শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য Class 7 Social Science Chapter 21

SCERT Assam class 7 Social Science Chapter 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Social Science Chapter 21

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 21 “শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য” Lesson 21 free notes. You can even download SCERT Assam class 7 social science chapter 21 PDF.

শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য

পাঠ ২১

অনুশীলনী :

প্ৰশ্ন ১।  চমু উত্তৰ লিখা :

প্ৰশ্ন (ক)   শ্ৰমৰ সমমৰ্যাদা মানে কি ?

উত্তৰ— শ্ৰমৰ সমমৰ্যাদা মানে পুৰুষ বা মহিলাৰ বৈষম্য নাৰাখি উভয়ৰে কামক স্বীকৃতি প্রদান কৰা ।

প্ৰশ্ন (খ)   শ্ৰমৰ সমমূল্যই কি সূচায় ?

উত্তৰ— শ্ৰমৰ সমমূল্যই পুৰুষ মহিলা নিৰ্বিশেষে তেওঁলোকে কৰা কামৰ বাবদ সমান মজুৰি লাভ কৰাতোকেই বুজায় ।

প্ৰশ্ন (গ)   প্ৰতিভা দেৱীসিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল ?

উত্তৰ— প্ৰতিভা দেৱীসিং পাটিলৰ কৰ্মজীৱন আৰম্ভ হৈছিল এগৰাকী উকিল হিচাপে ।

প্ৰশ্ন (ঘ)   মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰপৰা সাহিত্য সাধনাত ব্ৰতী হয় ?

উত্তৰ— মামণি ৰয়ছম গোস্বামীয়ে ১৩ বছৰ বয়সৰপৰা সাহিত্য সাধনাত ব্ৰতী হয় ।

প্ৰশ্ন (ঙ)   কল্পনা চাওলাই কোন বিষয়ত ডিগ্ৰী লাভ কৰিছিল ?

উত্তৰ— কল্পনা চাওলাই বৈমানিক অভিযন্তা হিচাপে ডিগ্ৰী লাভ কৰিছিল ।

প্ৰশ্ন (চ)  কলেজীয়া জীৱনত কি খেলত বাচেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল ?

উত্তৰ— কলেজীয়া জীৱনত ৰাইফল শ্বুটিঙত বাচেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল ।

প্ৰশ্ন ২।  উত্তৰ লিখা :

(ক)   পুৰুষ-মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায় ?

উত্তৰ— সমতা গণতন্ত্রৰ এক অন্যতম বৈশিষ্ট্য। ভাৰতৰ সংবিধানে সমতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। কিন্তু তথাপিও আমাৰ দেশত পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব পােৱা নাই। লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। আচলতে মহিলাক পুৰুষতকৈ দুর্বল বুলি ভবাৰ থল নাই । মহিলা সকলৰ মাজতাে মেধাসম্পন্ন, কষ্টসহিষ্ণু আৰু অসাধাৰণ মহিলা আছে । মামনি ৰয়ছম গোস্বামী, কল্পনা চাউলা, বাচেন্দ্ৰী পাল আদি ইয়াৰ উদাহৰণ । দেশত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কিছু তাকৰ যদিও তেওঁলােকৰ শ্ৰম আৰু বুদ্ধিমত্তাক দেশৰ উন্নয়নৰ কামত খটুৱাব পাৰিলে দেশখনে অধিক উন্নতি লাভ কৰিব । পুৰুষ–মহিলাৰ সমমর্যাদা আৰু পাৰস্পৰিক সহযােগিতাইহে দেশৰ উন্নতিৰ পথ মসৃণ কৰে ।

(খ)  লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত । কেনেকৈ ?

উত্তৰ— লিংগ বৈষ্যমৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত, কথাষাৰ সত্য। ঘৰ এখনত কন্যা শিশুৰ পঢ়া-শুনা আৰু খেলা-ধূলাৰ ক্ষেত্ৰত যিবোৰ বাধ্য-বাধকতা আৰোপ কৰা হয়, সন্তানটো ল’ৰা হ’লে সেইখিনিত বহু শিথিলতা দেখা যায়। বহু সময়ত সমাজত মহিলাসকলে কৰা কামৰ স্বীকৃতি নাপায় বা তেওঁলোকে কৰা কামৰ উচিত মূল্য দিয়া নহয়। ঘৰুৱা কামত মহিলাসকল পুৰুষতকৈ অধিক জড়িত হৈ থাকিব লাগে বুলি এটা পৰম্পৰা আমাৰ সমাজত এতিয়াও প্ৰচলিত হৈ আছে। আনহাতে ঘৰৰ বাহিৰৰ কামবোৰ অধিক কষ্টসাধ্য বুলি ধৰা হয় আৰু সেইবোৰৰ বাবে মহিলাসকলক উপযোগী বুলি ধৰি লোৱা নহয়। তাৰোপৰি মহিলাসকলে কৰা কামৰ ভাট্টা বা মজুৰি  পুৰুষৰ তুলনাত কম।

(গ) সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য ?

উত্তৰ— আমাৰ দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় আধা সংখ্যকেই মহিলা । যদি এনে এক বুজনসংখ্যক মানৱ সম্পদক সমাজ কল্যাণৰ কামৰ পৰা আঁতৰাই ৰখা হয়, সমাজৰ প্রগতি কেতিয়াও সম্ভৱ নহয় । সমাজৰ উন্নতিত মহিলাৰ লগতে পুৰুষৰ ভূমিকাও অপৰিহাৰ্য। সবলী মহিলাই সমাজৰ প্রতিটো ক্ষেত্ৰতেই উল্লেখযােগ্য বৰঙণি যােগাই আহিছে । বাচেন্দ্ৰী পাল, মামনি ৰয়ছম গোস্বামী, কল্পনা চাউলা, লাভলীনা বৰগোঁহাই আদি  ইয়াৰ জ্বলন্ত উদাহৰণ। এইসকলে  নিজৰ আত্মবল আৰু আত্মবিশ্বাসৰ বলত সকলো বাধা নেওচি নিজ প্রতিভাক বিকশিত কৰি সমাজৰ প্ৰগতিত নিজৰ অৱদান আগবঢ়াইছে। অকল এয়াই নহয় আজিৰ দিনত পুৰুষসকলৰ লগতে মহিলাসকলেও কৃষি, উদ্যোগ, সেৱা সকলোতে যথেষ্ট পাৰদৰ্শী ভূমিকা পালন  কৰিছে।

প্ৰশ্ন ৩।  খালী ঠাই পূৰ কৰা :

(ক)  নাৰী আৰু পুৰুষৰ শ্ৰমৰ _______ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয় ।

উত্তৰ— নাৰী আৰু পুৰুষৰ শ্ৰমৰ সমমর্যদা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয় ।

(খ)  সমাজৰ _______ পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকাৰ্য ।

উত্তৰ— সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদানাে অনস্বীকার্য ।

(গ)  ________ গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য ।

উত্তৰ— সমতা গণতন্ত্র এক অন্যতম বৈশিষ্ট্য ।

(ঘ) মহিলাসকলো পুৰুষৰ সমানে _______ আৰু দায়িত্বশীল ।

উত্তৰ— মহিলাসকলাে পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল ।

(ঙ) আমাৰ সমাজৰ ছোৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু ________ ।

উত্তৰ— আমাৰ সমাজৰ ছােৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত 

Class 7 social science chapter 21

প্ৰশ্ন ৪।  প্ৰকল্প :

(ক)  পাঠত উল্লেখ কৰা মহিলাকেইগৰাকীৰ উপৰি অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশত অৱদান যোগোৱা পাচঁগৰাকী মহিলাৰ বিষয়ে তলৰ তালিকা অনুসৰি এটা প্ৰকল্প প্ৰস্তুত কৰা ।

ছবি চমু পৰিচয় সমাজলৈ অৱদান

উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ।

Sl. No. Contents (Class 7 Social Science)
Chapter 1 ভূপৃষ্ঠত সময় গণনা
Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ
Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Chapter 4 আমাৰ পৰিৱেশ
Chapter 5 সম্পদ
Chapter 6 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ
Chapter 7 অসমৰ সম্পদ
Chapter 8 উত্তৰ-পূব ভাৰত
Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা
Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান
Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 13 প্ৰাকঐতিহাসিক অসম
Chapter 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ
Chapter 15 দিল্লীৰ চুলতানী যুগ
Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
Chapter 17 মোগলযুগ: সমাজ আৰু সংস্কৃতি
Chapter 18 আমাৰ চৌপাশৰ বজাৰ
Chapter 19 পৰিকল্পনা, বাজেট আৰু উন্নয়ন
Chapter 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
Chapter 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
Chapter 22 নাগৰিক আৰু নাগৰিকত্ব
Chapter 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
Chapter 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

মনত ৰাখিবলগীয়া কথা : (Class 7 Social Science Chapter 21)

মহিলাই ঘৰত কৰা কামৰ স্বীকৃতি পোৱা উচিত ।

পুৰুষ-মহিলাৰ শ্ৰমক সমমূল্য প্ৰদান নকৰা পৰ্যন্ত সমাজৰ উন্নতি সম্ভৱ নহয় ।

সমাজত পুৰুষ আৰু মহিলাৰ মৰ্যাদা ভিন্ন হয় ।

পুৰুষৰ তুলনাত মহিলাক দুৰ্বল বুলি ভবাৰ কোনো থল নাই ।

সমাজৰ উন্নতিত মহিলাৰ অৱদান অনস্বীকাৰ্য ।

আমাৰ দেশৰ সংবিধানে পুৰুষ-মহিলা নিৰ্বিশেষে সকলোকে সমতাৰ অধিকাৰ ভোগ কৰাৰ সুযোগ প্ৰদান কৰিছে ।

মহিলাৰ সবলীকৰণ সমাজৰ অগ্ৰগতিৰ এক অন্যতম কাৰক ।

এখন দেশৰ উন্নতিত ছোৱালী শিক্ষাৰ গুৰুত্ব অপৰিসীম ।

বৈষম্যহীন সমাজ এখনে দেশৰ উন্নতিৰ গতি খৰতকীয়া কৰে ।

আমি সকলোৱে বৈষম্যহীন সমাজ গঢ়িবৰ বাবে অনুপ্ৰাণিত হোৱা উচিত ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close