তাপ Class 7 Science Chapter 4

SCERT Assam class 7 Science Chapter 4 তাপ (Heat) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 4 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam তাপ class 7 Science Lesson 4 free notes.

তাপ (HEAT)

পাঠ ৪

অনুশীলনী (Exercises) :

প্ৰশ্ন (1) পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ সাদৃশ্য (Similarities) আৰু পার্থক্যসমূহ (Differences) উল্লেখ কৰা।

উত্তৰ— পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ সাদৃশ্য-

(a) দুয়ােটাতে তৰল পদার্থ হিচাপে পাৰা ব্যৱহাৰ কৰা হয় ।

(b) দুয়োটাৰে গাত ছেলছিয়াছ স্কেলৰ দাগ কটা থাকে।

(c) দুয়োটাৰেই এটা মূৰত পাৰা জমা থকা বাল্ব থাকে।

পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ পার্থক্য-

(a) পৰীক্ষাগাৰৰ তাপমেতাত উষ্ণতাৰ জোখ -10°C ৰ পৰা 110°C লৈ থাকে, কিন্তু জ্বৰ জোখা তাপমেতাত উষ্ণতাৰ জোখ 35°C ৰ পৰা 42°C লৈ থাকে ।

(b) জ্বৰ জোখা তাপমেতাত বাল্বৰ সমীপত এটা ভাঁজ থাকে, যিটো পৰীক্ষাগাৰৰ তাপমেতাত নাথাকে।

প্ৰশ্ন (2) তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ দিয়া।

উত্তৰ— তাপৰ পৰিবাহী দুটা বস্তুৰ উদাহৰণ-  লাে আৰু তাম ।

তাপৰ অপৰিবাহী দুটা বস্তুৰ উদাহৰণ- কাঠ আৰু ঊণ।

প্ৰশ্ন (3) খালী ঠাই পূৰ কৰা :

(a) কোনাে এটা বস্তুৰ উত্তাপ ইয়াৰ                       দ্বাৰা নির্ণয় কৰা হয় ।

উত্তৰ— কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা হয় ।

(b) উতলা পানীৰ উষ্ণতা                       তাপমেতাৰে জুখিব নােৱাৰি।

উত্তৰ— উতলা পানীৰ উষ্ণতা জ্বৰ জোখা তাপমেতাৰে জুখিব নোৱাৰি।

(c) ডিগ্ৰী           এককত উষ্ণতা জোখা হয় ।

উত্তৰ— ডিগ্ৰী C এককত উষ্ণতা জোখা হয় ।

(d)                       প্রক্রিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়ােজন নহয়।

উত্তৰ— বিকিৰণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্য়মৰ প্ৰয়োজন নহয়।

(e) এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই                       প্রক্রিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে।

উত্তৰ— এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই পৰিবহণ প্রক্রিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে।

(f) পাতল ৰঙৰ বস্ত্ৰতকৈ                       ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে।

উত্তৰ— পাতল ৰঙৰ বস্ত্ৰতকৈ গাঢ় ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে।

প্ৰশ্ন (4) তলৰ বাক্যবোৰ মিলোৱা :

(a) স্থলবতাহ বলে (e) গ্ৰীষ্মকালত
(b) জলবতাহ বলে (f) শীতকালত
(c) গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় (g) দিনত
(d) পাতল ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় (h) ৰাতি

উত্তৰ—

(a) স্থলবতাহ বলে (g) দিনত
(b) জলবতাহ বলে (h) ৰাতি
(c) গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় (f) শীতকালত
(d) পাতল ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় (e) গ্ৰীষ্মকালত

প্ৰশ্ন (5) শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় বেছি গৰম হৈ থাকে আলোচনা কৰা।

উত্তৰ— ইয়াৰ কাৰন হৈছে একাধিক তৰপৰ কাপোৰৰ মাজত বায়ুৰ তৰপ আৱদ্ধ হৈ থাকে। আমি সকলোৱে জানো যে বায়ু তাপৰ কুপৰিবাহী। ফলত শৰীৰৰ উত্তাপ বাহিৰলৈ ওলাই যাব নোৱাৰে আৰু আমাৰ শৰীৰ গৰম হৈ থাকে।

প্ৰশ্ন (6) তলৰ চিত্ৰ 4.13 টো লক্ষ্য কৰা। পৰিবহণ, পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰা।Class 7 Science Chapter 4

উত্তৰ— চিত্ৰত তাপ পৰিবহনৰ পদ্ধতিবােৰ হ’ল—

(a) বিকিৰণ :-  বার্ণাৰৰ পৰা চচপেনৰ তলিলৈ ।

(b) পৰিবহন :- পাত্ৰৰ তলিৰ পৰা ওপৰলৈ আৰু চামুচখনৰ গালৈ ।

(c) পৰিচলন :- পাত্ৰৰ তলিৰ পৰা পানীৰ ওপৰ পৃষ্ঠলৈ ।

প্ৰশ্ন (7) উষ্ণ (Hot climate) জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামৰ্শ (Advised) দিয়া হয়। ব্যাখ্যা কৰা।

উত্তৰ— উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয় কাৰণ বগা ৰঙে তাপ শোষণ নকৰে ওলোটাই তাক প্ৰতিফলিতহে কৰে ফলত ঘৰৰ ভিতৰলৈ তাপ সঞ্চালনৰ পৰিমাণ কম হয় বাবে ঘৰৰ ভিতৰত গৰম কম হয় ।

প্ৰশ্ন (8) 30° C ত থকা এক লিটাৰ পানী 50° C ত থকা এক লিটাৰ পানীৰ লগত মিহলি কৰা হ’ল । মিশ্রণৰ উষ্ণতা হ’ব-

(a) 80° C                (b) 50° C ত কৈ বেছি কিন্তু 80° C তকৈ কম

(c) 20° C                 (d) 30° C আৰু 50° C ৰ মাজত

উত্তৰ— (d) 30° C আৰু 50° C ৰ মাজত

প্ৰশ্ন (9) মগ এটাত থকা 40° C উষ্ণতাৰ পানীত 40° C উষ্ণতাৰ লোৰ বল এটা ডুবাই দিয়া হ’ল। তাপ-

(a) লোৰ বলৰপৰা পানীলৈ সঞ্চালিত হ’ব।

(b) লোৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লোৰ বললৈ সঞ্চালিত নহয়।

(c) পানীৰ পৰা লোৰ বললৈ সঞ্চালিত হ’ব।

(d) দুয়োৰে উষ্ণতা বৃদ্ধি হ’ব।

উত্তৰ— (b) লোৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লোৰ বললৈ সঞ্চালিত নহয়।

প্ৰশ্ন (10) আইছ ক্ৰীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থোৱা হৈছে। চামুচখনৰ আনটো মূৰ

(a) পৰিবহণ প্ৰক্ৰিয়াৰে চেঁচা হ’ব।

(b) পৰিচলন প্ৰক্ৰিয়াৰে চেঁচা হ’ব।

(c) বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হয়।

(d) চেঁচা নহয়।

উত্তৰ— (d) চেঁচা নহয়।

প্ৰশ্ন (11) নিষ্কলংক তীখা (Stainless steel) ৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নিৰ্মিত হয়। ইয়াৰ কাৰণ হৈছে-

(a) তামৰ তলিয়ে কেৰাহীৰ আয়ুস বঢ়ায়।

(b) কেৰাহীটো দেখাত ৰং বিৰঙৰ হয়।

(c) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী।

(d) নিষ্কলংক তীখাতকৈ তাম চাফা কৰা সুবিধাজনক।

উত্তৰ— (c) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী।

Sl. No. Contents (Class 7 science)
Chapter 1 উদ্ভিদৰ পৰিপুষ্টি
Chapter 2 প্ৰাণীৰ পৰিপুষ্টি
Chapter 3 আঁহৰ পৰা কাপোৰলৈ
Chapter 4 তাপ
Chapter 5 অম্ল, ক্ষাৰক আৰু লৱণ
Chapter 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন
Chapter 8 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ
Chapter 9 মাটি
Chapter 10 জীৱৰ শ্বাস-প্ৰশ্বাস
Chapter 11 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ
Chapter 12 উদ্ভিদৰ প্ৰজনন
Chapter 13 গতি আৰু সময়
Chapter 14 বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া
Chapter 15 পোহৰ
Chapter 16 পানী : এক অমূল্য সম্পদ
Chapter 17 অৰণ্য : আমাৰ জীৱন ৰেখা
Chapter 18 বৰ্জিত পানীৰ কথা

SCERT Assam Class 7 Science

তোমালোকে কি শিকিলা (What have you learn)

বস্তুৰ উত্তাপৰ মাত্ৰা জানিবলৈ আমাৰ স্পৰ্শ ইন্দ্ৰিয় সদায় নিৰ্ভৰযোগ্য নহয় ।উষ্ণতা হৈছে বস্তুৰ উত্তাপৰ মাত্ৰাৰ জোখ।তাপমেতা বা থাৰ্মমিটাৰ হৈছে উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।আমাৰ শৰীৰৰ উষ্ণতা জুখিবলৈ জ্বৰ জোখা তাপমেতা ব্যৱহাৰ কৰা হয়। এনে তাপমেতাৰ উষ্ণতাৰ পৰিসৰ 35°C ৰ পৰা 42°C লৈ। আন কামৰ বাবে আমি পৰীক্ষাগাৰৰ তাপমেতা ব্যৱহাৰ কৰোঁ। এনে তাপমেতাৰ উষ্ণতাৰ পৰিসৰ সাধাৰনতে  -10°C ৰ পৰা 110°C লৈ।মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা ।উচ্চ উষ্ণতাত থকা বস্তু এটাৰ পৰা নিম্ন উষ্ণতাত থকা বস্তুলৈ তাপ সঞ্চালিত হয়। এটা বস্তুৰ পৰা আন এটালৈ তাপ তিনি প্ৰকাৰে সঞ্চালিত হ’ব পাৰে। ইহঁত হ’ল পৰিৱহণ, পৰিচলন আৰু বিকিৰণ।কঠিন পদাৰ্থত সাধাৰণতে পৰিৱহণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হয়। জুলীয়া পদাৰ্থ আৰু গেছত পৰিচলন প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হয়। বিকিৰণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত কোনো মাধ্যমৰ প্ৰয়োজন নহয়।

যিবোৰ বস্তুৱে তাৰ মাজেৰে অনায়াসে তাপ সঞ্চালিত হ’বলৈ দিয়ে সেইবোৰ তাপৰ পৰিবাহী।

যিবোৰ বস্তুৱে তাৰ মাজেৰে অনায়াসে তাপ সঞ্চালিত হ’বলৈ নিদিয়ে সেইবোৰ তাপৰ অপৰিবাহী।

পাতল ৰঙ ৰ বস্তুতকৈ গাঢ় ৰঙৰ বস্তুৱে অধিক বিকিৰণ শোষণ কৰে। এই কাৰনেই আমি গৰমকালি পাতল ৰঙৰ বস্ত্ৰ পিন্ধি বেছি আৰাম অনুভৱ কৰোঁ ।

ঊণৰ বস্ত্ৰই শীতকালত আমাৰ শৰীৰ গৰম কৰি ৰাখে। ইয়াৰ কাৰণ হ’ল ঊণ তাপৰ কুপৰিবাহী আৰু ইয়াৰ আঁহৰ ফাঁকবোৰত বায়ু আৱদ্ধ হৈ থাকে।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close