বসতি : গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন Class 8 Social Science Chapter 4

SCERT Assam বসতি : গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন class 8 Social Science Chapter 4 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 4 “বসতি : গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন” Lesson 4 free notes. you can also download class 8 social science chapter 4 PDF for free.

বসতি : গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

পাঠ ৪

অনুশীলনী :

প্ৰশ্ন ১। উত্তৰ লিখা

(ক)  বসতিক কেই ভাগত ভাগ কৰা হয়?

উত্তৰ— বসতিক দুটা ভাগত ভাগ কৰা হয় গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি।

(খ) গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত?

উত্তৰ— গ্ৰামাঞ্চলৰ প্ৰায় ৭৫ শতাংশতকৈও অধিক লোক কৃষিকাৰ্যৰ লগত জড়িত হৈ আছে।

(গ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত?

উত্তৰ— নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায়-বাণিজ্যৰ লগত জড়িত।

(ঘ) উৎপত্তি কালৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰ সমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে ?

উত্তৰ— উৎপত্তি কালৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰ সমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে প্ৰাচীন নগৰ, মধ্যযুগীয় নগৰ আৰু আধুনিক নগৰ।

(ঙ) লোকপিয়ল বিভাগে নিদিৰ্ষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে ?

উত্তৰ— লোকপিয়ল বিভাগে নিদিৰ্ষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা ৫,৫০০ জন হ’ব লাগে।

(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি?

উত্তৰ— গুৱাহাটী মহানগৰ।

প্ৰশ্ন ২। শুদ্ধ/অশুদ্ধ লিখা

(ক)  নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক ।

উত্তৰ— অশুদ্ধ ।

(খ) গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত।

উত্তৰ— অশুদ্ধ ।

(গ) নতুন দিল্লী এখন প্ৰশাসনিক নগৰ।

উত্তৰ— শুদ্ধ ।

(ঘ) আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ।

উত্তৰ— শুদ্ধ ।

(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত।

উত্তৰ— শুদ্ধ ।

প্ৰশ্ন ৩। চমুকৈ উত্তৰ লিখা

(ক) গ্ৰাম্য অঞ্চলৰ বৃত্তি।

উত্তৰ— গ্ৰাম্য অঞ্চলৰ মূখ্য বা প্ৰধান বৃত্তি হ’ল কৃষি। গ্ৰাম্য বসতি অঞ্চলৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশতকৈও অধিক লোক কৃষিকাৰ্যত নিয়োজিত হৈ থাকে। কৃষিৰ উপৰি গাঁৱৰ মানুহে মাছ ধৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ-জন্তু পোহা, সৰু-সুৰা ব্যৱসায় কৰা, আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে।

(খ) নগৰীয় বসতিৰ সা-সুবিধা।

উত্তৰ— নগৰীয় বসতিৰ সা-সুবিধাৰ কথা ক’বলৈ গ’লে প্ৰথমেই ক’ব লাগিব যাতায়তৰ কথা। ইয়াৰ যাতায়তৰ ব্যৱস্থা যথেষ্ট সুচল। নগৰত শিক্ষা, চিকিৎসা আদিৰ সা-সুবিধাও বেছি। লগতে শিক্ষানুষ্ঠান, উদ্যোগ, কল-কৰখানা, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদি অধিক থকাৰ বাবে নিয়োগৰ সুবিধা বেছি। অকল এয়াই নহয়, নগৰ অঞ্চলত নাট ঘৰ, কথাছবি ঘৰ, চিৰিয়াখানা, উদ্যান আদি থকাত ইয়াৰ মানুহে আমোদ-প্ৰমোদৰ, অৱসৰ বিনোদনৰ সুবিধাও পায়।

(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি?

উত্তৰ— নগৰত বসতি ঘন হোৱাৰ প্ৰধান কাৰণ হৈছে ইয়াত প্ৰায় সকলো ধৰনৰ সুবিধা উপলব্ধ। যেনে- যাতায়তৰ ব্যৱস্থা সুচল, ব্যৱসায়–বাণিজ্যৰ সুবিধা, কৰ্মসংস্থানৰ সুবিধা, উন্নত চিকিৎসা ব্যৱস্থা, কল–কাৰখানা, শিক্ষানুষ্ঠান সুবিধা হোৱাৰ কাৰণে নগৰত বসতি ঘন ।

(ঘ) মেগাল’পলিছ কাক বোলে?

উত্তৰ— একোখন মহানগৰত কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ আশে-পাশে ভালেমান সৰু-বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্ট কৰে তাক মেগাল’পলিছ বোলা হয়।

প্ৰশ্ন ৪। নগৰৰ সা-সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা।

উত্তৰ—

নগৰৰ সা-সুবিধা নগৰৰ সমস্যা
১) যাতায়তৰ ব্যৱস্থা সুচল। ১) প্ৰচণ্ড যান-জঁটৰ সমস্যা।
২) ব্যৱসায়–বাণিজ্যৰ সুবিধা। ২) কৃত্ৰিম বানপানীৰ সমস্যা।
৩) কৰ্মসংস্থানৰ সুবিধা। ৩) বিশুদ্ধ খোৱাপানীৰ সমস্যা।
৪) উন্নত চিকিৎসাৰ সুবিধা। ৪) প্ৰদূষণৰ সমস্যা ।
৫) আমোদ-প্ৰমোদ তথা অৱসৰ বিনোদনৰ সুবিধা।
৫) অস্বাস্থ্যকৰ পৰিৱেশ।
৬) উচ্চ শিক্ষাৰ সুবিধা।
৬) ঘৰ, বাট-পথ, অনুষ্ঠান নিৰ্মাণৰ বাবে মাটিৰ নাটনি।

প্ৰশ্ন ৫। ভূ-চিত্ৰাৱলী চাই অসমৰ দহখন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা।

উত্তৰ—

নগৰৰ নাম কোন জিলাত অৱস্থিত
গুৱাহাটী কামৰূপ
গোলাঘাট গোলাঘাট
তিনিচুকীয়া তিনিচুকীয়া
নগাঁও নগাঁও
গোৱালপাৰা গোৱালপাৰা
নলবাৰী নলবাৰী
বৰপেটা বৰপেটা
ধেমাজি ধেমাজি
যোৰহাট যোৰহাট
মৰিগাঁও মৰিগাঁও

প্ৰশ্ন ৬। তুমি বাস কৰা ঠাইত থকা দহটা পৰিয়ালৰ লোকসকলৰ শিক্ষাগত অৰ্হতা আৰু তেওঁলোক কি কি বৃত্তিৰ লগত জড়িত তাৰ জৰীপ কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা।

উত্তৰ— শ্ৰেণী শিক্ষকৰ সহায় লৈ নিজে কৰা।

অন্যান্য প্ৰশ্ন (class 8 Social Science Chapter 4)

Class 8 social science Chapter 4প্ৰশ্ন ১। ভাৰতৰ তিনিখন ঔদ্যোগিক মহানগৰৰ নাম লিখা।

উত্তৰ— টাটা নগৰ, ভিল্লাই আৰু বাৰাউনী।

প্ৰশ্ন ২। ভাৰতৰ দুখন পৰ্যটন নগৰৰ নাম লিখা।

উত্তৰ— দাৰ্জিলিং আৰু মুচৌৰী।

প্ৰশ্ন ৩। অতি মহানগৰ কাক বোলে।

উত্তৰ— এক নিযুতৰ পৰা পাঁচ নিযুত জনসংখ্যা থকা পৌৰবসতিক অতি মহানগৰ বোলে।

প্ৰশ্ন ৪। অসমত পৌৰ প্ৰশাসনৰ অন্তৰ্ভূক্ত বা পৌৰ প্ৰশাসনৰ দ্বাৰা পৰিচালিত নগৰৰ সংখ্যা কিমান?

উত্তৰ— ৮০ খন।

sl. No. contents (class 8 social science)
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3 বসতি
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5 সাগৰ–মহাসাগৰ
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7 অসমৰ নদ–নদী
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10 মধ্য যুগৰ অসম
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22 ভাৰতীয় সংবিধান
পাঠ-23 মৌলিক অধিকাৰ
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য

মনত ৰাখিবলগীয়া কথা :

কৃষি কাৰ্যক কেন্দ্ৰ কৰি মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ গাৱঁৰ সৃষ্টি কৰিছে।

গ্ৰাম্য বসতিৰ প্ৰায় ৭৫ শতাংশ বা ততোধিক লোক কৃষি কাৰ্যত নিয়োজিত হৈ জীৱন নিৰ্বাহ কৰে।

নগৰীয়া বসতি সাধাৰণতে ব্যৱসায়-বাণিজ্য, শিল্প-উদ্যোগ আদিক কেন্দ্ৰ কৰি গঢ়ি উঠে।

নগৰত বাস কৰা লোকৰ ৭৫ শতাংশতকৈও অধিক লোকে উদ্যোগ, বাণিজ্য, চাকৰি আৰু অন্যান্য উপাৰ্জনমুখী কাৰ্যৰ যোগেদি জীৱন নিৰ্বাহ কৰে।

নগৰীয়া জীৱন-ধাৰণ প্ৰণালীত পৌৰনিগম, নগৰপালিকা আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

ভাৰতৰ নগৰসমূহক প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক নগৰ হিচাপে বিভক্ত কৰিব পাৰি।

অসমত পৌৰ প্ৰশাসনৰ অন্তৰ্ভূক্ত নগৰৰ সংখ্যা ৮০ খন।

অসমৰ বেছিভাগ নগৰ ব্ৰহ্মপুত্ৰ নদীৰ আশে-পাশে অৱস্থিত।

অসমত এক লাখ বা ততোধিক জনসংখ্যাৰ কেইবাখনো নগৰ আছে যদিও কেৱল গুৱাহাটীয়ে মহানগৰ হিচাপে স্বীকৃতি পাইছে। একমাত্ৰ ইয়াতেই পৌৰনিগম গঠন হৈছে।

অসমৰ বেছি ভাগ নগৰ প্ৰশাসনীয় নগৰ হিচাপে গঢ়ি উঠিছে। সেই হিচাপে বেছিসংখ্যক নগৰেই জিলা বা মহকুমাৰ সদৰ।

কেতিয়াবা এটা বিষয়ক কেন্দ্ৰ কৰি নগৰ এখন গঠন হ’লেও পিছলৈ আন আন দিশতো ইয়াৰ বিকাশ ঘটে।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close