SCERT Assam class 7 Social Science Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
SCERT Class 7 Social Science Chapter 12
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 12 “গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ” Lesson 12 free notes. You can even download SCERT Assam class 7 social science chapter 12 PDF.
গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
পাঠ ১২
প্ৰশ্ন ১। উত্তৰ দিয়া :—
(ক) থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত ?
উত্তৰ— থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত ।
(খ) হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি ?
উত্তৰ— হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি গৰাকীৰ নাম হ’ল বাণভট্ট ।
(গ) ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল ?
উত্তৰ— ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল ।
(ঘ) চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
উত্তৰ— চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ’ল পৰান্তক ।
(ঙ) গংগাইকুণ্ডচোলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মাণ কৰাইছিল?
উত্তৰ— ৰাজাৰাজৰ পুত্ৰ ৰাজেন্দ্ৰই চোলে গংগাইকুণ্ডচোলপুৰম নগৰ নিৰ্মাণ কৰাছিল।
প্ৰশ্ন ২। খালী ঠাই পূৰোৱা—
(ক) বমৰ্ণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ________ ।
উত্তৰ— বমৰ্ণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰবৰ্মণ।
(খ) ________ আন এটি নাম আছিল শিলাদিত্য ।
উত্তৰ— হৰ্ষবৰ্ধনৰ আন এটি নাম আছিল শিলাদিত্য ।
(গ) পল্লৱসকলে ________ শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে ।
উত্তৰ— পল্লৱসকলে দ্ৰাবিড় শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে ।
(ঘ) এলিফেন্টা আৰু ________ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায় ।
উত্তৰ— এলিফেন্টা আৰু মালখেদৰ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায় ।
(ঙ) চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ________ বোলা হৈছিল।
উত্তৰ— চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ব্ৰহ্মদেয় বোলা হৈছিল।
প্ৰশ্ন ৩। শুদ্ধ উত্তৰ বাছি উলিওৱা—
(ক) গুপ্তসকলে ভাৰতত দুশ/তিনিশ/চাৰিশ বছৰ ৰাজত্ব কৰিছিল ।
উত্তৰ— গুপ্তসকলে ভাৰতত দুশ/তিনিশ/চাৰিশ বছৰ ৰাজত্ব কৰিছিল ।
(খ) হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ/তক্ষশীলা /কনৌজ ।
উত্তৰ— হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল কনৌজ ।
(গ) হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্যৰ ১/৬ / ১/৫ / ১/৪ অংশ কৰ হিচাপে আদায় কৰিছিল ।
উত্তৰ— হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্যৰ ১/৬ অংশ কৰ হিচাপে আদায় কৰিছিল ।
(ঘ) কাঞ্চী/কাঞ্চীপুৰম/ মহাৱলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল ।
উত্তৰ— কাঞ্চীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল ।
(ঙ) ৰাজাৰাজ /প্ৰথমকৃষ্ণ/দান্তিদূৰ্গ/ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক ।
উত্তৰ— দান্তিদূৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক ।
প্ৰশ্ন ৪। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া—
(ক) বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষক কি কি ভাগত ভাগ কৰিছে ?
উত্তৰ— বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষক দুটা ভাগত ভাগ কৰিছে- (১) উত্তৰ ভাৰত আৰু (২) দক্ষিণ ভাৰত ।
(খ) থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি ?
উত্তৰ— থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম হৈছে কনৌজ ।
(গ) পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা কি কি ?
উত্তৰ— পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা হৈছে— শিল্পকলা আৰু সাহিত্য সংস্কৃতি।
(ঘ) ৰাষ্ট্ৰকূটসকলৰ শাসন কালত কি কি ভাষাৰ বিকাশ হৈছিল ?
উত্তৰ— ৰাষ্ট্ৰকূটসকলৰ শাসন কালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল ।
(ঙ) কোন ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল ?
উত্তৰ— ৰজা প্ৰথম পৰান্তকৰ শাসন কালত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল ।
প্ৰশ্ন ৫। ৫০টা মান শব্দৰ ভিতৰত লিখা।
(ক) হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি।
উত্তৰ— সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্য়খন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্য়খনক প্ৰদেশ, ভুক্তি, বিষয়, গাওঁ আদি ভাগত ভাগ কৰিছিল। আজিকালিৰ নিচিনা এই বিভাগবোৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী বিষয়া আদি নিয়োগ কৰিছিল।
(খ) হৰ্ষবৰ্ধনৰ ৰাজহ ব্যৱস্থা ।
উত্তৰ— হৰ্ষবৰ্ধনে ৰাজ্যখন সুচাৰুৰূপে চলাবৰ বাবে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ-কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত শস্যৰ ১/৬ অংশ কৰ হিচাপে পৰিশোধ কৰিছিল । কেতিয়াবা নগদ ধনেৰেও এনে কৰ শোধাইছিল। এনেদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল।
(গ) মহাৱলীপুৰম মন্দিৰৰ শিল্পৰীতি ।
উত্তৰ— পল্লৱসকলে সপ্তম শতিকাতে নিৰ্মাণ কৰিছিল।তেওঁলোকে শিল্প-ভাস্কৰ্য বিকাশৰ ক্ষেত্ৰত দ্ৰাবিড় শিল্পকলা নামৰ এটি নতুন শিল্পৰীতি ব্যৱহাৰ কৰিছিল। মহাৱলীপুৰমৰ মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে।এই মন্দিৰসমূহক ৰথ বোলা হয়। এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয়।
(ঘ) ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিতি ।
উত্তৰ— ৰাষ্ট্ৰকূট ৰাজ্যখন দাক্ষিণাত্যৰ পশ্চিম উপকূলত বৰ্তমানৰ গুজৰাট প্ৰদেশৰ তলফালে নৰ্মদা নদীৰপৰা কৃষ্ণা আৰু তুঙ্গভদ্ৰা নদীক স্পৰ্শ কৰি বিস্তৃত হৈ থকা আাছিল ৰাজ্যখনেই হৈছে ৰাষ্ট্ৰকূট ৰাজ্য। দান্তিদূৰ্গ নামৰ এজন সামন্ত প্ৰভূৱে আনুমানিক ৭৫৩ খ্ৰীঃত এই ৰাষ্ট্ৰকূট ৰাজ্যখন প্ৰতিষ্ঠা কৰে।
(ঙ) চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য ।
উত্তৰ— চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰ কেৱল উপাসনা স্থলীয়েই নাছিল বৰং এইবোৰ আছিল ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একো একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা-সেৱা, চোৱা-চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে-পাজৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ-পোষণ দিয়া হৈছিল। এইদৰেই মন্দিৰবোৰে আৰ্থ-সামাজিক, সাংস্কৃতিক জীৱন চহকী কৰিছিল।
প্ৰশ্ন ৬। তলত উল্লেখ কৰা ৰাজ্যসমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্ৰস্তুত কৰা— গৌড়, চোল, ৰাজপুতনা, থানেশ্বৰ, গুৰ্জৰ প্ৰতিহাৰ, পাণ্ড্য, কনৌজ, কেৰল, মালৱ, ৰাষ্ট্ৰকূট, কলিঙ্গ, চালুক্য, চাণ্ডেল্য ।
উত্তৰ ভাৰত | দক্ষিণ ভাৰত |
ৰাজপুতনা | গৌড় |
থানেশ্বৰ | চোল |
গুৰ্জৰ প্ৰতিহাৰ | পাণ্ড্য |
কনৌজ | কেৰল |
মালৱ | ৰাষ্ট্ৰকূট |
কলিঙ্গ | |
চালুক্য | |
চাণ্ডেল্য |
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
মনত ৰাখিবলগীয়া কথা (Class 7 Social Science Chapter 12)
♦ গুপ্তসকলৰ পতনৰ পাছত সমগ্ৰ ভাৰতবৰ্ষত কিছুমান সৰু সৰু ৰাজ্যৰ অভুত্থান হৈছিল।
♦ মধ্যযুগত ভাৰতবৰ্ষত ৰাজত্ব কৰা হৰ্ষবৰ্ধন ইতিহাসৰ এক উল্লেখযোগ্য সম্ৰাট।
♦ হৰ্ষবৰ্ধন আছিল একেধাৰে সুদক্ষ যোদ্ধা, সুশাসক, শিল্পানুৰাগী, সাহিত্যনুৰাগী আৰু শিক্ষানুৰাগী সম্ৰাট।
♦ কামৰুপৰ ৰজা ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ মিত্ৰ ৰজা আছিল।
♦ চীনা পৰিব্ৰাজক হিউৱেন চাং হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমনলৈ আহিছিল।
♦ কাঞ্চীৰ পল্লৱসকল শিল্পানুৰাগী আৰু সংস্কৃত ভাষাৰ পৃষ্ঠপোষক আছিল।
♦ ৰাষ্ট্ৰকূট ৰজাসকল আদিতে ভূমিৰ মালিক আছিল। ভাৰতৰ সাহিত্য-সংস্কৃতি, শিল্পকলা, ধৰ্মৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান লেখত ল’বলগীয়া।
♦ চোল ৰজাসকল শাসন প্ৰনালী, শিল্প-ভাস্কৰ্য, কৃষি প্ৰণালীত জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োগ ভাৰতৰ ইতিহাসৰ উল্লেখনীয় অধ্যায়।
(adsbygoogle = window.adsbygoogle || []).push({});