সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা Class 8 Social Science Chapter 21

SCERT Assam সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা class 8 Social Science Chapter 21 free study material and class notes available here for free. So, if you are looking for class 8 Social Science text book questions-answers (অষ্টম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.Class 8 social science chapter 21

Class 8 Social Science Chapter 21

StudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 8 social Science chapter 21 “সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা” Lesson 21 free notes. you can also download class 8 social science chapter 21 PDF for free.

সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

পাঠ ২১

অনুশীলনী :

প্ৰশ্ন ১। চমু উত্তৰ লিখা

(ক)  সংবিধান বুলিলে কি বুজা ?

উত্তৰ— ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু ইয়াৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন । ৰাষ্ট্ৰ পৰিচালনাৰ এই নীতি-নিয়ম আৰু আইন-কানুনসমূহকে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়।

(খ) সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে ?

উত্তৰ— সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংবিধান সংশোধন প্ৰক্ৰিয়া বোলে ।

(গ)  নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয় ?

উত্তৰ— নেপালত ২০০৮ চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয় ।

(ঘ)  লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ— লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰ ৈছে— ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া।

প্ৰশ্ন ২। চমু টোকা লিখা

নমনীয় সংবিধান, অলিখিত সংবিধান, ক্ষমতাৰ বিভাজন

উত্তৰ— নমনীয় সংবিধান :- যিবোৰ সংবিধান প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংশোধন কৰিব পাৰি, তেনে সংবিধানকে নমনীয় সংবিধান বোলে। এনে সংবিধান লিখিত বা অলিখিতও হ’ব পাৰে। যেনে- ইংলেণ্ডৰ সংবিধান খন এখন নমনীয় সংবিধান, এইখন অলিখিত সংবিধান আৰু সহজে সংশোধন কৰিব পাৰি।

অলিখিত সংবিধান :- যিবোৰ সংবিধানৰ লিখিত ৰূপ নাই, তেনে সংবিধানকে অলিখিত সংবিধান বোলে। এনে সংবিধান বিভিন্ন সময়ত প্ৰণয়ন কৰা আইন আৰু অতীতৰ পৰা প্ৰচলিত হৈ থকা ৰীতি-নীতিসমূহৰ মাজতে সিঁচৰিত হৈ থাকে। যেনে- ইংলেণ্ডৰ অভিধান।

ক্ষমতাৰ বিভাজন :- সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিব সেয়াও নিশ্চিত কৰে । যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে।

সকলো গণতান্ত্ৰিক চৰকাৰৰ শাসক ক্ষমতাৰ সাংবিধানিক বিভাজন আছে । যেনে–

১) বিধান মণ্ডলে আইন প্ৰণয়ন কৰে ।

২) কাৰ্য পালিকাই সেই আইন কাৰ্য কৰী কৰে আৰু

৩) ন্যায় পালিকাই আইনৰ বিচাৰ কৰে ।

প্ৰশ্ন ৩। শুদ্ধটো বাছি উলিওৱা

(ক)  ইংলেণ্ডৰ সংবিধান লিখিত/অলিখিত।

উত্তৰ— ইংলেণ্ডৰ সংবিধান অলিখিত

(খ)  ভাৰতৰ সংবিধান অনমনীয়/নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ।

উত্তৰ— ভাৰতৰ সংবিধান নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ।

(গ)  কাৰ্যপালিকাই/বিধানমণ্ডলে/ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে।

উত্তৰ— বিধানমণ্ডলে দেশৰ আইনসমূহ প্ৰস্তুত কৰে।

প্ৰশ্ন ৪। সংবিধান কেই প্ৰকাৰৰ আৰু কি কি ? ব্যাখ্যা কৰা ।

উত্তৰ— সংবিধান চাৰি প্ৰকাৰৰ- লিখিত, অলিখিত, নমনীয় আৰু অনমনীয়।

১) লিখিত সংবিধান :- যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয় । পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে লিখিত  সংবিধান আছে । যেনে- ভাৰতৰ সংবিধান।

২)  অলিখিত সংবিধান :- যিবোৰ সংবিধানৰ লিখিত ৰূপ নাই, তেনে সংবিধানকে অলিখিত সংবিধান বোলে। এনে সংবিধান বিভিন্ন সময়ত প্ৰণয়ন কৰা আইন আৰু অতীতৰ পৰা প্ৰচলিত হৈ থকা ৰীতি-নীতিসমূহৰ মাজতে সিঁচৰিত হৈ থাকে। যেনে- ইংলেণ্ডৰ অভিধান।

৩) নমনীয় সংবিধান :- যিবোৰ সংবিধান প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংশোধন কৰিব পাৰি, তেনে সংবিধানকে নমনীয় সংবিধান বোলে। এনে সংবিধান লিখিত বা অলিখিতও হ’ব পাৰে। যেনে- ইংলেণ্ডৰ সংবিধান খন এখন নমনীয় সংবিধান, এইখন অলিখিত সংবিধান আৰু সহজে সংশোধন কৰিব পাৰি।

8) অনমনীয় সংবিধান :- কিছুমান সংবিধান সংশোধন কৰিবলৈ হ’লে বিশেষ পদ্ধতিৰ প্ৰয়োজন হয়। এই বিশেষ পদ্ধতিটো জটিল আৰু সহজে সংশোধন কৰিব নোৱাৰি। এনে ধৰণৰ সংবিধানক অনমনীয় সংবিধান বোলে। উদাহৰণ স্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান।

প্ৰশ্ন ৫। উত্তৰ লিখা

(ক)  লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য।

উত্তৰ—

লিখিত সংবিধান অলিখিত সংবিধান
লিখিত ৰূপত থাকে। লিখিত ৰূপত নাথাকে।
ৰচনাকাল আৰু ৰচনাকাৰৰ সম্পৰ্কে জানিব পাৰি। ৰচনাকাল আৰু ৰচনাকাৰৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায়।

(খ)  অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য।

উত্তৰ— অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য হৈছে

১) অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি জটিল।

২) অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে।

প্ৰশ্ন ৬। ‘গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে’ যুক্তিসহ আলোচনা কৰা।

উত্তৰ— গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে । কাৰণ

১) গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বাস কৰা বিভিন্ন সম্প্ৰদায়, জাতি–উপজাতি, ভাষা–সংস্কৃতিৰ মনোভাৱ আৰু চিন্তাধাৰাৰ জনসাধাৰণক সুকলমে পৰিচালনা কৰিবলৈ সংবিধানৰ প্ৰয়োজন আছে ।

২) গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত মানুহক মানুহে শাসন কৰাৰ পৰিবৰ্তে আইনৰ দ্বাৰাহে শাসন কৰা উচিত অৰ্থাৎ সংবিধানৰ দ্বাৰা শাসন কৰা উচিত ।

৩) সমাজ বা ৰাষ্ট্ৰত ব্যক্তি বা নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয় । দেশৰ সংবিধানে নাগৰিকক এই অধিকাৰ আৰু কৰ্তব্যসমূহ প্ৰদান কৰে বা স্বীকৃতি দিয়ে আৰু প্ৰয়োজনত তাৰ ৰক্ষণাবেক্ষণ কৰে ।

৪) সংবিধানে চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে । সংবিধান চৰকাৰৰ সকলো বিভাগৰে ক্ষমতা, কাৰ্যাৱলী নিৰ্ধাৰিত কৰি দিয়া থাকে । চৰকাৰে সংবিধান মতেহে দেশ শাসন কৰিব পাৰে ।

প্ৰশ্ন ৭।  তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহ উপযুক্ত স্থানত বহুওৱা ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড ।

নমনীয় অনমনীয় নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ

উত্তৰ—

নমনীয় অনমনীয় নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ
ইংলেণ্ড আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰত

প্ৰশ্ন ৮। প্ৰকল্প : তোমালোকৰ অঞ্চলত থকা সংঘ বা অনুষ্ঠানসমূহৰ নাম সংগ্ৰহ কৰা। সেই অনুষ্ঠানবোৰ কেনেদৰে পৰিচালিত হয় আৰু কি কি কাম কৰে ? শিক্ষক/অভিভাৱক/স্থানীয় সংঘৰ সদস্যসকলৰ লগত যোগাযোগ কৰি এটি টোকা প্ৰস্তুত কৰা ।

উত্তৰ— শ্ৰেণী শিক্ষকৰ সহায় লৈ নিজে কৰা ।

মনত ৰাখিবলগীয়া কথা : (Class 8 Social Science Chapter 21)

সংবিধান হ’ল কিছুমান ৰীতি-নীতি বা আইন-কানুনৰ সমষ্টি। ইয়াত চৰকাৰৰ বিভিন্ন অংগসমূহৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে লিপিবদ্ধ কৰা হয়।

ৰাষ্ট্ৰখন সুকলমে পৰিচালিত কৰিবৰ বাবে ৰাষ্ট্ৰৰ সংবিধানখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

সংবিধানে চৰকাৰৰ ক্ষমতা আৰু কাৰ্যাৱলী নিয়ন্ত্ৰন কৰে।

সংবিধানে চৰকাৰৰ বিভিন্ন অংগ যেনে- কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত ক্ষমতাৰ বিভাজন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

সংবিধানে দেশৰ নাগৰিকসকলৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা সুৰক্ষিত কৰে।

সংবিধানখনত ৰাষ্ট্ৰৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ নিৰ্দেশনাও থাকে।

সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সম্পৰ্ক নিৰ্ধাৰণ কৰে।

সংবিধান বিভিন্ন প্ৰকাৰৰ। যেনে-

লিখিত
অলিখিত
নমনীয়
অনমনীয়
sl. No. contents (class 8 social science)
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1 প্ৰাকৃতিক সম্পদ
পাঠ-2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3 বসতি
পাঠ-4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5 সাগৰ–মহাসাগৰ
পাঠ-6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7 অসমৰ নদ–নদী
পাঠ-8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10 মধ্য যুগৰ অসম
পাঠ-11 অসমৰ আৰ্থ–সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13 ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15 সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16 ১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17 মানৱ সম্পদ উন্নয়ন
পাঠ-18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19 আৰ্থ–সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22 ভাৰতীয় সংবিধান
পাঠ-23 মৌলিক অধিকাৰ
পাঠ-24 আমাৰ মৌলিক কৰ্তব্য

অতিৰিক্ত প্ৰশ্ন (Class 8 Social Science Chapter 21)

(ক)  আধুনিক যুগৰ কোন দেশত প্ৰথম লিখিত সংবিধান সচিত হয় ?

উত্তৰ— আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান।

(খ)  চৰকাৰৰ তিনিটা অংগ কি কি ?

উত্তৰ— চৰকাৰৰ তিনিটা অংগ হৈছে- কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা।

(গ)  ২০০৮ চনৰ আগত নেপালত কেনেধৰণৰ চৰকাৰ আছিল ?

উত্তৰ— ২০০৮ চনৰ আগত নেপালত ৰাজতন্ত্ৰ আছিল।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close