SCERT Assam class 7 Science Chapter 17 অৰণ্য : আমাৰ জীৱন ৰেখা (Forest our life line) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 17 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
SCERT Class 7 Science Chapter 17
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam অৰণ্য : আমাৰ জীৱন ৰেখা class 7 Science chapter 17 free notes. You can also download SCERT class 7 science chapter 17 PDF version for free.
অৰণ্য : আমাৰ জীৱন ৰেখা
পাঠ ১৭
অনুশীলনী (Exercises)
প্ৰশ্ন 1 ) অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখন বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে ব্যাখ্যা কৰা ৷
উত্তৰ— অৰণ্যত বাস কৰা প্ৰাণীয়ে অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণেৰে সহায় কৰে ৷ উদাহৰণস্বৰূপে অৰণ্যত মৰি পৰি থকা জন্তুৰ মলৰ দমবোৰত বহুত কীট-পতঙ্গই বাস কৰে । প্ৰাণীৰ মল বা বিষ্ঠাৰ পৰা ওলোৱা গুটি ইয়াতে গজালি মেলে আৰু বৃদ্ধি হয়। এইদৰে প্ৰাণীবোৰে উদ্ভিদৰ গুটি বিস্তাৰিত কৰি অৰণ্যৰ বৃদ্ধিৰ লগতে পুনৰোজ্জীৱিত কৰাত সহায় কৰে। লগতে প্ৰাণীৰ পচা গোবৰে গছ পুলি বাঢ়ি অহাত পোষক হিচাপেও সহায় কৰে।
বিভিন্ন প্ৰকাৰৰ উদ্ভিদক আশ্রয় দি অৰণ্যই তৃণভোজী প্রাণীবোৰৰ খাদ্য আৰু আৱাসস্থলৰ সুব্যৱস্থা কৰে। বেছি তৃণভোজী প্রাণী থকা মানে বিভিন্ন মাংসভোজী প্ৰাণীৰ বাবে বেছি খাদ্য পোৱাকে বুজায় । বিভিন্ন প্ৰকাৰৰ প্ৰাণীয়ে অৰণ্যৰ পুনৰুজ্জীৱিত বা পুনৰুদ্ধাৰ কৰাত আৰু বৃদ্ধি হোৱাত সহায় কৰে।
প্ৰশ্ন 2 ) অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে ব্যাখ্যা কৰা ৷
উত্তৰ— অৰণ্য হ’ল বৰষুণৰ পানীৰ প্ৰাকৃতিক শোষক আৰু ই পানীখিনি মাটিৰ ভিতৰলৈ নিজৰি সোমাই যাবলৈ দিয়ে । এনেকৈয়ে গোটেই বছৰ জুৰি ভূগৰ্ভৰ জল পৃষ্ঠ অব্যাহত ৰখাত সহায় কৰে ৷ অৰণ্যই কেৱল বানপানী নিয়ন্ত্ৰণতে সহায় কৰে, এনে নহয় ই নৈ বা জানত পানীৰ প্রবাহ অব্যাহত ৰখাতো সহায় কৰে যাতে আমি নিয়মীয়াকৈ পানীৰ যোগান পাওঁ। আনহাতে যদি গ’ছ নাথাকিলেহেঁতেন বৰষুণৰ টোপাল পোনে পোনে মাটিত পৰিলেহেঁতেন আৰু অঞ্চলটোৰ আশে-পাশে বানপানীৰ সৃষ্টি হ’লহেঁতেন। অত্যধিক বৰষুণে মাটি নষ্ট কৰিবও পাৰে। গছৰ শিপাই সাধাৰণতে মাটি খামোচ মাৰি ধৰি থাকে, কিন্তু ইয়াৰ অবিহনে পানীয়ে মাটি ধুৱাই নিব পাৰে বাবে খহনীয়া হ’ব পাৰে ।
প্ৰশ্ন 3 ) বিয়োজক কি ? দুবিধ বিয়োজকৰ নাম লিখা ৷ সিহঁতে অৰণ্যত কি কৰে ?
উত্তৰ— বিয়োজক হ’ল কিছুমান অণুজীৱ যিয়ে পচা উদ্ভিদ বা প্রাণীক হিউমাছলৈ পৰিবৰ্তিত কৰে ।
দুবিধ বিয়োজক হ’ল ভেঁকুৰ আৰু বেক্টেৰিয়া। বিয়োজকবোৰে অৰণ্যত এটা উল্লেখযোগ্য ভূমিকা লয়, ইহঁতে হিউমাছ তৈয়াৰ কৰে আৰু মাটিৰ পৰাই পোষক দ্রব্য উদ্ভিদৰ শিপাৰ দ্বাৰা শোষণ কৰি লয়। তদুপৰি অৰণ্যত যদি এটা প্ৰাণীৰ মৃত্যু ঘটে তেতিয়া মৃত প্রাণীটো শগুন, কাউৰী, শিয়াল আৰু পোক-পতঙ্গৰ আহাৰ হয় আৰু বাকী থকা অৱশিষ্টখিনি বিয়োজকে বিয়োজন ঘটাই মাটিৰ লগত মিহলি কৰি দিয়ে।
প্ৰশ্ন 4 ) বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি ব্যাখ্যা কৰা ৷
উত্তৰ— আমি সকলোৱে জানো যে সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্রস্তুত কৰে ৷ এই প্রক্রিয়াত কার্বন-ডাই-অক্সাইড শোষণ কৰে আৰু অক্সিজেন এৰি দিয়ে ৷ উদ্ভিদবোৰে এইদৰে প্ৰাণীৰ শ্বসনৰ বাবে অক্সিজেন যোগান ধৰি ইহঁতক সহায় কৰে। এইদৰে, অৰণ্যৰ উদ্ভিদসমূহে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ সমতা ৰক্ষা কৰে ৷ সেয়েহে অৰণ্যক সেউজীয়া হাওঁফাওঁ বুলি কোৱা হয় ।
প্ৰশ্ন 5 ) অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা ৷
উত্তৰ— অৰণ্যত যদি এটা প্ৰাণীৰ মৃত্যু ঘটে তেতিয়া মৃত প্রাণীটো শণ্ডন, কাউৰী, শিয়াল আৰু পোক-পতঙ্গৰ আহাৰ হয় আৰু বাকী থকা অৱশিষ্টখিনি অণুজীৱই বিয়োজন ঘটাই হিউমাছলৈ পৰিৱৰ্তিত কৰে । হিউমাছৰ উপস্থিতিয়ে মৃত উদ্ভিদ আৰু প্ৰাণীৰপৰা পোষক দ্ৰব্য মাটিত মিহলি হোৱাটো নিশ্চিত কৰে ৷ এই পোষক দ্ৰব্য মাটিৰপৰা পুনৰ উদ্ভিদৰ শিপাই শোষণ কৰি লয় ৷ এইদৰে পোষক দ্ৰব্যবোৰ চক্ৰাকাৰে চলি থাকে ৷
প্ৰশ্ন 6 ) অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম লিখা ৷
উত্তৰ— অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তু হৈছে— আঠা, তেল, মচলা, লা, মৌ ।
প্ৰশ্ন 7 ) খালী ঠাই পূৰ কৰা—
(a) পতংগ, পখিলা, মৌমাখি আৰু চৰায়ে সপুষ্পক উদ্ভিদৰ ——— সহায় কৰে ৷
উত্তৰ— পতংগ, পখিলা, মৌমাখি আৰু চৰায়ে সপুষ্পক উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে ৷
(b) অৰণ্য হ’ল ——— আৰু ———ৰ বিশুদ্ধি কাৰক ৷
উত্তৰ— অৰণ্য হ’ল বায়ু আৰু মাটিৰ বিশুদ্ধি কাৰক।
(c) অৰণ্যৰ ——— স্তৰটো সৰু গুল্ম আৰু ঘাঁহ-বনেৰে গঠিত ৷
উত্তৰ— অৰণ্যৰ নিম্ন স্তৰটো সৰু গুল্ম আৰু ঘাঁহ-বনেৰে গঠিত।
(d) পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত ——— ৰ বৃদ্ধি কৰে ৷
উত্তৰ— পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত পোষক দ্রব্যৰ বৃদ্ধি কৰে ৷
প্ৰশ্ন 8 ) আমাৰ পৰা দূৰৈত থকা অৰণ্যবোৰৰ অৱস্থা আৰু ইয়াৰ সমস্যা লৈ আমি চিন্তিত কিয় ?
আমি অৰণ্যৰ ওপৰত নিৰ্ভৰশীল ৷ অৰণ্যই আমাক বিশুদ্ধ অক্সিজেন, খাদ্য আৰু বিভিন্ন ধৰণৰ বস্তু যোগান ধৰে ৷ অৰণ্য হৈছে বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ বাসস্থান ৷ অৰণ্যই পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা আগবই আহিছে ৷ সেয়েহে অৰণ্য নাথাকিলে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমি যাব, বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ বাসস্থানৰ লগতে খাদ্যৰ নাটনিয়ে দেখা দিব ৷ ফলত বিভিন্ন প্ৰাণী আৰু উদ্ভিদ বিলুপ্ত হ’ব ৷ গোলকীয় উষ্ণতা, ভূমিস্খলন আদি প্ৰাকৃতিক দূৰ্যোগ বৃদ্ধি পাব আৰু জলচক্ৰত ব্যাঘাত জন্মিব ৷ ফলত পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হ’ব ৷ সেয়েহে, আমি আমাৰ পৰা দূৰৈত থকা অৰণ্যবোৰৰ অৱস্থা ইয়াৰ সমস্যাবোৰ পৰ্যালোচনা কৰি উপযুক্ত ব্যাৱস্থাৰে সমস্যাবোৰ সমাধান কৰিব লাগে ৷
প্ৰশ্ন 9 ) অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্ৰয়োজনীয় বুজাই লিখা ৷
উত্তৰ— সাধাৰণতে অৰণ্যত পৰিবেশ তন্ত্ৰ স্বপোষী, পৰপোষী আৰু মৃতপোষী আদি জীৱৰ দ্বাৰা গঠিত। আমি জানো যে, স্বপোষী উদ্ভিদসমূহে সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে, পৰপোষী অৰ্থাৎ তৃণভোজী বা মাংসভোজী যিয়ে নহওক, সকলো প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। যিবিলাক জীৱই খাদ্য হিচাপে উদ্ভিদ গ্ৰহণ কৰে, সেইবিলাকক অন্য জীৱই খায় আৰু পৰ্যায় ক্রমে প্ৰক্ৰিয়াটো চলি থাকে। উদাহৰণ স্বৰূপে পতঙ্গই ঘাঁহ খায়, পতঙ্গক আকৌ ভেকুলীয়ে খায়, ভেকুলীক সাপে, সাপক ঈগলে ভক্ষণ কৰে।এইসমূহ উদ্ভিদ বা প্রাণীব বর্জিত বস্তুসমূহ অণুজীৱই পচাই মাটিৰ লগত মিহলি কৰে আৰু তাৰ পৰা উদ্ভিদে খনিজ লৱণসমূহ শিপাৰ দ্বাৰা গছজোপালৈ শোষণ কৰি লয়, ইয়াকে খাদ্য-শৃংখল বোলে ।
অৰণ্যত বিভিন্ন ধৰণৰ খাদ্য শৃংখল দেখিবলৈ পোৱা যায় । সকলোবোৰ খাদ্য শৃংখলৰ সম্পৰ্ক আছে । যদি এটা খাদ্য শৃংখল ব্যাহত হয় তেনেহ’লে আন খাদ্য শৃংখলৰ ওপৰত প্ৰভাৱ পৰিব । অৰণ্যৰ সকলোবোৰ অংশই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল ৷ যদি আমি অৰণ্যৰ পৰা এটা উপাদান, ধৰাহওক গছ আঁতৰাই পেলাওঁ তেন্তে আন উপাদানবোৰৰ ওপৰত প্ৰভাৱ পৰিব। সেইবাবেই অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো অতি প্রয়োজনীয় ।
প্ৰশ্ন 10 ) চিত্ৰ 17.15ত শিল্পীজনে চিত্ৰৰ বিভিন্ন বস্তুবোৰ চিহ্নিত কৰিবলৈ আৰু কাঁড় চিহ্নৰ দিশ দিবলৈ পাহৰি গ’ল ৷ কাঁড় চিহ্ন দিশ দিয়া আৰু তলত উল্লেখিত বস্তুবোৰ চিহ্নিত কৰা ৷ মেঘ, বৰষুণ, বায়ুমণ্ডল, কাৰ্বন-ডাই-অক্সাইড, অক্সিজেন, উদ্ভিদ, প্ৰাণী, মাটি, মূল, ভূ-গৰ্ভৰ জলপৃষ্ঠ ৷
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ৷
প্ৰশ্ন 11 ) তলৰ কোনবিধ অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয় ?
(a) আঠা (Gum)
(b) প্লাইউড (Plywood)
(c) লা
(d) কেৰাচিন (Kerosene)
উত্তৰ— (d) কেৰাচিন (Kerosene)
প্ৰশ্ন 12 ) তলৰ কোনবোৰ উক্তি সত্য নহয় ?
(a) অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে ৷
(b) অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয় ৷
(c) অৰণ্যই জলবায়ু আৰু জলচক্ৰত প্ৰভাৱ পেলায় ৷
(d) মাটিয়ে অৰণ্য বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে ৷
উত্তৰ— (b) অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয় ৷
প্ৰশ্ন 12 ) অণুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীটো হ’ল
(a) বালি, (b) কাঠফুলা (Musroom), (c) হিউমাছ, (d) কাঠ
উত্তৰ— (c) হিউমাছ ৷
Sl. No. | Contents ( Class 7 science ) |
Chapter 1 | উদ্ভিদৰ পৰিপুষ্টি |
Chapter 2 | প্ৰাণীৰ পৰিপুষ্টি |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | তাপ |
Chapter 5 | অম্ল, ক্ষাৰক আৰু লৱণ |
Chapter 6 | ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন |
Chapter 7 | বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন |
Chapter 8 | বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ |
Chapter 9 | মাটি |
Chapter 10 | জীৱৰ শ্বাস-প্ৰশ্বাস |
Chapter 11 | প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ |
Chapter 12 | উদ্ভিদৰ প্ৰজনন |
Chapter 13 | গতি আৰু সময় |
Chapter 14 | বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া |
Chapter 15 | পোহৰ |
Chapter 16 | পানী : এক অমূল্য সম্পদ |
Chapter 17 | অৰণ্য : আমাৰ জীৱন ৰেখা |
Chapter 18 | বৰ্জিত পানীৰ কথা |
তোমালোকে কি শিকিলা (Class 7 Science Chapter 17)
♦ আমাৰ চৌপাশে থকা অৰণ্যৰপৰা আমি বহুতো উৎপাদিত সামগ্ৰী পাওঁ ৷
♦ বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অনুজীৱৰ গঠিত এটা পৰিবেশেই হৈছে অৰণ্য ৷
♦ অৰণ্যত বৃক্ষবোৰে ওপৰৰ স্তৰটোৰ সৃষ্টি কৰে ৷ ইয়াৰ তলত গুল্ম জাতীয় উদ্ভিদ থাকে ৷ ঘাঁহ-বনবোৰে একেবাৰে তলৰ স্তৰটোৰ সৃষ্টি কৰে ৷
♦ গছ-গছনিৰ বিভিন্ন স্তৰবোৰে প্ৰাণী, চৰাই আৰু পোক-পতংগক খাদ্য আৰু বাসস্থানৰ যোগান ধৰে ৷
♦ অৰণ্যৰ বিভিন্ন উপাদানবোৰ পৰস্পৰ নিৰ্ভৰশীল ৷
♦ অৰণ্যৰ বৃদ্ধি আৰু পৰিৱৰ্তন ঘটে আৰু ই পুনৰুজ্জীৱিত হ’ব পাৰে ৷
♦ অৰণ্যত মাটি, পানী, বায়ু আৰু জীৱৰ মাজত এটা সম্পৰ্ক বিদ্যমান ৷
♦ অৰণ্যই মাটিক খহনীয়াৰ পৰা ৰক্ষা কৰে ৷
♦ মাটিয়ে অৰণ্যক বৃদ্ধি আৰু পুনৰুজ্জীৱিত হোৱাৰ সহায় কৰে ৷
♦ অৰণ্যত বাস কৰা লোকসকলৰ বাবে অৰণ্য হৈছে জীৱন ৰেখা ৷
♦ অৰণ্যই জলবায়ু, জলচক্ৰ আৰু বায়ুৰ গুণাগুণৰ ওপৰত প্ৰভাৱ পেলায় ৷
(adsbygoogle = window.adsbygoogle || []).push({});