১৮৫৭ চনৰ বিদ্ৰোহ Class 8 Social Science Chapter 16

SCERT Assam ১৮৫৭ চনৰ বিদ্ৰোহ class 8 Social Science Chapter 16 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 16 “১৮৫৭ চনৰ বিদ্ৰোহ” Lesson 16 free notes. you can also download class 8 social science chapter 16 PDF for free.

১৮৫৭ চনৰ বিদ্ৰোহ

পাঠ ১৬

অনুশীলনী :

প্ৰশ্ন ১। উত্তৰ লিখা

(ক)  কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইংৰাজ উপনিৱেশত পৰিণত হ’ল ?

উত্তৰ— ১৮৫৮ চনৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইংৰাজ উপনিৱেশত পৰিণত হ’ল ।

(খ)  কোন গৱৰ্ণৰ জেনেৰেলৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল ?

উত্তৰ— গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউচিৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল ।

(গ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল ?

উত্তৰ— ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ আছিল মংগল পাণ্ডে।

(ঘ) মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল ?

উত্তৰ— মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল ।

(ঙ)  অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল ?

উত্তৰ— অসমৰ কৃষক বিদ্ৰোহসমূহ পৰিচালনা কৰিছিল ‘ৰাইজ মেলসমূহে’।

প্ৰশ্ন ২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

‘ক’ অংশ ‘খ’ অংশ
ক) ১৮৫৬ চনৰ আইন মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ
খ) ১৮৫৭ চনৰ ২৯ মাৰ্চ গোমধৰ কোঁৱৰৰ বিদ্ৰোহ
গ) ১৮৫৮ চন ফুলগুৰি ধেৱা
ঘ) ১৮২৮ চন সাগৰ যাত্ৰা বাধ্যতামূলক কৰা
ঙ) ১৮৬১ চন ভাৰতৰ শাসনভাৰ ৰানী ভিক্টোৰিয়াৰ অধীন

উত্তৰ—

‘ক’ অংশ ‘খ’ অংশ
ক) ১৮৫৬ চনৰ আইন সাগৰ যাত্ৰা বাধ্যতামূলক কৰা
খ) ১৮৫৭ চনৰ ২৯ মাৰ্চ মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ
গ) ১৮৫৮ চন ভাৰতৰ শাসনভাৰ ৰানী ভিক্টোৰিয়াৰ অধীন
ঘ) ১৮২৮ চন গোমধৰ কোঁৱৰৰ বিদ্ৰোহ ।
ঙ) ১৮৬১ চন ফুলগুৰি ধেৱা

প্ৰশ্ন ৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—

() অৰ্থনৈতিকসামাজিকৰাজনৈতিকসামৰিকধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল 

উত্তৰ— শুদ্ধ ।

() ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী 

উত্তৰ— অশুদ্ধ ।

() ১৮৫৭ চনৰ বিদ্ৰোহত বাহাদুৰ ছাহ দ্বিতীয়ক ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰিছিল 

উত্তৰ— শুদ্ধ ।

() মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ ইংৰাজক আবেদন জনাইছিল 

উত্তৰ— অশুদ্ধ ।

() ১৮৬১ চনৰ জানুৱাৰীত ৰঙিয়ানলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্ৰোহ কৰিছিল 

উত্তৰ— অশুদ্ধ ।

প্ৰশ্ন ৪। চমু টোকা লিখা

(ক) মণিৰাম দেৱান

উত্তৰ— ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত অসমৰ প্ৰধান নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান। মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্ৰশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল । আৰম্ভণিতে তেওঁ ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্য মূলক নীতিৰ নিজেই এজন ভুক্তভোগী হোৱা হেতুকে শেষলৈ ইংৰাজ বিদ্বেষ হৈ পৰে ।

মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ ‘দেৱান‘ ৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ ‘চিনামৰা‘ আৰু ‘চেলেঙ‘ ত নিজাকৈ দুখন চাহ বাগিচা খুলি অসম তথা ভাৰতৰ প্ৰথম চাহ খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰে । মনিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে বিভিন্ন প্ৰকাৰে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে ।

ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ অসমত পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যোৱাত অবশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযোগ গ্ৰহণ কৰি অসমতো সশস্ত্ৰ সংগ্ৰামৰ প্ৰস্তুতি চলালে । এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহ প্ৰমুখ্যে অন্যান্য সহযোগী সকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহৰ প্ৰস্তুতি চলাবলৈ আহ্বান জনালে । অসমত ইতিমধ্যেই অসন্তুষ্ট হৈ থকা বিভিন্ন শ্ৰেণীৰ লোকক সংগঠিত কৰাত একো অসুবিধাই নহ’ল । চাৰিং ৰজা কন্দপেশ্বৰ সিংহৰ বাসভৱন গোপন আলোচনাৰ কেন্দ্ৰ হৈ পৰিল । কিন্তু আঁচনি মতে কাম নহ’ল ।

প্ৰস্তুতি ভালেখিনি আগবঢ়াৰ সময়তে মণিৰাম দেৱানৰ বিদ্ৰোহ সম্পৰ্কীয় কিছুমান নথি–পত্ৰ ইংৰাজৰ হাতত পৰাত তৎকালীন ভাৱে মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী সকলক আটক কৰা হ’ল । কোনো আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিলে ।

(খ)  ফুলগুৰি ধেৱা

উত্তৰ— ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ভাৰতৰ শাসনভাৰ পোণপটিয়াকৈ ইংৰাজ সাম্ৰাজ্ঞীৰ অধীনলৈ যায় যদিও দেশৰ অৱস্থাৰ বিশেষ পৰিৱৰ্তন নহ’ল। বৰং ইংৰাজে বিদ্ৰোহৰ ঘাটি পুৰাবলৈ নতুন নতুন কৰ প্ৰৱৰ্তন কৰি সাধাৰণ প্ৰজা তথা কৃষক ৰাইজৰ জীৱন  দুৰ্বিসহ কৰি তুলিছিল। এইবিলাক কাৰণতেই ১৯ শতিকাৰ ষষ্ঠ দশকৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহে গা কৰি উঠিছিল। অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ১৮৬১ চনত নগাঁৱৰ ফুলগুৰিত সংঘটিত হৈছিল। ইয়াকে ফুলগুৰিৰ ধেৱা বুলি জনা যায়।

(গ) চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ

উত্তৰ— ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলৰ ব্যৱহাৰ। এইবিধ গুলি বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰুৱাব লাগিছিল। হঠাতে গুজৱ ওলাল যে এই সংমিশ্ৰণ গৰু আৰু গাহৰিৰ চৰ্বিৰে নিৰ্মিত। গৰু হিন্দুসকলৰ আৰু গাহৰি মুছলমান সকলৰ অভ্যক্ষ বাবে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰি এইবিধ গুলি ব্যৱহৰৰ প্ৰতিবাদ কৰিলে। আৰু বিদ্ৰোহত নামি পৰিল। সেই কাৰণে এই এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰকে চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ বুলি গণ্য কৰা হয় ।

প্ৰশ্ন ৫। চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি ? যিকোনো এটা কাৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ— চিপাহী বিদ্ৰোহৰ কাৰণবোৰক পাচঁ ভাগত বিভক্ত কৰিব পাৰি । সেইবোৰ হ’ল— i) ৰাজনৈতিক, ii) অৰ্থনৈতিক, iii) সামাজিক, iv) সামৰিক আৰু ধৰ্মীয় বা তৎকালীন কাৰণ ।

সামৰিক কাৰণ- ভাৰতীয় চিপাহীসকলৰ সহায়তে ইংৰাজে ভাৰতত এক বিশাল সাম্ৰাজ্য গঢ়ি তুলিবলৈ সক্ষম হৈছিল যদিও, ইয়াৰ বিনিময়ত ইংৰাজ চৰকাৰে তেওঁলোকক কোনো সুবিধা প্ৰদান কৰা নাছিল। আনকি ভাৰতীয় চিপাহীসকলৰ বেতনো ইংৰাজ চিপাহী সকলৰ তুলনাত যথেষ্ট কম আছিল। ভাৰতীয় চিপাহীসকলে চুবেদাৰতকৈ উচ্চ পদ নাপাইছিল। অকল এয়াই নহয়, ইংৰাজ কৰ্মচাৰী সকলে প্ৰায়েই ভাৰতীয় চিপাহীসকলক দুৰ্ব্যৱহাৰ কৰিছিল। এনেবোৰ কাৰণতে ভাৰতীয় চিপাহীসকলৰ মনত ইংৰাজৰ প্ৰতি বিদ্বেষৰ ভাৱ বাঢ়ি গৈ বিদ্ৰোহ ঘোষণা কৰিছিল।

প্ৰশ্ন ৬। লর্ড ডেলহাউচিৰ নীতিসমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া বুলি ভাবা ? লিখা।

উত্তৰ— ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ ৰাজনৈতিক কাৰণবিলাকৰ ভিতৰত অন্যতম আছিল লৰ্ড ডেলহাউছিৰ সাম্ৰাজ্যবাদী নীতি। তেওঁ প্ৰৱৰ্তন কৰা স্বত্ববিলোপ নীতিৰ জৰিয়তে চথাৰা, নাগপুৰ, চম্বলপুৰ আদি ৰাজ্য অধিগ্ৰহণ কৰাত ভাৰতীয় জনসাধাৰণৰ মনত ভয়, শংকা আৰু অবিশ্বাসৰ সৃষ্টি হৈছিল। এওঁৰ শাসনকালতে এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদিও কাঢ়ি লোৱা হৈছিল। তাৰোপৰি মোগক সম্ৰাটৰ অস্তিত্ব নাশ কৰাৰ ষড়যন্ত্ৰটো ডেলহাউচি লিপ্ত হৈছিল। এইবোৰ কাৰ্যই ভাৰতীয়সকলৰ মনত ইংৰাজসকলৰ প্ৰতি প্ৰচণ্ড ঘৃনাৰ সৃষ্টি কৰিছিল, যাৰ পৰিণতিস্বৰূপে ১৮৫৭ চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল।

প্ৰশ্ন ৭। এচাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহক কিয় ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক’ব পৰা নাযায় ? যুক্তি দৰ্শোৱা।

উত্তৰ— এচাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক’ব পৰা নাযায় ।  ইয়াৰ কাৰণবোৰ হৈছে

i) এই বিদ্ৰোহ বিশেষকৈ চিপাহীসকলৰ বিদ্ৰোহ আছিল। জাতি, ধৰ্ম নিৰ্বিশেষে সাধাৰন ভাৰতীয় সকলে এই বিদ্ৰোহত অংশগ্ৰহণ কৰা নাছিল।

ii) গোৰ্খা, শিখ, জমিদাৰ শ্ৰেণীৰ ব্যক্তিসকলো এই বিদ্ৰোহৰ পৰা আঁতৰত আছিল।

iii) এখন স্বাধীনতা যুদ্ধৰ বাবে যি পূৰ্বপ্ৰস্তুতি, ৰাজনৈতিক নেতা তথা সংগঠনৰ প্ৰয়োজন, চিপাহী বিদ্ৰোহত ইয়াৰ যথেষ্ট অভাৱ পৰিলক্ষিত হয়।

প্ৰশ্ন ৮। চিপাহী বিদ্ৰোহৰ নেতাসকলৰ ফটো সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা ।

উত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে শিক্ষকৰ সহায় লৈ নিজে কৰা।

প্ৰশ্ন ৯। ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি চিপাহী বিদ্ৰোহ সংঘটিত হোৱা ঠাই সমুহ যথা স্থানত বহুওৱা ।

উত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে শিক্ষকৰ সহায় লৈ নিজে কৰা।

Class 8 social science chapter 16

sl. No. contents (class 8 social science)
  ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3 বসতি
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5 সাগৰ–মহাসাগৰ
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7 অসমৰ নদ–নদী
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
  ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10 মধ্য যুগৰ অসম
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ
  অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22 ভাৰতীয় সংবিধান
পাঠ-23 মৌলিক অধিকাৰ
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য

মনত ৰাখিবলগীয়া কথা : ( Class 8 Social Science Chapter 16 )

১৮৫৭ চনৰ বিদ্ৰোহ আছিল ইংৰাজৰ এশ বছৰীয়া শোষণ নীতিৰ বিৰুদ্ধে সংঘটিত হোৱা এক প্ৰবল জনজাগৰন।

অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত ১৮৫৭ চনৰ বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।

১৮৫৭ চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ।

চিপাহী বিদ্ৰোহৰ প্ৰথম ছহীদ আছিল মংগল পাণ্ডে।

অতি কম সময়ৰ ভিতৰতে উত্তৰ ভাৰত, মধ্য ভাৰত আৰু দক্ষিণ ভাৰতৰ বহুতো অঞ্চলত চিপাহী বিদ্ৰোহে ব্যাপক ৰূপ ধাৰণ কৰিছিল।

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ ফলত ভাৰতৰ শাসনভাৰ পোনপটিয়াকৈ ইংলেণ্ডৰ ৰাণীৰ অধীনলৈ যায়।

অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে।

১৯ শতিকাৰ ষষ্ঠ ভাগৰ পৰা আৰম্ভ হোৱা অসমৰ কৃষক বিদ্ৰোহসমূহ পৰিচালনা কৰিছিল ‘ৰাইজমেল’সমূহে।

১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰকৃতি সম্বন্ধে ইতিহাসবিদসকল একমত নহয়।

১৮৫৭ চনৰ বিদ্ৰোহ Class 8 FAQ

Where I can find ১৮৫৭ চনৰ বিদ্ৰোহ Class 8 Social Science Answers?

You can find all the answers at eStudyAssam.com

পলাশী যুদ্ধ কেতিয়া হৈছিল ?

১৭৫৭ চনত।

 ১৮৫৭ চিপাহী বিদ্ৰোহৰ অসমত নেতৃত্ব কোনে দিছিল ?

মণিৰাম দেৱানে।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close