ভাৰতীয় সংবিধান Class 8 Social Science Chapter 22

SCERT Assam ভাৰতীয় সংবিধান class 8 Social Science Chapter 22 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 8 Social Science Chapter 22

StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 22 “ভাৰতীয় সংবিধান” Lesson 22 free notes. you can also download class 8 social science chapter 22 PDF for free.

ভাৰতীয় সংবিধান

পাঠ ২২

প্ৰশ্ন ১।  চমু উত্তৰ দিয়া

(ক)  ভাৰতীয় সংবিধানখন ৰচনা কৰোতে কিমান সময় লাগিছিল ?

উত্তৰ— ভাৰতীয় সংবিধানখন ৰচনা কৰোতে ২ বছৰ ১১ মাহ ১৮ দিন সময় লাগিছিল ।

() কোন চনত ভাৰতীয় সংবিধান খন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় ?

উত্তৰ— ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান খন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় ।

(গ)  কেতিয়াৰপৰা ভাৰত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় ?

উত্তৰ— ১৮৯২ চনৰ পৰা ভাৰতবৰ্ষত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় ।

(ঘ)  ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ?

উত্তৰ— ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনত স্বায়ত্ব আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ।

(ঙ)  সংবিধান সভাৰ খচৰা কমিতিখন কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ— সংবিধান সভাৰ খচৰা কমিতিখন ১৯৪৭ চনৰ ২৯ আগষ্টত গঠন কৰা হৈছিল ।

প্ৰশ্ন ২।  খালী ঠাই পূৰ কৰা

(ক)  ভাৰতীয় সংবিধানত ________ অনুচ্ছেদ, ________ অধ্যায়, _______ অনুসূচী আছে ।

উত্তৰ— ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যায়,  ১২ টা অনুসূচী আছে ।

(খ)  সংবিধানে ক্ষমতাসমূহ ________  ________  ________ তালিকাত ভাগ কৰিছে।

উত্তৰ— সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয় সূচী  ৰাজ্যিক সূচী  উমৈহতীয়া সূচী তালিকাত ভাগ কৰিছে।

(গ)  সংবিধান ৪২ তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনা ________ শব্দটো সংযোগ কৰা হৈছে ।

উত্তৰ— সংবিধান ৪২ তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনা সমাজতান্ত্ৰিক শব্দটো সংযোগ কৰা হৈছে ।

(ঘ)  সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হ’ল ________ ।

উত্তৰ— সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হ’ল চৈয়দ মহম্মদ চাদুল্লা

প্ৰশ্ন ৩।  উত্তৰ লিখা

(ক)  ভাৰতৰ সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয় ?

উত্তৰ— ভাৰতৰ সংবিধানক দীৰ্ঘতম সংবিধান বুলি কোৱা হয় কাৰণ ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যায়, ১২ টা অনুসূচী আছে । পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা বছা বছা আদৰ্শসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সংবিধানখন যথেষ্ট দীঘলীয়া হৈছে ।

(খ)  সংমিশ্ৰিত সংবিধান মানে কি বুজা ?

উত্তৰ— যি সংবিধান নমনীয় আৰু অনমনীয় সংবিধানৰ এটা মিশ্ৰণ, তাকে সংমিশ্ৰিত সংবিধান বোলে। সংবিধানখন এখন সংমিশ্ৰিত সংবিধান । ভাৰতবৰ্ষৰ সংবিধানখনো এখন সংমিশ্ৰিত সংবিধান । কাৰণ ইয়াৰ কিছুমান অনুচ্ছেদ অতি সহজে আৰু আন কিছুমান অনুচ্ছেদ অতি কঠিন পদ্ধতিৰেহে সংশোধন কৰিব পৰা যায় ।

(গ) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি ?

উত্তৰ— ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে-

১) দেশৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা ।

২) অৰ্থনৈতিক সমতা স্থাপন কৰা ।

৩) গাওঁ অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা ।

৪) পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা ।

৫) শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা ।

৬) নিৰক্ষৰতা দূৰীকৰণৰ বাবে ৬-১৪ বছৰৰ শিশুক বিনামূলীয়া বাধ্য়তামূলক শিক্ষা প্ৰদান কৰা ।

৭) সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা ।

৮) ৰাষ্ট্ৰৰ ঐতিহ্যসম্বলিত স্থান আৰু কীৰ্তিস্তম্ভ সমূহ সংৰক্ষণ কৰা ।

৯) প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰা ।

(ঘ)  কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে ?

উত্তৰ— আয়াৰলেণ্ড সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে ।

প্ৰশ্ন ৪।  এটা শব্দত প্ৰকাশ কৰা

()  যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিক ভাৱে নহয়

উত্তৰ— গণৰাজ্য ।

() যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত

উত্তৰ— সাৰ্বভৌম ।

(গ) যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই

উত্তৰ— ধৰ্মনিৰপেক্ষ ।

(ঘ) যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে

উত্তৰ— কল্যাণকামী ৰাষ্ট্ৰ ।

প্ৰশ্ন ৫।  সোঁ অংশৰ লগত বাওঁ অংশ মিলোৱা

(ক)  বৃটিছ সংবিধানৰপৰা (ক)  স্বতন্ত্ৰতা, সমতা, ভ্ৰাতৃত্ববোধ
(খ)  কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰপৰা (খ)  ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি
(গ)  মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰপৰা (গ)  যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা
(ঘ)  ফৰাছী সংবিধানৰপৰা (ঘ)  মৌলিক অধিকাৰ
(ঙ)  আয়াৰলেণ্ড সংবিধানৰপৰা (ঙ)  সংসদীয় গণতন্ত্ৰ

উত্তৰ—

(ক)  বৃটিছ সংবিধানৰপৰা (ঙ)  সংসদীয় গণতন্ত্ৰ
(খ)  কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰপৰা (গ)  যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা
(গ)  মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰপৰা (ঘ)  মৌলিক অধিকাৰ
(ঘ)  ফৰাছী সংবিধানৰপৰা (ক)  স্বতন্ত্ৰতা, সমতা, ভ্ৰাতৃত্ববোধ
(ঙ)  আয়াৰলেণ্ড সংবিধানৰপৰা (খ)  ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি

প্ৰশ্ন ৬। ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ— ১৮৫৭ চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰবৰ্তন কৰা কিছুমান নীতিৰ বিৰুদ্ধে একাংশ ভাৰতীয় জনগণই বিদ্ৰোহ কৰে । ফলস্বৰূপে তাৰ পিছৰ বছৰটোত অৰ্থাৎ ১৮৫৮ চনত বৃটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰি ভাৰতৰ শাসন ভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসনলৈ নিয়ে ।

ইয়াৰ পিছৰে পৰা ভাৰতত আধুনিক শাসন ব্যৱস্থা গঢ়ি তুলিবলৈ বৃটিছ চৰকাৰে বিভিন্ন সময়ত কিছুমান আইন প্ৰণয়ন কৰিছিল । ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পূৰ্বে ইংৰাজ চৰকাৰে সময়ে সময়ে প্ৰণয়ন কৰা এই আইনবোৰৰ যোগেদিয়েই ভাৰতবৰ্ষ খন শাসন কৰিছিল । ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইখনমান আইন হ’ল

ক) ১৮৬১ চনত বৃটিছ চৰকাৰে ‘ ভাৰত পৰিষদ আইন ‘ গ্ৰহণ কৰে । এই আইনখনেই ভাৰতীয় প্ৰশাসনক বিকেন্দ্ৰী কৰণ কৰি ভাৰতত প্ৰতিনিধি মূলক শাসন ব্যৱস্থাৰ সূচনা কৰিছিল ।

খ) ১৮৯২ চনৰ সংশোধিত ‘ ভাৰত পৰিষদ আইন ‘ গৃহীত হোৱাৰ পৰাই ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া প্ৰবৰ্তন হয় । এই আইনখনে ভাৰতীয় লোকসকলক সন্তুষ্ট কৰিব পৰা নাছিল ।

গ) ১৯০৯ চনত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল যদিও ভাৰতীয় সকলে তাতো সন্তুষ্ট হোৱা নাছিল । এই আইন খনক ‘ মৰ্লে মিণ্টো সংস্কাৰ আইন ‘ বুলিও জনা যায় ।

ঘ) ১৯১৯ চনত ‘ ভাৰত চৰকাৰ আইনে ‘ ভাৰতবৰ্ষত এক প্ৰকাৰৰ স্বায়ত্ত্ব শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল যদিও ই অতি সীমিত পৰিসৰৰ আছিল ।

ঙ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন মতে পোন প্ৰথমবাৰৰ বাবে স্বায়ত্ব শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰবৰ্তন কৰা হয় ।

চ) ১৯৪৭ চনৰ জুলাই মাহত বৃটিছ সংসদত গৃহীত হোৱা আইন অনুসৰি ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে ।

প্ৰশ্ন ৭। সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল লিখা ।

উত্তৰ— ভাৰতৰ সংবিধান ৰচনাৰ ক্ষেত্ৰত অসমৰ অৱদান সম্পৰ্কে আলোচনা কৰিবলৈ গ’লে কেইজনমান বিশিষ্ট নেতাৰ নাম আমি প্ৰথমেই ল’ব লাগিব । তেওঁলোক হ’ল – চৈয়দ মহম্মদ ছাদুল্লা, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, ৰেভাৰেণ্ট জে এম নিকলছ–ৰয়, নিবাৰণ চন্দ্ৰ লস্কৰ, কুলধৰ চলিহা, ৰোহিনী কুমাৰ চৌধুৰী আৰু আব্দুৰ ৰৌফ ।

তেওঁলোকৰ মাজৰ চৈয়দ মহম্মদ ছাদুল্লা আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য । গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচীত জাতি-জনজাতি আৰু পাৰ্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত সংখ্যা লঘূ উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্য ভাৰ গ্ৰহণ কৰিছিল । এই সমিতিৰ পৰামৰ্শ মতেই সংবিধানত ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয় ।

এই অনুসূচীয়ে উত্তৰ–পূব ভাৰতৰ পৰ্বতীয়া আৰু জনজাতীয় অঞ্চল সমূহৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰে । এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এইসকল বৰেণ্য ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠন মূলক ভূমিকা গ্ৰহণ কৰিছিল । সমগ্ৰ দেশৰ লগতে নিজ ৰাজ্যৰ স্বাৰ্থত তেওঁলোকে সহমত পোষণ কৰিছিল যাতে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকে সংবিধান প্ৰদত্ত সুবিধা সমূহ লাভ কৰিব পাৰে ।class 8 social science chapter 22

sl. No. contents (class 8 social science)
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3 বসতি
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5 সাগৰ–মহাসাগৰ
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7 অসমৰ নদ–নদী
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10 মধ্য যুগৰ অসম
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22 ভাৰতীয় সংবিধান
পাঠ-23 মৌলিক অধিকাৰ
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য

প্ৰশ্ন ৮।  ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা ।

উত্তৰ—  ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ হৈছে— ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধ।

ক) ন্যায়:- ন্যায় বোলোতে নাগৰিকসকলৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায় প্ৰদানৰ কথা কোৱা হৈছে।

সামাজিক ন্যায় বুলিলে ভাৰতৰ সকলো নাগৰিকে যাতে সম অধিকাৰ ভোগ কৰি এখন মৰ্যদা পূৰ্ণ জীৱন যাপন কৰিব পাৰে তাক বুজা যায়।

অৰ্থনৈতিক ন্যায় বুলিলে সমাজৰ পৰা অৰ্থনৈতিক অসমতাক দূৰ কৰাৰ কথা বুজোৱা হয়। ইচ্ছামতে কৰ্মসংস্থাপন বিচাৰি লোৱাৰ অধিকাৰ, কাম কৰাৰ অধিকাৰ, উপযুক্ত মজুৰি পোৱাৰ অধিকাৰ, জিৰণি লোৱাৰ অধিকাৰ ইত্যাদিয়ে অৰ্থনৈতিক ন্যায়ৰ ইংগিত দিয়ে।

ৰাজনৈতিক ন্যায় বুলিলে প্ৰাপ্তবয়স্ক নাগৰিকে সেইবোৰ  সা-সুবিধাৰ পোৱা বুজায় যাৰ দ্বাৰা  ৰাষ্ট্ৰ বা চৰকাৰ কাম কাজত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অংশ গ্ৰহণ কৰিব পাৰে। ভোটদানৰ স্বাধীনতা, প্ৰতিদ্বন্দিতা কৰাৰ স্বাধীনতা, চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাৰ স্বাধীনতা ইত্যাদি।

খ) স্বাধীনতা :- স্বাধীনতাই ভাৰতীয় নাগৰিকসকলৰ চিন্তা, মত প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছে। এই আদৰ্শসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ নাগৰিকসকলক স্বাধীনভাৱে চিন্তা-চৰ্চা কৰিব পৰা, বিভিন্ন সমস্যাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিব পৰা, নিজৰ ইচ্ছা অনুসৰি ধৰ্ম গ্ৰহণ, চৰ্চা আৰু প্ৰচাৰ কৰিব পৰা স্বাধীনতা দিয়া হৈছে।

গ) সমতা :- ভাৰতত বাস কৰা সকলো নাগৰিক আইনৰ চকুত সমান। সংবিধান প্ৰদত্ত সকলো আধিকাৰ বা সা-সুবিধা নাগৰিক জাতি, বৰ্ণ, ধৰ্ম আৰু লিংগ বৈষম্য নোহোৱাকৈ উপভোগ কৰিব পাৰে।

ঘ) ভাতৃত্ববোধ :- এই ধাৰণাই ভাৰতত বাস কৰা সকলো জাতি, ধৰ্ম আৰু সংস্কৃতিৰ লোকৰ মাজত সমন্বয়, সম্প্ৰীতি, সহমৰ্মিতা আৰু একতা থকাৰ কথাকে বুজায়।

প্ৰশ্ন ৯।  চমু টোকা লিখা

(ক)  ড° ভীমৰাও আম্বেদকাৰ  (খ)  ড° ৰাজেন্দ্ৰ প্ৰসাদ  (গ)  সংসদীয় চৰকাৰ

উত্তৰ— (ক)  ড° ভীমৰাও আম্বেদকাৰ :- ড° ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবা চাহেব ভীমৰাও আম্বেদকাৰ। আম্বেদকাৰে ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিবিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। মহিলাসকলৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। ভাৰতীয় সংবিধান খনৰ কাৰ্যক্ষম কৰিবলৈ  তেওঁ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল।

(খ) ড° ৰাজেন্দ্র প্রসাদ :- ড° ৰাজেন্দ্র প্রসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। তেখেত ভাৰতীয় সংবিধান নিৰ্মাণৰ কামত আৰম্ভণিৰে পৰা জড়িত আছিল। সংবিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভাৰো তেখেত সভাপতি আছিল। সংবিধান সভাত তেখেতৰ সভাপতিত্বতেই ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকাৰী হয়।

(গ)  সংসদীয় চৰকাৰ :- এনে চৰকাৰ ব্যৱস্থাত দেশৰ ৰাষ্ট্ৰপতিজন নামমাত্ৰ মুৰব্বী হিচাপে থাকে। তেওঁৰ নামত দেশৰ শাসন কাৰ্য পৰিচালিত হয়। ভাৰতীয় সংসদীয় চৰকাৰ ব্যৱস্থাত কাৰ্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰা হৈছে। কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদে হে প্ৰয়োগ কৰে। মন্ত্ৰীপৰিষদখন লোকসভাৰ ওচৰত দায়বদ্ধ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close