SCERT Assam class 7 Social Science Chapter 8 উত্তৰ-পূব ভাৰত free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Assam Class 7 Social Science Chapter 8
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 8 “উত্তৰ-পূব ভাৰত” Lesson 8 free notes. You can even download SCERT Assam class 7 social science chapter 8 PDF.
উত্তৰ-পূব ভাৰত
পাঠ ৮
অনুশীলনী :
প্ৰশ্ন ১। উত্তৰ লিখা—
(ক) উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল ?
উত্তৰ— অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল ।
(খ) কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ-পূব ভৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে ?
উত্তৰ— পশ্চিমবংগৰ ঠেক সমভূমি অংশই উত্তৰ-পূব ভৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে।
(গ) উত্তৰ-পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি ?
উত্তৰ— পূব ভাৰতৰ প্ৰধান নদী দুখন- ব্ৰহ্মপুত্ৰ আৰু বৰাক।
(ঘ) পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয় ?
উত্তৰ— পাহাৰীয়া অঞ্চলৰ মাটি ওখোৰা মোখোৰা হোৱাৰ বাবে চহাবলৈ যথেষ্ট কষ্টকৰ । লগতে জলসিঞ্চনৰ ক্ষেত্ৰটো পাহাৰীয়া অঞ্চলত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । আনহাতে সমভূমি অঞ্চলত নদী-পুখুৰী, জলাশয় আদি থকাৰ বাবে পানী যোগানৰ সুবিধা আছে । তাৰোপৰি পাহাৰীয়া অঞ্চলৰ জলবায়ু সকলো ধৰণৰ খেতিৰ বাবে অনুকূল নহয়।
(ঙ) উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ?
উত্তৰ— উত্তৰ পূব ভাৰতৰ অসম উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ।
প্ৰশ্ন ২। পাহাৰীয়া অঞ্চলত কেনে ধৰণে খেতি কৰা হয় ? (৫০টা মান শব্দৰ ভিতৰত লিখা)
উত্তৰ— পাহাৰীয়া অঞ্চলত সাধাৰণতে ঝুম খেতি (স্থানান্তৰিত খেতি) কৰা হয়। প্ৰতি বছৰে পাহাৰৰ হাবি-বন কাটি জুই লগাই ঝুম খেতিৰ বাবে মাটি মুকলি কৰা হয়। তাৰ পিছত পৰম্পৰাগত সা-সঁজুলিৰে মাটি চহাই তাত কৃষিকাৰ্য কৰা হয় । ঝুম পদ্ধতিৰে ইয়াত আলু, কচু, হালধি, কল, তিল, ধান, আদি বিভিন্ন শস্য উৎপাদন কৰা হয় । দুই তিনিবছৰ মান এডোখৰ মাটিত খেতি কৰাৰ পিছত সেই ঠাই এৰি আন এডোখৰ মাটি খেতিৰ বাবে মুকলি কৰা হয় ।
প্ৰশ্ন ৩। খালী ঠাই পূৰণ কৰা—
(ক) উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ মুঠ মাটিকালি ______ বৰ্গ কিল’মিটাৰ।
উত্তৰ— উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ মুঠ মাটিকালি ২৬২,১৭৯ বৰ্গ কিল’মিটাৰ।
(খ) ভাৰতৰ উত্তৰ–পূব অঞ্চল ______ উত্তৰ অক্ষাংশৰ পৰা ______ উত্তৰ অক্ষাংশলৈকে বিস্তৃত ।
উত্তৰ— ভাৰতৰ উত্তৰ–পূব অঞ্চল ২০º উত্তৰ অক্ষাংশৰ পৰা ২৯º৩০৴ উত্তৰ অক্ষাংশলৈকে বিস্তৃত ।
(গ) উত্তৰ পূব মৌচুমী বতাহ ______ বয় ।
উত্তৰ— উত্তৰ পূব মৌচুমী বতাহ শীতকালত বয় ।
(ঘ) উত্তৰ–পূব ভাৰতত মুঠতে ______ খন ৰাজ্য আছে ।
উত্তৰ— উত্তৰ–পূব ভাৰতত মুঠতে ৭ খন ৰাজ্য আছে ।
(ঙ) ______ উত্তৰ–পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য ।
উত্তৰ— মিজোৰাম উত্তৰ–পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য ।
প্ৰশ্ন ৪ । উত্তৰ–পূব ভাৰতৰ মানচিত্র এখন আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা—
(ক) উত্তৰ-পূব ভাৰতৰ চাৰিসীমা
(খ) ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী
(গ) অসম, মেঘালয়, মণিপুৰৰ ৰাজধানী
(ঘ) নামৰূপ সাৰ কাৰখানা
(ঙ) পৰ্যটন ক্ষেত্ৰ টাৱাং
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা।
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
মনত ৰাখিবলগীয়া কথা : (Class 7 Social Science Chapter 8)
♦ ভৌগৌলিক আৰু সাংস্কৃতিকভাৱে উত্তৰ-পূব ভাৰত এক বৈচিত্ৰ্যময় অঞ্চল।
♦ ভৌগোলিক দিশৰপৰা এই অঞ্চলক তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি।
♦ ব্ৰহ্মপুত্ৰ, বৰাক, মণিপুৰ আৰু ত্ৰিপুৰাৰ সমভূমি অঞ্চলেই উত্তৰ-পূব ভাৰতৰ প্ৰধান সমভূমি।
♦ মেঘালয় আৰু কাৰ্বি আংলং ইয়াৰ প্ৰধান মালমূমি।
♦ মৌচুমী জলবায়ুৰ প্ৰভাৱ এই অঞ্চলত বিৰাজমান।
♦ কৃষিৰ ওপৰতে অধিক সংখ্যক মানুহ নিৰ্ভৰশীল।
♦ এই অঞ্চল প্ৰাকৃতিক সম্পদত চহকী হ’লেও শিল্প উদ্যোগত পিছপৰা।
♦ উত্তৰ-পূব ভাৰতত অৱস্থিত নদী দ্বীপ মাজুলী আৰু লগটক হ্ৰদ অঞ্চলটোৰ উল্লেখযোগ্য ভৌগোলিক অৱয়ব।
(adsbygoogle = window.adsbygoogle || []).push({});