পৰিকল্পনা, বাজেট আৰু উন্নয়ন Class 7 Social Science Chapter 19

SCERT Assam class 7 Social Science Chapter 19 পৰিকল্পনা, বাজেট আৰু উন্নয়ন free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 social Science Chapter 19

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 19 “পৰিকল্পনা, বাজেট আৰু উন্নয়ন” Lesson 19 free notes. You can even download SCERT Assam class 7 social science chapter 19 PDF.

পৰিকল্পনা, বাজেট আৰু উন্নয়ন

পাঠ ১৯

অনুশীলনী :

প্ৰশ্ন ১।  চমু উত্তৰ লিখা

(ক)  সঞ্চয়ৰ অৰ্থ কি ?

উত্তৰ— সঞ্চয়ৰ অৰ্থ হৈছে আয়ৰ এটা অংশ খৰছ নকৰি ভবিষ্যতৰ বাবে সাঁচি ৰখা ।

অথবা

সঞ্চয়ৰ অৰ্থ হৈছে মুঠ উৰ্পাজনৰ পৰা প্ৰয়োজনীয় খৰছ কৰি ৰাহি হোৱা ধনখিনি ভৱিষ্যতৰ বাবে জমা কৰা ।

(খ)  পৰিকল্পনা কাক বোলে ?

উত্তৰ— কোনো কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰিবলৈ আগতীয়াকৈ কৰা চিন্তা-চৰ্চা তথা প্ৰয়োজনীয় সা-সম্পদ যোগাৰ কৰাকে পৰিকল্পনা বোলে ।

(গ)  বাজেট মানে কি ?

উত্তৰ— বাজেট হৈছে এটা আৰ্থিক পৰিকল্পনা য’ত আয়-ব্যয়ৰ হিচাপ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰা হয় । অৰ্থাৎ এক নিৰ্দিষ্ট সময়ৰ সময়ৰ ভিতৰত সাম্ভাব্য আয়-ব্যয়ৰ হিচাপেই হৈছে বাজেট ।

(ঘ)  কল্যাণমূলক কাম কাক বোলে ?

উত্তৰ— যিবোৰ কামে দেশৰ সৰ্বসাধাৰণ মানুহৰ মংগল সাধন কৰে আৰু দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰে তেনে কাম-কাজবোৰকে কল্যাণমূলক কাম বোলে ।

(ঙ)  নিতি আয়োগ কোন চনত গঠন কৰা হয় ?

উত্তৰ— নিতি আয়োগ ২০১৫ চনত গঠন কৰা হয় ।

প্ৰশ্ন ২।  উত্তৰ লিখা

(ক)  কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামক গুৰুত্ব দিয়া হয় ? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অৰ্থ আহৰণ কৰে ?

উত্তৰ— এখন দেশৰ পৰিকল্পনাত দেশখনৰ অৰ্থনৈতিক উন্নয়নৰ কাম-কাজ বোৰত সৰ্বাধিক গুৰুত্ব দিয়া হয় । লগতে দেশৰ জনসাধাৰণৰ জীৱন–ধাৰণৰ মান উন্নত কৰিব পৰা কামবােৰকো পৰিকল্পনাত গুৰুত্ব সহকাৰে লােৱা হয় ।

এই কামসমূহ সুচাৰুৰূপে কৰিবলৈ চৰকাৰক যথেষ্ট অৰ্থৰ প্ৰয়োজন হয় । অৰ্থ সংগ্ৰহৰ অৰ্থাৎ ৰাজহৰ উৎসসমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়- কৰ ৰাজহ আৰু অনাকৰ ৰাজহ । আয়কৰ, দ্ৰব্য আৰু সেৱা কৰ, আবকাৰী শুল্ক, নিগম কৰ আদি কৰ ৰাজহৰ উৎস। জৰিমনা, মাচুল, দান, অনুদান, ডাক-টিকটৰ দাম আদি অনাকৰ ৰাজহৰ উৎস। সাম্প্ৰতিক কালত চৰকাৰী ব্যয় ব্যাপক ভাৱে বৃদ্ধি পাবলৈ ধৰাত চৰকাৰে কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, বিদেশী ৰাষ্ট্ৰ, আন্তৰ্জাতিক সংগঠন তথা জনসাধাৰণৰপৰা পৰা ঋণ লৈও যোগেদিও পুজিঁ সংগ্ৰহ কৰে। তদুপৰি ৰাজহূৱা খণ্ডৰ উদ্যোগৰ অংশ বিক্ৰী কৰিও অৰ্থ সংগ্ৰহ কৰে।

(খ)  ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি কি লক্ষ্যত উপনীত হ’ব বিচৰা হৈছে ?

উত্তৰ— ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে তলত উল্লেখ কৰা লক্ষ্যসমূহত উপনীত হ’ব বিচৰা হৈছিল

(i) উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা ।

(ii) অৰ্থনীতিৰ বিভিন্ন খণ্ডত অধুনিকীকৰণ সুনিশ্চিত কৰা ।

(iii) সামাজিক ন্য়ায় স্থাপন আৰু অৰ্থনৈতিক অসমতা দূৰিকৰণৰ লক্ষ্য়ত উপনীত হোৱা ।

(iv) আত্মনিৰ্ভৰশীলতা অৰ্জন ।

(v) অৰ্থনীতিত অব্য়ৱহৃত বা অৰ্থ ব্য়ৱহৃিত হৈ থকা সম্পদৰাজিৰ পূৰ্ণ নিয়োগ নিশ্চিত কৰা ।

প্ৰশ্ন ৩।  শুদ্ধ উত্তৰটো বাছি উলিওৱা

(ক)  নিতি আয়োগৰ অধ্যক্ষ

(i) ৰাষ্ট্ৰপতি           (ii) বিত্তমন্ত্ৰী

(iii) প্ৰধানমন্ত্ৰী      (iv) গৃহমন্ত্ৰী

উত্তৰ— (iii) প্ৰধানমন্ত্ৰী ।

(খ)  পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল

(i) ৪ বছৰ             (ii) ৬ বছৰ

(iii) ৮ বছৰ          (iv) ৫ বছৰ

উত্তৰ— (iv) ৫ বছৰ ।

(গ)  পৰিকল্পনাৰ কাম-কাজ ৰূপায়নৰ বাবে চৰকাৰক প্ৰয়োজন হয়

(i) কৃষি                (ii) উদ্যোগ

(iii) অৰ্থ              (iv) বাণিজ্য

উত্তৰ— (iii) অৰ্থ ।

(ঘ)  তলৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণ:

(i) আয়কৰ                    (ii) নিগম কৰ

(iii) দ্ৰব্য আৰু সেৱা কৰ    (iv) জৰিমনা

উত্তৰ— (iv) জৰিমনা ।

(ঙ)  দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা সৰ্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছিল

(i) সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি      (ii)  কৃষি

(iii) উদ্যোগীকৰণ                       (iv) পথ পৰিবহন

উত্তৰ— সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি ।

প্ৰশ্ন ৪।   খালী ঠাই পূৰ কৰা

(ক) পৰিয়ালটো সুখে-সন্তোষে থাকিবলৈ হ’লে পৰিয়ালৰ আটাইৰে সদিচ্ছাবোৰক _______ দিব লাগে।

উত্তৰ— পৰিয়ালটো সুখে-সন্তোষে থাকিবলৈ হ’লে পৰিয়ালৰ আটাইৰে সদিচ্ছাবোৰক গুৰুত্ব দিব লাগে।

(খ) অৰুণিমা এগৰাকী _______ মহিলা ।

উত্তৰ— অৰুণিমা এগৰাকী মিতব্যয়ী মহিলা ।

(গ) প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট _______ থাকে ।

উত্তৰ— প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট পৰিকল্পনা থাকে ।

(ঘ) চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ _______ প্ৰস্তুত কৰি লোৱা হয় ।

উত্তৰ— চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ প্ৰস্তুত বাজেট কৰি লোৱা হয় ।

(ঙ) কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে _______ ।

উত্তৰ— কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে কৰ

অতিৰিক্ত প্ৰশ্নোত্তৰ (Class 7 Social Science Chapter 19)

প্ৰশ্ন (ক) অৰ্থনৈতিক পৰিকল্পনা কাক বোলে ?

উত্তৰ— চৰকাৰৰ বিভিন্ন পৰিকল্পনাসমূহ বাস্তৱায়িত কৰিবলৈ এটা নিৰ্দিষ্ট সময়ত বুজন পৰিমাণৰ অৰ্থৰ প্ৰয়োজন। এই অৰ্থসমূহ ক’ৰপৰা আহিব, চৰকাৰৰ উপাৰ্জন কিমান হ’ব আদি আৰ্থিক দিশৰ কথাবোৰ জড়িত হৈ থাকে বাবে এনে পৰিকল্পনাক অৰ্থনৈতিক পৰিকল্পনা বোলে।

প্ৰশ্ন (খ)  কৰ বুলিলে কি বুজা ?

উত্তৰ— কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে কৰ।

প্ৰশ্ন (গ)  পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল ?

উত্তৰ— পৰিকল্পনা আয়োগ ১৯৫০ চনত গঠন কৰা হৈছিল ।

Sl. No. Contents (Class 7 Social Science)
Chapter 1 ভূপৃষ্ঠত সময় গণনা
Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ
Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Chapter 4 আমাৰ পৰিৱেশ
Chapter 5 সম্পদ
Chapter 6 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ
Chapter 7 অসমৰ সম্পদ
Chapter 8 উত্তৰ-পূব ভাৰত
Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা
Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান
Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 13 প্ৰাকঐতিহাসিক অসম
Chapter 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ
Chapter 15 দিল্লীৰ চুলতানী যুগ
Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
Chapter 17 মোগলযুগ: সমাজ আৰু সংস্কৃতি
Chapter 18 আমাৰ চৌপাশৰ বজাৰ
Chapter 19 পৰিকল্পনা, বাজেট আৰু উন্নয়ন
Chapter 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
Chapter 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
Chapter 22 নাগৰিক আৰু নাগৰিকত্ব
Chapter 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
Chapter 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

Class 7 social science chapter 19

মনত ৰাখিবলগীয়া কথা: (Class 7 social science chapter 19)

পৰিয়ালৰ কল্যানৰ বাবে পৰিয়ালৰ সদস্যসকলৰ গঠনমূলক মনোভাৱক গুৰুত্ব দিয়াটো বাঞ্চনীয়।

প্ৰতিটো পৰিয়ালৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিবলগীয়া কামৰ পৰিকল্পনা থাকে।

পৰিকল্পনা মতে কাম কৰিবলৈ পৰিয়ালসমূহে নিজস্ব বাজেট প্ৰস্তুত কৰে।

চৰকাৰে কৰা কাম-কাজত কল্যানমূলক কামবোৰে প্ৰাধান্য পায়।

কল্যানমূলক কাম-কাজসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত ভালদৰে ৰূপায়িত কৰিবলৈ চৰকাৰে বাজেট প্ৰস্তুত কৰে।

২০১৫ চনত নীতি আয়োগ গঠন হয়। প্ৰধানমন্ত্ৰী এই আয়োগৰ অধ্যক্ষ।

১৯৫১ চনৰপৰা আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সূচনা হয়।

২০১৭ চনত দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সামৰণিৰ লগে লগে আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অৱসান ঘটে।

আয়কৰ, দ্ৰব্য আৰু সেৱা কৰ, আবকাৰী শুল্ক, নিগম কৰ আদি কৰ ৰাজহৰ উৎস।

জৰিমনা, মাচুল, দান, অনুদান, ডাক-টিকটৰ দাম আদি অনাকৰ ৰাজহৰ উৎস।

চৰকাৰী ব্যয় বহনৰ উদ্দেশ্যে প্ৰয়োজনীয় পু্ঁজি আহৰণ কৰিবলৈ চৰকাৰে বিভিন্ন উৎসৰপৰা ঋণ সংগ্ৰহ কৰে।

ৰাজহুৱা খণ্ডৰ অন্তৰ্গত অব্যৱহৃত আৰু অৰ্ধ ব্যৱহৃত সম্পদ বিক্ৰী কৰিও চৰকাৰে সময়ে সময়ে পুজিঁ আহৰণ কৰে।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close