মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ Class 7 Social Science Chapter 10

SCERT Assam class 7 Social Science Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Social Science Chapter 10

eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 10 “মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ” Lesson 10 free notes. You can even download SCERT Assam class 7 social science chapter 10 PDF.

মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ

পাঠ : ১০

অনুশীলনী :

প্ৰশ্ন ১। উত্তৰ দিয়া :

(ক)  শুংগবংশৰ পিছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল ?

উত্তৰ— শুংগবংশৰ পিছত উত্তৰ ভাৰতত কাণ্ব বংশৰ ৰজাই ৰাজত্ব কৰিছিল ।

(খ)  সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল ?

উত্তৰ— সাতবাহনসকলে ভাৰতৰ দাক্ষিণাত্য অংশত ৰাজত্ব কৰিছিল ।

(গ)  কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায় ?

উত্তৰ— কলিংগ ৰাজ্যক বৰ্তমান উৰিষ্যা নামেৰে জনা যায় ।

(ঘ) ‘ত্ৰিৰাজ্য’ বুলিলে কোন কেইখন ৰাজ্যক বুজায় ?

উত্তৰ— চোল, চেৰা আৰু পাণ্ড্য এই তিনিওখন ৰাজ্যক ত্ৰিৰাজ্য বুলি জনা যায় ।

(ঙ) কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল ?

উত্তৰ— কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কণিষ্ক।

প্ৰশ্ন ২। উত্তৰ লিখা :

(ক)  সাতবাহনসকলৰ ৰাজত্বকালত কাৰ কাৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল ?

উত্তৰ— সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল ।

(খ) কণিষ্কৰ  শাসনকালত বৌদ্ধ ধৰ্ম কেইটা ভাগত ভাগ হৈছিল?  নাম দুটা উল্লেখ কৰা ?

উত্তৰ— কণিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম ২ টা ভাগত ভাগ হৈছিল– হীনযান আৰু মহাযান ।

(গ) সংগম সাহিত্য কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰ— সংগম সাহিত্য দুই প্ৰকাৰৰ- বৰ্ণনাত্মক আৰু নীতিশিক্ষামূলক।

(ঘ) কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম ।

উত্তৰ— কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম – মথুৰাৰ শিল্পকলা আৰু অমৰাৱতীৰ শিল্পকলা ।

(ঙ) মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম ।

উত্তৰ— মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে

ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম হ’ল- নলা আৰু কৃত্ৰিম জলাশয়।

(চ) মৌৰ্যসকলৰ পৰৱৰ্তী যুগৰ গাওঁবিলাকত কি কি বৃত্তিজীৱি লোক বাস কৰিছিল ? দুটা বৃত্তিৰ নাম উল্লেখ কৰা ।

উত্তৰ— মৌর্যসকলৰ পৰৱৰ্তী যুগৰ গাঁওবিলাকত কুমাৰ, কমাৰ, বাঢ়ৈ, শিপিনী ইত্যাদি বৃত্তিজীৱী লােকে বাস কৰিছিল ।

প্ৰশ্ন ৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই চোৱা

(ক) মহামেঘ বাহন

(খ) অন্ধ্ৰৰ আন এটা নাম

(গ) ইন্দো-গ্ৰীকসকলৰ বিখ্যাত ৰজা

(ঘ) কণিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

(ঙ) সংগম সাহিত্য

(ক) মিনাণ্ডাৰ

(খ) গান্ধাৰ শিল্পই

(গ) তামিল কবি সন্মিলনৰ সাহিত্য আছিল

(ঘ) সাতবাহন

(ঙ) কলিংগ

উত্তৰ—

(ক) মহামেঘ বাহন

(খ) অন্ধ্ৰৰ আন এটা নাম

(গ) ইন্দো-গ্ৰীকসকলৰ বিখ্যাত ৰজা

(ঘ) কণিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

(ঙ) সংগম সাহিত্য

(ঙ) কলিংগ

(ঘ) সাতবাহন

(ক) মিনাণ্ডাৰ

(খ) গান্ধাৰ শিল্পই

(গ) তামিল কবি সন্মিলনৰ সাহিত্য আছিল

প্ৰশ্ন ৫। শুদ্ধ উত্তৰ বাছি উলিওৱা

(ক) সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্ৰথে / সিমুকে / বাসুদেৱে ।

উত্তৰ— সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সিমুকে

(খ) যবন বুলি শুঙ্গ/ ইন্দো-গ্ৰীক/কান্বসকলক কোৱা হৈছিল ।

উত্তৰ— যবন বুলি ইন্দো-গ্ৰীকসকলক কোৱা হৈছিল ।

(গ) গান্ধাৰ শিল্পৰ মূল বিষয়-বস্তু আছিল হিন্দুধৰ্ম/বৌদ্ধধৰ্ম/জৈনধৰ্ম।

উত্তৰ— গান্ধাৰ শিল্পৰ মূল বিষয়-বস্তু আছিল বৌদ্ধধৰ্ম

(ঘ) গণ্ডোফৰ্ণিছ কুষাণ/পহ্লৱ /শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ।

উত্তৰ— গণ্ডোফৰ্ণিছ পহ্লৱ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ।

(ঙ) জাতক হৈছে গল্প / কবিতা / উপন্যাস ।

উত্তৰ— জাতক হৈছে গল্প

প্ৰশ্ন ৫। সত্য নে অসত্য বাছি উলিওৱা

(ক) কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ।

উত্তৰ— সত্য ।

(খ) অশ্বঘোষ শক ৰাজসভাৰ এজন পণ্ডিত আছিল ।

উত্তৰ— অসত্য ।

(গ) সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা  হৈছিল।

উত্তৰ— অসত্য ।

(ঘ) মিনাণ্ডাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল ।

উত্তৰ— অসত্য ।

(ঙ) প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল ।

উত্তৰ— সত্য।

প্ৰশ্ন ৬। তলত দিয়া বিষয়বােৰৰ ওপৰত চমু টোকা লিখা । ( ৫০ টা শব্দৰ ভিতৰত )

(ক) অর্থনীতি, সমাজনীতি আৰু সংস্কৃতিৰ ওপৰত আলােকপাত কৰি কনিষ্কৰ ৰাজত্বকাল বর্ণনা কৰা ।

উত্তৰ— কনিষ্কৰ ৰাজত্ব কালত দেশখন অর্থনীতিৰ ক্ষেত্ৰত আগবঢ়া আছিল । আন্তঃবাণিজ্য আৰু বহিঃবাণিজ্যই উচ্চ শিখৰ পাইছিল ৷ ভাৰতীয় মছলা, জলকীয়া, চন্দন কাঠ, হাতী-দাঁত, হীৰা আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল। সাহিত্য–সংস্কৃতিলৈও তেওঁৰ বৰঙণি আছিল উল্লেখযােগ্য । কনিষ্কৰ দিনতেই চৰক সংহিতা আৰু পতঞ্জলিৰ ‘মহাভাষ্য’ ৰচিত হৈছিল । গান্ধাৰ শিল্পৰ নিচিনাকৈ মথুৰা শিল্প আৰু অমৰাৱতী শিল্পকলাই তেওঁৰ দিনত উন্নতি লাভ কৰিছিল । প্রজাৰ কল্যাণৰ বাবেও তেওঁ ভালেমান সামাজিক আঁচনি গ্ৰহণ কৰিছিল ।

(খ) মৌর্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ মানুহৰ জীৱন-ধাৰণ প্ৰণালী কেনেকুৱা আছিল বর্ণনা কৰা ।

উত্তৰ— মৌর্য যুগৰ পৰৱৰ্তী সময়ত ৰাজনৈতিক ক্ষেত্ৰত পৰিৱৰ্তন হোৱাৰ বাবেই সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালীতাে বহুত পৰিৱৰ্তন আহিছিল । কৃষিকৰ্মৰ প্ৰসাৰ , নতুন নগৰ গঠন , শিল্প উৎপাদন আৰু বেহা-বেপাৰ আদিৰ ব্যাপক পৰিৱৰ্তন এইক্ষেত্ৰত উল্লেখযােগ্য ।

এই সময়ছােৱাত শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল । জমিদাৰসকলে বিচাৰ, শান্তিৰক্ষা আৰু গাঁৱৰ ৰাজহ সংগ্ৰহৰ কাম কৰিছিল । গাঁওবােৰত বাঢ়ৈ, শিপিনী, কুমাৰ, কমাৰ আদি বিভিন্ন বৃত্তিধাৰী লোক আছিল । ওচৰ–পাঁজৰৰ কৃষকৰ আৰু পশুপালকসকলে নগৰৰ মানুহৰ বাবে খাদ্যৰ যােগান ধৰিছিল । নগৰ কিছুমান প্রাচীৰেৰে আৱৰা আছিল ।

অতিৰিক্ত প্ৰশ্ন (Class 7 Social Science Chapter 10)

Class 7 social science chapter 10প্ৰশ্ন ১। সাতবাহন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ— সিমুক নামৰ এজন লোকে সাতবাহন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল।

প্ৰশ্ন ২। সাতবাহন সকলৰ দিনত প্ৰধান সামাজিক বৈশিষ্ট্য কি আছিল ?

উত্তৰ— সাতবাহন সকলৰ দিনত প্ৰধান সামাজিক বৈশিষ্ট্য আছিল যৌথ পৰিয়াল।

প্ৰশ্ন ৩। কণিষ্কৰ ৰাজসভাৰ তিনিজন বিগদ্ধ পণ্ডিতৰ নাম লিখা।

উত্তৰ— অশ্বঘোষ, নাগাৰ্জুন আৰু চৰক।

Sl. No. Contents (Class 7 Social Science)
Chapter 1 ভূপৃষ্ঠত সময় গণনা
Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ
Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Chapter 4 আমাৰ পৰিৱেশ
Chapter 5 সম্পদ
Chapter 6 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ
Chapter 7 অসমৰ সম্পদ
Chapter 8 উত্তৰ-পূব ভাৰত
Chapter 9 ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা
Chapter 10 মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান
Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter 13 প্ৰাকঐতিহাসিক অসম
Chapter 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ
Chapter 15 দিল্লীৰ চুলতানী যুগ
Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
Chapter 17 মোগলযুগ: সমাজ আৰু সংস্কৃতি
Chapter 18 আমাৰ চৌপাশৰ বজাৰ
Chapter 19 পৰিকল্পনা, বাজেট আৰু উন্নয়ন
Chapter 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
Chapter 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
Chapter 22 নাগৰিক আৰু নাগৰিকত্ব
Chapter 23 নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
Chapter 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

মনত ৰাখিবলগীয়া কথা (Class 7 Social Science Chapter 10)

মৌৰ্যসকলৰ পতনৰ পাছত ভাৰতবৰ্ষত ভালেমান সৰু-বৰ ৰাজ্যৰ উত্থান হৈছিল।

শুঙ্গবংশই মগধত, সাতবাহনসকলে দক্ষিণ ভাৰতত আৰু চেদী বংশই কলিঙ্গত নিজকে প্ৰতিষ্ঠা কৰিছিল।

ইন্দো-গ্ৰীক, শক, কূষাণ আদি বিদেশী শক্তিয়ে ভাৰতৰ উত্তৰ-পশ্চিম প্ৰান্তত ৰাজত্ব কৰিছিল।

দেশী-বিদেশী, জাতি-জনগোষ্ঠীৰ সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল।

মৌৰ্যবংশৰ শেষ ৰজা বৃহদ্ৰথক হত্যা কৰি পুষ্যমিত্ৰ শুঙ্গই মগধত শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল।

সাতবাহনসকলক অন্ধ্ৰ নামেৰেও জনা যায়।

সাতবাহনসকলৰ ৰাজত্ব কালত দুই ধৰণৰ শাষন ব্যৱস্থা আছিল- এক অংশত শাসনকাৰ্য ৰজাৰ অনুগতসকলে আৰু বাকী অ্ংশ ৰজাৰ প্ৰত্যক্ষ শাসনাধীন আছিল।

সাতবাহনসকলৰ মাজত পিতৃপ্ৰধান সামাজিক ব্যৱস্থা চলিছিল যদিও নাৰীৰ ভূমিকাও গুৰুত্বপূৰ্ণ আছিল।

চোল, চেৰা আৰু পাণ্ড্যসকলে দক্ষিণ ভাৰতত প্ৰায় ৪০০ বছৰ জুৰি ৰাজত্ব কৰিছিল।এই তিনিখন ৰাজ্যক একেলগে ত্ৰিৰাজ্যও বোলা হৈছিল।

প্ৰাচীন যুগৰ দক্ষিণ ভাৰতত ৰাজপৃষ্ঠপোষকতাত যি সাহিত্যৰ সৃষ্টি হৈছিল তাকে সংগম সাহিত্য বোলে।

বহি: ৰাজ্যৰ লগত থকা ভাৰতৰ সাংস্কৃতিক বিনিময়ৰ বাবে বিদেশী শক্তিবোৰ ভাৰতৰ প্ৰতি আকৰ্ষিত হৈছিল।

গ্ৰীকসকল ভাৰতীয় ধৰ্ম আৰু দৰ্শন দুয়োটাৰ প্ৰতি আকৃষ্ট আছিল।

ভাৰতীয় লোকসকলে গ্ৰীকসকলৰপৰা জ্যোতিষ শাস্ত্ৰ, মুদ্ৰা আৰু শিল্পকলা সম্বন্ধে জ্ঞান লাভ কৰিছিল।

গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম।

গান্ধাৰ শিল্পকলা গ্ৰীক, ৰোমান আৰু বৌদ্ধ ধৰ্মৰ সংমিশ্ৰণত গঢ় লৈ উঠিছিল।

কণিষ্কৰ ৰাজত্বকালতে বৌদ্ধধৰ্ম হীনযান আৰু মহাযান নামৰ দুটা ভাগত বিভক্ত হয়।

সমৃদ্ধিশালী গাওঁবোৰেই প্ৰাচীন ভাৰতৰ অৰ্থনীতি আৰু কলা-সংস্কৃতিৰ মূল ভেটি।

কৃষক, পশুপালকসকলে নগৰৰ মানুহৰ বাবে আৱশ্যকীয় খাদ্যৰ যোগান ধৰিছিল।

ব্যৱসায়-বাণিজ্যৰ বাবে সাগৰ পথ ব্যৱহাৰ কৰা হৈছিল।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close