বিস্তৃত লগতে যান-বাহনৰ সংখ্যা যথেষ্ট কম।
(গ) কেন্দ্ৰীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা ।
উত্তৰ— পৃথিৱীৰ উপৰিভাগত সকলো ঠাইতে মানুহৰ বসতি একে ধৰণৰ নহয়। কোনো কোনো অঞ্চলত সাৰুৱা মাটি, পানীৰ সুবিধা, ঘৰ সজাৰ বাবে সা-সঁজুলি সহজতে পোৱা, সুচল পৰিবহণ আদিৰ বাবে বসতি ঘন হয়। এই বিভিন্ন সা-সুবিধাবোৰৰ বাবে মানুহৰ বসতি একে ঠাইতে থূপ খাই কেন্দ্ৰীভূত বসতিৰ সৃষ্টি হয়।
(ঘ) পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা।
উত্তৰ— পৌৰ বসতিক নগৰ বসতি বুলিও কোৱা হয়। পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায়বোৰ হ’ল- বেপাৰ-বাণিজ্য, শিল্প-উদ্যোগ, শিক্ষানুষ্ঠান, অফিচ-কাছাৰীৰ চাকৰি আদি। ইয়াৰ মূল কাৰন হৈছে ইয়াত যাতায়তৰ ব্যৱস্থা সুচল, যান-বাহনৰ সংখ্যা অধিক আৰু বাহিৰৰ লগত সংযোগৰ সুবিধা যথেষ্ট।
(ঙ) গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।
উত্তৰ— বেপাৰ-বাণিজ্য ই গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বৰ্তাই ৰাখে । গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰত যোগান ধৰে আৰু নগৰেও ঔদ্যোগিক দ্ৰৱ আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়ায় । বেংক, ডাক, বীমা, শিক্ষা – দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰৰ মাজত এক নিবিড় সম্পৰ্ক স্থাপন হয় । গাঁৱৰ কিছুমান মানুহে বিভিন্ন কামৰ তাগিদাত দৈনিক নগৰলৈ আহে আৰু নগৰত পোৱা বিভিন্ন প্ৰয়োজনীয় বস্তু ক্ৰয় কৰি উভতি যায়।
প্ৰশ্ন ৪ । চমুটোকা লিখা—
(ক) ৰৈখিক বসতি (খ) বৰ্গক্ষেত্ৰাকাৰ বসতি (গ) উচ্চভূমিৰ বসতি।
উত্তৰ— (ক) ৰৈখিক বসতি :- কিছুমান বসতি বাট-পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে, এনে বসতিক ৰৈখিক বসতি বোলে ৷ সাধাৰণতে আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে ৰৈখিক বসতি গঢ়ি উঠে ৷
(খ) বৰ্গক্ষেত্ৰাকাৰ বসতি :- গ্ৰাম্য বসতিৰ আন এবিধ বসতি হল বৰ্গক্ষেত্ৰাকাৰ বসতি ৷ এনে বসতি গাঁৱত থকা কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা দেখা যায় ৷ একে সংস্কৃতি, ভাষা, ধৰ্মৰ মানুহে এনেধৰনে বাস কৰা যায় ৷
(গ) উচ্চভূমিৰ বসতি :- উচ্চভূমিত সাধাৰণতে স্থল ভাগৰ ঢাল থিয় আৰু ভূ-পৃষ্ঠ ওখোৰা-মোখোৰা হোৱাৰ বাবে বসতি পাতল ৷ অৰুণাচল প্ৰদেশ, মিজোৰাম, চিকিম, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰত এনে ধৰনৰ বসতি দেখা যায়। এনে অঞ্চলত ধান, মাকৈ, তিল, আলু, কচু, কমলা, মাটিকঁঠাল আদিৰ খেতি কৰা হয় ৷ উচ্চভূমিৰ মানুহে সাধাৰণতে পাহাৰৰ ঢালত চাংঘৰ নিৰ্মাণ কৰি বাস কৰে ৷
Also Read :- বসতি MCQs
প্ৰশ্ন ৫ । পাৰ্থক্য লিখা—
(ক) গ্ৰাম্য বসতি আৰু পৌৰ বসতি ।
উত্তৰ—
গ্ৰাম্য বসতি | পৌৰ বসতি |
(১) জীৱিকাৰ প্ৰধান উপায়– কৃষি, পশুপালন, আৰু মাছ ধৰা । | (১) জীৱিকাৰ প্ৰধান উপায়– বাণিজ্য, উদ্যোগ, চাকৰি আদি |
(২) বসতি পাতল আৰু বিস্তৃত। | (২) বসতি ঘন আৰু স্তূপীকৃত। |
(৩) যাতায়ত ব্যৱস্থা সাধাৰণতে সুচল নহয়। | (৩) যাতায়ত ব্যৱস্থা সুচল। |
(৪) যান-বাহনৰ সংখ্যা কম। | (৪) যান-বাহনৰ সংখ্যা অধিক। |
(৫) ব্যৱসায়-বাণিজ্যৰ সুবিধা কম। | (৫) ব্যৱসায়-বাণিজ্যৰ সুবিধা অধিক। |
(খ) ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি ।
উত্তৰ—
ৰৈখিক বসতি | কেন্দ্ৰীভূত বসতি |
(১) বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে। | (১) একে ঠাইতে থুপ খাই থাকে। |
(২) জনবসতি পাতল। | (২) জনবসতি ঘন |
(৩) আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠে। | (৩)সাৰুৱা মাটি, পানীৰ সুবিধা থকা ঠাই, সুচল পৰিবহণ ব্যৱস্থা থকা ঠাইত গঢ়ি উঠে। |
(গ) উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি।
উত্তৰ—
উচ্চভূমিৰ বসতি | নিম্নভূমিৰ বসতি |
(১) জনবসতি পাতল | (১) জনবসতি ঘন |
(২) খৰালি কালত পানীৰ অভাৱত খেতিৰ উৎপাদন যথেষ্ট কম হয়। | (২) খৰালি কালতো বৰো ধান, ইৰি ধানৰ খেতি হয়। |
(৩) মানুহে সাধাৰণতে পাহাৰৰ ঢালত চাংঘৰ নিৰ্মাণ কৰি বাস কৰে। | (৩) মানুহে প্ৰধানকৈ থলুৱা আৰু পৰম্পৰাগত ঘৰ সাজে। |
প্ৰশ্ন ৬। তোমাৰ গাঁও বা নগৰখনৰ (ডাঙৰ নগৰ হ’লে এটা অংশৰ) এখন আৰ্হি চিত্ৰ আঁকি তাত থকা নদ-নদী, পাহাৰ, বিল আদি প্ৰাকৃতিক উপাদান (যদি আছে) আৰু মানৱসৃষ্ট উপাদানবোৰ বহুওৱা।
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা।
sl. No. | contents (class 8 social science) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ – মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ–নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
মনত ৰাখিবলগীয়া কথা : (Class 8 Social Science Chapter 3)
♦ বসতি মানে হ’ল মানুহে কোনো এক অঞ্চলত স্থায়ীভাৱে বসবাস কৰা কাৰ্য।
♦ বসতি প্ৰধানকৈ দুই প্ৰকাৰৰ- গ্ৰাম্য বসতি আৰু পৌৰ বসতি।
♦ সাধাৰনতে নদ-নদী, হ্ৰদ, নিজৰা, জান-জুৰিৰ দাঁতিত গ্ৰাম্য বসতি গঢ়ি উঠে।
♦ গ্ৰাম্য বসতি মূলতঃ দুই প্ৰকাৰৰ- পাতল বসতি আৰু কেন্দ্ৰীভূত বসতি।
♦ গ্ৰাম্য বসতিত মানুহৰ জীৱিকাৰ প্ৰধান উপায় হ’ল প্ৰাথমিক বৃত্তি।
♦ নগৰীয়া বসতিৰ মানুহৰ জীৱিকাৰ প্ৰধান উপায় হ’ল বাণিজ্য, উদ্যোগ, চাকৰি আদি।
♦ নগৰীয়া বসতিত জনসংখ্যাৰ ঘনত্ব গাঁৱলীয়া বসতিৰ জনসংখ্যাৰ ঘনত্বতকৈ অধিক।
♦ গাঁৱলীয়া বসতি আৰু নগৰীয়া বসতিৰ লোকসকল পৰস্পৰ নিৰ্ভৰশীল।
♦ নিম্নভূমিত যাতায়ত, খেতিবাতি, বাণিজ্য আদিকে ধৰি বিভিন্ন ধৰণৰ সুবিধা থকা বাবে বসতি ঘন, আনহাতে উচ্চভূমিত এনে সুবিধাসমূহ তুলনামূলকভাৱে কম হোৱাৰ বাবে বসতি পাতল হোৱা দেখা যায়।
(adsbygoogle = window.adsbygoogle || []).push({});