প্ৰত্যাহ্বান Class 7 Assamese Chapter 10

SCERT class 7 Assamese Chapter 10 প্ৰত্যাহ্বান free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Assamese Chapter 10

Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese Lesson 10 ( পাঠ ১০ প্ৰত্যাহ্বান) solutions.

প্ৰত্যাহ্বান

পাঠ ১০ (Class 7 Assamese)

ক- পাঠভিত্তিক ক্ৰিয়া

ক্ৰিয়া-কলাপ

প্ৰশ্ন ১।  পাঠটোৰ তিনিওটা খণ্ড মনযোগেৰে পঢ়া আৰু তলৰ প্রশ্নবিলাকৰ উত্তৰ দিয়া । 

(ক) সৰু কালত প্রিন্সি গগৈয়ে ওচৰ–চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল ?

উত্তৰ— সৰু কালত প্রিন্সি গগৈয়ে ওচৰ–চুবুৰীয়া আৰু সমাজৰ কিছুমানৰ পৰা সহমর্মিতা পাইছিল আৰু কিছুমানে তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল ৷

(খ) বিদ্যালয়ত নামভর্তি কৰোঁতে প্রিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল ?

উত্তৰ— বিদ্যালয়ত নামভৰ্তি কৰিবলৈ যাওঁতে প্রিন্সি গগৈক এখন বিদ্যালয়ে নামভৰ্তি কৰিবলৈ দিয়া নাছিল ৷ পিছত সােণাৰিৰ ৰজাঢাপ প্রাথমিক বিদ্যালয়ে তেওঁক নামভৰ্তি কৰাৰ সুবিধা দিছিল ৷

(গ) পঢ়া–শুনাৰ লগতে প্রিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছে ?

উত্তৰ— পঢ়া–শুনাৰ লগতে প্রিন্সি গগৈৰ ছবি অঁকা আৰু গান গােৱাত ৰাপ আছে ৷

(ঘ) দুর্ঘটনাত পতিত হােৱাৰ পাছত জুলী বৰুৱাৰ মনত কি ভাব জাগি উঠিছিল ?

উত্তৰ— দুর্ঘটনাত পতিত হােৱাৰ পাছত জুলী বৰুৱাৰ মনত হতাশ ভাব জাগি উঠিছিল ৷ লগতে সীমাহীন বিষাদ বেদনা তথা নানা চিন্তাই জুমুৰি দি ধৰিছিল ৷

(ঙ) সংগ্রামজ্যোতিয়ে ক’ত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল ?

উত্তৰ— সংগ্রামজ্যোতিয়ে ‘গুৱাহাটীৰ আর্টিষ্ট গীল্ড’ত চিত্রকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল ৷

(চ) সংগ্রামজ্যোতি কি বিষয়ত পাৰদৰ্শী ? 

উত্তৰ— সংগ্রামজ্যোতি চিত্রকলা বিষয়ত পাৰদর্শী ৷

(ছ) ‘আপােনাৰ দৰে মােৰাে দুখন হাত আছিল’ কবিতাটি কোনে ৰচনা কৰিছিল ?

উত্তৰ— আপােনাৰ দৰে মােৰাে দুখন হাত আছিল’ কবিতাটি জুলী বৰুৱাই ৰচনা কৰিছিল ।

উত্তৰ লিখা ৷

প্ৰশ্ন ২। (ক)  কোনখন বিদ্যালয়ে প্রিন্সি গগৈক আঁকোৱালি লৈছিল ?

উত্তৰ— ‘সােণাৰি’ৰ ৰজাঢাপ প্রাথমিক বিদ্যালয়ে প্রিন্সি গগৈক আঁকোৱালি লৈছিল ৷

(খ) এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰোঁ ৷’

— ইয়াত জুলী বৰুৱাই কাক আৰু কিয় ছাঁ দিব বিচাৰিছে ? 

উত্তৰ— ইয়াত জুলী বৰুৱাই সমাজত অনাদৰ অৱহেলাৰ মাজত জীয়াই থকা দিব্যাংগসকলৰ বাবে ইতিবাচক কিবা এটা কৰাৰ কথা ভাবিছে ৷ সেইয়া হৈছে তেওঁলােকৰ বাবে অন্ন , বস্ত্ৰ আৰু আৱাস নিশ্চিত কৰা । ইয়াকে তেওঁ ছাঁ বুলি কৈছে ৷

প্রশ্ন ৩। সংগ্রামজ্যোতিয়ে বর্ণময় আৰু প্ৰাণৱন্ত ৰূপত চিত্র অংকন কৰি নিজে কেনেকৈ সফলতা অর্জন কৰিলে, সেই বিষয়ে লিখা ৷

উত্তৰ— সংগ্রামজ্যোতিয়ে চিত্রকলাৰ প্রতি আগ্রহী হৈ গুৱাহাটীৰ আর্টিষ্ট গীল্ড’ৰ পৰা পাঁচ বছৰীয়া ডিপ্লমা লাভ কৰাৰ পাছত নিজাববীয়াকৈ ‘চিত্রাংকন কলা কেন্দ্র’ খুলি তাত ব্যস্ত হৈ পৰে । তেওঁ এখনৰ পাছত আন এখন চিত্র বর্ণময় আৰু প্ৰাণৱন্ত ৰূপত অংকন কৰি নিজৰ বিৰল প্রতিভাৰ পৰিচয় দিয়ে । তেওঁ সৰ্বভাৰতীয় পর্যায়ৰ বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি অনেক বঁটা পাবলৈ সক্ষম হৈছে । ইয়াৰ লগতে তেওঁ আন্তঃৰাষ্ট্ৰীয় পর্যায়তাে বিশেষকৈ জাপান, ফ্রান্স আদি দেশত সমাদৰ পাবলৈ সক্ষম হৈছে ।

খ— ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৪।  বিপৰীতাৰ্থক শব্দ লিখা ৷

এন্ধাৰ, সফল, স্বাভাৱিক, জাগ্ৰত, অমংগল, সক্ষম, আনুষ্ঠানিক ৷

উত্তৰ—

শব্দ বিপৰীত শব্দ
এন্ধাৰ পােহৰ
সফল বিফল
স্বাভাৱিক অস্বাভাৱিক
জাগ্ৰত সুপ্ত
অমংগল মংগল
সক্ষম অক্ষম
আনুষ্ঠানিক অনানুষ্ঠানিক

প্রশ্ন ৫।  যুৰীয়া শব্দবােৰ পাঠৰ পৰা বিচাৰি লিখা ৷

উত্তৰ— মুখামুখি , বাধা-বিবাদ , বাধা-বিঘিনি , বিষাদ-বেদনা , ধোঁৱা-কোৱা , লেখা-মেলা , কলা- কীর্তি , গতি-পথ ৷

প্রশ্ন ৬। বাক্য ৰচনা কৰা ৷

আনুষ্ঠানিক, গতিপথ, প্রচেষ্টা, যন্ত্রণা, কর্তব্য, প্রশংসা

উত্তৰ— আনুষ্ঠানিক আনুষ্ঠানিক শিক্ষা এক নিৰ্ধাৰিত সময়ৰ বাবে প্ৰদান কৰা হয় ৷

গতিপথ মাকৰ অকাল মৃত্যুয়ে বিপিনৰ জীৱনৰ গতিপথ সম্পূৰ্ণৰূপে সলনি কৰি পেলালে ৷

প্রচেষ্টা চৰকাৰী চাকৰী এটা পাবৰ বাবে অমলে যৎপৰোনাস্তি প্রচেষ্টা চলাইছে ৷

যন্ত্রণা যন্ত্রণা অবিহনে জীৱন যুদ্ধ অসম্ভৱ ৷

কর্তব্য দিব্যাংগ সকলৰ প্ৰতি আমাৰ যথেষ্টখিনি দায়িত্ব আৰু কর্তব্য আছে ৷

প্রশংসা সজ কামত সকলোৰে পৰা প্রশংসা পায় ৷

SL. No. Contents (Class 7 Assamese)
পাঠ-1 তেজৰে কমলাপতি
পাঠ-2 কালিকা লগা পাট-কাপোৰ
পাঠ-3 পণ্ডিত আনন্দৰাম বৰুৱা
পাঠ-4 জনমভূমি
পাঠ-5 বিজ্ঞান আৰু আমাৰ মানসিকতা
পাঠ-6 নোকোৱাৰ পৰিণাম
পাঠ-7 জতুৱাৰ জঁট
পাঠ-8 মিছাইল মানৱ
পাঠ-9 অসম
পাঠ-10 প্ৰত্যাহ্বান
পাঠ-11 গছ ভালপোৱা ককাৰ খং
পাঠ-12 নামৰ বেবেৰিবাং
পাঠ-13 প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14 বিদ্যা
পাঠ-15 গড়গাঁও

প্রশ্ন ৭। আত্মাবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে, সেই কথা পাঠৰ সহায়ত বুজাই লিখা ৷

উত্তৰ— আত্মবিশ্বাস থাকিলে মানুহে হাজাৰ বিপদ, হাজাৰ সমস্যাকো সহজে অতিক্রম কৰি এটি সুন্দৰ, সফল জীৱন অতিবাহিত কৰিব পাৰে ৷ পাঠত তিনিগৰাকী দিব্যাংগৰ উদাহৰণে এই কথা প্রতিপন্ন কৰিছে ৷

প্রিন্সি গগৈৰ জন্মৰে পৰাই দুয়ােখন হাতেই নাছিল ৷ ইয়াকে দেখি বহুতেই তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল ৷ ইমানবােৰৰ মাজতাে গগৈয়ে জীয়াই থকাৰ সপােন দেখিছিল ৷ সেইমর্মে একমাত্র আত্মবিশ্বাসৰ বলতেই ভৰিৰে লিখিবলৈ লৈ তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে ৷

সেইদৰে জুলীৰুৱাই পঢ়ি থকা অৱস্থাতে দুর্ঘটনাত দুয়ােখন হাত হেৰুৱাই প্ৰথমতে হতাশাত ভাগি পৰিছিল যদিও একমাত্র আত্মবিশ্বাসত দৃঢ় থাকি কৃত্রিম হাতেৰে পঢ়া শুনা কৰি বৰ্তমান অসম চৰকাৰৰ তথ্য আৰু জনসংযােগ বিভাগত সহকাৰী গৱেষণ বিষয়া হিচাপে কাম কৰি আছে ৷

সংগ্রামজ্যোতি চৌধুৰী এজন মূকবধিৰ ব্যক্তি ৷ ইয়াৰ বাবে তেওঁ হতাশ নহৈ চিত্রাংকন বিদ্যাত একাণপতীয়াকৈ লাগি অসমতে নহয় ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে ৷ এয়া সম্ভৱ হৈছে একমাত্র নিজৰ ওপৰত থকা আত্মবিশ্বাস, আত্ম প্রত্যয় ৷ বিশ্বত এনে উদাহৰণ অনেক আছে ৷

দিব্যাংগসকল সর্বাংগীন উন্নতিৰ বাবে অসম সর্বশিক্ষা অভিযান মিছনে লােৱা কেইটামান পদক্ষেপৰ বিষয়ে উল্লেখ কৰা হ’ল—

  • দিব্যাংগ বা বিশেষভাৱে সক্ষম শিশু চিনাক্তকৰণ
  • বিদ্যালয়ত নামভৰ্তি কৰণ
  • সমল শিক্ষক নিয়ােগ
  • বিশেষভাৱে সক্ষম ছাত্রীক বৃত্তি প্রদান
  • দৃষ্টি বাধাগ্রস্তসকলৰ বাবে ব্রেইল পাঠ্যপুথি, ব্রেইল শিক্ষণ–শিকন সামগ্রী যােগান
  • সহায়ক সা–সঁজুলি, যেনে শ্ৰৱণ যন্ত্র, হুইলচেয়াৰ, তিনিচকীয়া চাইকেল, ফেন ইত্যাদি বিতৰণ ।

প্রশ্ন ৮। বিশেষভাৱে সক্ষম বা দিব্যাংগসকলৰ প্ৰতি থকা অৱহেলাৰ ভাব আঁতৰ কৰিবলৈ তুমি কি কি কৰিবা লিখা? 

উত্তৰ— দিব্যাংগসকল সাধাৰণ মানুহৰ দৰে সক্ষম নহ’লেও বিশেষ এক ধৰণে সক্ষম আৰু আত্মবিশ্বাসেৰে কৰ্ম কৰি জীয়াই থাকে ৷ সেয়ে এনে লােকক মই যথেষ্ট আদৰ আৰু সন্মান কৰো ৷ তেওঁলােকক মই ভাই–ভনীৰ দৰে মৰম–চেনেহ কৰিম আৰু প্ৰয়ােজনত যেনেভাবে পাৰোঁ তেনেভাৱে সহায় কৰিম ৷ মই তেওঁলােকক কেতিয়াও অৱহেলা নকৰিম ৷ আনকো অৱহেলা নকৰিবলৈ, মৰম চেনেহেৰে আঁকোৱালি ল’বলৈ বুজাম ৷

কেইটামান জানিবলগীয়া কথা

  • ৩ ডিচেম্বৰত ‘আন্তৰ্জাতিক অক্ষম-ব্যক্তিৰ দিৱস’ পালন কৰা হয় ৷
  • ‘১৯৯৫ চনৰ আইন’ অনুসৰি বিশেষভাৱে সক্ষম ব্যক্তিয়ে আন ব্যক্তিৰ সমানে সু্যোগ, সুৰক্ষা, অধিকাৰ লাভ কৰিব আৰু সকলোতে অংশগ্ৰহণ কৰিব পাৰি ৷
  • ৩% ভূমি বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সংৰক্ষিত থাকিব ৷
  • ৮০% শতাংশতকৈ অধিক অক্ষমতা থকা ১৮ বছৰৰ উৰ্দ্ধৰ লোকৰ বাবে ‘ইন্দিৰা গান্ধী জাতীয় অক্ষমতা পেন্সন আঁচনি’ৰ ব্যৱস্থা কৰা হৈছে ৷
  • ‘২০০৬ বিশেষভাৱে ৰাষ্ট্ৰীয় সক্ষম লোকৰ সুৰক্ষা নীতি’ অনুসৰি অক্ষমতাৰ প্ৰতিৰোধ, সুৰক্ষাৰ উপায়, অক্ষম নাৰী আৰু শিশু আদিৰ সংস্থাপন আৰু সুৰক্ষাৰ ব্যৱস্থা লোৱা হৈছে ৷

প্ৰকল্প (Class 7 Assamese Chapter 10)

প্রশ্ন ৯।  ধৰা, তোমাৰ বিদ্যালয়ত ছাত্ৰ এজনে ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীত প্ৰতিযোগিতাত পুৰস্কৃত হৈছে ৷ তেওঁৰ এই সফলতাৰ কথা জানিবলৈ তুমি তেওঁৰ সাক্ষাৎকাৰ কেনেকৈ ল’বা তাৰে এটা আৰ্হি প্ৰস্তুত কৰা ৷

উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ৷

প্রশ্ন ১০। শিক্ষা-দীক্ষা, খেলা-ধূলা, সৃষ্টিশীল সাহিত্য, ছবি অঁকা আদিত পাৰদৰ্শিতা দেখুওৱা দিব্যাংগ লোকৰ তথ্য সংগ্ৰহ কৰি শ্ৰেণীকোঠাত পঢ়ি শুনোৱা ৷Class 7 Assamese Chapter 10

উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ৷

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close