SCERT Assam class 7 Science Chapter 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন (Physical and Chemical Changes) free study material and class notes available here for free. So, if you are looking for class 7 Science chapter 6 text book questions-answers (সপ্তম শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
eStudyAssam also provides SEBA, CBSE, NCERT, Sankardev Sishu Nikentan free study materials. Now lets have a look at the SCERT Assam ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন class 7 Science Lesson 6 free notes.
ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন (Class 7 Science Chapter 6)
অনুশীলনী (Exercises) :
প্ৰশ্ন (1) তলৰ প্ৰক্ৰিয়াবোৰত জড়িত হোৱা পৰিৱৰ্তনবোৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হিচাপে শ্ৰেণীবিভাজন কৰা।
(a) সালােকসংশ্লেষণ
(b) পানীত চেনি দ্ৰৱীভূত কৰাটো
(c) কয়লাৰ দহন
(d) মমৰ গলন
(e) এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো ।
(f) খাদ্যৰ পাচন ক্ৰিয়া
উত্তৰ—
ভৌতিক পৰিৱৰ্তন | ৰাসায়নিক পৰিৱৰ্তন |
(b) পানীত চেনি দ্ৰৱীভূত কৰাটো(e) এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো । | (a) সালােকসংশ্লেষণ(c) কয়লাৰ দহন
(d) মমৰ গলন (f) খাদ্যৰ পাচন ক্ৰিয়া |
প্ৰশ্ন (2) তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। যদি কোনো উক্তি মিছা হয়, শুদ্ধ উক্তিটো তোমাৰ বহীত লিখা।
(a) কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৱৰ্তন। (সঁচা/মিছা)
উত্তৰ— মিছা । শুদ্ধ উক্তিটো হৈছে- কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ভৌতিক পৰিৱৰ্তন।
(b) পাতৰ পৰা সাৰ প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা ভৌতিক পৰিবৰ্তন । (সঁচা/মিছা)
উত্তৰ— মিছা । শুদ্ধ উক্তিটো হৈছে- পাতৰ পৰা সাৰ প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা ৰাসায়নিক পৰিবৰ্তন ।
(c) দস্তালেপিত লোৰ নলীত সহজে মামৰে নধৰে। (সঁচা/মিছা)
উত্তৰ— সঁচা ।
(d) লো আৰু মামৰ একেবিধ পদার্থ। (সঁচা/মিছা)
উত্তৰ— মিছা । লো আৰু মামৰ বেলেগ বেলেগ পদার্থ।
(e) জলীয় ভাপ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱর্তন নহয় । (সঁচা/মিছা)
উত্তৰ— সঁচা ।
প্ৰশ্ন (3) তলত দিয়া উক্তিবোৰৰ খালি ঠাই পূৰ কৰা ।
(a) চূণ-পানীৰ মাজেদি কাৰ্বন-ডাই-অক্সাইড গেছ যাবলৈ দিলে ________ প্ৰস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয় ।
উত্তৰ— চূণ-পানীৰ মাজেদি কাৰ্বন-ডাই-অক্সাইড গেছ যাবলৈ দিলে কেলচিয়াম কাৰ্বনেট প্ৰস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয় ।
(b) বেকিং ছ’ডাৰ ৰাসায়নিক নাম হ’ল ________ ।
উত্তৰ— বেকিং ছ’ডাৰ ৰাসায়নিক নাম হ’ল ছ’ডিয়াম হাইড্রজেন কার্বনেট ।
(c) লোত মামৰে ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ’ল ________ আৰু ________ ।
উত্তৰ— লোত মামৰে ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ’ল ৰংসনা আৰু দস্তালেপন ।
(d) যিবোৰ পৰিৱৰ্তনত মাত্ৰ পদাৰ্থৰ ________ ধৰ্মৰহে সলনি হয়, সেইবোৰক ভৌতিক পৰিৱৰ্তন বোলে ।
উত্তৰ— যিবোৰ পৰিৱৰ্তনত মাত্ৰ পদাৰ্থৰ ভৌতিক ধৰ্মৰহে সলনি হয়, সেইবোৰক ভৌতিক পৰিৱৰ্তন বোলে ।
(e) যিবােৰ পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় তাক ________ পৰিৱৰ্তন বােলে ।
উত্তৰ— যিবােৰ পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় তাক ৰাসায়নিক পৰিৱৰ্তন বােলে ।
প্ৰশ্ন (4) যেতিয়া বেকিং ছ’ডাক নেমুৰ ৰসৰ সৈতে মিলোৱা হয়, তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে । এইটো কি প্ৰকাৰৰ পৰিৱৰ্তন ? ব্যাখ্যা কৰা ।
উত্তৰ— বেকিং ছ’ডা নেমুৰসৰ লগত মিহলালে নেমুৰসত থকা ছাইট্রিক এছিডৰ লগত ছডিয়াম বাইকাৰ্বনেট (বেকিং ছ’ডা)ৰ ৰাসায়নিক বিক্রিয়া ঘটি কাৰ্বন-ডাই-অক্সাইড গেছ আৰু ছডিয়াম চাইট্ৰিক এছিডৰ সৃষ্টি হয়। যিহেতু ইয়াত দুটা নতুন পদাৰ্থৰ সৃষ্টি হৈছে, গতিকে ই ৰাসায়নিক পৰিৱৰ্তন।
প্ৰশ্ন (5) মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিবৰ্তনেই সংঘটিত হয় । এই পৰিবৰ্তনবোৰ চিনাক্ত কৰা। সচৰাচৰ দেখি থকা আন এটা উদাহৰণ দিয়া য’ত ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱৰ্তনেই সংঘটিত হয় ।
উত্তৰ— মমবাতি এডাল জ্বলালে গােটা মমডাল গলি তাৰ আকাৰ আৰু আকৃতিৰ পৰিবৰ্তন হয়। এই পৰিৱৰ্তন, ভৌতিক পৰিৱৰ্তন । লগতে জ্বলি যোৱা মমডালৰ পৰা কাৰ্বন-ডাই-অক্সাইড, তাপ আৰু পোহৰ উৎপন্ন হয়। এই পৰিৱৰ্তনটো হৈছে ৰাসায়নিক পৰিৱৰ্তন ।
সচৰাচৰ দেখি থকা ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱৰ্তনেই সংঘটিত হোৱা আন এটা উদাহৰণ হৈছে- ৰন্ধনগেছ ( LPG )ৰ দহন। ৰন্ধন গেছ জ্বলালে চিলিণ্ডাৰৰ ভিতৰত তৰল অৱস্থাত থকা এল . পি . জি গেছ নলীৰে ওলাই আহি গেছীয় অৱস্থা পায় । এয়া হৈছে ভৌতিক পৰিবৰ্তন । আনহাতে বার্ণাৰ পােৱাৰ লগে লগে গেছখিনি জ্বলি উঠি তাপ আৰু আৰু কার্বন ডাই অক্সাইড গেছলৈ ৰূপান্তৰিত হয় । এইখিনি হ’ল ৰাসায়নিক পৰিবর্তন ।
প্ৰশ্ন (6) তুমি কেনেকৈ দেখুৱাবা যে দৈ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন ।
উত্তৰ— দৈ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন কাৰণ এৱা গাখীৰ দৈত পৰিণত হ’লে, এটা নতুন পদাৰ্থৰ সৃষ্টি হয় আৰু দৈ খিনিক পুনৰ এৱা গাখীৰলৈ পৰিৱৰ্তন কৰিব নোৱাৰি।
প্ৰশ্ন (7) কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰাক দুটা বেলেগ প্ৰকাৰৰ পৰিৱৰ্তন বুলি ধৰা হয় কিয় ? ব্যাখ্যা কৰা ।
উত্তৰ— কাঠৰ দহনৰ ফলত এঙাৰৰ সৃষ্টি হয় । এঙাৰ হৈছে এক নতুন পদাৰ্থ। সেয়েহে কাঠৰ দহন এক প্ৰকাৰৰ ৰাসায়নিক পৰিৱৰ্তন ।
আনহাতে কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰিলে ইয়াৰ কেৱল আগৰ আকাৰ আৰু আকৃতিৰ পৰিবর্তন ঘটে, কিন্তু ইয়াৰ ফলত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়। । গতিকে ই এক ভৌতিক পৰিবর্তন ।
প্ৰশ্ন (8) কপাৰ ছালফেটৰ স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা ।
উত্তৰ— কপাৰ ছালফেটৰ স্ফটিক স্ফটিকীকৰণ পদ্ধতিৰে তৈয়াৰ কৰা হয় ।
ইয়াৰ বাবে এটা পাত্ৰত পানী লৈ গৰম কৰি কৰি তাত কপাৰ ছালফেট (তুতীয়া)ৰ গুৰি মিহলােৱা হ’ল । যিমান সময়লৈ পানীয়ে এই গুৰি দ্রবীভূত কৰিব পাৰে সিমান সময়লৈ কপাৰ ছালফেটৰ গুৰি মিহলাই ৰখা হ’ল । অর্থাৎ পানীখিনি সংপৃক্ত কৰা হ’ল । এতিয়া এই মিশ্ৰণটো টো ঠাণ্ডা হ’বলৈ দি কোনাে লৰচৰ নকৰাকৈ কিছু সময় থৈ দিয়া হ’ল। এতিয়া কিছুসময়ৰ পাছত দেখা যাব যে পাত্ৰৰ তলিত কপাৰ ছালফেটৰ নীলা স্ফটীক জমা হৈছে।
প্ৰশ্ন (9) লোৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্ৰক্ৰিয়া ৰোধ কৰে, বুজাই লিখা ।
উত্তৰ— লোত মামৰে ধৰাৰ কাৰণটো হৈছে লোয়ে বায়ুত থকা অক্সিজেন আৰু পানীৰ লগত বিক্ৰিয়া কৰি মামৰ অৰ্থাৎ আইৰন অক্সাইড উৎপন্ন কৰে। যেতিয়া লোৰ গেট এখন ৰং কৰা হয় বা প্ৰলেপ দিয়া হয়, তেতিয়া এই ৰং বা প্রলেপে লোৰ গেটখনক পানী আৰু অক্সিজেনৰ পৰা পৃথক কৰি ৰাখে অর্থাৎ লােক, পানী আৰু অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰাত বাধা দিয়ে। । ফলত গেটখনত মামৰ নধৰে ।
প্ৰশ্ন (10) মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ? ব্যাখ্যা কৰা ।
উত্তৰ— লোৰ সামগ্ৰীবোৰ পানী, জলীয়বাস্প আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে মামৰে ধৰে । মৰুভূমি অঞ্চলতকৈ সাগৰৰ উপকূলীয় অঞ্চলত আদ্ৰতা বেছি অৰ্থাৎ বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক সেয়েহে উপকূলীয় অঞ্চলত লোৰ সামগ্ৰীবোৰত সোণকালে মামৰে ধৰে ।
Sl. No. | Contents (Class 7 science) |
Chapter 1 | উদ্ভিদৰ পৰিপুষ্টি |
Chapter 2 | প্ৰাণীৰ পৰিপুষ্টি |
Chapter 3 | আঁহৰ পৰা কাপোৰলৈ |
Chapter 4 | তাপ |
Chapter 5 | অম্ল, ক্ষাৰক আৰু লৱণ |
Chapter 6 | ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন |
Chapter 7 | বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন |
Chapter 8 | বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ |
Chapter 9 | মাটি |
Chapter 10 | জীৱৰ শ্বাস-প্ৰশ্বাস |
Chapter 11 | প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ |
Chapter 12 | উদ্ভিদৰ প্ৰজনন |
Chapter 13 | গতি আৰু সময় |
Chapter 14 | বৈদ্যুতিক প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া |
Chapter 15 | পোহৰ |
Chapter 16 | পানী : এক অমূল্য সম্পদ |
Chapter 17 | অৰণ্য : আমাৰ জীৱন ৰেখা |
Chapter 18 | বৰ্জিত পানীৰ কথা |
প্ৰশ্ন (11) পাকঘৰত আমি ব্যৱহাৰ কৰা গেছবিধৰ নাম হ’ল তৰলীকৃত পেট্ৰ’লিয়াম গেছ (এল. পি. জি)। চিলিণ্ডাৰত ই জুলীয়া অৱস্থাত থাকে। যেতিয়া চিলিণ্ডাৰৰ পৰা ওলাই তেতিয়া ই গেছলৈ পৰিৱৰ্তন হয় (পৰিৱৰ্তন A) আৰু তেতিয়া ই জ্বলে (পৰিৱৰ্তন- B)। এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে। শুদ্ধ উক্তিটো বাছি উলিওৱা
(i) প্ৰক্ৰিয়া- A এটা ৰাসায়নিক পৰিৱৰ্তন।
(ii) প্ৰক্ৰিয়া- B এটা ৰাসায়নিক পৰিৱৰ্তন।
(iii) প্ৰক্ৰিয়া- A আৰু B উভয়ে ৰাসায়নিক পৰিৱৰ্তন।
(iv) এইবোৰৰ এটা প্ৰক্ৰিয়াও ৰাসায়নিক পৰিৱৰ্তন নহয়।
উত্তৰ— (ii) প্ৰক্ৰিয়া- B এটা ৰাসায়নিক পৰিৱৰ্তন।
প্ৰশ্ন (12) অবায়বীয় বেক্টেৰিয়াই প্ৰাণীৰ পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ (Biogas) উৎপন্ন কৰে (পৰিৱৰ্তন- A)। এই জৈৱ গেছ ইন্ধন হিচাপে জ্বলোৱা হয় (পৰিৱৰ্তন- B)। এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে। শুদ্ধ উক্তিটো বিচাৰি উলিওৱা-
(i) প্ৰক্ৰিয়া- A টো ৰাসায়নিক কেৱল পৰিৱৰ্তন।
(ii) প্ৰক্ৰিয়া- B টো ৰাসায়নিক কেৱল পৰিৱৰ্তন।
(iii) প্ৰক্ৰিয়া- A আৰু B উভয় প্ৰক্ৰিয়া ৰাসায়নিক পৰিৱৰ্তন।
(iv) এইবোৰৰ প্ৰক্ৰিয়াৰ এটাও ৰাসায়নিক পৰিৱৰ্তন নহয়।
উত্তৰ— (iii) প্ৰক্ৰিয়া- A আৰু B উভয় প্ৰক্ৰিয়া ৰাসায়নিক পৰিৱৰ্তন।
SCERT Class 7 Science Chapter 6
তোমালোকে কি শিকিলা (What you have learnt)
♦ পৰিৱৰ্তন দুই ধৰণৰ হ’ব পাৰে, ভৌতিক আৰু ৰাসায়নিক।♦ পদাৰ্থৰ ভৌতিক ধৰ্মবোৰৰ পৰিৱৰ্তনেই হ’ল ভৌতিক পৰিৱৰ্তন। এই পৰিৱৰ্তনত কোনো নতুন পদাৰ্থৰ উৎপন্ন নহয়। এই পৰিৱৰ্তনবোৰ উভয়মুখী হ’ব পাৰে।♦ ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থ উৎপন্ন হয়।♦ স্ফটিকীকৰণৰ দ্বাৰা কিছুমান পদাৰ্থ সিঁহতৰ দ্ৰৱৰপৰা বিশুদ্ধ অৱস্থাত আহৰণ কৰিব পাৰি। |
Hi mamm aponar tat study Kari bahut val lagise xeibabe moi xodai aponar tat a study karim