SCERT class 7 Social Science Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন free study material and class notes PDF available here for free. So, if you are looking for class seven Assamese text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Social Science Chapter 3
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 3 “পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন” Lesson 3 free notes. You can even download SCERT Assam class 7 social science chapter 3 PDF.
পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
অনুশীলনী :
প্ৰশ্ন ১। তলত দিয়াবোৰৰ উত্তৰ লিখা— (৩০টা মান শব্দৰ ভিতৰত)
(ক) বায়ুমণ্ডল বুলিলে কি বুজা ?
উত্তৰ— আমাৰ পৃথিৱীৰ উপৰিভাগক বায়ুৰ এক আৱৰণে আৱৰি আছে, তাকে বায়ুমণ্ডল বোলে। বায়ুমণ্ডল গঠন কৰা প্ৰধান গেছ দুবিধ হৈছে- নাইট্ৰ’জেন আৰু অক্সিজেন। ইয়াৰ লগতে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড, হিলিয়াম, আৰ্গন, অ’জন আৰু হাইড্ৰ’জেন গেছো থাকে।
(খ) ফলকবোৰ এবছৰত কিমান চে.মি. গতিৰে লৰচৰ কৰে ?
উত্তৰ— ফলকবোৰ এক বছৰত ১ৰ পৰা ১.৫ চে.মি. গতিৰে লৰচৰ কৰে।
(গ) সাময়িক বতাহৰ বিষয়ে লিখা ।
উত্তৰ— যেনেদৰে দিনটোৰ বিভিন্ন সময়ত বতাহ বলা দেখা যায় ঠিক একদৰে বছৰৰ বিভিন্ন ঋতুতো বতাহ বলা দেখা যায় । এই বতাহৰ কাৰণ হ’ল বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য । এনে তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে । জলবতাহ, স্থলবতাহ, মৌচুমী বতাহ আদি সাময়িক বতাহৰ উদাহৰণ ।
(ঘ) বালিস্তূপ কি ?
উত্তৰ— মৰুভূমি অঞ্চলত বিচূৰ্ণীভৱনৰ দ্বাৰা শিলাবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ পৰি থকা শিল বালিবোৰ বতাহে এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই নিয়ে আৰু এঠাইত জমা কৰে । এইদৰে মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্তুপ ৰ সৃষ্টি হয় ।
(ঙ) অশ্বখুৰাকৃতিৰ হ্ৰদ কি?
উত্তৰ— কেতিয়াবা নদীয়ে একে বেকা গতিপথ এৰি পোনে পোনে ববলৈ ধৰে আৰু এৰি যোৱা ভাজটোৰ মুখত বালি জমা হয় । এনেকৈ নদীয়ে এৰি যোৱা অংশটো বিল বা হ্ৰদত পৰিণত হয় আৰু দেখিবলৈ ঘোঁৰাৰ খুৰাৰ আকৃতিৰ দৰে হয় বাবে ইয়াকে অশ্বখুৰাকৃতিৰ হ্ৰদ বুলি কোৱা হয় ।
প্ৰশ্ন ২। শুদ্ধ উত্তৰটোত √ চিন দিয়া—
(i) তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে—
(ক) কাৰ্বন-ডাই-অক্সাইড (খ) নাইট্ৰজেন (গ) অ’জন
উত্তৰ— (গ) অ’জন ।
(ii) হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ’ল—
(ক) প্লাৱনভূমি (খ) কাঠফুলাৰ দৰে শিলা (গ) গ্ৰাৱ
উত্তৰ— (গ) গ্ৰাৱ ।
(iii) পানীৰ ৰূপত পৃথিৱীত পৰা অধোক্ষেপণৰ নাম—
(ক) বৰষুণ (খ) মেঘ (গ) বৰফ
উত্তৰ— (ক) বৰষুণ ।
(iv) কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই—
(ক) মৰুভূমি (খ) নদী উপত্যকা (গ) প্লাৱনভূমি
উত্তৰ— (ক) মৰুভূমি।
(v) মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ’ল—
(ক) মেছ’স্ফেয়েৰ (খ) ষ্ট্ৰট’স্ফেয়েৰ (গ) ট্ৰপস্ফেয়েৰ
উত্তৰ— ট্ৰপস্ফেয়েৰ।
(vi) অশ্বখুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই—
(ক) হিমবাহ অঞ্চল (খ) নদী উপত্যকা (গ) মৰুভূমি
উত্তৰ— নদী উপত্যকা।
প্ৰশ্ন ৩। বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা—
(ক) বাণিজ্য বতাহ | (ক) নদীৰ মধ্য অংশ |
(খ) হিমবাহ | (খ) স্থানীয় বতাহ |
(গ) লু | (গ) অজ’ন স্তৰ |
(ঘ) সৰ্পিল গতি | (ঘ) বৰফৰ নদী |
(ঙ) ষ্টেট’স্ফিয়েৰ | (ঙ) নিয়ত বতাহ |
(চ) ভূমিকম্প |
উত্তৰ—
(ক) বাণিজ্য বতাহ | (ঙ) নিয়ত বতাহ |
(খ) হিমবাহ | (ঘ) বৰফৰ নদী |
(গ) লু | (খ) স্থানীয় বতাহ |
(ঘ) সৰ্পিল গতি | (ক) নদীৰ মধ্য অংশ |
(ঙ) ষ্টেট’স্ফিয়েৰ | (গ) অজ’ন স্তৰ |
প্ৰশ্ন ৪। কাৰণ দৰ্শোৱা— (৫০টা মান শব্দৰ ভিতৰত)
(ক) সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়।
উত্তৰ— সেমেকা বতৰত বায়ু মণ্ডলত প্ৰচুৰ পৰিমাণে জলীয় থাকে । ফলত জলীয় বাষ্প সিক্ত বায়ুৱে তিতা কাপােৰৰ পৰা জলীয় বাষ্প শুহি লােৱাত সময় লয় । সেয়েহে সেমেকা বতৰত তিতা কাপােৰ সোনকালে নুশুকায় ।
(খ) প্লাৱনভূমিবোৰ বৰ সাৰুৱা।
উত্তৰ— নদীয়ে উচ্চ অংশৰ পৰা মোহনালৈ গতি কৰোতে পানীৰ সোঁতে কঢ়িয়াই অনা বালি, বোকাৰ গেদবোৰ নদীৰ মধ্য আৰু নিম্ন অংশত দুয়োপাৰে জমা হৈ এখন বিস্তৰ সমভূমিৰ সৃষ্টি হয় । এনদৰে সৃষ্টি হোৱা সমভূমি অঞ্চলক প্লাৱন ভূমি বুলি কোৱা হয় । নদীয়ে কঢ়িয়াই অনা বোকা আৰু বালিৰ গেদৰ উপৰিও শিলৰ টুকুৰা, গছ-গছনিৰ ডাল-পাত অৱশিষ্ট, জাৱৰ-জোঁথৰৰ দ্বাৰা প্লাৱনভূমি গঠিত হয় বাবে এনে ঠাই খুবেই সাৰুৱা হয় ।
(গ) মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ।
উত্তৰ— মৰুভূমি অঞ্চলত বিচূৰ্ণীভৱনৰ দ্বাৰা শিলাবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ পৰি থাকে । বতাহে এই পদাৰ্থবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই নিয়ে আৰু এঠাইত জমা কৰে । এটা নিৰ্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবোৰৰ খনন ক্ষমতা বেছি । ফলত মৰুভূমিত থকা কিছুমান শিলাখণ্ডৰ ওপৰৰ অংশৰ তুলনাত তলৰ অংশ বেছিকৈ ক্ষয় হয় যাৰ ফলত ইয়াৰ আকৃতি কাঠফুলাৰ দৰে হৈ পৰে ।
(ঘ) বিষুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল ।
উত্তৰ— বিষুৱীয় অঞ্চলত বছৰৰ গোটেই দিন সূৰ্যৰ পোহৰ পোনপটিয়াকৈ বা লম্ব ভাৱে পৰে । যাৰ ফলত বিষুৱীয় অঞ্চলৰ বায়ুমণ্ডলৰ উষ্ণতা সদায় বেছি হয় । আনহাতে বিষুৱীয় অঞ্চলৰ পৰা ক্ৰমে দুই মেৰুৰ ফালে গ’লে সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰিবলৈ ধৰে । ফলত দুই মেৰু অঞ্চলৰ বায়ুমণ্ডল শীতল হয় । সেয়েহে বিষুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল ।
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
অতিৰিক্ত প্ৰশ্ন (Class 7 Social Science Chapter 3)
প্ৰশ্ন ১। বতাহ কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰ— বতাহ তিনি প্ৰকাৰৰ- নিয়ত বতাহ, সাময়িক বতাহ আৰু স্থানীয় বতাহ।
প্ৰশ্ন ২। ব-দ্বীপ নদীৰ কোনটো অংশত সৃষ্টি হয় ?
উত্তৰ— ব-দ্বীপ নদীৰ মোহনা অংশত সৃষ্টি হয়।
প্ৰশ্ন ৩। ভূমিকম্প বুলিলে কি বুজা ?
উত্তৰ— ভূ-আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকৰ ফাঁকেদি ভূগৰ্ভৰপৰা উত্তপ্ত গলিত শিল, ধাতু, ধোঁৱা, ছাঁই বাস্প আদি প্ৰবল বেগেৰে ওলাই আহি ভূপৃষ্ঠৰ ওপৰত চাৰিওফালে বিয়পি পৰে। ইয়াকে আগ্নেয়গিৰি বোলে।
প্ৰশ্ন ৪। জোখা যন্ত্ৰটোৰ নাম কি ?
উত্তৰ— চিচম’গ্ৰাফ।
প্ৰশ্ন ৫। বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি ?
উত্তৰ— বেৰ’মিটাৰ।
(adsbygoogle = window.adsbygoogle || []).push({});