ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ Class 8 Social Science Chapter 14

SCERT Assam ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ class 8 Social Science Chapter 14 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 14 “ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ” Lesson 14 free notes. you can also download class 8 social science chapter 14 PDF for free.

ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ

পাঠ ১৪

অনুশীলনী

প্ৰশ্ন ১। উত্তৰ দিয়া

ক)  লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কি বুলি জনা যায় ?

উত্তৰ— লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কৰ্ণৱালিছ সংহিতা বুলি জনা যায় ।

খ)  ভাৰতত চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল ?

উত্তৰ— ভাৰতত চিৰস্থায়ী বন্দবস্ত লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল ।

) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ?

উত্তৰ— লৰ্ড হেষ্টিংচে ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ।

) শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল ?

উত্তৰ— শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ লৰ্ড ডেলহাউচিয়ে প্ৰস্তুত কৰিছিল ।

) ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল ?

উত্তৰ— ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন কলিকতাৰ ৰাজসুন্দৰী দেৱীয়ে লিখিছিল ।

প্ৰশ্ন ২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

‘ক’ অংশ ‘খ’ অংশ
ৰাজা ৰামমোহন ৰায় প্ৰাৰ্থনা সমাজ
ৰামকৃষ্ণ পৰমহংসদেৱ বাহ্ম সমাজ
ছাৰ ছৈয়দ আহমদ খান আৰ্য সমাজ
গোবিন্দ ৰাণাডে আলিগড় আন্দোলন
দয়ানন্দ সৰস্বতী ৰামকৃষ্ণ মিছন

উত্তৰ—

‘ক’ অংশ ‘খ’ অংশ
ৰাজা ৰামমোহন ৰায় বাহ্ম সমাজ
ৰামকৃষ্ণ পৰমহংসদেৱ ৰামকৃষ্ণ মিছন
ছাৰ ছৈয়দ আহমদ খান আলিগড় আন্দোলন
গোবিন্দ ৰাণাডে প্ৰাৰ্থনা সমাজ
দয়ানন্দ সৰস্বতী আৰ্য সমাজ

প্ৰশ্ন ৩। শুদ্ধ/ অশুদ্ধ বিচাৰ কৰা

) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে  প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাট গৰাকী আছিল ফাৰুখছিয়াৰবাহাদুৰ ছাহ দ্বিতীয় 

উত্তৰ— ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে  প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাট গৰাকী আছিল ফাৰুখছিয়াৰ ।

খ) ১৭৮১ খ্ৰীষ্টাব্দত ৱাৰেন হেষ্টিংছে/ লৰ্ড হেষ্টিংছে কলিকতাত মাদ্ৰাছ এখন খুলিছিল।

উত্তৰ— ১৭৮১ খ্ৰীষ্টাব্দত ৱাৰেন হেষ্টিংছে কলিকতাত মাদ্ৰাছ এখন খুলিছিল।

) কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবেনতুন ৰাজ্য অধিগ্ৰহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিল 

উত্তৰ— কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিল ।

) ছাৰ ছৈয়দ আহমেদ খাননবাব আব্দুল লতিফে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল 

উত্তৰ— ছাৰ ছৈয়দ আহমেদ খানে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল ।

) সত্যৰথ প্ৰকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতীৰাজা ৰামমোহন ৰায় 

উত্তৰ— সত্যৰথ প্ৰকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী ।

প্ৰশ্ন ৪। চমু টোকা লিখা

(ক)  ৰাজা ৰামমোহন ৰায়

উত্তৰ— ইষ্ট ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ জেনেৰেলসকলক যিসকল শিক্ষিত ভাৰতীয় লোকে সহায় কৰিছিল, তেওঁলোকৰ ভিতৰত অন্যতম আছিল ৰাজা ৰামমোহন ৰায়। তেওঁ মূৰ্তি পূজা বিৰোধী আৰু জতিভেদ শূণ্য ভাৰতীয় সমাজ এখন গঢ়িবলৈ যথোপৰনাস্তি চেষ্টা কৰিছিল। ৰাজা ৰামমোহন ৰায়ে ১৮২৮ খ্ৰীষ্টাব্দত ব্ৰাহ্মসভা পাতে আৰু পিছলৈ ১৮৩০ খ্ৰীষ্টাব্দত ই ব্ৰাহ্ম সমাজ নামে এখন সমাজ সংস্কাৰৰ অনুষ্ঠান হিচাপে গঢ় লৈ উঠে। সতী দাহ প্ৰথা, কন্যা শিশু হত্যা আদি সমাজৰ কু-নিয়মবোৰ আঁতৰোৱাৰ লগতে তেওঁ স্ত্ৰী শিক্ষাৰ ওপৰতো যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। অপ্ৰাপ্তবয়স্ক বিধৱাক পুনৰ বিয়া দিয়াটো ব্ৰাহ্ম সমাজে এটা প্ৰধান দায়িত্ব বুলি ধৰিছিল ।

(খ)  ছাৰ ছৈয়দ আহমেদ খান

উত্তৰ— ১৮ শতিকাৰ শেষৰফালে উত্তৰ ভাৰতত যিকেইজন লোকে ইছলামধৰ্মী লোকসকলক ইংৰাজী ভাষা আৰু নতুন ভাবধাৰাৰ প্ৰতি আগ্ৰহান্বিত কৰিছিল, তেওঁলোকৰ ভিতৰত অন্যতম আছিল ছাৰ ছৈয়দ আহমেদ খান । তেওঁৰ প্ৰচেষ্টাতে ১৮৭৭ চনত আলিগড়ৰ মুছলমান ছাত্ৰ ছাত্ৰীসকলৰ বাবে ‘এংলো অৰিয়েণ্টেল কলেজ’ নামৰ এখন কলেজ প্ৰতিষ্ঠা হৈছিল। এইখনেই পিছলৈ আলিগড় বিশ্ববিদ্যালয় হয়গৈ। ছাৰ ছৈয়দ আহমেদ খানে মুছলমান সমাজত প্ৰচলিত পৰ্দা প্ৰথা, বহু বিবাহ, বাল্য বিবাহ আদি প্ৰথা সমূহত বাধা আৰোপ কৰি জাগৰণৰ সৃষ্টি কৰিছিল।  এক কথাত ক’বলৈ গ’লে তেওঁৰ নেতৃত্বতে মুছলমানসকলৰ মাজত নৱ জাগৰণে ভুমুকি মাৰিছিল।

(গ)  স্বামী বিবেকানন্দ

উত্তৰ— স্বামী বিবেকানন্দৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰ নাথ দত্ত। তেওঁ কলিকতাৰ দক্ষিণেশ্বৰ কালী মন্দিৰৰ পূজাৰী ৰামকৃষ্ণ পৰমহংসৰ পৰম শিষ্য আছিল। পৰমহংসদেৱৰ ধৰ্মমতে তেওঁৰ জীৱনকালত বিশেষ প্ৰসাৰ লাভ কৰা নাছিল যদিও বিবেকানন্দই তেওঁৰ গুৰু পৰমহংসৰ মতবাদসমূহৰ গুৰুত্ব উপলব্ধি কৰি তেওঁৰ শৃষ্যত্ব গ্ৰহণ কৰি তেওঁৰ বাণীসমূহ ভাৰত তথা বিশ্বৰ বিভিন্ন ঠাইত প্ৰচাৰ কৰিছিল। ১৭৯০ খ্ৰীষ্টাব্দৰ চিকাগ’ ধৰ্ম সন্মিলনত বিবেকানন্দই হিন্দু ধৰ্মৰ বেদ-বেদান্ত আৰু দৰ্শনৰ মূল তত্বকথা বিশ্ববাসীৰ আগত স-গৌৰৱে উপস্থাপন কৰিছিল। সমাজৰ দৰিদ্ৰ, অৱহেলিত মানৱৰ সেৱাই আছিল তেওঁৰ মতে প্ৰকৃত ধৰ্ম। ১৮৯৭ খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নামে সংগঠন এটা প্ৰতিষ্ঠা কৰি পৰমহংসৰ বাণীসমূহ সমাজত বিলোৱাৰ ব্যৱস্থা কৰিছিল।

(ঘ)  দয়ানন্দ সৰস্বতী

উত্তৰ— দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূল শংকৰ। স্বামী দয়ানন্দ এক ঈশ্বৰত বিশ্বাসী আছিল আৰু মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল। তেওঁ ১৮৭৫ খ্ৰীষ্টাব্দত আৰ্য সমাজ নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰিছিল। আৰ্য সমাজৰ ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা ব্ৰাহ্ম সমাজৰ লগত যথেষ্ট মিল আছিল। এই সংগঠনটোৱে জাতিভেদ প্ৰথা নামানিছিল, বাল্য বিবাহৰ বিৰোধিতা কৰিছিল, বিধবা বিবাহত জোৰ দিছিল আৰু সাগৰ যাত্ৰা হিন্দু ধৰ্মৰ পৰিপন্থী নহয় বুলি দাবী কৰিছিল । স্বামী দয়ানন্দ সৰস্বতীয়ে ইছলাম ধৰ্মৰ অনুকৰণত হিন্দু ধৰ্মলৈও ধৰ্মান্তকৰণৰ ব্যৱস্থা কৰিছিল আৰু ইয়াক ‘ শুদ্ধি ‘ বুলি কোৱা হৈছিল । তেওঁ সমাজ সংস্কাৰৰ সৈতে সংগতি ৰাখি ‘সত্যৰথ প্ৰকাশ’ নামে এখন গ্ৰন্থও লিখি উলিয়াইছিল।

(ঙ)  দেবেন্দ্ৰ নাথ ঠাকুৰ

উত্তৰ— দেবেন্দ্ৰনাথ ঠাকুৰ আছিল ন’বেল বটা বিজয়ী কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ পিতৃ। দেবেন্দ্ৰ নাথ ঠাকুৰ বিখ্যাত সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ সহযোগী আছিল । তেওঁ সতীদাহ প্ৰথা, কন্যা শিশু হত্যা  আদি সমাজৰ কুসংস্কাৰবোৰৰ বিৰোধিতা কৰিছিল। ৰাজা ৰামমোহন ৰায়ৰ মৃত্যুৰ পিছত তেৱেই ব্ৰাহ্ম সমাজৰ গুৰু ধৰিছিল।

প্ৰশ্ন ৫। ৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখা

(ক)  চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল ? ইয়াৰ চৰ্তবোৰ কি কি ?

উত্তৰ— চিৰস্থায়ী বন্দবস্ত লৰ্ড ডেলহাউচিয়ে প্ৰৱৰ্তন কৰিছিল ।

ইয়াৰ চৰ্তবোৰ হ’ল

1) কৃষি ভূমিৰ ক্ষেত্ৰত পাঁচ বছৰীয়া নাইবা এবছৰীয়া ৰাজহ বন্দবস্তীৰ অন্ত পৰিছিল।

2) জমিদাৰ সকলে মাটি ভোগ কৰাৰ অধিকাৰ পাইছিল যদিও চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৰাজহ সময় মতে দিব নোৱাৰিলে তেনে জমিদাৰৰ মাটি চৰকাৰৰ অধীনলৈ গৈছিল ।

3) জমিদাৰ সকলে নিৰ্দ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বাৰ্ষিক খাজনা হিচাপে দিব লাগিছিল ।

4) এই আইন মতে জমিদাৰ শ্ৰেণীটোৱে মাটিৰ মালিক আছিল ।

(খ)  ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ কি কি ?

উত্তৰ— ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ হ’ল

1) ইংৰাজ শাসনৰ আগতে ভাৰতীয় সাম্ৰাজ্যবোৰৰ বিভিন্ন ঠাইত ভিন ভিন আইন কানুন চলি আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰততে একে ধৰণৰ আইন-আদালতৰ ব্যৱস্থা কৰিছিল।

2) লৰ্ড কৰ্ণৱালিছে বিচাৰৰ সুবিধাৰ বাবে দেৱানী আৰু সদৰ নিজামত আদালতৰ কিছু সালসলনি কৰিছিল।

3) গৱৰ্ণৰ জেনেৰেল লৰ্ড ময়ৰা বা হেষ্টিংচে ভাৰতীয় লোককো আদালতত নিয়োগ কৰিছিল ।

4) ভাৰতীয় মুন্সিফ সকলৰ ক্ষমতা বৃদ্ধি কৰা হৈছিল।

(গ)  ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ সংস্কাৰমূলক কামবোৰ কি আছিল ?

উত্তৰ— ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ সংস্কাৰমূলক কামবোৰ হ’ল

i) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে সমাজ খনক জগাই তুলিবলৈ যথেষ্ট চেষ্টা কৰিছিল । ইয়াৰ ফলত ১৯ শতিকাৰ মাজভাগত বহুতো মহিলাই ঘৰতেই শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা লৈছিল ।

ii) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে বিধবা সকলৰ পুনৰ বিবাহৰ ওপৰত যঠেষ্ট গুৰুত্ব দিছিল । আনকি তেওঁ নিজ পুত্ৰৰ লগত এগৰাকী বিধবা মহিলাক বিবাহ কৰাই দি সমাজত দৃষ্টান্ত দাঙি ধৰিছিল ।

sl. No. contents (class 8 social science)
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3 বসতি
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5 সাগৰ–মহাসাগৰ
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7 অসমৰ নদ–নদী
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10 মধ্য যুগৰ অসম
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22 ভাৰতীয় সংবিধান
পাঠ-23 মৌলিক অধিকাৰ
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য

অন্যান্য প্ৰশ্ন ( Class 8 Social Science )

Class 8 Social Science Chapter 14

প্ৰশ্ন ১।  ভাৰতত প্ৰথম ডাক টিকট কেতিয়া প্ৰচলন হৈছিল ?

উত্তৰ— ১৮৫৪ খ্ৰীষ্টাব্দত, লৰ্ড ডেলহাউচিৰ দিনত।

প্ৰশ্ন ২।  ভাৰতত প্ৰথম মাটিৰ পট্টাৰ ব্যৱস্থা কেতিয়া কৰা হৈছিল ?

উত্তৰ— ১৮২৬ খ্ৰীষ্টাব্দত।

মনত ৰাখিবলগীয়া কথা : (Class 8 Social Science Chapter 14) 

ইষ্ট ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ জেনেৰেলসকলে ভাৰতৰ প্ৰশাসন, বিচাৰ, আৰ্থ-সামাজিক আৰু শিক্ষা সংস্কাৰৰ কাম হাতত লৈছিল।

লৰ্ড কৰ্ণৱালিছে ভাৰতত ভূমিৰ চিৰস্থায়ী বন্দবস্তৰ পাতনি মেলিছিল।

চিৰস্থায়ী বন্দবস্তই জমিদাৰসকলক মাটিৰ সৰ্বস্বত্ব প্ৰদান কৰিছিল।

লৰ্ড হেষ্টিংছৰ দিনত ভাৰতত সৰ্বপ্ৰথমে মাটিৰ পট্টা দিয়া কাম আৰম্ভ হৈছিল।

লৰ্ড ডেলহাউচিয়ে ভাৰতত প্ৰাথমিক, উচ্চ ইংৰাজী বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।

লৰ্ড ডেলহাউচিৰ দিনত ভাৰতত সংস্কৃত সাহিত্যৰ পুণুৰুত্থান হৈছিল।

ভাৰতীয় সমাজৰ উন্নয়নত ব্ৰাহ্ম সমাজ, প্ৰাৰ্থনা সমাজ, আৰ্য সমাজ, ৰামকৃষ্ণ মিছন আৰু আলিগড় আন্দোলনৰ অৱদান উল্লেখনীয়।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close