সাম্ৰাজ্যবাদ আৰু অসম Class 8 Social Science Chapter 15

SCERT Assam সাম্ৰাজ্যবাদ আৰু অসম class 8 Social Science Chapter 15 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 15 “সাম্ৰাজ্যবাদ আৰু অসম” Lesson 15 free notes. you can also download class 8 social science chapter 15 PDF for free.

সাম্ৰাজ্যবাদ আৰু অসম

পাঠ ১৫

অনুশীলনী : (Class 8 Social Science)

প্ৰশ্ন ১। উত্তৰ লিখা

(ক)  অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্মৰ পুণুৰুত্থান হৈছিল ?

উত্তৰ— অসমত ১৮ শতিকাৰ মাজ ভাগত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰ পৰাই শাক্ত ধৰ্মৰ পুণুৰুত্থান হৈছিল ।

(খ) স্বৰ্গদেউ লক্ষ্মীসিংহৰ পিছত আহোমৰ ৰাজপাটত কোনে আৰোহণ কৰিছিল ?

উত্তৰ— স্বৰ্গদেউ লক্ষ্মীসিংহৰ পিছত তেওঁৰ পুত্ৰ গৌৰীনাথ সিংহই আহোমৰ ৰাজপাটত আৰোহণ কৰিছিল ।

(গ) কেপ্তেইন ৱেলছৰ অসম আগমণৰ সময়ত ইংৰাজ গৱৰ্ণৰ জেনেৰেল কোন আছিল ?

উত্তৰ— কেপ্তেইন ৱেলছৰ অসম আগমণৰ সময়ত লৰ্ড কৰ্ণৱালিছ ইংৰাজ গৱৰ্ণৰ জেনেৰেল কোন আছিল ।

(ঘ) আহোমসকলৰ শেষ ৰজাজন কোন আছিল ?

উত্তৰ— আহোম সকলৰ শেষ ৰজাজন আছিল পুৰন্দৰ সিংহ।

(ঙ) কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ?

উত্তৰ— ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ।

প্ৰশ্ন ২। ক্ৰমানুসাৰে সজোৱা

(ক) মোৱামৰীয়া প্ৰথম বিদ্ৰোহ ।

(খ) মানৰ দ্বিতীয় আক্ৰমণ ।

(গ) কেপ্তেইন ৱেলছৰ অসম আগমন ।

(ঘ) ইয়াণ্ডাবু সন্ধি ।

(ঙ) মানৰ তৃতীয় আক্ৰমণ ।

উত্তৰ— (ক) মোৱামৰীয়া প্ৰথম বিদ্ৰোহ ।

(খ) কেপ্তেইন ৱেলছৰ অসম আগমন ।

(গ) মানৰ দ্বিতীয় আক্ৰমণ ।

(ঘ) মানৰ তৃতীয় আক্ৰমণ ।

(ঙ) ইয়াণ্ডাবু সন্ধি ।

প্ৰশ্ন ৩। শুদ্ধ/অশুদ্ধ বাছি উলিওৱা।

(ক) অসমত হোৱা মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ লৰ্ড কৰ্ণৱালিছ অসমলৈ আহিছিল ।

উত্তৰ— অশুদ্ধ ।

(খ) কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা ঘোৰ বৈষ্ণৱপন্থী আছিল ।

উত্তৰ— অশুদ্ধ ।

(গ) মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা আছিল বডৌপায়া ।

উত্তৰ— শুদ্ধ ।

(ঘ) ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসাৰে ইংৰাজে আৰাকান, টেনাচেৰিম আৰু য়েহ লাভ কৰিছিল ।

উত্তৰ— শুদ্ধ ।

(ঙ) বদনচন্দ্ৰ বৰফুকনক ৰুচিনাথ বুঢ়াগোঁহায়ে হত্যা কৰিছিল ।

উত্তৰ— অশুদ্ধ ।

প্ৰশ্ন ৪। চমু উত্তৰ দিয়া : (৫০ টা মান শব্দৰ ভিতৰত)

(ক)  প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ কি ?

উত্তৰ— প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ হৈছে-

i) ঘোৰ শাক্ত ফুলেশ্বৰী কুৱঁৰীয়ে মহন্তসকলক জোৰ কৰি দূৰ্গাপূজাৰ প্ৰসাদ খুৱায় আৰু বলিৰ তেজেৰে কপালত ফোঁট দিয়ায়। ইয়াতে মহন্তসকল ক্ষুন্ন হৈ পৰে।

ii) কীর্তিচন্দ্ৰ বৰবৰুৱা নামৰ বিতর্কিত, ঘোৰ শাক্তপন্থী বিষয়া এজনে এদিন ৰাজসভাত মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰে। ইয়াতে মহন্তসকল অতি ক্ষুন্ন হয় আৰু প্রথম মোৱামৰীয়া বিদ্ৰোহৰ সূত্রপাত ঘটে । 

(খ)  মানৰ তৃতীয় আক্ৰমণৰ কাৰণসমূহ কি ?

উত্তৰ— মানৰ দ্বিতীয় আক্ৰমণৰ পিছত চন্দ্ৰকান্ত সিংহ ৰজা হয় যদিও প্ৰকৃত পক্ষে মান সেনাপতি মিঙ্গিমাহায়েহে অসম শাসন কৰিছিল। এইবোৰ কাৰণতে চন্দ্ৰকান্ত সিংহ লাহে লাহে মান বিৰোধী হৈ পৰিছিল। তেনেসময়তে অসমত থকা মান সেনাপতি নিজ দেশলৈ উভতি যোৱাত চন্দ্ৰকান্ত সিংহই ততাতৈয়াকৈ মান অসমলৈ অহাৰ পথটো বন্ধ কৰিবলৈ যো-জা চলায়। এই কথা মান ৰজা বাগ্যিদোৱাই গম পায় তৃতীয়বাৰৰ বাবে মানে অসম আক্ৰমণ কৰে।

(গ)  ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত কি?

উত্তৰ— ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত হৈছে

i)  মান ৰজাই ইষ্ট ইণ্ডিয়া কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰি আৰাকান, টেনাচেৰিম আৰু য়েহ এৰি দিব লাগিব।

ii) মানসকলে অসম, কাছাৰ আৰু মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভবিষ্যতে এই ৰাজ্য বোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্ৰতিশ্ৰুতি দিব লাগিব ।

প্ৰশ্ন ৫। চমু টোকা লিখা :

(ক)  কীৰ্তিচন্দ্ৰ বৰবৰুৱা

উত্তৰ— কীৰ্তিচন্দ্ৰ বৰবৰুৱা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজসভাৰ এজন বিতৰ্কিত ঘোৰ শাক্তপন্থী বিষয়া আছিল। তেওঁৰ হাততে ৰাজেশ্বৰ সিংহই ৰাজ্য শাসনৰ ভাৰ অৰ্পণ কৰিছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱা বৈষ্ণৱপন্থী মহন্তসকলৰ বিৰোধী আছিল আৰু এদিন সুবিধা বুজি মহন্তসকলৰ গৰু মোৱামৰীয়া মহন্তক ৰাজসভাতে অপমান কৰিছিল। ইয়াতে মহন্তসকল অতি ক্ষুণ্ণ হয় আৰু প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটে। মোৱামৰীয়া বিদ্ৰোহীসকলে বিদ্ৰোহৰ সময়ত কীৰ্তিচন্দ্ৰ বৰুৱাক সবংশে নাশ কৰে।

(খ)  পূৰ্ণানন্দ বুঢ়াগোঁহাই

উত্তৰ— স্বৰ্গদেউ গৌৰীনাথ সিংহৰ শাসনকালত বিষয়া হিচাপে নিয়োজিত ঘনশ্যাম বৰবৰুৱাৰ পুত্ৰ আছিল পূৰ্ণানন্দ বুঢ়াগোঁহাই। ঘনশ্যাম বৰবৰুৱাৰ মৃত্যুৰ পিছত পূৰ্ণানন্দ বুঢ়াগোঁহাই পদত অধিষ্ঠিত হয় ǀ তেৱেঁই অতি কৌশলেৰে মোৱামৰীয়াৰ দ্বিতীয় বিদ্ৰোহ দমন কৰিছিল।মোৱামৰীয়াৰ তৃতীয় বিদ্ৰোহৰ সময়তো স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী ৰংপুৰ এৰি পলাই যোৱাৰ সময়ত, পূৰ্ণানন্দ বুঢ়াগোঁহাইয়েই মৰণত শৰণ দি ৰংপুৰ ৰক্ষা কৰিছিল। মানৰ প্ৰথম অসম আক্ৰমনৰ সময়ত তেওঁৰ মৃত্যু হয় ।

(গ)  বদনচন্দ্ৰ বৰফুকন

উত্তৰ— বদনচন্দ্ৰ বৰফুকন স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজসভাৰ এজন প্ৰভাৱশালী কিন্তু অতি ক্ষমতালোভী বিষয়া আছিল। তেওঁৰ অত্যাচাৰত প্ৰজা অতিষ্ঠ হৈ পৰিছিল। সেই সময়ৰে আন এজন উচ্চপদস্থ বিষয়া পূৰ্ণানন্দ বুঢ়াগোঁহাইয়ে বদনচন্দ্ৰ বৰফুকনৰ এনেবোৰ কামত অসন্তুষ্ট হৈ তেওঁক ধৰি আনিবলৈ কটকী পঠিয়াইছিল। বদনচন্দ্ৰ বৰফুকনে আগতীয়াকৈ এই খবৰ পাই কলিকতালৈ পলাই যায়। তাত গৈ তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰিলে যদিও বিফল হয়। ইয়াৰ পিছত তেওঁ ব্ৰহ্মদেশত উপস্থিত হৈ অসমত ক্ষমতাৰ অপপ্ৰয়োগ হোৱা বুলি তাৰ ৰজা বডৌপায়াৰ সহায় বিচৰাত মানসকলে প্ৰথমবাৰ অসম আক্ৰমন কৰে। এই ৰণত আহোম সেনা পৰাজিত হয় আৰু ৰ মৃত্যু হয়। মানসকলে দেশ এৰি যোৱাৰ সময়ত বদনচন্দ্ৰ বৰফুকনক বুঢ়াগোঁহাই পদত অধিষ্ঠিত কৰি থৈ যায়। ইয়াৰ পছত তেওঁ আহোম ৰাজ্যৰ সৰ্বময় কৰ্তা হৈ পৰে আৰু তেওঁৰ অত্যাচাৰো দুগুনে বাঢ়ি যায়। শেষত তেওঁৰ কাৰ্যত অতিষ্ঠ হৈ পৰি ৰাজমাও নুমলীয়ে ৰূপসিং চুবেদাৰৰ হতুৱাই বদনচন্দ্ৰ বৰফুকনক হত্যা কৰোৱায়।

প্ৰশ্ন ৬। কেপ্তেইন ৱেলছ কোন আছিল ? তেওঁ অসমলৈ কিয় আহিছিল আৰু ইয়াৰ ফলাফল কি হ’ল ?

উত্তৰ— কেপ্তেইন ৱেলছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন ব্ৰিটিছ বিষয়া ।

মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা গৌৰীনাথ সিংহই ৰাজধানী এৰি পলাই থাকব লগীয়া হোৱাত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ সহায় বিচাৰে। গৌৰীনাথ সিংহৰ আমন্ত্ৰন ক্ৰমে কৰ্ণৱালিছে মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবৰ বাবে কেপ্তেইন ৱেছলক অসমলৈ পঠিয়ায়।

কেপ্তেইন ৱেলছ অসমলৈ আহিয়েই মোৱামৰীয়া বিদ্ৰোহীৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰে । পাছত দৰঙী ৰজা কৃষ্ণ নাৰায়ণৰ বিদ্ৰোহ দমন কৰে । তেওঁ নামনি আৰু উজনি অসমৰ বিদ্ৰোহ দমন কৰি গৌৰীনাথ সিংহক আহোমৰ শাসনভাৰ গতাই দিয়ে ।

প্ৰশ্ন ৭। ‘পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দ্বন্দই অসমলৈ মান অহাত সহায় কৰিছিল‘– কথাষাৰৰ যথার্থতা নিৰ্নয় কৰা ।

উত্তৰ— মানৰ অসম আক্ৰমনৰ মূলতেই আছিল আহোম ৰাজসভাৰ দুই উচ্চপদস্থ বিষয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দ্বন্দ । সেইসময়ত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ নামতহে ৰজা আছিল, প্ৰকৃত শাসনভাৰ আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হাতত । এইকথা ক্ষমতালোভী বদন চন্দ্ৰ বৰফুকনে একাবাৰে সহ্য কৰিব পৰা নাছিল আৰু পূৰ্ণানন্দক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছিল। বদনচন্দ্ৰ বৰফুকনৰ এই কামত অসন্তুষ্ট হৈ তেওঁক ধৰি আনিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কটকী পঠিয়াইছিল। বদনচন্দ্ৰ বৰফুকনে আগতীয়াকৈ এই খবৰ পাই কলিকতালৈ পলাই যায়। তাত গৈ তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰিলে যদিও বিফল হয়। ইয়াৰ পিছত তেওঁ ব্ৰহ্মদেশত উপস্থিত হৈ অসমত ক্ষমতাৰ অপপ্ৰয়োগ হোৱা বুলি তাৰ ৰজা বডৌপায়াৰ সহায় বিচৰাত মানসকলে প্ৰথমবাৰ অসম আক্ৰমন কৰে। এইদেৰেই পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দ্বন্দই অসমলৈ মান অহাত সহায় কৰিছিল ।

প্ৰশ্ন ৮। ইয়াণ্ডাবু সন্ধিৰ পৰবৰ্তী পৰ্যায়ত ইংৰাজসকলে কিয় গোটেই অসমখন নিজৰ শাসনধীন কৰা নাছিল ? তোমাৰ মতামত দাঙি ধৰা ।

উত্তৰ— ইয়াণ্ডাবু সন্ধিৰ পৰবৰ্তী পৰ্যায়ত ইংৰাজসকলে গোটেই অসমখন নিজৰ শাসনধীন কৰিব পাৰিলেহেঁতেন যদিও মানসকলৰ লগত আন এখন যুদ্ধৰ সম্ভাৱনাই ইংৰাজসকলক যথেষ্ট ভীতিগ্ৰস্ত কৰি ৰাখিছিল। ইয়াৰ ফলত তেওঁলোকে ব্ৰহ্মদেশৰ ওচৰ-চুবুৰীয়া ৰাজ্যসমূহক সন্তুষ্ট কৰি ৰাখিছিল যাতে তেওঁলোকে ইংৰাজৰ বিৰুদ্ধে মানসেনাৰ লগলাগি যুদ্ধ নকৰে।  তদুপৰি পাহাৰীয়া ৰাজ্যবোৰত  সেইসময়ত যাতায়াতৰ আৰু পৰিবহণৰ কোনো সুবিধা নাছিল । পাহাৰ বোৰতো বিশেষ কোনো সম্পদো নাছিল । এইবোৰ ঠাইত জনসংখ্যাও আছিল সীমিত, খেতি-বাতিও প্ৰায় নহৈছিলে। এনেবোৰ কাৰনতে ইংৰাজসকলে এই অঞ্চলটো বৃটিছ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰাতো লাভজনক নহ’ব বুলি ভাবি গোটেই অসমখন নিজৰ শাসনধীন কৰা নাছিল ।Class 8 Social Science Chapter 15

sl. No. contents (class 8 social science)
  ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3 বসতি
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5 সাগৰ–মহাসাগৰ
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7 অসমৰ নদ–নদী
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
  ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10 মধ্য যুগৰ অসম
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ
  অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22 ভাৰতীয় সংবিধান
পাঠ-23 মৌলিক অধিকাৰ
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য

মনত ৰাখিবলগীয়া কথা : (class 8 social science chapter 15)

১৮ শতিকাৰ মাজ ভাগত অসমত শাক্ত পন্থাই ৰজা ঘৰৰ ধৰ্ম হিচাপে ঠাই পাইছিল।

অসমত তিনিবাৰ মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। এই বিদ্ৰোহেই আছিল ৰজা ঘৰৰ বিৰুদ্ধে প্ৰজাৰ প্ৰথম বিদ্ৰোহ।

১৭৯২ খ্ৰীষ্টাব্দত কেপ্তেইন ৱেলছ অসমলৈ আহিছিল আৰু ১৭৯৪ খ্ৰীষ্টাব্দত তেওঁ উভতি যায়।

কেপ্তেইন ৱেলছে অসমৰ বিষয়ে এটি মূল্যৱান বিৱৰণ লিখি গৈছে।

মানসকল ব্ৰহ্মদেশৰ লোক আছিল।

বদনচন্দ্ৰ বৰফুকন আৰু ৰ মাজৰ ক্ষমতাৰ দ্বন্দই অসমলৈ মানসকলক অহাৰ সুবিধা কৰি দিছিল।

মানে তিনিবাৰ অসম আক্ৰমণ কৰিছিল।

মানৰ আক্ৰমনে অসমক অৰ্থনৈতিক সংকটত পেলাইছিল।

মানৰ সম্প্ৰসাৰণবাদী নীতিৰ বাবেই বৃটিছৰ লগত সংঘৰ্ষ হৈছিল।

বৃটিছ আৰু মানৰ মাজত হোৱা সংঘৰ্ষৰ সামৰণি পৰিছিল ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে। এই সন্ধি অনুসৰি মানে অসম ত্যাগ কৰিছিল।

১৮২৬ খ্ৰীষ্টাব্দৰ পৰাই বৃটিছে অসমত সাম্ৰাজ্যবাদতৰ পাতনি মেলিছিল। 

সাম্ৰাজ্যবাদ আৰু অসম FAQ

where I can find সাম্ৰাজ্যবাদ আৰু অসম Class 8 Social Science Answers?

You can find all the answers at eStudyAssam.

কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ?

১৮২৬ খ্ৰীষ্টাব্দত । 

মানে কেইবাৰ অসম আক্ৰমন কৰিছিল ?

তিনিবাৰ । 

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close