SCERT Assam class 7 Social Science Chapter 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ free study material and class notes PDF available here for free. So, if you are looking for class seven Social Science text book questions-answers (সপ্তম শ্ৰেণী সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Social Science Chapter 25
eStudyAssam also provides SEBA, CBSE, NCERT, AHSEC, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam class 7 social Science chapter 25 “প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ” Lesson 25 free notes. You can even download SCERT Assam class 7 social science chapter 25 PDF.
প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ
পাঠ ২৫
অনুশীলনী :
প্ৰশ্ন ১। চমু উত্তৰ লিখা—
(ক) প্ৰান্তীয় গোট কাক বোলে ?
উত্তৰ— নগৰীকৰণ, অর্থনৈতিক বিকাশ আৰু আধুনিকীকৰণৰ স্বাৰ্থত বহুলােক নিজৰ অধিকাৰৰ পৰা বঞ্চিত হয় । খহনীয়া, বানপানী, বৃহৎ নদীবান্ধৰ কুফল আদিৰ ফলত বহুতাে মানুহে নিজৰ মাটি ভেটি, সংস্থান এৰি অন্য ঠাই বাছি লৈছে । এখন সমাজৰ পৰা অন্য এখন সমাজলৈ গৈ মানুহখিনিয়ে নিজকে আনৰ তুলনাত দীন-হীন আৰু অৱহেলিত বুলি ভাবিবলৈ লয় আৰু একাষৰীয়া হৈ পৰে । আর্থিক, সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভােগা এই লােকসকলকে প্রান্তীয় গােট বােলা হয় ।
(খ) অসমৰ চাহখেতিৰ বাবে ব্ৰিটিছসকলে ক’ৰপৰা বনুৱা আমাদানি কৰিছিল ?
উত্তৰ— অসমৰ চাহখেতিৰ বাবে ব্ৰিটিছসকলে ব্রিটিছসকলে ভাৰতৰ মধ্যভাগৰ পৰা বনুৱা আমদানি কৰিছিল ।
(গ) কোনখন আইনমতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয় ?
উত্তৰ— শিক্ষাৰ অধিকাৰ আইন , ২০০৯ মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয় ।
(ঘ) বৃহৎ নদীবান্ধৰপৰা কি অপকাৰ হ’ব পাৰে ?
উত্তৰ— বৃহৎ নদীবান্ধৰ বাবে বান্ধৰ ওপৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বিস্তৃত এলেকাৰ প্রয়ােজন । ফলত নদীবান্ধ কার্যকৰী হােৱাৰ লগে লগে সেই অঞ্চলৰ লােক সকলে নিজ ঠাই এৰি যাব লগাত পৰে । আনহাতে নদীৰ পানী ভাগক ওপৰ অংশত আবদ্ধ কৰি ৰখা বাবে তলৰ কৃষিজীৱী লােকসকলে কৃষিৰ বাবে প্রয়ােজনীয় পানী নাপায় । নৈৰ পানী তৰাং হােৱাৰ লগে লগে জলচৰ প্রাণীসমূহৰো বিলুপ্তি ঘটে । নৈপৰীয়া মাছমৰীয়া সকলৰ জীৱিকাত বাধা আহি পৰে । জলপথেৰে আহ-যাহ কৰা লোকসকলৰো যাতায়াতৰ বিজুতি ঘটে । মুঠৰ ওপৰত সেই অঞ্চলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা যথেষ্ট পৰিমাণে হ্রাস পায় ।
প্ৰশ্ন ২। উত্তৰ লিখা—
(ক) কি কি কাৰণত প্ৰান্তীয় গোটৰ সৃষ্টি হ’ব পাৰে ? তেওঁলোকৰ প্ৰধান সমস্যাসমূহ কি কি ?
উত্তৰ— ঔদ্যোগিক, অর্থনৈতিক বিকাশ, নগৰীকৰণ আৰু আধুনিকীকৰণ প্ৰক্ৰিয়াৰ ফলস্বৰূপে প্ৰান্তীয় গোটৰ সৃষ্টি হ’ব পাৰে ৷
প্রান্তীয় গােটৰ লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হয় ৷ ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে অধিকাৰ সম্পৰ্কীয় ৷ অৰ্থাৎ এই গোটৰ অন্তৰ্গত লোকসকলে আৰ্থ-সামাজিক বা আন বিভিন্ন কাৰণত নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হয় ৷ লগতে ঔদ্যোগিক, অর্থনৈতিক বিকাশ, নগৰীকৰণ আদি প্ৰক্ৰিয়াৰ ফলস্বৰূপে প্ৰান্তীয় লোকসকলে নিজৰ স্থায়ী ভেটি এৰি দিশহাৰা হৈ পৰে । ফলত তেওঁলােকৰ জীৱন-জীৱিকা দুয়োতাতে আউল লাগে ।
(খ) জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে কি কি বিশেষ সুবিধা প্ৰদান কৰিছে ?
উত্তৰ— অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী সকলক সংবিধানে প্ৰদান কৰা বিশেষ সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল-
১) তেওঁলোকৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠানসমূহত আসন সংৰক্ষণ কৰা হয় ৷
২) অনুসূচিত জাতি আৰু জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে বিশেষ জলপানিৰ সুবিধা প্রদান কৰা হৈছে ।
(গ) পাৰ্বত্য অঞ্চলৰ জনজাতিসকলৰ বাবে কেনেধৰণৰ স্বায়ত্বশাসন আছে ? দুখনৰ নাম লিখা ৷
উত্তৰ— জনজাতিসকলৰ আর্থ-সামাজিক উন্নতিৰ বাবে স্বায়ত্ব শাসন দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰা কৰিছে। অসমৰ পার্বত্য জনজাতি অধ্যুষিত অঞ্চলৰ কাৰ্বিসকলৰ বাবে কার্বি আংলং জিলা পৰিষদ আৰু ডিমাছাসকলৰ বাবে উত্তৰ কাছাৰ পার্বত্য জিলা পৰিষদ গঠন কৰা হৈছে।
প্ৰশ্ন ৩। খালী ঠাই পূৰ কৰা—
(ক) সংবিধানৰ দৃষ্টিত আমি সকলােৱে এক ___________।
উত্তৰ— সংবিধানৰ দৃষ্টিত আমি সকলােৱে এক ভাৰতীয় ।
(খ) ___________ চাহ খেতিৰ বাবে উপযােগী ।
উত্তৰ— অসমৰ মাটি চাহ খেতিৰ বাবে উপযােগী ।
(গ) দেশৰ বিকাশত ভাগ ল’বলৈ প্ৰতিজন নাগৰিকেই ___________ ।
উত্তৰ— দেশৰ বিকাশত ভাগ ল’বলৈ প্ৰতিজন নাগৰিকেই দায়বদ্ধ ।
(ঘ) সংখ্যালঘু লােকসকলৰ ___________ ক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ বক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে ।
উত্তৰ— সংখ্যালঘু লােকসকলৰ ভাষা–সংস্কৃতিক ক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ বক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে ।
(ঙ) মানুহে শস্যও উৎপাদন কৰিব নােৱাৰে ___________ উৎপাদন কৰিব নােৱাৰে ।
উত্তৰ— মানুহে শস্যও উৎপাদন কৰিব নােৱাৰে মৎস্যও উৎপাদন কৰিব নােৱাৰে ।
প্রশ্ন ৪। শুদ্ধ অশুদ্ধ বাছি উলিওৱা–
(ক) অন্য প্রান্তৰ পৰা অহা ছাত্র–ছাত্রীৰ লগত বন্ধুত্ব কৰিম ।
উত্তৰ— শুদ্ধ ।
(খ) বেলেগ বেলেগ ৰীতি–নীতিৰে চলা মানুহক অৱহেলা কৰিম ।
উত্তৰ— অশুদ্ধ ।
(গ) দেশৰ সকলােৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযােগিতা কৰিম ।
উত্তৰ— শুদ্ধ ।
(ঘ) আমি আন ব্যক্তিক শ্রদ্ধা, মৰম, সম্মান জনালেহে আমিও স্নেহ পাম ৷
উত্তৰ— শুদ্ধ ।
(ঙ) প্রাকৃতিক দুর্যোগ হলে আমি পৰস্পৰে পৰস্পৰক সহায় নকৰে ।
উত্তৰ— অশুদ্ধ ।
Sl. No. | Contents (Class 7 Social Science) |
Chapter 1 | ভূপৃষ্ঠত সময় গণনা |
Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন |
Chapter 4 | আমাৰ পৰিৱেশ |
Chapter 5 | সম্পদ |
Chapter 6 | মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ |
Chapter 7 | অসমৰ সম্পদ |
Chapter 8 | উত্তৰ-পূব ভাৰত |
Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
Chapter 10 | মৌৰ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান |
Chapter 12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
Chapter 13 | প্ৰাকঐতিহাসিক অসম |
Chapter 14 | মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ |
Chapter 15 | দিল্লীৰ চুলতানী যুগ |
Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ |
Chapter 17 | মোগলযুগ: সমাজ আৰু সংস্কৃতি |
Chapter 18 | আমাৰ চৌপাশৰ বজাৰ |
Chapter 19 | পৰিকল্পনা, বাজেট আৰু উন্নয়ন |
Chapter 20 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
Chapter 21 | শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য |
Chapter 22 | নাগৰিক আৰু নাগৰিকত্ব |
Chapter 23 | নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া |
Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম |
Chapter 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
অতিৰিক্ত প্ৰশ্নোত্তৰ (Class 7 Social Science MCQ Assam)
প্ৰশ্ন ১) তলৰ কোনটো প্ৰান্তীয় গোটৰ অনগ্ৰসৰতাৰ কাৰক নহয়-
(ক) সামাজিক সচেতনতাৰ অভাৱ (খ) পাৰিপাৰ্শ্বিক ভাৰসম্যতা (গ) অৰ্থনৈতিক অনগ্ৰসৰতা (ঘ) শিক্ষাৰ অভাৱ
উত্তৰ— (খ) পাৰিপাৰ্শ্বিক ভাৰসম্যতা ৷
প্ৰশ্ন ২) তলত উল্লেখ কৰা কোনটো খেতিৰ বাবে অসম পৃথিৱী বিখ্যাত-
(ক) ধান খেতি (খ) চাহ খেতি (গ) কপাহ খেতি (ঘ) মৰাপাট খেতি
উত্তৰ— (খ) চাহ খেতি ৷
মনত ৰাখিবলগীয়া কথা : (Class 7 Social Science Chapter 25)
১ ৷ আৰ্থিক, সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা লোকসকলকে প্ৰাম্তীয় গোট হিচাপে অভিহিত কৰিব পৰা যায় ৷
২ ৷ অৰ্থনৈতিক বিকাশ, নগৰীকৰণ আৰু আধুনিকীকৰণৰ স্বাৰ্থত সমাজৰ বহু লোকে নিজৰ নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হ’ব লগা হয় ৷
৩ ৷ সচেতনতা, শিক্ষা, ৰাজনৈতিক প্ৰভাৱ আদিৰপৰা হোৱাৰ বাবে বহু লোক সমাজত প্ৰান্তীয় গোট হিচাপে পৰিণত হয় ৷
৪ ৷ আমাৰ দেশৰ অৰ্থনৈতিক বা সামাজিকভাৱে পাছপৰি থকা লোকসকলৰ সৰ্বতোপ্ৰকাৰ উন্নতিৰ বাবে ভাৰতৰ সংবিধানে কিছুমান বিশেষ সুবিধা প্ৰদান কৰিছে ৷
৫ ৷ গণতান্ত্ৰিক লক্ষ্যত উপনীত হ’বলৈ সকলো নাগৰিকে গণতান্ত্ৰিক অধিকাৰৰ সমান অংশীদাৰ হ’ব লাগিব ৷
(adsbygoogle = window.adsbygoogle || []).push({});