নামৰ বেবেৰিবাং Class 7 Assamese Chapter 12

SCERT class 7 Assamese Chapter 12 নামৰ বেবেৰিবাং free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Assamese Chapter 12

Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese Lesson 12 ( পাঠ ১২ নামৰ বেবেৰিবাং) solutions.

নামৰ বেবেৰিবাং

পাঠ ১২

ক- পাঠভিত্তিক ক্ৰিয়া

ক্ৰিয়া-কলাপ

প্ৰশ্ন ১। পাঠটো শুদ্ধ উচ্চাৰণেৰে আৰু নাটকীয় ভংগীৰে পঢ়া ৷

উত্তৰ— ছাত্ৰ-ছাত্ৰীসকলে নিজে পঢ়া ৷

প্ৰশ্ন ২। পাঠটো পঢ়ি কাহিনীটো চমুকৈ কোৱা ৷

উত্তৰ— সােণাপুৰ গাঁৱত নিধনী নামৰ মানুহ এজন আছিল ৷ গাঁওখনৰ নাম সােণাপুৰ হ’লেও তাৰ বেছিভাগ মানুহেই ডাল–দৰিদ্ৰ আছিল ৷ মানুহজনৰ নামটো নিধনী যদিও তেওঁ আছিল অগাধ সম্পত্তিৰ গৰাকী ৷ সেয়ে আনে তেওঁক নিধনী বুলি মাতিলে মনত বৰ দুখ পাইছিল ৷

মনৰ দুখত এদিন তেওঁ ক’ৰবালৈ ওলাই যাওঁতে এঠাইত দেখিলে এডাল মৰি থকা গছ মানুহ এজনে কাটি আছে ৷ তেওঁ মানুহজনক কি গছ কাটিছে বুলি সােধাত অমৰা গছ কটা বুলি ক’লে ৷ নিধনীয়ে ভাবিলে মৰা গছ ডাল আকৌ অমৰা গছ বুলি মানুহজনে কিয় ক’লে ৷ তাৰ পিছত নিধনী গৈ থাকোতে এটি পানী বৈ থকা জানৰ ওচৰত ল’ৰা–ছােৱালী কিছুমানে খেলি থকা দেখি তেওঁ সিহঁতক জানটোৰ কথা সােধাত নিজৰা বুলি ক’লে ৷ তেতিয়াও তেওঁ ভাবিলে এইটোৰে দেখােন জৰ জৰকৈ পানী গৈ আছে ৷ ইহঁতে দেখােন নিজৰা বুলি ক’লে ৷

তাকে ভাবি ভাবি নিধনী গৈ থাকোতে এইবাৰ তেওঁ এজন হালােৱা লগ পাই নামটো সুধিলে ৷ হালােৱজনে নিজৰ নামটো মৰা বুলি ক’লে ৷ নিধনী আচৰিত হৈ ভাবিলে নামটো ‘মৰা’ যদি মই কেনেকৈ জীয়া মানুহৰ দৰে হালবাই থাকিব পাৰে ৷ তাৰ পৰাও আৰু কিছুদূৰ গৈ দেখিলে ফটা–ছিটা কাপােৰ কানি পিন্ধি এজনী ছােৱালীয়ে মাছ মাৰি আছে ৷ নিধনীয়ে তাইৰ নামটো সােধাত লখিমী বুলি ক’লে ৷ তেতিয়াও নিধনীয়ে ভাবিলে লখিমী যদি ইমান চিঙা–ফটা কাপােৰ পিন্ধিছে কিয় ? তাই ইমান দুখীয়া অথচ নামটো লখিমী । 

শেষত নিধনীৰ মনত জ্ঞান উপজি ভাবিলে অমৰাও মৰে, নিজৰাও জৰে, মৰাই আকৌ হালবাই, লখিমীয়ে ফটা-কানি পিন্ধে, গতিকে মই ধনী হলেও মােৰ নাম নিধনী হােৱাতনাে কিয় মনত বেজাৰ পাব লাগে ! 

প্ৰশ্ন ৩। পাঠটোৰ আধাৰত সংলাপখিনি ভগাই কোৱা ৷

উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ৷

প্ৰশ্ন ৪।  তলৰ শব্দসমূহৰ অৰ্থ কাঁড় চিন দি মিলোৱা ৷

শব্দ অৰ্থ
নুটুটে নদন-বদন, ধনে-জনে পৰিপূৰ্ণ
ৰৰৈয়া কোনো শব্দ বা ওজৰ-আপত্তি নকৰাকৈ
ডাল-দৰিদ্ৰ জঁপা, ঢাকনি থকা বেতেৰে তৈয়াৰ কৰা কাপোৰ-কানি ৰাখিব পৰা এবিধ যতন
বেজবজাই জাকৈ (বাঁহেৰে সজা তিনিকোণীয়া মাছ মৰা সঁজুলি)
সুৰসুৰকৈ নকমে
মৰচেৰেলা ডাকি যোৱাকৈ, বিজবজনি অনুভৱ কৰা
জকাই অতি দুখীয়া
পেটাৰি শুকাই-ক্ষীনাই মৰাৰ নিচিনা হোৱা

উত্তৰ—

শব্দ অৰ্থ
নুটুটে নকমে
ৰৰৈয়া নদন-বদন, ধনে-জনে পৰিপূৰ্ণ
ডাল-দৰিদ্ৰ অতি দুখীয়া
বেজবজাই ডাকি যোৱাকৈ, বিজবজনি অনুভৱ কৰা
সুৰসুৰকৈ কোনো শব্দ বা ওজৰ-আপত্তি নকৰাকৈ
মৰচেৰেলা শুকাই-ক্ষীনাই মৰাৰ নিচিনা হোৱা
জকাই জাকৈ (বাঁহেৰে সজা তিনিকোণীয়া মাছ মৰা সঁজুলি)
পেটাৰি জঁপা, ঢাকনি থকা বেতেৰে তৈয়াৰ কৰা কাপোৰ-কানি ৰাখিব পৰা এবিধ যতন

প্ৰশ্ন ৫।  উত্তৰ দিয়া ৷

(ক) নিধনীৰামৰ ঘৰ ক’ত আছিল ?

উত্তৰ— নিধনীৰামৰ ঘৰ সােণাপুৰ গাঁৱত আছিল ৷

(খ) নিধনীৰাম অভাৱী আছিল নেকি ?

উত্তৰ— নিধনীৰাম আভাৱী নাছিল ৷ ধনে–জনে তেওঁৰ ৰৰৈয়া গৃহস্থী আছিল ৷

(গ) মানুহজনে কাটি থকা গছজোপাৰ নাম কি ?

উত্তৰ— মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা গছ আছিল ৷

(ঘ) হালোৱা মানুহজনৰ নাম কি আছিল ?

উত্তৰ— হালােৱা মানুহজনৰ নাম ‘মৰা’ আছিল ৷

প্ৰশ্ন ৬ । কোনে, কাক কৈছিল কোৱা 

(ক) ‘এই জোপা কি গছহে ককাই ?’

উত্তৰ— এই কথাষাৰ গছকাটি থকা মানুহজনক নিধনীয়ে কৈছিল ।

(খ) ‘পাৰোঁতোন— নিজৰা ৷’

ত্তৰ— নিধনীয়ে নিজৰাটোৰ পাৰত খেলি থকা ল’ৰা-ছোৱালীজাকক দেখি এই পানীডৰাৰ নাম কি তােমালােকে ক’ব পাৰানে বুলি সোধাত সিহঁতে তেওঁক এনেদৰে কৈছিল ৷

(গ) ‘মোৰ নাম মৰা ৷’

ত্তৰ— হালােৱাজনে নিধনীক কৈছিল ।

(ঘ) ‘বোলো কোৱা কি ? তুমি দেখোন জীয়া ৷ মৰা হ’লা কেনেকৈ ?

ত্তৰ— নিধনীয়ে হালােৱাজনক নামটো সােধাত তাৰ নাম মৰা বুলি কোৱাত নিধনী আচৰিত হৈ হালােৱাজনক এনেদৰে কৈছিল ।

(ঙ)জকাই বাইছোঁহে বাইছোঁ, খলিহা-পুঠী এটাও পোৱা নাই দেউতা ৷’

ত্তৰ— নিধনীয়ে জকাই বাই থকা ছােৱালীজনীক তাইৰ নামটো কি আৰু মাছ পাইছে নে নাই বুলি সোধাত তেতিয়া ছােৱালীজনীয়ে নিধনীক এনেদৰে কৈছিল ।

উত্তৰ দিয়া ৷

প্ৰশ্ন ৭।  নিধনীৰামক গাঁৱৰ মানুহে নিধনীৰাম বুলি মাতিলে কিয় তাৰ গা বেজবেজাইছিল লিখা ৷

ত্তৰ— নিধনীৰামৰ নাম নিধনী হ’লেও তেওঁৰ ধনে-জনে ৰৰৈয়া গৃহস্থালি । গােহালিত গৰু, পুখুৰীত মাছ, ভঁৰালত ধান, পেটাৰিত ধন, কোনাে ফালেই তেওঁৰ অভাৱ নাই । তেনে স্থলত মানুহে তেওঁক নিধনী বুলি মাতিলে নিধনীৰামৰ গা বিছাই ডকাৰ দৰে বেজবেজাই গৈছিল । 

প্ৰশ্ন ৮।  নিধনীৰামে শেষত ভবা যোজনা ফাকিৰ অৰ্থ লিখা ৷

ত্তৰ— গছ–গছনি, মানুহকে ধৰি সকলােৰে আচলতে নামতকৈ কামৰ গুৰুত্ব হে অধিক ৷ গছৰ নাম অমৰা হ’লেও গছোজোপা মৰে, জীয়া মানুহৰ নামো ‘মৰা’ হ’ব পাৰে, জৰ জৰকৈ বৈ থকা পানীদৰাৰ নামো নিজৰা হ’ব পাৰে ৷ সেইদৰে অতি দুখীয়া-নিছলা ছােৱালীৰ নামো লখিমী হ’ব পাৰে আৰু অতি ধনী মানুহেও নিধনী নাম ল’ব পাৰে ৷

প্ৰশ্ন ৯।  তলৰ ‘ক’-অংশৰ শব্দৰ লগত ‘খ’-অংশ মিলাই লিখা ৷

ক-অংশ খ-অংশ
গোহালিত ধান
পুখুৰীত তামোল-পাণ
ভঁৰালত মাছ
বাৰীত  গৰু
শাকনিত কোমোৰা
চালত ফুল
ফুলনিত শাক

ত্তৰ—

ক-অংশ খ-অংশ
গোহালিত গৰু
পুখুৰীত মাছ
ভঁৰালত ধান
বাৰীত  তামোল-পাণ
শাকনিত শাক
চালত কোমোৰা
ফুলনিত ফুল

প্ৰশ্ন ১০। তলৰ ছবিখন ভালদৰে চোৱা আৰু ছবিৰ কথাখিনি কাহিনী আকাৰে লিখা ৷Class 7 Assamese chapter 12

ত্তৰ— গছ গছনি, ঘৰ–দুৱাৰ, আলি–পদূলি, গৰু-ছাগলী আৰু খেতি পথাৰেৰে ভৰা এখনি শুৱনি গাঁৱৰ ছবি ৷ গাঁওখনৰ মাজেৰে এটি বহল আলিবাট পাৰ হৈ গৈছে ৷ আলিবাটটোৰ একাষে খেতি পথাৰ; তাত সৰু সৰু আলি দিয়া আছে । আনফালে গৰু-ছাগলীৰ চৰনীয়া পথাৰ ৷ লগতে দেখা গৈছে কেইবাটাও ঘৰ, এজোপা ভৰা নাৰিকলেৰে নাৰিকল গছ , দুজোপা তামােল গছ , ঘৰৰ পিছপিনে কলগছ , আৰু অন্যান্য গছ–গছনি ৷ দূৰণিত চাৰিজোপা গছ ৷ এজোপা ডাঙৰ গছৰ কাষতে এটা ঘৰ ৷ গৰখীয়া এজনে গৰু চৰাই আছে ৷ কাষতে দুজনী ছাগলীয়ে ঘাঁহ বিচাৰি ফুৰিছে ৷ এগৰাকী মহিলাই আলি বাটটো খােজকাঢ়ি গৈ আছে ৷

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্ৰশ্ন ১১। পাঠটোত মাক-বাপেক, ল’ৰা-ছোৱালী আদি কেইবাটাও সম্বন্ধবাচক যুৰীয়া শব্দ আছে ৷ ‘ক-অংশ’ৰ লগত ‘খ-অংশ’ৰ শব্দ লগ লগাই উদাহৰণত দিয়াৰ দৰে যুৰীয়া শব্দ গঠন কৰা ৷

উদাহৰণ : ককা — আইতাClass 7 Assamese

ত্তৰ—

ক-অংশ খ-অংশ
ভাই ভনী
আই বোপাই
পেহা পেহী
জী জোঁৱাই
শাহু শহুৰ
তাৱৈ আমৈ

প্ৰশ্ন ১২।  তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা ৷Class 7 Assamese chapter 12

ত্তৰ—

শব্দ বিপৰীত শব্দ
ভাল বেয়া
জীয়া মৰা
নিধনী ধনী
বহল ঠেক
নেলাগে লাগে
নুটুটে টুটে
নোৱাৰে পাৰে
নেমাতিলে মাতিলে

প্ৰশ্ন ১৩। (ক)  বাক্য ৰচনা কৰা ৷

গা বেজবেজাই যা, ডাল-দৰিদ্ৰ, ভেকাহি মাৰ, গা নচুৱাই ফুৰ

ত্তৰ— গা বেজবেজাই যা হকে-বিহকে পৰচৰ্চা কৰি ফুৰা মানুহ দেখিলে মোৰ গা বেজবেজাই যায় ৷

ডাল-দৰিদ্ৰ সোনাপুৰ গাৱঁৰ বেছিভাগ মানুহেই ডাল-দৰিদ্ৰ আছিল ৷

গা নচুৱাই ফুৰ কাম-বন নকৰি গা নচুৱাই ফুৰা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে ৷ 

(খ)  ‘ধন’ শব্দটোৰ লগত ‘ঈ’ প্ৰত্যয় যোগ হৈ ধনী শব্দটো গঠিত হৈছে ৷ তলত দিয়া শব্দবোৰৰ লগত ‘ঈ’ প্ৰত্যয় যোগ হ’লে কি হয় লিখোঁ আহা Class 7 Assamese chapter 12

ত্তৰ— জ্ঞান + ঈ = জ্ঞানী

দান + ঈ = দানী

গুন + ঈ = গুনী

মান + ঈ =মানী

সুখ + ঈ = সুখী

দুখ + ঈ = দুখী

জ্ঞান সম্প্ৰসাৰণ (Class 7 Assamese Chapter 12)

প্ৰশ্ন ১৪।  আনে তোমাৰ বিষয়ে কোৱা কোনবোৰ কথাই তোমাৰ গা বেজবেজাই যায় লিখা ?

ত্তৰ— আনে মোৰ বিষয়ে নােহােৱা কথাৰ অপবাদ বা বদনাম দিলে মোৰ গা বেজবেজাই যায় ৷ 

প্ৰশ্ন ১৫।  অসমৰ খাল-বিল, নৈত মাছ উভৈনদী হৈ আছে ৷ সেইবোৰত উৎসৱ-পাৰ্বণ উপলক্ষে ৰাইজে সমূহীয়াকৈ মাছ মাৰে ৷ তুমি দেখা (নিজ চকুৰে/ দূৰদৰ্শনত/ তথ্যচিত্ৰ আদিত) তেনেকুৱা মাছ ধৰা উৎসৱৰ বিষয়ে বৰ্ণনা কৰা ৷

ত্তৰ— মই দূৰদৰ্শনত দেখা মাঘ বিহু উপলক্ষ্যে বিখ্যাত জোনবিল নামৰ বিলখনত সেই অঞ্চলৰ তিৱা ৰাইজে মাছ ধৰা উৎসৱৰ বিষয়ে তলত বৰ্ণনা কৰা হ’ল ৷ এই মাছ ধৰা উৎসৱত কোনােৱে পল’, কোনােৱে চাৰিটনীয়া ঘন জাল, কোনােৱে টনা জাল লৈ মাছ মাৰিবলৈ যায় ৷ পুৰুষ–মহিলা, ডেকা–গাভৰু সকলােৱে লগ লাগি এনে মাছ মৰা বা মাছধৰা দৃশ্য অতি মনােৰম আৰু আকর্ষণীয় হৈ পৰে ৷ এই দৃশ্য চাবলৈ তাত শ শ লােক সমাগম হয় আৰু পাৰত ৰৈ থাকি দৃশ্য উপভােগ কৰে ৷

প্ৰশ্ন ১৬।  লখিমীৰ চুলিকোছা জাঁটলী বা অবিন্যস্ত আছিল ৷ তোমালোকেও তেনেকৈ ৰাখা নেকি ? যদি নাৰাখা, তেনেহ’লে তোমালোকে চুলি, দাঁত, ছাল আদি শৰীৰৰ অংগ-প্ৰত্যংগবোৰৰ কেনেধৰণে যত্ন লোৱা, দলত আলোচনা কৰি লিখা ?

ত্তৰ— লখিমীৰ দৰে আমাৰ চুলিকোছা জাঁটলী আৰু অবিন্যস্ত কৰি নাৰাখো ৷ তেনেকৈ ৰাখিলে নিজকে বৰ জধলা যেন লাগে ৷ সেয়ে চুলিত ধূলি-মাকতি যাতে লাগি নাথাকে, গা ধুওঁতে ভালদৰে মূৰ-চুলি আদিও ধােওঁ আৰু অলপ তেল চুলিত সানি সুন্দৰকৈ ফণিয়াই লওঁ । সেইদৰে খােৱা খাদ্য লাগি থাকি যাতে দাঁতৰ গুৰিবােৰ নষ্ট কৰিব নােৱাৰে, অকালতে দাঁতবােৰ সৰি নাযায়, তাৰ বাবে ৰাতিপুৱা আৰু ৰাতি শােৱাৰ আগে আগে দাঁত ভালদৰে ব্রাচ কৰি ধুই লওঁ ৷ তাৰ পিছত ছালৰ ক্ষেত্ৰতাে গাত যাতে ময়লা জমা নহয় তাৰ বাবে গা ভালদৰে ঘঁহি-পিহি ধুই লওঁ। এনেকৈয়ে মই চুলি, দাঁত আৰু ছালৰ যত্ন লওঁ ।

SL. No. Contents (Class 7 Assamese)
পাঠ-1 তেজৰে কমলাপতি
পাঠ-2 কালিকা লগা পাট-কাপোৰ
পাঠ-3 পণ্ডিত আনন্দৰাম বৰুৱা
পাঠ-4 জনমভূমি
পাঠ-5 বিজ্ঞান আৰু আমাৰ মানসিকতা
পাঠ-6 নোকোৱাৰ পৰিণাম
পাঠ-7 জতুৱাৰ জঁট
পাঠ-8 মিছাইল মানৱ
পাঠ-9 অসম
পাঠ-10 প্ৰত্যাহ্বান
পাঠ-11 গছ ভালপোৱা ককাৰ খং
পাঠ-12 নামৰ বেবেৰিবাং
পাঠ-13 প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14 বিদ্যা
পাঠ-15 গড়গাঁও

প্ৰশ্ন ১৭। পুৰণি কালত আমাৰ খেতিয়কসকলে গৰুৰে হাল বাই খেতি কৰিছিল ৷ কিন্তু এতিয়া কি কি উপায়েৰে হাল বোৱা, মৰণা মৰা আদি কাম কৰে লিখা ৷

ত্তৰ— আজিকালি খেতিয়কসকলে গৰুৰে হালবাই খেতি কৰাৰ সলনি ট্রেক্টৰেৰে আজিকালি মাটি চহাই খেতি কৰে ৷ ইয়াৰ ফলত অতি কম সময়তে অধিল মাটি চহাব পাৰি ৷ধান মাৰিবলৈও আজিকালি গৰুৰে মৰণা মৰাৰ ব্যৱস্থাৰ সলনি যন্ত্রচালিত মেচিনেৰে ধান মাৰিবলৈ লৈছে ৷ 

প্ৰশ্ন ১৭। শ্ৰেণীকোঠাত তোমালোকে মুক অভিনয় কৰি দেখুওৱা

(ক)  ল’ৰাবোৰে ছোৱালীয়ে কৰা কাম ৷

(খ)  ছোৱালীবোৰে ল’ৰাই কৰা কাম ৷

ত্তৰ—  শ্ৰেণী শিক্ষকৰ সহায় লৈ নিজে কৰা ৷

ঘ- প্ৰকল্প (Class 7 Assamese Chapter 12)

(ক)  আমাৰ খেতিয়ক এজনে ব্যৱহাৰ কৰা আহিলা-পাতি নাঙল, যুঁৱলি, মৈ, জবকা, দলিমাৰি, জাপি, ৰয়না (কোৰোণা), বিন্ধা আদিৰ ছবি সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা ৷

ত্তৰ— বাতৰি কাকত, ইন্টাৰনেট আদিৰ পৰা এই আহিলাবোৰ সংগ্ৰহ কৰি তোমালোকে নিজে এলবাম প্ৰস্তুত কৰা 

(খ)  তলৰ ছবিত দেখা সজুঁলিবোৰৰ নামৰ লগতে তাৰ ব্যৱহাৰ সম্পৰ্কে লিখাClass 7 Assamese chapter 12

ত্তৰ— খালৈ, জাকৈ, পল আৰু চেপা ৷ এই গোটেই কেইবিধ সজুঁলি মাছ ধৰাৰ কামত ব্যৱহাৰ কৰা হয় ৷ 

(গ)  তোমালোকে প্ৰত্যেকেই নিজে গল্প, কবিতা লিখিবলৈ যত্ন কৰা আৰু বাতৰি কাকতত প্ৰকাশৰ বাবে মা-দেউতাৰাৰ সহায়ত পঠিয়াই দিয়া ৷

ত্তৰ— তোমালোকে নিজে কৰা ৷

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close