Class 7 Assamese Chapter 7 জতুৱাৰ জঁট

SCERT class 7 Assamese Chapter 7 জতুৱাৰ জঁট free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Assamese Chapter 7 Notes

Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese Lesson 7 ( পাঠ 7 জতুৱাৰ জঁট) solutions.

জতুৱাৰ জঁট

পাঠ 7

ক- পাঠভিত্তিক ক্ৰিয়া

ক্ৰিয়া-কলাপ

প্ৰশ্ন ১। যতি, বিৰামলৈ লক্ষ্য ৰাখি কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া ।

উত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে শিক্ষকৰ সহায় লৈ নিজে কৰা ।

প্ৰশ্ন ২। কবিতাটো আবৃত্তি কৰা।

উত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে নিজে কৰা ।

প্ৰশ্ন ৩।  কোৱা আৰু লিখা।

(ক)  কবিতাটোৰ মতে আকাশত চাং কোনে পাতে ?

উত্তৰ— কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে।

(খ) অহুকাণে–পহুকাণে মানে কি ? 

উত্তৰ— অহুকাণে–পহুকাণে মানে আৰ তাৰ পৰা ঘুনুক–ঘানাককৈ ।

(গ)  ঘিট্ মিট্ আন্ধাৰত কি দেখে ?

উত্তৰ— ঘিট্ মিট্ আন্ধাৰত ভূত দেখে ।

(ঘ)  কোনবোৰ লোকে বৰ ভয় ?

উত্তৰ— অলপ ধতুৱা লোকে বৰ ভয় ।

(ঙ)  কবিয়ে কাক বুদ্ধিত টোকোনা বুলি কৈছে ?

উত্তৰ— কবিয়ে ফকৰা–যােজনা নজনা , নিশিকা লােকসকলক বুদ্ধিত টোকোনা বুলি কৈছে ।

প্রশ্ন ৪। পাঠৰ আলমত চমুকৈ লিখা । 

(ক)  মৈত উঠিলে সহজে কাক নমাব নােৱাৰি ? 

উত্তৰ— মৈত উঠিলে সহজে অকঁৰাক নমাব নোৱাৰি। কাৰণ অকৰা মানুহে কেতিয়াও কাৰো কথা নুশুনি কেৱল নিজৰ মততে অটল হৈ থাকে।  গতিকে তেনে লােক মৈত উঠিলে নিজে ইচ্ছা কৰিতো নামি নাহেই, আনে নমাব বিচাৰিলেও সহজে নামি নাহে ।

(খ)  আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয় ?

উত্তৰ— আঁঠুৱাৰ তলত মহ সোমোৱাৰ পাছত ইচ্ছা কৰিলেও সি তাৰ পৰা সহজে ওলাই আহিব নোৱাৰে। তথাপিও কিন্তু মহে নিজৰ দুৰৱস্থাৰ কথা নাভাবি, আঁঠুৱাৰ ভিতৰত থকা মানুহৰ পৰা তেজ শুহিবলৈ বিচাৰে। ফলত মানুহৰ হাতত তাৰ সহজতে মৃত্যু হয়।

(গ) ফকৰা–যােজনা নাজানিলে বা নিশিকিলে কি হয় ? 

উত্তৰ— ফকৰা–যােজনা হ’ল ভাষাৰ অলংকাৰ । ইয়াৰ প্ৰয়োগে এটা ভাষা ৰসাল আৰু সুন্দৰ কৰাই নহয়, ই এটা ভাষাৰ সৌষ্ঠৱ বৃদ্ধিতো সহায় কৰে। গতিকে ফকৰা–যােজনা নাজানিলে বা নিশিকিলে সেইজন বুদ্ধিত টোকোনা হয়।

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

প্ৰশ্ন ৫।  বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা ।Class 7 Assamese chapter 7

উত্তৰ—

পোহৰ আন্ধাৰ
অসাধ্য সাধ্য
নির্লোভ লোভ
জটিল সহজ
বেছি কম
মিছা সঁচা

প্রশ্ন ৬৷ পাঠত তােমালােকে ‘হুৱা-দুৱা লাগে, বৰষুণ সৰে, চাং পাতে, কথা শুনে’ আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবােৰ পাইছা । ইয়াৰ আলমত তলৰ শব্দবােৰৰ লগত খাপখােৱা শুদ্ধ ক্রিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা । 

যেনে- কলম  (ধৰে/ লয়)   কলম লয়।

(ক) চেপা  (মাৰে /পাতে)

উত্তৰ— চেপা পাতে

(খ) ঢেঁকী (বান্ধে / দিয়ে) 

উত্তৰ— ঢেঁকী দিয়ে

(গ) পাচি (গঢ়ে / সাজে)

উত্তৰ— পাচি সাজে

(ঘ)  খেল (কৰে / খেলে)

উত্তৰ— খেল খেলে

(ঙ)  মৰম (লাগে/ ধৰে) ……………… ।

উত্তৰ— মৰম লাগে

প্রশ্ন ৭। ‘জতুৱাৰ জঁট’ কবিতাটোৰ পৰা যিকোনো পাঁচটা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজা ।

উত্তৰ— আলাসৰ লাড়ু ঘৰখনৰ সৰু ল’ৰা হোৱাৰ বাবে অমল সকলোৰে আলাসৰ লাড়ু

আটোম-টোকাৰি দিপালীৰ মাকে ঘৰখন বৰ আটোম টোকাৰিকৈ ৰাখে ।

হুৱা-দুৱা দূৰ্ঘটনাৰ খবৰতো পাই ঘৰখনত হুৱা-দুৱা লাগিল ।

মূধা-ফুটা নগেনৰ দেউতাক এজন মূধা-ফুটা ব্যক্তি ।

আলৈ-আথানি মাক-দেউতাক মৰাৰ পাছত সৰু সৰু ল’ৰা-ছোৱলীকেইটাৰ আলৈ-আথানি হ’ল ।

প্ৰশ্ন ৮। এটা শব্দত প্ৰকাশ কৰা ।

  • আনৰ ভাল দেখিব নোৱাৰা

উত্তৰ— চকুচৰহা ।

  • ঘুনুক–ঘানাককৈ যি কথা শুনা যায়

উত্তৰ— পহুকাণে ।

  • যিজন মাক-দেউতাকৰ অতি মৰমৰ

উত্তৰ— আলাসৰ লাড়ু ।

  • যি নিয়মমতে খৰছ কৰে।

উত্তৰ— মিতব্যয়ী ।

গ-জ্ঞান সম্প্ৰসাৰণ

প্ৰশ্ন ৯।  জতুৱা ঠাঁচৰ অৰ্থ জানো আহা

জতুৱা ঠাঁচ অৰ্থ
কুন্দত কটাখোলাকটিৰ তাল

চুঙা-বাদুলি

কথা-চহকী

বুকুৰ কুটুম

ঘৰ-গোনা

বগলীভকত

ধুনীয়া, নিপোটলকোনো কামত নহা,

সংসাৰৰ বিষয়ে একো নজনা লোক, অনভিজ্ঞ

বেছিকৈ কথা কোৱা

অতি আপোনজন

সদায় ঘৰতে থাকি ভাল পোৱা

ভণ্ড

গ- জ্ঞান সম্প্ৰসাৰণ (Class 7 Assamese Chapter 7)

কথােপকথনঃ- মীৰা আৰু জোনালী সময়মতে স্কুললৈ যায় । তেওঁলােকৰ ঘৰৰ পৰা স্কুলখন কিছু দূৰৈত হােৱাৰ কাৰণে দুয়ােজনী সদায় একেলগে স্কুললৈ অহা-যােৱা কৰে।এদিনাখনৰ কথা — মীৰা আৰু জোনালী স্কুললৈ গৈ থাকোঁতে কান-সমনীয়া ৰবীন তৰা-নৰা ছিঙি সিহঁতৰ আগত ওলালহি আৰু ক’লে-ৰবীন – শুনিছানে মীৰা , বৰ দুখৰ কথা আজি কণিকাৰ দেউতাক ঢুকাল ।মীৰা – অ ’ , তাৰ মানে তেখেতে চিৰকালৰ বাবে চকু-মুদিলে । সিহঁতৰ এতিয়া বৰ আলৈ-আথানি হ’ব ।জোনালী – কণিকাজনীলৈ বৰ বেয়া লাগে । তাই দেউতাকৰ অতি আলাসৰ লাড়ু আছিল ।ৰবীন –  কণিকাৰ দেউতাক বৰ ভাল মানুহ আছিল । মানুহজন যথেষ্ট হাত দীঘলাে আছিল । সকলােৱে তেখেতক সমীহ কৰিছিল ।জোনালী – আমাৰ দেউতাই কয় নহয় , তেখেত হেনাে এজন নাম-জ্বলা লােক আছিল । কাইলৈ দেওবাৰ ; আমি সকলাে কণিকাহঁতৰ ঘৰলৈ খবৰ ল’বলৈ যাম । এইবুলি ৰবীন , মীৰা আৰু জোনালীয়ে বিদ্যালয়লৈ বুলি বাট ল’লে জানো আহাওপৰৰ সংলাপখিনিত কান – সমনীয়া (সমবয়সীয়া) , চকু – মুদা (মৃত্যুহােৱা) , হাত – দীঘল (ক্ষমতাশালী) , নাম – জ্বলা (বিখ্যাত) আদি শব্দবােৰ পাইছা । হাত’ শব্দৰ লগত ‘দীঘল’ শব্দটো লগ লাগি ‘হাত-দীঘল’ এটি নতুন শব্দ গঠিত হৈছে । ঠিক তেনেদৰে হাতসাৰ (মুক্ত হােৱা) হাত – টান (কৃপণ) , হাত-লৰ (চোৰ) , হাত – ধাে (আশা এৰ) , হাড়ে-ছালে লাগ (লেৰেলা)  হাড়ক-মাটি কৰ (কঠিন পৰিশ্ৰম কৰা) আদি শব্দবােৰাে আমাৰ ভাষাত পােৱা যায় ।

প্রশ্ন১১। তৰা-নৰা ছিঙি, আলৈ–আথানি, বাটল’লে, আলাসৰ লাড়ু এই জতুৱাঠাঁচ কেইটা ব্যৱহাৰ কৰি এটা দফা প্ৰস্তুত কৰা ।

উত্তৰ— অমলৰ ভাল খবৰটো পাই মাকে মোমায়েকৰ ঘৰৰ পৰা তৰা-নৰা ছিঙি আহোতে বাটতে যথেষ্ট আলৈ-আথানি হ’ল। গাড়ীৰ পৰা নামি গাৱলৈ যাবলৈ একো ব্যৱস্থা নথকাত খোজ কাঢ়িয়েই ঘৰলৈ বুলি বাটল’লে। একমাত্ৰ ল’ৰা অমল কেৱল মাক-দেউতাকৰে নহয়, গোটেই পৰিয়ালটোৰে আলাসৰ লাড়ু ।

SL. No. Contents (Class 7 Assamese)
পাঠ-1 তেজৰে কমলাপতি
পাঠ-2 কালিকা লগা পাট-কাপোৰ
পাঠ-3 পণ্ডিত আনন্দৰাম বৰুৱা
পাঠ-4 জনমভূমি
পাঠ-5 বিজ্ঞান আৰু আমাৰ মানসিকতা
পাঠ-6 নোকোৱাৰ পৰিণাম
পাঠ-7 জতুৱাৰ জঁট
পাঠ-8 মিছাইল মানৱ
পাঠ-9 অসম
পাঠ-10 প্ৰত্যাহ্বান
পাঠ-11 গছ ভালপোৱা ককাৰ খং
পাঠ-12 নামৰ বেবেৰিবাং
পাঠ-13 প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14 বিদ্যা
পাঠ-15 গড়গাঁও

প্রশ্ন ১২। তলৰ যােজনা দুফাকিৰ অর্থ বুজাই লিখা-

(ক)  আপদৰ মাত, আকালৰ ভাত।       (খ)  কথাতে বঁটা পায়, কথাতে কটা যায় ।

উত্তৰ— (ক)  আপদৰ মাত, আকালৰ ভাত :- আপদত পৰা মানুহক সহানুভূতিৰে দিয়া এষাৰ মাত তেওঁলোকৰ কাৰণে ডাঙৰ সহায় , ভাঙি যোৱা মনোবল ঘূৰাই আনিবলৈ ডাঙৰ প্রেৰণা ।

আকাল অর্থাৎ দুর্ভিক্ষৰ সময়ত এমুঠি ভাত দি সহায় কৰিলে তাৰ সমান একো হ’ব নোৱাৰে।  আকালত সেই ভাত মুঠিয়েই সেই পৰিয়ালটোৰ বা মানুহখিনিৰ মহান উপকাৰ সাধন কৰে ।

উত্তৰ—  (খ)  কথাতে বঁটা পায়, কথাতে কটা যায় :- মানুহে কথা ক’ব জানিলে মানুহৰ পৰা প্রশংসা আনকি বঁটা আদিও পায় । সৎ আৰু সুন্দৰ কথা ক’ব জনা মানুহে সমাজত আদৰ-সন্মান পায় । কিন্তু কথা ক’ব নাজানিলে, ক’ব নলগীয়া কথা য’তে-ত’তে ক’লে মানুহে কওঁতাজনক বেয়া পায় , আনকি তেনে কথাৰ কাৰণে তেওঁ ৰাইজ অথবা সমাজৰ গৰিহণাৰ পাত্ৰও হয় ।

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close