মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা Class 8 Social Science Chapter 17

SCERT Assam মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা class 8 Social Science Chapter 17 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 8 Social Science Chapter 17

StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 17 “মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা” Lesson 17 free notes. you can also download class 8 social science chapter 17 PDF for free.

মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক

পাঠ ১৭

প্ৰশ্ন ১। চমু উত্তৰ লিখা

(ক)  মানৱ সম্পদ কাক বোলে ?

উত্তৰ— সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বোলে ।

(খ)  দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহন কৰিব পাৰে ?

উত্তৰ— শাৰীৰিক আৰু মানসিকভাৱে শ্ৰম কৰিবলৈ সক্ষম ব্যক্তিসকলে দেশৰ উৎপাদন কাৰ্যত অংশগ্ৰহন কৰিব পাৰে ।

(গ)  মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি ?

উত্তৰ— যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰেই হৈছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক। যেনে- এখন দেশৰ শিক্ষাৰ হাৰ, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ আদি।

(ঘ) বৃত্তিমূলক শিক্ষা কাক বোলে।

উত্তৰ— আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে ǀ

() মানৱ সম্পদৰ মূল চালিকা শক্তি কি ?

উত্তৰ— মানৱ সম্পদৰ মূল চালিকা শক্তি সমূহ হৈছে- স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ।

প্ৰশ্ন বহলাই আলোচনা কৰা

ক) মানৱ সম্পদ উন্নয়নৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী।

উত্তৰ— বৰ্তমানৰ বিকশিত অৰ্থনীতিৰ প্ৰেক্ষাপটত মানৱ সম্পদ উন্নয়নৰ বিষয়টোৱে যথেষ্ট তাৎপৰ্য গ্ৰহণ কৰে। মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। কাৰণ শিক্ষা আৰু প্ৰশিক্ষণে মানুহৰ চিন্তাশক্তি জাগ্ৰত কৰে আৰু দক্ষতা বৃদ্ধি কৰে। আকৌ সুস্বাস্থ্যই মানুহৰ কৰ্মশক্তি বঢ়ায়। আমাৰ দেশৰ চৰকাৰে প্রবর্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নত মানৰ প্রশিক্ষণ তথা বিভিন্ন সা-সুবিধাৰ ফলত বর্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে। এনেকৈয়ে আগৰ তুলনাত দেশত শিক্ষিত মানুহৰ হাৰ বৃদ্ধি পাইছে আৰু তাৰ লগে লগে মানুহ সম্পদলৈ উন্নিত হৈছে।

(খ)  মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ ।

উত্তৰ— যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়, সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয়। মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হৈছে-

শিক্ষাৰ হাৰ- গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক । শিক্ষা ব্যৱস্থা সঠিক হ’লেহে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱাটো সম্ভৱ হৈ উঠে। প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে। জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পৰা শিক্ষাৰ যোগেদি শিক্ষিতৰ হাৰ বঢ়াব পৰাটোৱে মানৱ সম্পদৰ উন্নয়নৰ কথা সূচায়।

জীৱনৰ প্ৰত্যাশা- এটা শিশুৰ জন্মৰ পৰা কিমান বয়সলৈকে সুস্থ সবল ভাৱে জীয়াই থাকে তাক জীৱন প্ৰত্যাশাই নিৰ্ণয় কৰে। এই প্ৰত্যাশা যিমানেই বেছি হ’ব মানুহক সম্পদৰ হাৰলৈ ৰূপান্তৰ হাৰো সিমান বেছি হ’ব।

জনমুৰি আয়- দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাকে, জনমুৰি আয় বোলে ।

বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ বয়স- প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষা স্তৰ পৰ্যন্ত, বিদ্যালয়, মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিকৰণৰ হাৰ উচ্চ আৰু বিদ্যালয় আৰু মহাবিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ এটা উল্লেখযোগ্য দিশ ।

প্ৰতিষেধক টিকাকৰণৰ হাৰ- প্ৰতিষেধক টিকাকৰণে শিশুৰ স্বাস্থ্য সুৰক্ষা প্ৰদান কৰাৰ লগতে দীৰ্ঘজীৱী কৰি তুলে। সেয়েহে প্ৰতিষেধক টিকাকৰণক মানৱ সম্পদ উন্নয়নৰ এটা নিৰ্দেশক বুলি গণ্য কৰা হয় ।

(গ)  মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক ।

উত্তৰ— উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছতো ব্যক্তি এজন মানৱ সম্পদ হ’ব নোৱাৰে যদিহে তেওঁ উৎপাদন কাৰ্যত কোনো অৰিহণা যোগাব  নোৱাৰে। গতিকে এতিয়া আমাক এনে শিক্ষাৰ প্রয়োজন হৈ পৰিছে যি শিক্ষাই প্রতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে । এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে যি কাম কৰে তাকে সেই মানুহজনৰ বৃত্তি বুলি কোৱা হয়। কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰাৰ প্রশিক্ষণ লৈ দৰ্জী হিচাবে জীৱিকা অৰ্জন কৰিলে সেইটোৱেই হ’ব তেওঁৰ বৃত্তি । মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন অনেক। এই প্রয়োজনসমূহ পূৰ কৰিব পাৰে কিছুমান দক্ষ ব্যক্তিয়ে। কাৰোবাৰ ঘৰত পানীকলৰ বিজুতি ঘটিলে প্রয়োজন হয় পানীকল মিস্ত্রী। ঠিক তেনেদৰে মটৰ মেকানিক, কাঠমিস্ত্রী, ৰাজমিস্ত্রী, পেইণ্টাৰ, বিউটিচিয়ান, ইলিকট্রিচিয়ান, ম’বাইল, কম্পিউটাৰ ভাল কৰা মানুহ আধুনিক জীৱনৰ অপৰিহার্য অংগ। এই বিষয়বোৰত প্রশিক্ষণ লৈ মানুহে অতি সহজে উপার্জনৰ পথ মোকলাব পাৰে ǀ আধুনিক শিক্ষাৰ উপৰিও উপৰি যি শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে ǀ বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাজর্নক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘব কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে ǀ

(ঘ)  বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে ?

উত্তৰ— বৰ্তমান যুগত দিনক দিনে শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ আছে। অৰ্থাৎ প্ৰচলিত শিক্ষা ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই । এই ক্ষেত্ৰত বৃত্তিমুখী শিক্ষাই এক নিৰ্ণায়ক ভূমিকা ল’ব পাৰে ǀ বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাজর্নক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে । বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি আজিৰ যুগত মানুহে সহজে মটৰ মেকানিক, কাঠমিস্ত্রী, ৰাজমিস্ত্রী, পেইণ্টাৰ, বিউটিচিয়ান,ইলিকট্রিচিয়ান, ম’বাইল, কম্পিউটাৰ ভাল কৰা মানুহৰ দৰে জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ’ব পাৰে ǀ আজিৰ দিনত চৰকাৰেও বৃত্তিমুখী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বহুতো সা-সুবিধা প্ৰদান কৰিছে ǀ ঠায়ে ঠায়ে এনে শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰা হৈছে ,লগতে এইবোৰত শিক্ষাগ্ৰহণৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ বিনামূলীয়া পাঠ্যক্ৰমৰো ব্যৱস্থা কৰা হৈছে।

প্ৰশ্ন ৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা

(ক)  প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ’লেই দেশৰ উৎপাদন বৃদ্ধি কৰে ।

উত্তৰ— অশুদ্ধ ।

(খ)  মানুহ মাত্ৰেই মানৱ সম্পদ নহয় ।

উত্তৰ— শুদ্ধ ।

() জনসংখ্যা বৃদ্ধিয়েই মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায় ।

উত্তৰ— শুদ্ধ ।

() উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায় ।

উত্তৰ— অশুদ্ধ ।

() ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে ।

উত্তৰ— শুদ্ধ ।

() জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে ।

উত্তৰ— শুদ্ধ ।

প্ৰশ্ন ৪।  খালী ঠাই পূৰ কৰা

() এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ  এক অন্যতম কাৰক হ’ল ________ যত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ ________।

উত্তৰ— এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ’ল শ্ৰম যত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে

() ________ আয়ৰ বৃদ্ধিয়ে দেশ এখন ________ হোৱাৰ সহায় কৰে ।

উত্তৰ— ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে ।

() উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছত ________ সকলো শিক্ষিত ব্যক্তিকে  ________ যোগান ধৰাতো সম্ভৱ নহয় ।

উত্তৰ— উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে  চাকৰি যোগান ধৰাতো সম্ভৱ নহয় ।

() ________ শিক্ষা মানৱ সম্পদ উন্নয়নৰ ________ সপোন ।

উত্তৰ— গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক সপোন ।

() বৃত্তি মূলক শিক্ষাই মানুহক অকল ________ নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি ________ ৰ পথ মুকলি হোৱাত সহায় কৰে ।

উত্তৰ— বৃত্তি মূলক শিক্ষাই মানুহক অকল উপাজর্নক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি  স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে ।

প্ৰশ্ন ৫। চমু টোকা লিখা— (Class 8 Social Science Chapter 17)

(ক)  মানৱ সম্পদ

উত্তৰ— সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বোলে । সম্পদ হিচাপে পৰিগণিত হ’বলৈ হ’লে মানুহে উন্নতমানৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় শিক্ষা, প্ৰশিক্ষণ প্ৰাপ্ত হোৱাৰ লগতে সুস্বাস্থ্যৰো অধিকাৰী হব লাগিব ǀ তাৰোপৰি ব্যক্তিৰ কাৰিকৰী দক্ষতা, কুশলতা, ব্যৱস্থাপনা আদিৰ দৰে গুণবোৰৰ জড়িয়তে তেওঁ উৎপাদনমূলক কাৰ্যতো নিজকে জড়িত কৰিব লাগিব ǀ

(খ)  মানৱ সম্পদ উন্নয়ন

উত্তৰ— মানৱ সম্পদ উন্নয়ন মানে মানুহক সম্পদলৈ উন্নীতকৰণ বা  মানৱ সম্পদৰ বিকাশ সাধন কৰা । দেশ এখনত কেৱল জনসংখ্যা বৃদ্ধি হ’লেই মানৱ সম্পদৰ উন্নয়ন নহয় । স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ ৰ দ্বাৰা মানৱ সম্পদৰ বিকাশ সাধন কৰিব পাৰি । ইয়াৰ লগতে দেশৰ উৎপাদন কাৰ্য প্ৰক্ৰিয়াত ব্যক্তিজন প্ৰতক্ষ্য বা পৰোক্ষভাৱে জড়িত হ’ব লাগিব । যিমানেই মানৱ সম্পদৰ উন্নয়ন হ’ব সিমানেই দেশেও উৎপাদন কাৰ্যত সফলতা লাভ কৰিব আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ’ব ǀ ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।

(গ)  মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক

উত্তৰ— যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়,সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলা হয়। যেনে- শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জনমুৰি আয়, বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ বয়স, প্ৰতিষেধক টিকাকৰণৰ হাৰ ইত্যাদি।

(ঘ) বৃত্তিমূলক শিক্ষা

উত্তৰ— আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা মানুহৰ উপার্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে । বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে। লগতে মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয়। সেয়েহে আমাৰ চৰকাৰে বৰ্তমান এই শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ এ সেয়েহে বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছে।

প্ৰশ্ন ৬।  প্ৰকল্প

তোমাৰ নিজ অঞ্চলত জীৱিকা অৰ্জন কৰিবলৈ সক্ষম হোৱা পাঁচজন ভিন ভিন বৃত্তিধাৰী লোকৰ সাক্ষাৎকাৰ লৈ তেওঁলোকৰ জীৱিকা অৰ্জনত বৃত্তিমূলক শিক্ষাই কিদৰে অৰিহণা যোগাইছে সেই বিষয়ে একোটাকৈ চমু টোকা প্ৰস্তুত কৰা ।

উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ।

sl. No. contents (class 8 social science)
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3 বসতি
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5 সাগৰ–মহাসাগৰ
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7 অসমৰ নদ–নদী
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10 মধ্য যুগৰ অসম
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22 ভাৰতীয় সংবিধান
পাঠ-23 মৌলিক অধিকাৰ
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য

মনত ৰাখিবলগীয়া কথা : (Class 8 Social Science chapter 17)

Class 7 Social Science Chapter 17 প্ৰাকৃতিক সম্পদ প্ৰচুৰ পৰিমাণে থাকিলে বা জনসংখ্যা বৃদ্ধি হ’লেই দেশৰ উৎপাদন বৃদ্ধি নাপায়।

সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয়।

এজন বিশেষ প্ৰয়োজনসম্পন্ন মানুহো মানৱ সম্পদ হিচাপে বিবেচিত হ’ব পাৰে যদিহে শিক্ষা বা প্ৰশিক্ষণৰ জৰিয়তে তেওঁ কোনো উৎপাদন কাৰ্যত নিয়োজিত হয়।

উৎপাদনৰ চাৰিটা মূল উপাদান আছে। সেয়া হ’ল ভূমি, শ্ৰম, মূলধন আৰু সংগঠন।

যিমানেই মানৱ সম্পদৰ উন্নয়ন হয়, সিমানেই দেশে উৎপাদন কাৰ্যত সফলতা লাভ কৰে আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি হয়।

মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ।

যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয়।

মানৱ সম্পদ উন্নয়নৰ কিছুমান উল্লেখযোগ্য নিৰ্দেশক হ’ল- শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জ্ন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, জনমূৰি আয়, বিদ্যালয়ত নামভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ, প্ৰতিষেধক টিকাকৰণৰ হাৰ আদি।

আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে।

বৃত্তিমূলক শিক্ষাই মানৱ সম্পদ উন্নয়নত বিশেষ ভূমিকা পালন কৰে।

বৃত্তিমূলক শিক্ষাই মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰি স্বনিয়োজনত অৰিহণা যোগায় আৰু নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close