মিছাইল মানৱ Class 7 Assamese Chapter 8

SCERT class 7 Assamese Chapter 8 মিছাইল মানৱ free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Assamese Chapter 8

Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese Lesson 8 ( পাঠ ৮ মিছাইল মানৱ) solutions.

মিছাইল মানৱ

পাঠ ৮

ক- পাঠভিত্তিক ক্ৰিয়া

ক্ৰিয়া-কলাপ

প্ৰশ্ন ১। উত্তৰ দিয়া ।

(ক)  ‘মিছাইল মানৱ’ নামেৰে কাক জনা যায় ?

উত্তৰ— ‘মিছাইল মানৱ’ নামেৰে ড° এ. পি. জে. আব্দুল কালামক জনা যায়।

(খ)  সফলতাৰে ভাৰতৰ ভূমিত প্রথম উৎক্ষেপণ কৰা কৃত্রিম উপগ্ৰহটোৰ নাম কি ?

উত্তৰ— সফলতাৰে ভাৰতৰ ভূমিত প্রথম উৎক্ষেপণ কৰা কৃত্রিম উপগ্ৰহটোৰ নাম হ’ল- ৰােহিণী ।

(গ)  আব্দুল কালামে শেষ নিশ্বাস ক’ত ত্যাগ কৰিছিল ?

উত্তৰ— আব্দুল  কালামে শ্বিলঙৰ ‘ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান’ ত ভাষণ দি থকা অৱস্থাতেই শেষ নিশ্বাস ক’ত ত্যাগ কৰিছিল।

(ঘ) তেখেতৰ মতে শিশুৰ বাবে আদর্শ নায়ক কোন কোন ? 

উত্তৰ— তেখেতৰ মতে শিশুৰ বাবে আদর্শ নায়ক শিশুসকলৰ নিজ পিতৃ-মাতৃ, প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল ।

প্ৰশ্ন ২। উত্তৰ লিখা।

(ক) ‘সপােন দেখা, সপােন দেখা, সপােনেই চিন্তালৈ পৰিবৰ্তন হ’ব আৰু চিন্তাৰ ফলশ্রুতিয়েই হ’ল কাম’ — এই কথাষাৰি কোনে, কাক কৈছিল ?

উত্তৰ— উক্ত কথাষাৰি ড° এ. পি. জে. আব্দুল কালামে শিশুসকলক উদ্দেশ্যি কৈছিল।

(খ) তেখেত কি কি বিষয়ৰ অনুৰাগী  আছিল ?

উত্তৰ— তেখেত বিজ্ঞান আৰু প্ৰযুক্তবিদ্যাৰ লগতে সংগীত আৰু সাহিত্যৰ অনুৰাগী আছিল।

(গ) আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিল ?

উত্তৰ— আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই প্রভাৱান্বিত কৰিছিল ।

(ঘ) মনে–প্রাণে ভাৰতক তেখেতে কি হােৱাটো বিচাৰিছিল ? 

উত্তৰ— মনে–প্রাণে ভাৰতক তেখেতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্র হােৱাটো বিচাৰিছিল ।

প্রশ্ন ৩। শব্দৰ লগত অর্থ মিলােৱা

শব্দউৎক্ষেপণ

প্রজ্বলিত

আভ্যন্তৰীণ

বিচক্ষণ

অদম্য

দিগন্ত

ভূষণ

নিৰীক্ষণ

অৰ্থযাক দমাব বা বশ কৰিব নোৱাৰি

ভিতৰুৱা

বৰকৈ জ্বলা (জুই)

প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠিওৱা

দূৰৈৰ পৰা ভালকৈ চোৱা

অলংকাৰ

দিগবলয়, আকাশৰ সীমা

পাৰ্গত, উত্তম

উত্তৰ—

শব্দউৎক্ষেপণ

প্রজ্বলিত

আভ্যন্তৰীণ

বিচক্ষণ

অদম্য

দিগন্ত

ভূষণ

নিৰীক্ষণ

অৰ্থপ্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠিওৱা

বৰকৈ জ্বলা (জুই)

ভিতৰুৱা

পাৰ্গত, উত্তম

যাক দমাব বা বশ কৰিব নোৱাৰি

দিগবলয়, আকাশৰ সীমা

অলংকাৰ

দূৰৈৰ পৰা ভালকৈ চোৱা

খ- ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

জানো আহা

ষষ্ঠ শ্রেণীত তােমালােকে ণত্ববিধিৰ কথা পাই আহিছা । যেনে— গৱেষণা, বৰণ আদি শব্দ। এই পাঠটোত প্রক্ষেপণ, উৎক্ষেপণ, ৰূপায়ণ আদি শব্দবােৰ মন কৰা। আগতে পাই অহা নিয়ম মতে এই শব্দ কেইটাৰ মূর্ধণ্য ‘ ণ’ৰ ঠিক আগত ‘ ঋ ’ , ‘ ৰ ’ আৰু ষ ’ বর্ণটো নাই। এই ক্ষেত্ৰত আন এটা ণত্ববিধিৰ নিয়ম ইয়াত প্রয়ােগ হৈছে । সেয়া হৈছে— ঋ, ৰ, ষ আৰু নৰ মাজত কোনাে স্বৰবৰ্ণ বা ক, খ, গ, ঘ, ঙ ( ক-বর্গ) বা ‘ প, ফ, ব, ভ, ম (প-বর্গ ) ’ বা য, ৱ, হ, য় বা ‘ং ’ (অনুস্বৰ) থাকিলেও দন্ত্য ন মূদ্ধণ্য হয় । যেনে, প্রক্ষেপণ = প্র – ক্ষেপণ (ইয়াত ণৰ আগত পবর্ণ থকাৰ কাৰণে মূর্ধণ্য ণ হৈছে), ৰাৱণ=ৰা-ৱ-ণ (ইয়াত ৰ আৰু ণ ৰ মাজত ৱ থকাৰ কাৰণে দন্ত্য ন মূর্ধণ্য ণ হৈছে)।
কিন্তু ঋ, ৰ, ষ আৰু ন -ৰ মাজত অন্য বর্ণ থাকিলে দন্ত্য ন টো মূর্ধণ্য ণ নহয়।
যেনে – ৰােদন, ৰঞ্জন, স্ৰজন। 
(টোকা— সংস্কৃতত ‘য়’ আৰু ‘য’ ধ্বনি একে)

প্রশ্ন ৪। পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবােৰত কি বিধিমতে ‘ণ’ আৰু ‘ষ’ ব্যৱহাৰ হৈছে কোৱা । 

প্রাণ, ভূষণ, ৰােহিণী, বিচক্ষণ, উৎক্ষেপণ, অভ্যন্তৰীণ 

উত্তৰ— প্রাণ, ভূষণ, বিচক্ষণ, অভ্যন্তৰীণ, উৎক্ষেপণ ইয়াত ণ ৰ আগত প-বৰ্গ থকাৰ কাৰণে দন্ত্য ন মূৰ্দ্ধণ্য ণ হৈছে।

ৰােহিণী ঋ , ৰ , ষ আৰু ন-ৰ মাজত কোনাে স্বৰবৰ্ণ থাকিলে দন্ত্য ন মূৰ্দ্ধণ্য ণ হয়।

প্রশ্ন ৫। ণত্ববিধিৰ নিয়ম খটুৱাই তলৰ শব্দবােৰত ‘ণ’ বা ‘ন’ৰে পূৰণ কৰা।Class 7 Assamese chapter 8

উত্তৰ— ৰণ , ধন , তৃণ , বর্জন , শ্ৰৱণ , কৃপণ , পঠন , ৰঞ্জন , ৰাৱণ , বিভীষণ , ৰামায়ণ , কীর্তন ।

প্রশ্ন ৬। তলত দিয়া শব্দবােৰৰ বিপৰীত অর্থ প্ৰকাশ কৰা শব্দ লিখা ।

জাগ্ৰত           কৃত্ৰিম           সুপ্ত

সফলতা          উৎসাহ         অক্ষম

উত্তৰ—

শব্দ বিপৰীত অর্থ
জাগ্ৰত সুপ্ত
কৃত্ৰিম অকৃত্রিম
সুপ্ত জাগ্ৰত
সফলতা বিফলতা
উৎসাহ নিৰুৎসাহ
অক্ষম সক্ষম

প্রশ্ন ৭। বাক্য ৰচনা কৰা।

মনে–প্রাণে, শয়নে–সপােনে, আকাশী-পথ, অদম্য ইচ্ছা, বিনিময়

উত্তৰ— মনে–প্রাণে আব্দুল কালামে মনে–প্রাণে ভাৰতক এখন শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল।

শয়নে–সপােনে অমল এজন সু চিকিৎসক হোৱাতো ঘৰৰ সকলোৱে শয়নে–সপােনে বিচাৰিছে।

আকাশী-পথ আকাশী-পথেৰে গুৱাহাটীৰ পৰা দিল্লীলৈ খুব কম সময়তে যাব পাৰি ।

অদম্য ইচ্ছা অদম্য ইচ্ছা আৰু নেৰানেপেৰা চেষ্টাই হৈছে সফলতাৰ অন্যতম চাবিকাঠি।

বিনিময় অতীতত বিনিময় প্ৰথাৰে বসতুৰ বেচা-কিনা হৈছিল।

SL. No. Contents (Class 7 Assamese)
পাঠ-1 তেজৰে কমলাপতি
পাঠ-2 কালিকা লগা পাট-কাপোৰ
পাঠ-3 পণ্ডিত আনন্দৰাম বৰুৱা
পাঠ-4 জনমভূমি
পাঠ-5 বিজ্ঞান আৰু আমাৰ মানসিকতা
পাঠ-6 নোকোৱাৰ পৰিণাম
পাঠ-7 জতুৱাৰ জঁট
পাঠ-8 মিছাইল মানৱ
পাঠ-9 অসম
পাঠ-10 প্ৰত্যাহ্বান
পাঠ-11 গছ ভালপোৱা ককাৰ খং
পাঠ-12 নামৰ বেবেৰিবাং
পাঠ-13 প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14 বিদ্যা
পাঠ-15 গড়গাঁও

প্ৰশ্ন ৮। উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধানত চাই লিখা।Class 7 Assamese chapter 8

উত্তৰ—

শব্দ অৰ্থ
প্রচেষ্টা প্রয়াস , যত্ন
প্রক্ষেপণ জোৰেৰে দলিয়াই বা মাৰি পঠিওৱা
প্রজ্বলিত বৰকৈ জ্বলা ( জুই )
উৎক্ষেপণ প্রচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা
উৎপীড়ন অত্যাচাৰ, উপদ্ৰৱ
উৎসাহ আনন্দৰে কামলৈ আগবাঢ়ি যােৱা, উদ্যোগ

প্রশ্ন ৯। আব্দুল কালামৰ মতে পিতৃ – মাতৃ আৰু শিক্ষকসকল আদৰ্শৰ নায়ক । তােমাৰ নিজৰ আদৰ্শৰ নায়ক কোন ?

উত্তৰ— মােৰ আদৰ্শৰ নায়ক— মা–দেউতা আৰু পূজনীয় শিক্ষাগুৰুসকল ।

প্ৰশ্ন ১০। বায়ুমণ্ডলত উৰা তলৰ ছবিকেইখন চোৱা আৰু সেইবোৰৰ বিষয়ে দলত আলোচনা কৰি কোৱা আৰু লিখা।SCERT Class Assamese

উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close