পৃথিৱীৰ অভ্যন্তৰ ভাগ Class 7 Social Science Chapter 2

SCERT class 7 Social Science Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ free study material and class notes PDF available here for free. So, if you are looking for class seven Assamese text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Social Science Chapter 2

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 2 “পৃথিৱীৰ অভ্যন্তৰ ভাগ” Lesson 2 free notes. You can even download SCERT Assam class 7 social science chapter 2 PDF.

পৃথিৱীৰ অভ্যন্তৰ ভাগ

পাঠ ২

অনুশীলনী

প্ৰশ্ন ১। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৪/৩/২ টা স্তৰেৰে গঠিত।

উত্তৰ— পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ টা স্তৰেৰে গঠিত।

(খ) ভূত্বক গড়ে প্ৰায় ২০/৩০/২৫ কিল’মিটাৰ ডাঠ।

উত্তৰ— ভূত্বক গড়ে প্ৰায় ২০ কিল’মিটাৰ ডাঠ।

(গ) পৃথিৱী গৰ্ভ মানে হ’লভূত্বক/গুৰুমণ্ডল/কেন্দ্ৰমণ্ডল।

উত্তৰ— পৃথিৱীৰ গৰ্ভ মানে হ’লকেন্দ্ৰমণ্ডল

(ঘ) জীৱাশ্ম সাধাৰণতে গেদীয় শিল/আগ্নেয়শিল/ৰূপান্তৰিত শিলত পোৱা যায়।

উত্তৰ— জীৱাশ্ম সাধাৰণতে গেদীয় শিলত পোৱা যায়।

(ঙ) আটাইতকৈ টান‌ মণিকবিধ হ’ল সোণ/হীৰা/দস্তা।

উত্তৰ— আটাইতকৈ টান‌ মণিকবিধ হ’ল হীৰা

প্ৰশ্ন ২। খালী ঠাই পূৰ কৰা

(ক) ভূ-পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে ______ বাঢ়ি গৈ থাকে ।

উত্তৰ— ভূ-পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে উত্তাপ বাঢ়ি গৈ থাকে ।

(খ) ভূত্বক স্তৰক ______ বুলিও জনা যায়।

উত্তৰ— ভূত্বক স্তৰক ছিয়াল বুলিও জনা যায়।

(গ) মাটি ______ আৰু ______ পদাৰ্থৰে গঠিত

উত্তৰ— মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত ।

(ঘ) মেগমাৰ পৰা উৎপত্তি হোৱা শিলক ______ শিল বোলে।

উত্তৰ— মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আগ্নেয় শিল বোলে।

(ঙ) মণিকবোৰ সাধাৰণতে______পদাৰ্থ।

উত্তৰ— মণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ।

প্ৰশ্ন ৩। চমু উত্তৰ লিখা : (৩০টা মান শব্দৰ ভিতৰত)

(ক)  ভূত্বক বুলিলে কি বুজা ?

উত্তৰ— পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোকে ভূত্বক বুলি কোৱা হয়। পৰ্বত-পাহাৰ, মালভূমি, সমভূমি সাগৰ, মহাসাগৰ আদি অবয়ৱসমূহ ভূত্বকতে অৱস্থিত । ভূত্বক গড়ে প্ৰায় ২০ কিল’মিটাৰ ডাঠ যদিও মহাদেশীয় অংশত ই ১৬ পৰা ৬০ কিল’মিটাৰ ডাঠ আৰু মহাসাগৰৰ তলিত ই মাত্ৰ ৫ পৰা ১০ কিল’মিটাৰ পৰ্যন্তহে ডাঠ।

(খ) আগ্নেয় শিল কাক বোলে ?

উত্তৰ— পৃথিৱীৰ অন্তভাৰ্গত থকা গলিত উত্তপ্ত পদাৰ্থসমূহ, যাক মেগমা বুলি কোৱা হয়, ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। আকৌ কেতিয়াবা কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাঁট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয় আৰু লাহে লাহে বায়ুৰ সংস্পৰ্শত গোট মাৰি টান হৈ শিলৰ সৃষ্টি হয়। এনে ধৰণে সৃষ্টি হোৱা শিলকে আগ্নেয়শিল বোলে। পৃথিৱীত প্ৰথমেই সৃষ্টি হোৱা বাবে এইবিধ শিলক প্ৰাথমিক শিল বুলিও কোৱা হয়।

(গ) মাটি বুলিলে কি বুজা ?

উত্তৰ— মাটি হৈছে ভূত্বকৰ উপাদান সমূহৰ এটা। পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো য’ত আমি ঘৰ–দুৱাৰ সাঁজো, খেতি-বাতি কৰোঁ, যাতায়তৰ ব্যৱস্থা কৰোঁ, য’ত গছ-গছনিয়ে খামোচ মাৰি ধৰি থাকে সেই অংশক আমি মাটি বুলি কওঁ । মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। সাধাৰণতে শিলৰ পৰাই মাটিৰ উৎপত্তি হয় যদিও মাটিৰ গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য।

(ঘ) মণিক কি ?

উত্তৰ— পৃথিৱীৰ খোলাটোত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা, কঠিন পদাৰ্থসমূহেই হ’ল মণিক। এই মণিকবোৰ ভূত্বকৰ গোটেই খোলাটোতেই পোৱা যায়। বৰণ, বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদি মণিকৰ মূল ধৰ্ম। মণিকসমূহক দুই শ্ৰেণীত ভাগ কৰা হয়- শিল গঠনকাৰী মণিক আৰু আকৰ ।

(ঙ) ‘হিউমাছ’ কাক বোলে ?

উত্তৰ— মাটিত থকা জৈৱিক উপাদান সমূহকে ‘হিউমাছ’ বুলি কোৱা হয়। ঘাঁহ-বন, লতা আৰু গছ-গছনিৰ ডাল-পাতৰ অংশ, বিভিন্ন জীৱ, যেনে- কেঁচু, কুমতি, এন্দুৰ, পোক-পৰুৱাৰ মৃতদেহ, গৰু-ম’হ আদিৰ বিষ্ঠাবোৰেই মাটিত থকা জৈৱিক পদাৰ্থ। এনে পদাৰ্থসূহ ৰ’দত শুকাই, পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত ‘হিউমাছ’ সৃষ্টি কৰে।

প্ৰশ্ন ৪। উত্তৰ লিখা (১০০টা মান শব্দৰ ভিতৰত)

(ক) পৃথিৱীৰ পৃষ্ঠৰপৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি ? চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰ— পৃথিৱীৰ পৃষ্ঠৰপৰা অভ্যন্তৰ ভাগলৈ মূলঃত তিনিটা ভাগত ভাগ কৰা হৈছে- ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল ।class 7 social science chapter 2

ভূত্বক

পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোকে বুলি কোৱা হয়। পৰ্বত-পাহাৰ, মালভূমি, সমভূমি সাগৰ, মহাসাগৰ আদি অবয়ৱসমূহ ভূত্বকতে অৱস্থিত । ভূত্বক গড়ে প্ৰায় ২০ কিল’মিটাৰ ডাঠ যদিও মহাদেশীয় অংশত ই ১৬ পৰা ৬০ কিল’মিটাৰ ডাঠ আৰু মহাসাগৰৰ তলিত ই মাত্ৰ ৫ পৰা ১০ কিল’মিটাৰ পৰ্যন্তহে ডাঠ। ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। ভূত্বকৰ শিলবোৰত সাধাৰণতে ছিলিকন আৰু এলুমিনিয়ামৰ পদাৰ্থ অধিক থকাৰ বাবে এই স্তৰটোক ‘ছিয়াল’ স্তৰ বোলা হয়।

গুৰুমণ্ডল

ভূত্বকৰ ঠিক তলৰ দ্বিতীয় স্তৰটো হ’ল গুৰুমণ্ডল। এই স্তৰটো প্ৰায় ২,৯০০ কিল’মিটাৰ ডাঠ। ভূত্বকতকৈ এই স্তৰৰ পদাৰ্থবোৰৰৰ ঘনত্ব বেছি। গোটেই গুৰুমণ্ডলক আকৌ ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল হিচাপে দুটা ভাগত ভাগ কৰা হয়।

কেন্দ্ৰমণ্ডল

গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্ৰক আৱৰি থকা স্তৰটোৱেই হ’ল কেন্দ্রমণ্ডল। এক কথাত ইয়েই পৃথিৱীৰ গৰ্ভ। এই স্তৰটো প্রায় ৩,৪৮৬ কিল’মিটাৰ ডাঠ। ইয়াৰ পদার্থবিলাক অতি উত্তপ্ত অৱস্থাত আছে। এই স্তৰটো মূলত লো, নিকেল আৰু কোবাল্টৰে গঠিত। লো আৰু নিকেলৰ পৰিমাণ বেছি থকা বাবে এই স্তৰটোক নিফ (Nife) স্তৰ বুলিও জনা যায়।

(খ) শিল কেইপ্ৰকাৰৰ আৰু কি কি বুজাই লিখা ।

উত্তৰ— উৎপত্তি অনুযায়ী শিল তিনি প্ৰকাৰৰ- ১) আগ্নেয় শিল ২) গেদীয় শিল ৩) ৰূপান্তৰিত শিল

১) আগ্নেয় শিল

পৃথিৱীৰ অন্তভাৰ্গত থকা গলিত উত্তপ্ত পদাৰ্থসমূহ, যাক মেগমা বুলি কোৱা হয়, ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়।আকৌ কেতিয়াবা কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাঁট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয় আৰু লাহে লাহে বায়ুৰ সংস্পৰ্শত গোট মাৰি টান হৈ শিলৰ সৃষ্টি হয়। এনে ধৰণে সৃষ্টি হোৱা শিলকে আগ্নেয়শিল বোলে। পৃথিৱীত প্ৰথমেই সৃষ্টি হোৱা বাবে এইবিধ শিলক প্ৰাথমিক শিল বুলিও কোৱা হয়। বেছল্ট, গ্ৰেনাইট, গেব্ৰ’, বেথলিথ আদি আগ্নেয় শিলৰ উদাহৰণ।

২) গেদীয় শিল

পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয়শিলবোৰ ভৌতিক, ৰাসায়নিক আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত  দুর্বল হৈ ভাঙিবলৈ ধৰে । পিছত এই ভগা অংশবিলাক বতাহ, নৈ, হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ, হ্রদ আদিত তৰপে তৰপে জমা কৰে । এইদৰে বছৰি পানী মিহলি হৈ থকা লাে, চূণ আদিৰ ক্ৰিয়াৰ ফলত গেদবােৰ কঠিন হৈ অৱশেষত শিলত পৰিণত হয় । এনে শিলক গেদীয় শিল বােলে । স্তৰে স্তৰে এই শিল গঠিত হয় বাবে ইয়াক স্তৰীভূত শিলও বোলা হয়। কয়লা, চূণশিল, কংলোমাৰেট আদি গেদীয় শিলৰ উদাহৰণ।

৩) ৰূপান্তৰিত শিল

আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন দৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয় । এনে শিলক ৰূপান্তৰিত শিল বলে । চিষ্ট, মাৰ্বল আদি ৰূপান্তৰিত শিলৰ উদাহৰণ।

(গ) শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা ।

উত্তৰ— পৃথিৱীৰ খােলাটোৰ এক প্রধান উপাদান হ’ল শিল । শিলসমূহ ভিন ভিন মণিকেৰে গঠিত । এক বা একাধিক মণিকেৰে শিল গঠিত । শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ–আকৃতি, ৰং, কঠিনতা আদিৰ তাৰতম্য হয় । শিলত কিছুমান ৰাসায়নিক পদার্থ থকাৰ উপৰি কিছু পৰিমাণে তাম, সীহ , দস্তা আদি ধাতুও থাকে ।

মাটিও ভূ–ত্বকৰ আন এবিধ উপাদান । সাধাৰণতে শিলৰ পৰাই মাটিৰ সৃষ্টি হয়।শিলবিলাক নানা প্রাকৃতিক কাৰকৰ প্ৰভাৱত জহি–খহি চূর্ণ–বিচূর্ণ হয় । এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে । এইদৰেই মাটিৰ সৃষ্টি হয় । প্রকৃতার্থত মাটি জৈৱিক আৰু অজৈৱিক পদার্থৰে গঠিত । মাটিৰ জৈৱিক উপাদান হ’ল হিউমাছ । মাটিত থকা অজৈৱিক পদার্থৰ ভিতৰত নাইট্রজেন, পটেছিয়াম, ছালফাৰ, ফচফৰাচ আদি উল্লেখযােগ্য ।

(ঘ) “মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থকিব নোৱাৰে”– কথাষাৰ বুজাই লিখা।

উত্তৰ— আমাৰ জীৱন-যাত্ৰা, খেতি-বাতি, যাতায়ত, উদ্যোগ আদি সকলোবোৰ মাটিৰ ওপৰতে নিৰ্ভৰশীল। আনহাতে মাটিত পোৱা বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ যেনে নাইট্ৰ’জেন, পটাছিয়াম, ছালফাৰ, ফচফৰাচ, কেলছিয়াম, লো, তাম আদিয়ে মানুহকে ধৰি সকলো উদ্ভিদ আৰু প্ৰাণীৰ বৃদ্ধি আৰু বিকাশত অৰিহণা যোগাই আহিছে। আনকি মানুহৰ জীৱন-ধাৰণৰ বাবে খাদ্যদ্ৰব্য, নানা-ধৰণৰ সামগ্ৰী, বাসস্থান আদি মাটিৰ ওপৰতে নিৰ্ভৰশীল। মাটিত থকা প্ৰধান জৈৱিক পদার্থ হিউমাছে উদ্ভিদক পুষ্টি যােগান ধৰে । মাটি অবিহনে গছ–গছনি নাপাওঁ । গছ-গছনি নহ’লে প্রাণীজগত বর্তি থাকিব নোৱাৰে । গতিকে দেখা যায় যে মাটি অবিহনে গছ–গছনি , জীৱ–জন্তু জীয়াই থাকিব নােৱাৰে ।

(ঙ) “মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য” – কথাষাৰ বুজাই লিখা ।

উত্তৰ— মাটিৰ সৃষ্টি সাধাৰণতে শিলৰ পৰাই হয়। অমি সকলোৱেই জানো যে শিলবোৰ আপেক্ষিকভাৱে টান আৰু গোটা পদাৰ্থ। এই কঠিন  শিলবোৰ মাটিত পৰিণত কৰাত জলবায়ুৱে গুৰুত্বপূর্ণ ভূমিকা লয় । আনহাতে শিলবিলাক সময়ৰ সেঁতত শীত, তাপ, বতাহ, ৰ’দ, বৰষুণ আদি প্রাকৃতিক কাৰকৰ প্ৰভাৱত জহি–খহি , চূর্ণ বিচুর্ণ হয় । এনে জহি–খহি চূর্ণ–বিচূর্ণ হােৱা শিলৰ টুকুৰাবোৰ পুনৰ বতাহ, নদী, হিমবাহ আদিয়ে কাঢ়ি নি বিভিন্ন ঠাইত জমা কৰে । এনেদৰে মাটিৰ সৃষ্টি হয় । গতিকে দেখা গ’ল যে মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য ।

(চ) ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা ।

উত্তৰ— শিল, মণিক আৰু মাটি— এই তিনিটাই ভূত্বকৰ অন্যতম উপাদান । পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰেই হৈছে শিল। এই শিলসমূহ ভিন ভিন মণিকেৰে গঠিত। কিছুমান শিলত মণিক কেবাবিধো থাকে আৰু আন কিছুমান শিলত এবিধ বা দুবিধ মানহে মণিক থাকে । শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ–আকৃতি, ৰং, কঠিনতা আদিৰ তাৰতম্য হয় । সকলাে মণিকে শিল গঠন নকৰে ৷ কিছুমান মণিকেহে শিল গঠন কৰে । আনহাতে ভূত্বকত পােৱা মাটিও শিলৰ দ্বাৰাই গঠিত । প্রাকৃতিক কাৰকৰ প্ৰভাৱত শিল চূর্ণ–বিচূর্ণ হৈ মাটিত পৰিণত হয় । শিলৰ পৰাই মাটি সৃষ্টি হোৱা বাবে শিলত থকা মণিকবিলাকো মাটিত পােৱা যায় ।Class 7 Social Science chapter 2

Sl. No. Contents (Class 7 Social Science)
Chapter 1 ভূপৃষ্ঠত সময় গণনা
Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ
Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Chapter 4 আমাৰ পৰিৱেশ
Chapter 5 সম্পদ
Chapter 6 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ
Chapter 7 অসমৰ সম্পদ
Chapter 8 উত্তৰ-পূব ভাৰত
Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা
Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান
Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 13 প্ৰাকঐতিহাসিক অসম
Chapter 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ
Chapter 15 দিল্লীৰ চুলতানী যুগ
Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
Chapter 17 মোগলযুগ: সমাজ আৰু সংস্কৃতি
Chapter 18 আমাৰ চৌপাশৰ বজাৰ
Chapter 19 পৰিকল্পনা, বাজেট আৰু উন্নয়ন
Chapter 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
Chapter 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
Chapter 22 নাগৰিক আৰু নাগৰিকত্ব
Chapter 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
Chapter 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

প্রশ্ন ৫ । তলৰ তালিকাত বিভিন্ন ধৰণৰ শিলৰ নাম দিয়া আছে । সেইবােৰ তালিকাত দিয়া ধৰণে শ্রেণীভুক্ত কৰা

মাৰ্বল, শ্লেট, বালিশিল, গ্রেণাইট, কয়লা, চূণশিল, চকমাটি, নিছ, কংলােমাৰেষ্ট, বােকাশিল, চিষ্ট, কোৱাৰ্টযাইট, বেছল্ট, গ্রেব্র’ ।

উত্তৰ—

আগ্নেয় শিল গ্রেণাইট, বেছল্ট, গ্রেব্র’
গেদীয় শিল বালিশিল, কয়লা, চূণশিল, চকমাটি, কংলােমাৰেষ্ট, বােকাশিল
ৰূপান্তৰিত শিল মাৰ্বল, শ্লেট, নিছ, চিষ্ট, কোৱাৰ্টযাইট

প্রশ্ন ৬। দলত আলোচনা কৰি লিখা

(ক) মাটিৰ লগত উদ্ভিদ আৰু প্রাণীজগতৰ সম্বন্ধ কি ?

উত্তৰ— মাটিৰ লগত জীৱ-জগতৰ এক ওতঃপ্রোত সম্পর্ক আছে। সকলো প্ৰকাৰৰ প্রাণী আৰু উদ্ভিদৰ আবাসস্থলী হ’ল মাটি। আমাৰ জীৱন যাত্রা, আচাৰ-ব্যৱহাৰ, খেতি-বাতি, অনুষ্ঠান-প্রতিষ্ঠান, যাতায়াত, উদ্যোগ আদি সকলোবোৰ মাটিৰ ওপৰতে নিৰ্ভৰশীল। মাটিৰ অংশ হিচাপে পর্বত-পাহাৰ, মালভূমি-সমভূমি আদিত জীৱজগতৰ আবাসস্থলী যদিও জলমণ্ডলতো জীৱজগতৰ প্ৰসাৰতা আছে। আনকি গোটেই মানৱ সভ্যতাও মাটিৰ ওপৰতে গঢ়ি উঠিছে ।

 (খ) যদিহে পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নােহােৱা হৈ যায়, তেতিয়া কি হ’ব ?

উত্তৰ— আমি সকলোৱে জানো যে সাৰুৱা মাটি কৃষিকাৰ্যৰ বাবে খুবেই উপযোগী কাৰণ এনে মাটিতহে উদ্ভিদৰ প্রয়ােজনীয় দ্রব্যসমূহ থাকে । গতিকে সাৰুৱা মাটি নােহােৱা হ’লে গছ-গছনি জীয়াই থকা অসম্ভৱ হ’ব । শস্য আদিৰ উৎপাদন নহ’ব বা একেবাৰে কমি যাব। ফলত মানুহে খাদ্যসামগ্রীৰ অভাৱত পৰিব । দুর্ভিক্ষই দেখা দিব পাৰে । গছ-গছনি মৰি যাব পাৰে । গছ গছনি বা শস্য আদি নোহোৱা হ’লে তৃণভােজী প্রাণী বৰ্তি থাকিব নােৱাৰিব । সেই তৃণভােজী প্রাণী ভক্ষণ কৰি জীয়াই থকা আন জীৱৰাে দুর্দশা হ’ব । গতিকে যদিহে পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নােহােৱা হৈ যায়, তেতিয়া ইয়াৰ প্ৰভাৱ সমগ্ৰ জীৱজগতৰ ওপৰত পৰিব।

অতিৰিক্ত প্ৰশ্ন (Class 7 Social Science Chapter 2)

১। পৃথিৱীৰ আনুমানিক বয়স কিমান ?

উত্তৰ— পৃথিৱীৰ আনুমানিক বয়স ৪৫০ কোটি বছৰ।

২ । পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান ?

উত্তৰ— পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ ৬০০০ ডিগ্ৰী চেলছিয়াছতকৈ বেছি।

৩ । তিনিবিধ শিল গঠনকাৰী মণিকৰ নাম লিখা।

উত্তৰ— কোৱাৰ্টজ, ছিলিকেট, কাৰ্বনেট।

তিনিবিধ আকৰ গঠনকাৰী মণিকৰ নাম লিখা।

উত্তৰ— গেলেনা, অৰ্পিমেন্ট, মেলাকাইট।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close