SCERT Assam নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান class 8 Social Science Chapter 9 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 9 “নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান” Lesson 9 free notes. you can also download class 8 social science chapter 9 PDF for free.
নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ ৯
অনুশীলনী
প্ৰশ্ন ১। উত্তৰ লিখা—
(ক) ভক্তিবাদ বুলিলে কি বুজায়?
উত্তৰ— ভগবানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ।
(খ) ভক্তবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি?
উত্তৰ— সামাজিক ক্ষেত্ৰত থকা উচ্চ-নীচৰ ব্যৱধান আৰু কঠোৰ ধৰ্মীয় নীতি-নিয়মসমূহ মানুহে ক্ৰমান্বয়ে মানিবলৈ টান পাইছিল। ফলত মানুহৰ মনত নতুন ধৰ্মীয় চিন্তাধাৰাৰ ভাব আহি পৰিছিল আৰু সমাজত ভক্তিবাদ আন্দোলন গঢ়ি উঠিছিল।
(গ) ‘দিব্য প্ৰবন্ধম’ কি?
উত্তৰ— দাক্ষিণাত্যৰ তামিল ৰাজ্যৰ আলভাৰচ্ সকলৰ গীত-মাত, মৌখিক সাহিত্যৰ কীৰ্তিৰাজি পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায়। এই সংকলিত সাহিত্য সম্ভাৰকে ‘দিব্য প্ৰৱন্ধম’ বোলে।
(ঘ) উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা।
উত্তৰ— উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম— গুৰুনানক, কবীৰ, তুলসীদাস আৰু ৰামানন্দ ǀ
(ঙ) শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে?
উত্তৰ— শংকৰদেৱৰ মতে মোক্ষ লাভৰ বাবে আড়ম্বৰপূৰ্ণ যাগ-যজ্ঞ, বলি-বিধান আদিৰ কোনো প্ৰয়োজন নাই। ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে।
প্ৰশ্ন ২। উপযুক্ত শব্দেৰে তলৰ খালী ঠাই পূৰ কৰা—
(ক) শঙ্কৰাচাৰ্য আছিল ________ বিশ্বাসী।
উত্তৰ— শঙ্কৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী।
(খ) খ্ৰীষ্ট্ৰীয় ________ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী-আফগানসকলৰ আৰ্ৱিভাৱ ঘটিছিল।
উত্তৰ— খ্ৰীষ্ট্ৰীয় নৱম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী-আফগানসকলৰ আৰ্ৱিভাৱ ঘটিছিল।
(গ) ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল ________ ।
উত্তৰ— ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল ৰাম ।
(ঘ) তুলসীদাসক ________ বুলি গণ্য কৰিছিল।
উত্তৰ— তুলসীদাসক বাল্মিকীৰ অৱতাৰ বুলি গণ্য কৰিছিল।
(ঙ) গীত গোবিন্দত শ্ৰীকৃষ্ণৰ লীলাৰ ________ আৰু গৰিমা প্ৰচাৰ কৰা হৈছে।
উত্তৰ— গীত গোবিন্দত শ্ৰীকৃষ্ণৰ লীলাৰ প্ৰশংসা আৰু গৰিমা প্ৰচাৰ কৰা হৈছে।
প্ৰশ্ন ৩। চমু টোকা লিখা—
(ক) শঙ্কৰাচাৰ্য
উত্তৰ— দক্ষিণ ভাৰতৰ কেৰেলাত শংকৰাচাৰ্যৰ নেতৃত্বতে ভক্তিবাদৰ জন্ম হৈছিল। তেওঁ আছিল অদ্বৈতবাদত বিশ্বাসী। শংকৰাচাৰ্যৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই। মানুহৰ মাজতে ভগৱান বিদ্যমান। সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে।
(খ) জ্ঞানদেৱ
উত্তৰ— উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত ভক্তি আন্দোলনৰ গুৰি ধৰোতাসকলৰ ভিতৰত অন্যতম আছিল জ্ঞানেশ্বৰ বা জ্ঞানদেৱ। তেওঁৰ নেতৃত্বতে খ্ৰীষ্ট্ৰীয় ১৩ শতিকাত ভক্তি আন্দোলনৰ এক ধাৰা গঢ় লৈ উঠিছিল। জ্ঞানদেৱে গীত মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা, ধনী-দুখীয়া আদি বৈষম্যবোৰ আঁতৰ কৰি সহজ সৰল বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল। সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথা জনসাধাৰণৰ মাজত উপস্হাপন কৰিছিল।
(গ) ৰামানন্দ
উত্তৰ— উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ । তেওঁ এগৰাকী পণ্ডিত আৰু সমাজ সংস্কাৰক আছিল । এওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম । তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকলৈ মোকলাই দিছিল । তেওঁ হিন্দী ভাষাত কবিতা ৰচনা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল । তেওঁৰ শিষ্যসকলৰ ভিতৰত অন্যতম আছিল কবীৰ।
(ঘ) নানক
উত্তৰ— গুৰু নানক হৈছে শিখ ধৰ্মৰ প্ৰৱৰ্তক। উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোতাসকলৰ অন্যতম এজন আছিল গুৰুনানক । এওঁক কবীৰৰ ভক্তিমাৰ্গে বিশেষভাৱে আকৃষ্ট কৰিছিল । নানকে হিন্দু ধৰ্মৰ মূৰ্তি পূজা কৰা পদ্ধতি আৰু জাতিভেদ প্ৰথা বিশ্বাস নকৰিছিল । তেওঁৰ মতে ঈশ্বৰ এজন । ঈশ্বৰ অদ্বিতীয় আৰু নিৰাকাৰ । শিখ ধৰ্মৰ উত্থান ভক্তিবাদ আন্দোলনৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ আছিল ।
(ঙ) মীৰাবাঈ
উত্তৰ— ১৩ শতিকাত উত্তৰ পশ্চিম ভাৰতত বিশেষকৈ গুজাৰাট আৰু ৰাজস্থানত যি সকল ব্যক্তিৰ নেতৃত্বত ভক্তি আন্দোলনে গা কৰি উঠিছিল, তেওঁলোকৰ ভিতৰত অন্যতম হৈছে মীৰাবাঈ। গুজৰাট আৰু ৰাজস্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাঈয়েও ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল। জনসাধাৰণৰ মাজত এই ভক্তিমাৰ্গে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল।
প্ৰশ্ন ৪। আলভাৰচ্ সকল কোন? তেওঁলোকৰ মূল ধৰ্মমত কি আছিল?
উত্তৰ— দাক্ষিণাত্যৰ তামিল ৰাজ্যত বাস কৰা এটা সম্প্ৰদায়। তেওঁলোকৰ নেতৃত্বতে খ্ৰীষ্টীয় সপ্তম শতিকাত দক্ষিণ ভাৰতৰ তামিল ৰাজ্যত ভক্তিবাদ আন্দোলনে গা কৰি উঠিছিল।
তেওঁলোকৰ মূল ধৰ্মমত আছিল— বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল । অহং ভাৱবোৰ ত্যাগ কৰি ভগবানৰ ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মোক্ষ লাভ হয় । মানুহৰ মাজতে ভগৱানক পাব পাৰি। গতিকে জীৱ প্ৰেমেই ভগৱৎ প্ৰেমৰ আধাৰ।
প্ৰশ্ন ৫। চুফিবাদৰ মূলমন্ত্ৰ কি আছিল ? ভাৰতত চুফিবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা ।
উত্তৰ— চুফিবাদৰ মূলমন্ত্ৰ আছিল এক ভগৱানকে উপাসনা কৰা । ভাৰতত চুফিবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তি হৈছে- নিজামুদ্দিন আউলিয়া আৰু মইনুদ্দিন চিস্তি।
প্ৰশ্ন ৬। কবীৰ কিয় হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল ?
উত্তৰ— কবীৰ আছিল এক ভগবানৰ উপাসক । তেওঁ ভগৱানক ৰাম, হৰি, আল্লা, খোদা আদি নামেৰে অভিহিত কৰিছিল। তেওঁক মুছলমানসকলে চুফিবাদী সাধক হিচাপে আৰু হিন্দুসকলে ৰাম ভক্ত হিচাপে স্বীকৃতি দিছিল । সেইকাৰণে কবীৰ হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল ।
প্ৰশ্ন ৭। ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্যে কি আছিল?
উত্তৰ— মধ্যযুগত ভাৰতৰ সমাজ ব্যৱস্থাত ধৰ্মৰ দিশৰ পৰা বহুতো প্ৰত্যাহবানে গা কৰি উঠিছিল। বিশেষকৈ হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম, জাতি ভেদ প্ৰথা, উচ্চ নীচ, ধনী-দুখীয়াৰ পাৰ্থক্যই সমাজৰ নিম্নশ্ৰেণীৰ লোকক বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল। তেওঁলোকে ইয়াৰপৰা মুক্তি বিচাৰিছিল। জনসাধাৰণক এই ধৰ্মীয় ব্যভিচাৰ আৰু কুসংস্কাৰবোৰৰ পৰা মুক্তি দিয়াই এখন ভক্তিৰসত নিমজ্জিত সমাজ গঠন কৰিবৰ বাবে ভক্তি আন্দোলনৰ নেতাসকলে সমাজ সংস্কাৰৰ কাম হাতত লৈছিল।
প্ৰশ্ন ৮। ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি ?
উত্তৰ— ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ বহুতো কাৰণ আছে। ইয়াৰ ভিতৰত প্ৰধান কাৰন হৈছে- প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা, ধনী-দুখীয়া আদি বৈষম্যবোৰ আঁতৰ কৰি সহজ-সৰল আৰু বন্ধুত্বপূৰ্ণ জীৱন-যাপনত ভক্তি আন্দোলনৰ প্ৰচাৰকসকলে যথেষ্ট গুৰুত্ব দিছিল। লগতে ঈশ্বৰ এজনেই আৰু তেওঁ সকলো মানুহৰ গাতে যে বিদ্যমান সেই কথা জনসাধাৰণৰ মাজত উপস্থাপন কৰিছিল। অকল এয়াই নহয়, প্ৰায় সকলোবোৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতাই তেওঁলোকৰ মতবাদসমূহ সকলোৱে বুজিব পৰাকৈ আঞ্চলিক ভাষাৰ যোগেদি প্ৰচাৰ কৰিছিল । উপৰোক্ত কাৰণবোৰৰ বাবেই ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হৈছিল।
প্ৰশ্ন ৯। শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে ৫০টা মান শব্দৰ ভিতৰত এটি টোকা প্ৰস্তুত কৰা।
উত্তৰ— অসমীয়া কলা–সংস্কৃতিৰ প্ৰাণস্বৰূপ শ্ৰীমন্ত শংকৰদেৱে ১৪৪৯ খ্ৰীষ্টাব্দত নগাৱঁৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰীত জন্ম লাভ কৰে। তেওঁ ভক্তিবাদৰ ধাৰণাৰে অসমীয়া সমাজখনক নকৈ গঢ়ি তুলিলে । শংকৰদেৱ একেশ্বৰবাদত বিশ্বাসী আছিল। ভগৱানৰ নিৰাকাৰ ৰূপেই তেওঁৰ মতবাদৰ মূল কথা।
অসমীয়া সমাজক একত্ৰিত কৰিবলৈ তেওঁ সমতা, সহিষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল । ভক্তিবাদক আশ্ৰয় কৰি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰতো মনোনিবেশ কৰিছিল । ধৰ্মক জনসাধাৰনৰ অধিক কাষ চপাবলৈ শঙ্কৰদেৱে সংস্কৃতৰ সলনি ব্ৰজাৱলী আৰু অসমীয়া ভাষাত ধৰ্ম শাস্ত্ৰবোৰ ৰচনা কৰিছিল ।
শংকৰদেৱৰ সাধনাৰ মূল বিষয়বস্তু আছিল অসমীয়া ভাষাৰ বিকাশ, ক’লা – সংস্কৃতিৰ ধাৰাবাহিক চৰ্চা আৰু ভক্তি বাদৰ প্ৰসাৰ । তেওঁ হল প্ৰকৃতাৰ্থত অসমীয়া জাতিৰ কাণ্ডাৰী, অসমীয়া ভাষা আৰু কলা সংস্কৃতিৰ অন্যতম প্ৰতিষ্ঠাপক ।
অন্যান্য প্ৰশ্ন (Class 8 Social Science Chapter 9)
প্ৰশ্ন ১। ভক্তি বুলিলে কি বুজা?
উত্তৰ— আভিধানিক অৰ্থত ভক্তি বুলিলে ঈশ্বৰৰ প্ৰতি থকা গভীৰ আনুগত্য আৰু শ্ৰদ্ধাক বুজায়। পুজনীয়সকলৰ প্ৰতি শ্ৰদ্ধা দেখুৱাকো ভক্তি বুলি কোৱা হয়।
প্ৰশ্ন ২। নায়নাৰ সম্প্ৰদায়ৰ লোকসকল কোন পন্থী আচিল?
উত্তৰ— শৈৱপন্থী।
প্ৰশ্ন ৩। কবীৰে ৰচনা কৰা কবিতাসমূহক কি বুলি জনা যায়?
উত্তৰ— দোহা বুলি জনা যায়।
sl. No. | contents (class 8 social science) |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ–মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ–নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
মনত ৰাখিবলগীয়া কথা (Class 8 Social Science)
♦ ভগবৎ ভক্তিৰ ধাৰণা মূলতঃ খ্ৰীষ্ট্ৰীয় ৮ম শতিকাৰ পৰা আৰম্ভ হোৱা ভক্তিবাদ আৰু চুফিবাদ আন্দোলনৰ প্ৰভাৱ আছিল।
♦ দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰচ্ আৰু নায়নাৰ সম্প্ৰদায়ৰ নেতৃত্বত পোণ প্ৰথমে ভক্তি আন্দোলনৰ ভাৱ ধাৰাৰ সুচনা হয়।
♦ মধ্য যুগত ভাৰতত ইছলাম ধৰ্মৰ আৱিৰ্ভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল।
♦ ভক্তি আন্দোলনৰ মূল গুৰি ধৰোতাসকল আছিল- ৰামানন্দ, জ্ঞানদেৱ, নামদেৱ, একনাথ, কবীৰ, মীৰাবাঈ, সুৰদাস, তুলসীদাস, নানক, শ্ৰীমন্ত শংকৰদেৱ আদি।
♦ শংকৰদেৱৰ ভক্তি আন্দোলনে বৃহৎ অসমীয়া সমাজখনক একত্ৰিত কৰাত সহায় কৰিছিল।
♦ ভাৰতত ভক্তিবাদ আন্দোলনৰ সম-সাময়িকভাৱে ইছলাম ধৰ্মত এক উদাৰনৈতিক চুফিবাদ আন্দোলনেও গা কৰি উঠিছিল।
♦ ভক্তিবাদৰ মূল কথা হ’ল ঈশ্বৰ এজন আৰু ভক্তভাৱে ভগৱানৰ নাম আৰাধনা কৰিলেই ভগৱানৰ আশিষ লাভ কৰিব পাৰি।
♦ ভক্তি আন্দোলনে ভাৰতৰ ঐক্য-সংহতি ৰক্ষা, আঞ্চলিক ভাষাৰ প্ৰসাৰ আৰু শিখ ধৰ্মৰ উত্থানত প্ৰভূত অৰিহণা যোগাইছিল।
নব্য ধর্মীয় ভাবধাৰাৰ উত্থান FAQ
Where I can find নব্য ধর্মীয় ভাবধাৰাৰ উত্থান class 8 Answers?
You can find all the answers at eStudyAssam.com
উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা।
গুৰুনানক, কবীৰ, তুলসীদাস আৰু ৰামানন্দ
আলভাৰচ্ সকলে কোন দেৱতাক উপাসনা কৰিছিল?
বিষ্ণুক।
Thanks😊😊