মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ Class 7 Social Science Chapter 6

SCERT Assam class 7 Social Science Chapter 6 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Social Science Chapter 6

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 6 “মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ” Lesson 6 free notes. You can even download SCERT Assam class 7 social science chapter 6 PDF.

মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ

পাঠ ৬

প্ৰশ্ন ১। কেৱল উত্তৰ লিখা

(ক)  পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি ?

উত্তৰ— পৰিৱেশক ঘাইকৈ দুটা ভাগত ভগাব পাৰি— প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশ ।

(খ)  মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে ?

উত্তৰ— মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক সম্পদ বোলে ।

(গ) ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে ।

উত্তৰ— ভাৰত চৰকাৰ ‘মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে’ দেশৰ মানৱ সম্পদ উন্নয়ন দিশটো চোৱা-চিতা কৰে।

(ঘ) ভূ-প্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে ?

উত্তৰ— ভূ প্ৰকৃতিৰ ভিত্তিক অসমক দুটা ভাগত ভগোৱা হৈছে- ১) ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকাৰ সমভূমি অঞ্চল  ২) পাহাৰীয়া অঞ্চল।

(ঙ) উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায় ?

উত্তৰ— উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান বৰ্তমান ডিমা–হাছাও নামেৰে জনা যায়।

প্ৰশ্ন ২। খালী ঠাই পূৰ কৰা

(ক) শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক ______ সম্পদ বোলে।

উত্তৰ— শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক মানৱ সম্পদ বোলে।

(খ) আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ ______ সম্পদ।

উত্তৰ— আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ শ্ৰেষ্ঠ সম্পদ।

(গ) অসম দক্ষিণ ______ মৌচুমী জলবায়ুৰ গতি পথত অৱস্থিত।

উত্তৰ— অসম দক্ষিণ পশ্চিম মৌচুমী জলবায়ুৰ গতি পথত অৱস্থিত।

(ঘ) অসমৰ কৃষি উৎপাদিত শস্যক ______ প্ৰধান ভাগত ভাগ কৰিব পাৰি।

উত্তৰ— অসমৰ কৃষি উৎপাদিত শস্যক তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি।

প্ৰশ্ন ৩। শুদ্ধ উত্তৰটো লিখা

(ক) মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ’ল গছ-গছনি/বাসগৃহ।

উত্তৰ— মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ’ল বাসগৃহ

(খ) জাপান পৃথিৱীৰ ভিতৰত উল্লেখযোগ্য উদ্যোগ প্ৰধান/কৃষি প্ৰধান দেশ।

উত্তৰ— জাপান পৃথিৱীৰ ভিতৰত উল্লেখযোগ্য উদ্যোগ প্ৰধান দেশ।

(গ) অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা চাকৰি/ কৃষি।

উত্তৰ— অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা কৃষি

(ঘ) পাহাৰীয়া অঞ্চলত জনবসতি ঘন/ সেৰেঙা।

উত্তৰ—পাহাৰীয়া অঞ্চলত জনবসতি সেৰেঙা

(ঙ) কাৰ্বি আংলং/উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা-হাছাও।

উত্তৰ— উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা-হাছাও।

প্ৰশ্ন ৪। শুদ্ধ-অশুদ্ধ লিখা

(ক) মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়।

উত্তৰ— অশুদ্ধ ।

(খ) প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰা হয়।

উত্তৰ— শুদ্ধ ।

(গ) মানৱ সৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল।

উত্তৰ— শুদ্ধ ।

(ঘ) শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ।

উত্তৰ— শুদ্ধ ।

(ঙ) ভূ-প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূ-খন্ডত বিভক্ত কৰিব পাৰি।

উত্তৰ— শুদ্ধ ।

প্ৰশ্ন ৫। চমু উত্তৰ লিখা (৪০টা মান শব্দৰ ভিতৰত)

(ক) সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা।

উত্তৰ— শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদনমুখী কাম কৰি সমাজৰ বিকাশৰ অৰিহনা আগবঢ়াবলৈ সক্ষম ব্যক্তিসকলেই হৈছে মানৱ সম্পদ। মানুহৰ বিভিন্ন কাম-কাজে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন-ধাৰণৰ মান উন্নত কৰি তুলিছে। ছপাযন্ত্ৰ কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱন আমাৰ সভ্যতা দ্ৰুত গতিত আগবঢ়াই নিছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে গোতেই পৃথিৱীখনকে আজি এখন বিশাল গোলকীয় গাঁওলৈ পৰ্য বসিত কৰিছে। মানৱ সম্পদত চহকী দেশসমূহ স্বাভাবিকতে উন্নত। উদাহৰণ হিচাপে, তুলনামূলকভাৱে প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয়। কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল  সেই দেশৰ মানৱ সম্পদ। অন্য দেশৰ পৰা আমদানি কৰা কেচা সামগ্ৰী ব্যৱহাৰ কৰি ইয়াৰ মানৱ সম্পদে জাপানত পৃথিৱীৰ ভিতৰত এখন আগশাৰীৰ উদ্যোগ  প্ৰধান আৰু ধনী দেশত পৰিণত  কৰিছে।

(খ) অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ।

উত্তৰ— ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত উপত্যকা অঞ্চলৰ ভূ-প্ৰকৃতি প্ৰায় সমান। এই দুয়োটা উপত্যকা নদীৰ পলসুৱা মাটিৰে গঠিত আৰু কৃষি-কাৰ্যৰ উপযোগী। ইয়াত মানুহৰ মুখ্য জীৱিকা কৃষি। এই অঞ্চলত পৰিৱহণ উন্নত। ঠায়ে ঠায়ে কিছুসংখ্যক শিল্প-উদ্যেগ গঢ়ি উঠিছে। পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰো প্ৰসাৰ ঘটিছে। এই অঞ্চলত ৰাজ্যৰ চহৰ, মহানগৰ সমূহো অৱস্থিত। ইয়াত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুবিধাজনক হোৱা কাৰণে জনবসতি অতি ঘন।

প্ৰশ্ন ৬। বহলাই লিখা (৮০টা মান শব্দৰ ভিতৰত)

(ক)  মানৱসৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদান সমূহ কি কি ? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পৰ্কে লিখা।

উত্তৰ— মানুহে জ্ঞান বুদ্ধি, কৌশল খটুৱাই প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে। এনে কাম-কাজে কোনো এখন ঠাইত যি এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে তাকেই সেই ঠাইখনৰ মানৱ সৃষ্ট পৰিৱেশ বোলে ।  ইয়াৰ উপাদান সমূহ হ’ল- ৰাস্তা-ঘাট, দলং, বাসগৃহ, উদ্যোগ, পৰিয়াল, সামাজিক ৰীতি-নীতি,কৃষ্টি-সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা-ব্যৱস্থা, ৰাজনৈতিক কাম-কাজ আদি।

এই পৰিৱেশ গঢ় দিয়াত মানুহেই মূখ্য ভূমিকা গ্ৰহণ কৰে। কাৰণ মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰিবলৈ মানুহে প্ৰাকৃতিক উপাদানসমূহ সংগ্ৰহ কৰিব লগা হয়। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱসৃষ্ট পৰিৱেশৰ উন্নয়ন হ’লেও প্ৰাকৃতিক উপাদানসমূহৰ অত্যাধিক আহৰণে প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ ক্ষতিসাধন কৰে। এনেকৈয়ে পৰিৱেশ প্ৰদূষিত হ’বলৈ ধৰে। এই প্ৰদূষণে মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে।  Class 7 social science chapter 6

Sl. No. Contents (Class 7 Social Science)
Chapter 1 ভূপৃষ্ঠত সময় গণনা
Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ
Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Chapter 4 আমাৰ পৰিৱেশ
Chapter 5 সম্পদ
Chapter 6 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ
Chapter 7 অসমৰ সম্পদ
Chapter 8 উত্তৰ-পূব ভাৰত
Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা
Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান
Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 13 প্ৰাকঐতিহাসিক অসম
Chapter 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ
Chapter 15 দিল্লীৰ চুলতানী যুগ
Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
Chapter 17 মোগলযুগ: সমাজ আৰু সংস্কৃতি
Chapter 18 আমাৰ চৌপাশৰ বজাৰ
Chapter 19 পৰিকল্পনা, বাজেট আৰু উন্নয়ন
Chapter 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
Chapter 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
Chapter 22 নাগৰিক আৰু নাগৰিকত্ব
Chapter 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
Chapter 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

(খ) কি কি কাৰণত অসমত বানপানী হয় ? বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দি দুটা ব্যৱস্থাৰ কথা উল্লেখ কৰা।

উত্তৰ— অসমত বানপানী হোৱাৰ প্ৰধান কাৰণ হ’ল一

১। অসমৰ নদীসমূহে পাহাৰীয়া অঞ্চলৰপৰা খনন কৰি অনা মাটি, শিল, বালিবোৰ কঢ়িয়াই আনি সমভূমি অঞ্চলত জমা কৰে। ইয়াৰ ফলত নদীৰ বহন ক্ষমতা হ্ৰাস পায় বাবে বানপানীৰ সৃষ্টি হয়।

২। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰি হিমালয়ৰ বৰফ গলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়ো পাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয়।

৩। ১৯৫০ চনৰ বৰভূইকঁপৰ ফলত বহ্মপুত্ৰৰ তলি ওফন্দি উঠা বাবে প্ৰত্যেক বছৰে অসমত বানপানী হোৱা দেখা যায়।

বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দুটা হ’ল一

১। বানাক্ৰান্ত অঞ্চলত বানপানী নোহোৱা সময়ত কৰিব পৰা কৃষিৰ ওপৰত গুৰত্ব দিয়া।

২। বানপানীৰ সময়ত ব্যৱহাৰ কৰিবৰ কাৰণে পৰিষ্কাৰ পানীৰ সু-ব্যৱস্থা ৰখা।

৩। বানপানীৰ সময়ত ব্যৱহাৰৰ কাৰণে ব্যক্তিগত নাওঁ বা ভূৰ ৰখা।

মনত ৰাখিবলগীয়া কথা (Class 7 Social Science Chapter 6)

মানুহৰ প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰপৰা যোগান ধৰিব পৰা দ্ৰব্য বা সামগ্ৰীসমূহেই সম্পদ।

সকলো দ্ৰব্য বা সামগ্ৰীয়ে সম্পদ নহয়। মানুহৰ প্ৰয়োজন পূৰাব পৰা আৰু উপযুক্তভাৱে ব্যৱহাৰ কৰিব পৰা দ্ৰব্য সামগ্ৰীয়ে সম্পদ।

সম্পদৰ প্ৰধান ভাগ তিনিটা- প্ৰাকৃতিক, মানৱসম্পদ আৰু মানৱসৃষ্ট সম্পদ।

প্ৰাচুৰ্য, উৎপত্তি, বিতৰণ আৰু উন্নয়নৰ ওপৰত ভিত্তি কৰি সম্পদসমূহৰ শ্ৰেণী বিভাজন কৰা হৈছে।

ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধি এখন দেশৰ মানৱে সৃষ্টি কৰা সম্পদৰ প্ৰধান কাৰক।

প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাবেক্ষণ দিয়াটোৱে সম্পদৰ সংৰক্ষণ।

উপযুক্তভাৱে সম্পদ সংৰক্ষণ কৰিবলৈ হ’লে কিছু নীতি-আচৰণবিধি মানি চলাটো প্ৰয়োজন।

মানুহৰ জীৱনৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰণ কৰিব পৰা ব্যৱস্থাই হৈছে সম্পদৰ দীৰ্ঘম্যাদী উন্নয়ন।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close