SCERT Assam class 7 Science Chapter 18 বৰ্জিত পানীৰ কথা (Wastewater Story) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 18 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Social Science Chapter 18
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam বৰ্জিত পানীৰ কথা class 7 Science chapter 18 free notes. You can also download SCERT class 7 science chapter 18 PDF version for free.
বৰ্জিত পানীৰ কথা
পাঠ ১৮
অনুশীলনী (Exercises)
প্ৰশ্ন 1 ৷ খালী ঠাই পূৰ কৰা—
(a) পানী-শোধন (Cleaning of water) কৰাটো হৈছে ——— আঁতৰকৰণ প্ৰক্ৰিয়া ৷
উত্তৰ— পানী-শোধন (Cleaning of water) কৰাটো হৈছে প্রদূষক আঁতৰকৰণ প্ৰক্ৰিয়া ৷
(b) ঘৰবোৰৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনিক ——— বোলে ৷
উত্তৰ— ঘৰবোৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনিক পূতিজল বোলে।
(c) শুকান ———ক সাৰ হিচাপে ব্যৱহাৰ কৰা হয় ৷
উত্তৰ— শুকান গেদখিনিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয় ৷
(d) নৰ্দমাবোৰ ——— আৰু ——— দ্বাৰা বন্ধ হৈ পৰিব পাৰে ৷
উত্তৰ— নৰ্দমাবোৰ গোটা খাদ্যৰ অৱশিষ্ট আৰু চৰ্বীজাতীয় বস্তুৰ দ্বাৰা বন্ধ হৈ পৰিব পাৰে ৷
প্ৰশ্ন 2) নলাৰে ওলাই যোৱা পূতিজল কি ? নদী বা সাগৰলৈ পূতিজল উপচাৰ নকৰাকৈ এৰি দিয়াটো কিয় অপকাৰী ব্যাখ্যা কৰা ৷
উত্তৰ— নলাৰে ওলাই যোৱা পূতিজল হ’ল ঘৰ, উদ্যোগ, চিকিৎসালয়, কাৰ্যালয় বা আন উৎসৰপৰা ওলাই অহা বৰ্জিত পানী ৷
যিহেতু পূতিজল এবিধ জটিল মিশ্ৰ য’ত গোটা, জৈৱ, আৰু অজৈৱ অশুদ্ধি, পোষক দব্য়ৰ লগতে পৰজীৱী আৰু ৰোগ বহনকাৰী বেক্টেৰিয়া আৰু অন্য়ান্য় অণুজীৱ আদি থাকে বাবে এইবোৰ উপচাৰ নকৰাকৈ নদী বা সাগৰলৈ এৰি দিয়াটো অপকাৰী হয়।
প্ৰশ্ন 3) তেল আৰু চৰ্বীজাতীয় সামগ্ৰী নৰ্দমাত এৰি দিয়াটো কিয় উচিত নহয় ? ব্যাখ্যা কৰা ৷
উত্তৰ— নৰ্দমালৈ তেল আৰু চৰ্বীজাতীয় সামগ্ৰী এৰি দিয়াটো উচিত নহয় কাৰণ সেইবোৰ টান হৈ নলাবোৰ বন্ধ কৰি দিব পাৰে । মুকলি নৰ্দমা এটাত চৰ্বীজাতীয় বস্তুৱে মাটিৰ ছিদ্ৰবোৰ বন্ধ কৰি মাটিখিনি পানী পৰিস্ৰাবন কৰা দক্ষতা হ্ৰাস কৰে। সেইবাবে তেল আৰু চৰ্বীজাতীয় বস্তু সদায় জাঁৱৰ পেলোৱা পাত্ৰ (ডাষ্টবিন)ত পেলাব লাগে।
প্ৰশ্ন 4) বৰ্জিত মলিয়ন পানীৰ পৰা নিৰ্মল পানী পোৱা স্তৰসমূহ বৰ্ণনা কৰা ৷
উত্তৰ— স্তৰ 1 : বৰ্জিত মলিয়ন পানীখিনিক প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়। ফটা কাগজ, কাপোৰ, বাঁহ-কাঠৰ টুকুৰা, টেমা, প্লাষ্টিকৰ মোনাৰ আদিৰ দৰে অপ্ৰয়োজনীয় ডাঙৰ বস্তুবোৰ ইয়াত আঁতৰ হয়।
স্তৰ 2 : ইয়াৰ পাছত পানীখিনিক সৰু মিহি শিল আৰু বালি আঁতৰোৱা চৌবাচ্চবা জলধাৰালৈ পঠিওৱা হয়। ইয়াত বালি, মিহি শিল আৰু শিলৰ সৰু টুকুৰাসমূহ যাতে তলত পৰি ৰৈ যাব পাৰে তাৰ বাবে প্ৰবেশ কৰা মলিয়ন পানীখিনিৰ গতি হ্ৰাস কৰা হয়।
স্তৰ 3 : ইয়াৰ পাছত মধ্য়ভাগলৈ হেলনীয়া এটা ডাঙৰ জলধাৰাত পানীখিনিক থিতাপি ল’বলৈ দিয়া হয়। ইয়াত মল, বিষ্ঠাৰ দৰে গোটা বস্তুবোৰ তলিত গেদ হিচাপে পৰে আৰু এইবোৰক চোঁচনীৰ দ্বাৰা আঁতৰোৱা হয়। তেল আৰু তেলজাতীয় পদাৰ্থৰ দৰে ওপৰত ভাহি থকা অপ্ৰয়োজনীয় বস্তুবোৰ চেকনীৰে আঁতৰোৱা হয়। এনেদৰে চাফা কৰা পানীখিনিক পৰিষ্কৃত পানী বোলে। মলিয়ন বোকাখিনি এটা পৃথক জলধাৰালৈ স্থানান্তৰ কৰা হয় য’ত এইবোৰ অবায়বীয় বেক্টেৰিয়াৰ দাৰা পচিবলৈ দিয়া হয়। এই প্ৰক্ৰিয়াত উৎপাদিত জৈৱ গেছসমূহ ইন্ধন হিচাপে বা বিদ্য়ুৎ উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়।
স্তৰ 4 : বায়বীয় বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবে পৰিষ্কাৰ পানীখিনিৰ মাজেৰে পাম্পেৰে বায়ু সোমোৱাই দিয়া হয়। পানীখিনিত তেতিয়াও ৰৈ যোৱা মানুহৰ মল-মূত্ৰ, বৰ্জিত খাদ্য, চাবোন আৰু আন অপ্ৰয়োজনীয় পদাৰ্থসমূহ বেক্টিৰিয়া সমূহে শোষণ কৰি লয় । ইয়াৰ পিছত পানীখিনি বীজাণুমুক্ত () কৰিবলৈ ক্ল’ৰিন আৰু অ’জ’নৰ দৰে ৰাসায়নিক পদাৰ্থও মিহলোৱা হয় ৷
প্ৰশ্ন 5) মলিয়ন বোকা গেদ কি ? ইয়াক কেনেদৰে শোধিত কৰা হয় ?
উত্তৰ— বৰ্জিত মলিয়ন পানী শোধন কৰোতে চৌবাচ্চা এটাৰ তলিত গেদ হিচাপে পৰি থকা গোটা বস্তুবোৰেই হৈছে মলিয়ন বোকা গেদ ৷
বৰ্জিত মলিয়ন পানী শোধন কৰিবৰ বাবে পানীখিনি এটা ডাঙৰ মধ্যভাগলৈ হেলনীয়া পাত্ৰত থিতাপি ল’বলৈ দিয়া হয় ৷ ইয়াত মলিয়ন বোকা পাত্ৰৰ তলিত গেদ হিচাপে জমা হয় আৰু এইবোৰক চোঁচনি (scraper) ৰ দ্বাৰা আঁতৰাই পেলোৱা হয় ৷
প্ৰশ্ন 6) “নিষ্পত্তিকৰণৰ কোনো ব্যৱস্থা নোলোৱা মানুহৰ মল-মূত্ৰবোৰ স্বাস্থ্যৰ বাবে বিপদজনক ৷” ব্যাখ্যা কৰা ৷
উত্তৰ— বেছিভাগ মানুহে মুকলি ঠাইত, শুকাই যোৱা নদী ৰে’ল লাইন, পথাৰৰ ওচৰত আৰু বহু সময়ত পানীত পোনপটীয়াকৈ মল ত্যাগ কৰে । উপচাৰ নকৰা মল-মূত্ৰ স্বাস্থ্যৰ বাবে অপকাৰী ৷ এইবোৰে বায়ু, পানী আৰু মাটি প্ৰদূষিত কৰি তোলে ৷ মল-মূত্ৰৰ দ্বাৰা প্ৰদূষিত পানীয়ে বিভিন্ন ৰোগ যেনে ক’লেৰা, টাইফয়েড, পলিঅ’, গ্ৰহণী আদি ৰোগৰ সৃষ্টি কৰে ৷
প্ৰশ্ন 7) পানী বীজানুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্যৰ নাম লিখা ৷
উত্তৰ— পানী বীজানুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্যৰ নাম- ক্ল’ৰিন আৰু অ’জ’ন ।
প্ৰশ্ন 8) মলিয়ন বৰ্জিত পানী উপচাৰ প্ৰকল্পত থকা প্ৰতিবন্ধক বেৰ কি ? ব্যাখ্যা কৰা ৷
উত্তৰ— মলিয়ন বৰ্জিত পানী উপচাৰ কৰা প্ৰক্ৰিয়াত তাত মিহলি হৈ থকা ফটা কাগজ, কাপোৰ, বাঁহ-কাঠৰ টুকুৰা, টেমা, প্লাষ্টিকৰ মোনা আদি এখন বেৰৰ সহায়ত আঁতৰ কৰা হয় ৷ এই বেৰখনেই হৈছে প্ৰতিবন্ধক বেৰ ৷
প্ৰশ্ন 9) অনাময় আৰু ৰোগৰ মাজত থকা সম্পৰ্কখিনি ব্যাখ্যা কৰা ৷
উত্তৰ— অনাময় আৰু ৰোগৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক আছে ৷ অনাময় মানে হৈছে পৰিস্কাৰ খোৱা পানী, খাদ্যৰ লগতে পৰিস্কাৰ পৰিবেশ গঢ়ি তোলা আৰু আৱৰ্জনা, মল-মূত্ৰ আদি সঠিকভাৱে নিষ্পত্তিকৰণ কৰা ৷ আৱৰ্জনা, মল-মূত্ৰ আদি সঠিকভাৱে নিষ্পত্তিকৰণ নকৰিলে বিভিন্ন ৰোগ সৃষ্টি আৰু বিয়পোৱাত অৰিহণা যোগাব ৷ সেয়েহে, পৰিষ্কাৰ পৰিবেশ আৰু বিভিন্ন ৰোগ নিৰ্মূল কৰাৰ বাবে অনাময় ব্যৱস্থা অতিকৈ প্ৰয়োজনীয় ৷
প্ৰশ্ন 10) এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে অনাময় ব্যৱস্থাত তোমাৰ ভুমিকা কি ? চমুকৈ লিখা ৷
উত্তৰ— এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে ঘৰৰ পৰিবেশৰ অনাময়ৰ ব্যৱস্থা ল’ব লাগিব ৷ ঘৰুৱা বৰ্জিত পানী, আৱৰ্জনা আৰু মল-মূত্ৰ আদি সঠিকভাৱে নিষ্পত্তিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ৷ আনহাতে, ৰাজহুৱা স্থানৰ অনাময় ৰক্ষা কৰাৰ বাবে সজাগতামূলক প্ৰদক্ষেপ ল’ব লাগিব ৷ যেনে-
(i) সকলোকে জাবৰ-জোঁথৰ ডাষ্টবিনত পেলাবৰ বাবে আগ্ৰহী কৰি তুলিব লাগিব ৷
(ii) শৌচালয় ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াব লাগিব ৷
(iii) পৰিবেশ চাফ-চিফুনকৈ ৰাখিবলৈ পৰামৰ্শ আগবঢ়াব লাগিব ৷
প্ৰশ্ন 11) এইটো এটা শব্দ শৃৃৃংখলৰ লেখ :
পথালিকৈ
(3) বৰ্জিত পানী উপচাৰ প্ৰকল্পত প্ৰক্ৰিয়াৰ শেষ স্তৰত উৎপন্ন হোৱা এটা পদাৰ্থ যাক শুকান কৰি সাৰ হিচাপে ব্যৱহাৰ কৰা হয় ৷
(4) বৰ্জিত পানীত থকা এটা পোষক দ্ৰব্য ৷
(7) পানীত অপকাৰী আৰু অবাঞ্চিত পদাৰ্থ মিহলি হোৱা প্ৰক্ৰিয়া ৷
থিয়কৈ
(1) আধুনিক প্ৰযুক্তিৰে মানুহৰ মল-মূত্ৰ নিষ্পত্তিকৰণত উৎপাদন কৰা এক গেছীয় ইন্ধন ৷
(2) এক পানীজনীত ৰোগ ৷
(5) আকাশীযান আদিত ব্যৱহাৰ কৰা এক ৰাসায়নিক পদাৰ্থ
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ৷ (উদাহৰণ স্বৰূপে (3) গেদ, (4) ফছফৰাছ, (7) প্ৰদূষণ, (1) জৈৱগেছ, (2) টাইফয়েড আদি)
প্ৰশ্ন 12) অ’জ’নৰ বিষয়ে তলৰ উক্তিবোৰ পঢ়ি চোৱা
(a) জীৱৰ উশাহ-নিশাহৰ বাবে ই প্ৰয়োজন
(b) পানীৰ বীজাণুনাশ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ৷
(c) ই অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে
(d) বায়ুত ইয়াৰ অনুপাত প্ৰায় 3%
এই উক্তিকেইটাৰ কোনবোৰ শুদ্ধ
(i) (a), (b) আৰু (c)
(ii) (b) আৰু (c)
(iii) (a) আৰু (d)
(iv) চাৰিওটা
উত্তৰ— (ii) (b) আৰু (c)
Sl. No. | Contents ( Class 7 science ) |
Chapter 1 | উদ্ভিদৰ পৰিপুষ্টি |
Chapter 2 | প্ৰাণীৰ পৰিপুষ্টি |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | তাপ |
Chapter 5 | অম্ল, ক্ষাৰক আৰু লৱণ |
Chapter 6 | ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন |
Chapter 7 | বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন |
Chapter 8 | বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ |
Chapter 9 | মাটি |
Chapter 10 | জীৱৰ শ্বাস-প্ৰশ্বাস |
Chapter 11 | প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ |
Chapter 12 | উদ্ভিদৰ প্ৰজনন |
Chapter 13 | গতি আৰু সময় |
Chapter 14 | বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া |
Chapter 15 | পোহৰ |
Chapter 16 | পানী : এক অমূল্য সম্পদ |
Chapter 17 | অৰণ্য : আমাৰ জীৱন ৰেখা |
Chapter 18 | বৰ্জিত পানীৰ কথা |
তোমালোকে কি শিকিলা (Class 7 Science Chapter 18)
♦ ব্যৱহৃত পানী হ’ল বৰ্জিত পানী ৷ বৰ্জিত পানীক পুনৰ ব্যৱহাৰ কৰিব পাৰি ৷
♦ ঘৰ, উদ্যোগ-শিল্প, খেতি-পথাৰ আৰু মানুহৰ আন আন ক্ৰিয়াকলাপত বৰ্জিত পানীৰ সৃ্ষ্টি হয় ৷ ইয়াক মলিয়ন বৰ্জিত পানী বা পূতিজল বোলে ৷
♦ পূতিজল হ’ল এবিধ জুলীয়া আৱৰ্জনা যিয়ে পানী আৰু মাটি প্ৰদূষিত কৰে ৷
♦ পূতিজল উপচাৰ প্ৰকল্প ত বৰ্জিত শোধন কৰা হয় ৷
♦ উপচাৰ প্ৰকল্পই বৰ্জিত পানীৰ প্ৰদূষকৰ মাত্ৰা এনে এটা পৰ্যায়লৈ হ্ৰাস কৰে যাতে বিশুদ্ধিকৰণৰ বাবে প্ৰকৃতিয়ে ইয়াৰ আন কৰণীয়খিনিৰ ব্যৱস্থা লব পাৰে ৷
♦ য’ত মাটিৰ তলেৰে বৰ্জিত পানী বোৱাই নিয়াৰ ব্যৱস্থা আৰু আবৰ্জনা নিস্পত্তিকৰণ প্ৰণালী নাথাকে তাত স্থানীয়ভাৱে লম খৰচী স্বাস্থ্য বিধিসন্মত প্ৰণালীৰে অনাময় ব্যৱস্থা গ্ৰহণ কৰিব পাৰি ৷
♦ বৰ্জিত পানীৰ উপচাৰত উপজাত দ্ৰব্য হৈছে মলিয়ন বোকা গেদ, জৈৱ গেছ আদি ৷
♦ উন্মুক্ত নৰ্দমাসমূহ ৰোগ সৃষ্টি কৰা মাখি, মহ আৰু আন জীৱসমূহৰ প্ৰজননৰ স্থান, যিবোৰে বেমাৰ বয়পায় ৷
♦ আমি মুকলি ঠাইত মল ত্যাগ কৰাটো অনুচিত ৷ কমখৰচী পদ্ধতিৰ দ্বাৰা মল-মূত্ৰসমূহৰ উপযুক্ত নিষ্পত্তিকৰণ কৰাটো সম্ভৱ ৷
(adsbygoogle = window.adsbygoogle || []).push({});