SCERT Assam class 7 Social Science Chapter 22 নাগৰিক আৰু নাগৰিকত্ব free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Social Science Chapter 22
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 22 “নাগৰিক আৰু নাগৰিকত্ব” Lesson 22 free notes. You can even download SCERT Assam class 7 social science chapter 22 PDF.
নাগৰিক আৰু নাগৰিকত্ব
পাঠ ২২
অনুশীলনী :
প্ৰশ্ন ১। চমু উত্তৰ লিখা—
(ক) নাগৰিক শব্দৰ অৰ্থ কি ?
উত্তৰ— এখন ৰাষ্ট্ৰৰ ভূখণ্ডত স্থায়ীভাৱে বাস কৰা আৰু ৰাষ্ট্ৰই প্ৰদান কৰা সকলো অধিকাৰ ভোগ কৰা লোকসকলেই হ’ল নাগৰিক ।
(খ) বিদেশী মানে কি ?
উত্তৰ— যেতিয়া কোনাে ব্যক্তিয়ে আন ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্রৰ পৌৰ অধিকাৰ ভােগ কৰে তেনে লােকক বিদেশী বােলে ।
(গ) নাগৰিকে দেশৰ কি কি অধিকাৰ ভোগ কৰিব পাৰে ?
উত্তৰ— নাগৰিকে দেশৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে ।
(ঘ) কোন চনত চিকিম ভাৰতৰ লগত চামিল হয় ?
উত্তৰ— চিকিম ১৯৭৫ চনত ভাৰতৰ লগত চামিল হয় ।
প্ৰশ্ন ২। উত্তৰ লিখা—
(ক) এজন বিদেশীয়ে ভাৰতৰ নাাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰে ?
উত্তৰ— এজন বিদেশীয়ে ভাৰতৰ নাাগৰিকত্ব ৫ ধৰণে লাভ কৰিব পাৰে—
১) পঞ্জীয়নৰ দ্বাৰা ২) দেশীয়কৰণৰ দ্বাৰা ৩) জন্মসূত্ৰে ৪) বংশানুক্ৰমে ৫) ৰাজ্যক্ষেত্ৰ চামিলকৰণৰ দ্বাৰা ।
(খ) পৌৰ অধিকাৰসমূহ কি কি ?
উত্তৰ— পৌৰ অধিকাৰসমূহ হ’ল— জীৱনৰক্ষাৰ অধিকাৰ, মতামত প্ৰকাশৰ অধিকাৰ, ব্যক্তিগত স্বাধীনতা অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি।
(গ) এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ’ব পাৰে ?
উত্তৰ— এজন নাগৰিক বিভিন্ন কাৰণত নাগৰিকত্বৰ পৰা বঞ্চিত হ’ব পাৰে । উক্ত কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—
(১) ৰাষ্ট্রবিৰােধী কাম কৰিলে ।
(২) অনুমতি নােলােৱাকৈ অন্য ৰাষ্ট্রৰ উপাধি ল’লে ।
(৩) ভাৰতীয় ছােৱালীয়ে অন্য দেশৰ নাগৰিকক বিয়া কৰাই সেই দেশৰ নাগৰিকত্ব লাভ কৰিলে ।
(৪) বহুত দিন একেৰাহে নিজৰ দেশত অনুপস্থিত থাকিলে ।
প্ৰশ্ন ৩। খালী ঠাই পূৰ কৰা—
(ক) বিদেশীসকলে _______ অধিকাৰ ভোগ কৰিব নোৱাৰে ।
উত্তৰ— বিদেশীসকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে ।
(খ) আমাৰ দেশ ভাৰতত এজন ব্যক্তিয়ে _______ বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে ।
উত্তৰ— আমাৰ দেশ ভাৰতত এজন ব্যক্তিয়ে ১৮ বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে ।
(গ) চিকিমৰ জনসাধাৰণে _______ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ।
উত্তৰ— চিকিমৰ জনসাধাৰণে ৰাজ্যক্ষেত্র চামিলকৰণৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ।
প্ৰশ্ন ৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) এজন বিদেশীয়ে পৌৰ অধিকাৰ/ৰাজনৈতিক অধিকাৰ লাভ কৰে ।
উত্তৰ— এজন বিদেশীয়ে পৌৰ অধিকাৰ লাভ কৰে ।
(খ) এজন নাগৰিকে দেশৰ হকে কাম কৰিলে/ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বেলোপ হ’ব পাৰে ।
উত্তৰ— এজন নাগৰিকে ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বেলোপ হ’ব পাৰে ।
(গ) দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য প্ৰকাশ নকৰে/আনুগত্য প্ৰকাশ কৰে ।
উত্তৰ— দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে ।
(ঘ) কোনো এজন ব্যক্তিৰ নিজৰ দেশৰ পৰা অন্য দেশলৈ গুচি গলে তেওঁক তাত নাগৰিক/বিদেশী বোলা হয় ।
উত্তৰ— কোনো এজন ব্যক্তিৰ নিজৰ দেশৰ পৰা অন্য দেশলৈ গুচি গলে তেওঁক তাত বিদেশী বোলা হয় ।
প্ৰশ্ন ৫।
প্ৰকল্প :
তোমালোকৰ পৰিয়ালৰ কোনো লোকৰ নাম ভোটাৰ তালিকাত নাথাকিলে কেনেধৰণৰ ব্যৱস্থা ল’ব লাগিব শিক্ষক আৰু অভিভাৱকৰ সহায়ত বুজি লৈ তেওঁৰ নাম তালিকাভুক্ত হোৱাটো নিশ্চিত কৰা ।
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ।
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
অতিৰিক্ত প্ৰশ্ন (Multiple Choice Questions)
প্ৰশ্ন ১। তলৰ কোনটো ৰাষ্ট্ৰ এখনৰ মূল উপাদান চাৰিটাৰ এটা নহয়—
(ক) জনসংখ্যা (খ) চৰকাৰ (গ) সুৰক্ষা (ঘ) সাৰ্বভৌমত্ব
উত্তৰ— (গ) সুৰক্ষা ।
প্ৰশ্ন ২। তলৰ কোনটো ভাৰতত লাভ কৰাৰ উপায় নহয়
(ক) জন্মসূত্ৰে (খ) চাকৰিসূত্ৰে (গ) বংশানুক্ৰমে (ঘ) দেশীয়কৰণৰ দ্বাৰা
উত্তৰ— (খ) চাকৰিসূত্ৰে ।
মনত ৰাখিবলগীয়া কথা : (Class 7 Social Science Chapter 22)
♦ যি ব্যক্তিয়ে এখন দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলাে অধিকাৰ ভােগ কৰে তেনে ব্যক্তিক নাগৰিক বােলে ।
♦ যেতিয়া কোনাে ব্যক্তিয়ে আন কোনাে ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্রৰ পেটৰ অধিকাৰ ভােগ কৰে তেনে লােক বিদেশী বােলে । বিদেশীলােকে নিজৰ দেশৰ বাহিৰে অন্য দেশৰ প্রতি আনুগত্য প্রকাশ কৰিবলৈ বাধ্য নহয় ।
♦ ভাৰতীয় নাগৰিকত্ব লাভৰ উপায়—
◊ পঞ্জীয়নৰ দ্বাৰা ◊ দেশীয়কৰণৰ দ্বাৰা ◊ জন্মসূত্ৰে ◊ বংশানুক্ৰমে ◊ ৰাজ্যক্ষেত্ৰ চামিলকৰণৰ দ্বাৰা ।
♦ নাগৰিকত্বৰপৰা বঞ্চিত হ’ব পৰা কাৰণসমূহ—
◊ ৰাষ্ট্রবিৰােধী কাম কৰিলে ।
◊ অনুমতি নােলােৱাকৈ অন্য ৰাষ্ট্রৰ উপাধি ল’লে ।
◊ ভাৰতীয় ছােৱালীয়ে অন্য দেশৰ নাগৰিকক বিয়া কৰাই সেই দেশৰ নাগৰিকত্ব লাভ কৰিলে ।
◊ বহুত দিন একেৰাহে নিজৰ দেশত অনুপস্থিত থাকিলে ।
(adsbygoogle = window.adsbygoogle || []).push({});