SCERT class 7 Assamese Chapter 6 নোকোৱাৰ পৰিণাম free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Assamese Chapter 6
Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese chapter 6 ( পাঠ ৬ নোকোৱাৰ পৰিণাম) solutions.
নোকোৱাৰ পৰিণাম
পাঠ ৬
ক- পাঠভিত্তিক ক্ৰিয়া
ক্ৰিয়া-কলাপ
প্ৰশ্ন ১ ৷ নাটিকাখনিৰ কথাখিনি কাহিনী আকাৰে কোৱা ৷
উত্তৰ— গ্রীষ্ম বন্ধ ঘােষণা কৰাৰ আগদিনা বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰীসকলক ফুলৰ মালাৰে সম্ভাষণ জনাব বুলি গাঁৱৰ একেবাৰে দক্ষিণ মূৰত থকা বকুল ফুলজোপাৰ তলত বকুল ফুল বুটলিবৰ বাবে একে বিদ্যালয়ৰ কাণসমনীয়া ছােৱালী মালতী, শৈলবালা আৰু বৰষা বকুল তললৈ গৈছিল ৷ সেইদিনা সিহঁতে ফুল বেছিকৈ বুটলিবৰ ইচ্ছা কৰিছে, কাৰণ পিছদিনাৰ পৰা গ্রীষ্ম বন্ধ আৰম্ভ হ’ব ৷ তিনিও কথা-বতৰা পাতি ফুল বুটলি থাকোতে পলম হ’ব বুলি ততাতৈয়াকৈ স্কুললৈ যাবৰ বাবে গুচি আহিল ।
পিছদিনা গ্রীষ্ম বন্ধ ঘােষণা উপলক্ষে বিদ্যালয় প্রেক্ষাগৃহত প্রীতি মেলৰ বাবে ছাত্র–ছাত্রী আৰু শিক্ষক–শিক্ষয়িত্ৰীসকল গােট খাইছে ৷ বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী পূৰবী দাসে ছাত্র-ছাত্রীসকলক বন্ধৰ সময়ছােৱাত মাক–দেউতাকক ঘৰুৱা কাম বনত সহায় কৰাৰ উপৰি পুথিভঁৰাললৈ গৈ দুই-এখন কিতাপ পঢ়াৰ বাবে পৰামর্শ দিছে ৷ তাৰ পিছত শিক্ষক বাহাৰুল ইছলামে সাংস্কৃতিক কার্যক্রম ঘােষণা কৰি ছাত্র ছত্রীসকলকো সােণত সুৱগা চৰাই দুই–এষাৰ কোৱাৰ আহ্বান জনালে ৷ ছাত্রী মালতীয়ে সতীর্থসকলক আহ্বান কৰি ছাৰ বাইদেউসকলক ফুলৰ মালা দিলে আৰু তাৰ পিছত মহাপুৰুষ মাধৱদেৱৰ তেজৰে কমলাপতি’ বৰগীতেৰে সাংস্কৃতিক অনুষ্ঠানৰ পাতনি মেলিলে ৷ বৰগীতটোৰ পিছত বিষ্ণু ৰাভাৰ বিলতে হালিছে ’ গীতৰ আধাৰত ৰচিত নৃত্য-আলেখ্য এখন শ্রীমতী বৰষা আৰু তেওঁৰ সতীর্থ শৈলবালা আৰু মালতীহঁতে পৰিৱেশন কৰিব বুলি ঘােষকে ঘােষণা কৰিলে ৷ শৈলবালা , বৰষা আৰু মালতীয়ে ৷ ‘বিলতে হালিছে’ গীত আৰম্ভ কৰি নাচি থাকোতেই শৈলবালা মূর্ছা গৈ বাগৰি পৰিল ৷ সভাথলীত হুৱা-দুৱা লাগিল , ছাত্র–ছাত্রী , শিক্ষক–শিক্ষয়িত্ৰীসকলাে ওচৰ চাপি আহিল ৷ বৰষা আৰু মালতীয়ে শৈলবালাক দাংকোলা কৰি প্রধান শিক্ষয়িত্ৰীৰ কোঠালৈ নি শুৱাই দিলে ৷ প্রধান শিক্ষয়িত্ৰীয়ে দেখিলে শৈলবালাক বতাহ দিবৰ বাবে বিদ্যুতে নাই ৷ তেওঁ কোনােবা এজনক বিছনী এখন আনিবলৈ ক’লে ৷
এনেতে মালতীয়ে প্রধান শিক্ষয়িত্রী মহােদয়াৰ অনুমতি বিচাৰিলে শৈলক চামৰাৰ চেণ্ডেল এপাট শুঙাই দিয়াৰ বাবে ৷ কাৰণ মূচ্ছা গ’লে আইতাকহঁতে তেনে কৰা তাই দেখিছে ৷ প্রধান শিক্ষয়িত্রীগৰাকীয়ে এই কথাত ধমক দি মানা কৰিলে ৷ হুনমিলিতে শৈলৰ কথা চিন্তা কৰি কান্দিব ধৰিলে ৷ প্রধান শিক্ষয়িত্ৰীয়ে ইছলামৰ হতুৱাই ডাঃ পেগুক মতাই আনি শৈলক পৰীক্ষা কৰালে ৷ পৰীক্ষা কৰি ডাক্তৰে জনালে যে ছােৱালীজনীৰ এটা অসুখ আছে, মাক–দেউতাকে হয়তাে জানে; কিন্তু আনে ছােৱালীজনীক বেমাৰী বুলি হাঁহিব বুলি সংকোচ কৰি হয়তাে চিকিৎসাৰ ব্যৱস্থা নকৰি গােপনে ৰাখিছে ৷ ডাক্তৰে ক’লে যে লােকনিন্দা আৰু কুসংস্কাৰৰ বাবে বহুতে সন্তান বেমাৰ লুকুৱাই ৰখাৰ যত্ন কৰে ৷ ফলত সিয়েই সর্বনাশৰ মূল হৈ পৰে ৷
শেষত ডাক্তৰে ঔষধ–পাতি লিখি দি মাক–দেউতাকক বুজাই ক’বলৈ কৈ গ’ল । নােকোৱাৰ পৰিণাম ভয়ানক বুলি মালতীহতে বুজিলে ।
প্ৰশ্ন ২ ৷ নাটিকাখনিৰ সংলাপবোৰ অভিনয়ৰ যোগেদি শ্ৰেণীত উপস্থাপন কৰা ৷
উত্তৰ— শ্ৰেণী শিক্ষকৰ সহায় লৈ ছাত্ৰ-ছাত্ৰীসকলে নিজে কৰা ৷
প্ৰশ্ন ৩ ৷ উত্তৰ দিয়া ৷
(ক) হুনমিলি, শৈলহঁতে কিয় বকুল ফুল বুটলিছিল ?
উত্তৰ— হুনমিলি, শৈলহঁতে বকুল ফুলৰ মালা গাঁঠী ছাৰ, বাইদেউ সকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ বকুল ফুল বুটলিছিল ৷
(খ) ‘চোৱাচোন ! ফুলবোৰ কিমান সতেজ আৰু জীপাল !’ – কথাষাৰি কোনে কাক কৈছিল ?
উত্তৰ— উক্ত কথাষাৰ মালতীয়ে হুনমিলিক কৈছিল ৷
(গ) সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল ?
উত্তৰ— সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত ‘তেজৰে কমলাপতি‘ নামৰ বৰগীতটি গাইছিল ৷
(ঘ) নাচি থাকোঁতে কোন মূৰ্চ্ছা গৈছিল ?
উত্তৰ— নাচি থাকোতে শৈলবালা মূর্ছা গৈছিল ৷
(ঙ) শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি ?
উত্তৰ— শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম মৃগী বেমাৰ ৷
(চ) ‘সময়ৰ টিকনিডাল হেনো আগফালে উৰে’- এই বাক্যশাৰী কোনে, কি প্ৰসংগত কৈছিল ?
উত্তৰ— প্ৰশ্নোক্ত কথাষাৰ হুনমিলিয়ে শৈলবালা আৰু মালতীক কৈছিল ৷ মালতী, শৈলবালা আৰু হুনমিলিয়ে ৰাতিপুৱা কথা কৈ কৈ বকুলফুল, বুটলি থাকোতে ন বজাৰ সময় হােৱাত স্কুললৈ যাবলৈ দেৰি হ’ব বুলি ভাবি কথা প্রসংগত উক্ত কথাষাৰ কৈছিল ৷
প্ৰশ্ন ৪ ৷ প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ৷
‘কু-সংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে ৷ সময়ত ই হয়গৈ সৰ্বনাশৰ মূল ৷’
উত্তৰ— প্ৰশ্নোক্ত কথাষাৰ ‘নােকোৱাৰ পৰিণাম’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে ৷ আনক নােকোৱাকৈ লুকুৱাই ৰাখিলে সৰু বেমাৰেই পিছত দুৰাৰােগ্য বেমাৰ হােৱা প্রসঙ্গত ডাঃ কটকীয়ে উক্ত কথাষাৰ কৈছে ৷
শৈলবালা নামৰ ছােৱালীজনীৰ হঠাৎ মূর্ছা যােৱা বেমাৰ (মৃগী) আছিল বুলি হয়তাে মাক–দেউতাকে জানিছিল । কিন্তু বেমাৰৰ কথা জানিলে আনে নিন্দা কৰাৰ ভয় বা কু–সংস্কাৰৰ বাবে নােকোৱাকৈ আৰু চিকিৎসা নকৰাকৈ আছিল ৷ বিদ্যালয়ৰ গৰমৰ বন্ধ ঘােষণাৰ দিনা হােৱা সাংস্কৃতিক অনুষ্ঠানত শৈলবালাই নাচি থাকোতেই মূর্ছা যােৱাত গােপন কথা ডাক্তৰৰ হাতত ধৰা পৰিছিল ৷ শৈলবালাৰ মাক–দেউতাকৰ দৰে বহুতাে মানুহে কুসংস্কাৰ আৰু লােক–নিন্দা বা অন্ধবিশ্বাসৰ বাবে নিজৰ ল’ৰা-ছােৱালীৰ বেমাৰ লুকাই ৰাখিব বিচাৰে ৷ কিন্তু লুকাই ৰখা সৰু বেমাৰ পিছলৈ ডাঙৰ বেমাৰ হৈ বিপদত পেলায় ৷ সেই কথাকে কথাষাৰৰ যােগেদি বুজাবৰ যত্ন কৰা হৈছে ৷
প্ৰশ্ন ৫ ৷ মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল ?
উত্তৰ— মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্রধান শিক্ষয়িত্ৰীয়ে সেয়া অন্ধবিশ্বাস বুলি ভাবি “ নাই নাই, চেণ্ডেলপাট মুখত লগাবনে ? বনৌষধি কিবা এবিধ লগােৱাৰ কথা হলেও বেলেগ কথা— এই বুলি বাধা দিছিল ৷
প্ৰশ্ন ৬ ৷ দলত আলোচনা কৰি লিখা ৷
উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম কি হ’ব পাৰে ?
উত্তৰ— উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে একোটা সৰু বেমাৰেই গৈ ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ তেতিয়া সেই বেমাৰ ভাল কৰিবলৈ ডাঙৰ ডাঙৰ ডাক্তৰৰ ওচৰ চাপিব লগীয়া হয়, অত্যন্ত খৰচান্ত হ’বলগীয়া হয় আৰু হয়তাে এনে ব্যৱস্থা লােৱাতাে বেমাৰে জটিলৰূপ ধাৰণ কৰি বেমাৰীক মৃত্যুৰ মুখত পেলাব পাৰে ৷ সেই কাৰণেই উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা কৰাব লাগে ৷
SL. No. | Contents (Class 7 Assamese) |
পাঠ-1 | তেজৰে কমলাপতি |
পাঠ-2 | কালিকা লগা পাট-কাপোৰ |
পাঠ-3 | পণ্ডিত আনন্দৰাম বৰুৱা |
পাঠ-4 | জনমভূমি |
পাঠ-5 | বিজ্ঞান আৰু আমাৰ মানসিকতা |
পাঠ-6 | নোকোৱাৰ পৰিণাম |
পাঠ-7 | জতুৱাৰ জঁট |
পাঠ-8 | মিছাইল মানৱ |
পাঠ-9 | অসম |
পাঠ-10 | প্ৰত্যাহ্বান |
পাঠ-11 | গছ ভালপোৱা ককাৰ খং |
পাঠ-12 | নামৰ বেবেৰিবাং |
পাঠ-13 | প্ৰাকৃতিক দুৰ্যোগ |
পাঠ-14 | বিদ্যা |
পাঠ-15 | গড়গাঁও |
খ- ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্ৰশ্ন ৭ ৷ তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা-
মাৰা, ভায়েৰ, ভনীয়েৰা, খুড়ীয়েকক
উত্তৰ—
মাৰা = মা + ৰা
ভায়েৰা = ভাই + এ + ৰা
ভনীয়েৰা = ভনী + এ + ৰা
খুৰীয়েকক = খুৰী + এ + ক + ক
প্ৰশ্ন ৮ ৷ বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ মিলোৱা ৷
ক | খ |
পাণ | গৰাকী |
বহী | জনী |
ল’ৰা | খিলা |
ছোৱালী | খন |
মহিলা | টো |
উত্তৰ—
ক | খ |
পাণ | খিলা |
বহী | খন |
ল’ৰা | টো |
ছোৱালী | জনী |
মহিলা | গৰাকী |
প্ৰশ্ন ৯ ৷ ‘চোৱাচোন ! ফুলবোৰ কিমান সতেজ আৰু জীপাল ! – এই বাক্যটিত থকা ‘জীপাল’ শব্দটো জীপ শব্দৰ লগত -‘আল’ প্ৰত্যয় যোগ হৈ ‘জীপাল’ শব্দ গঠিত হৈছে ৷ তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা-
উত্তৰ—
ৰস + আল = ৰসাল ।
ভয় + আল = ভয়াল ।
উম + আল = উমাল ।
খং + আল = খঙাল ।
গ- জ্ঞান সম্প্ৰসাৰণ (Class 7 assamese Chapter 6)
প্রশ্ন ১০। নাটিকাখনিৰ প্ৰথম দৃশ্যৰ লগত থকা ছবিখন চোৱা আৰু ছবিখনত দেখা কথাখিনি বর্ণনা কৰা ৷
উত্তৰ— এখনি শস্য-শ্যামলা গাঁৱৰ দোকমােকালি ছবি ৷ ৰাতিপুৱাৰ ফৰকাল পােহৰ ইয়াত পৰিছে ৷ ফুলৰ গছ আৰু শস্যৰ পথাৰ দেখিবলৈ পােৱা গৈছে ৷ দূৰণিত এলানি পাহাৰ ৷ মানুহৰ ঘৰ-দুৱাৰ, গছ-গছনিৰে এখনি সৰু মনােৰম গাঁও ৷ বকুলৰ গছজোপা বৰকৈ ফুলি আছে ৷ তাৰ তলত তিনিজনী ছােৱালীয়ে কথাপাতি হাঁহি ফুর্তিৰে তলসৰা বকুল ফুল বুটলি দুটি কৰণিত ভৰাই লৈছে ৷ এগৰাকী বয়সস্থ মহিলাই লাখুঁটিত ধৰি প্রাতঃভ্রমণ কৰিছে ৷ এজনী ছােৱালী আৰু দুজন ল’ৰাই দুটি কুকুৰক কিবা খাবলৈ দিছে ৷ ওচৰতে শালিকী দুটাই আহাৰ বিচাৰি ফুৰিছে ৷ বহি থকা মানুহ এজনৰ ওচৰতে ৰৈ এগৰাকী মহিলাই তেওঁৰ লগত কথা পাতি আছে ৷
প্রশ্ন ১১। পঢ়োঁ আহা
কদমনি গাওঁ নিবাসী ৩৫ বছৰীয়া কুলেন চন্দ্ৰ দাসে কৃষিকৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰে ৷ সেইদিনা দেওবাৰ, তেওঁ পুৱতিনিশা ওচৰৰে বিল মাছ মাৰিবলৈ গৈছিল ৷ মাছ মাৰি থাকোঁতে হঠাতে তেওঁক বিষাক্ত সাপে দংশন কৰিলে ৷ তেওঁ লৰালৰিকৈ ঘৰলৈ আহি কথাতো পৰিয়ালক জনালে ৷ ঘৰখনত হুৱা-দুৱা লাগিল ৷ ককায়েকে ততাতয়াকৈ ওজাক মাতি আনি জৰা-ফুঁকা আৰম্ভ কৰিলে ৷ পিছে লাহে লাহে ৰোগীৰ অৱস্থা বেয়াৰ ফাললৈ ঢাল খালে ৷ সৰ্প দংশনৰ বাতৰি গোটেই গাৱঁতে বিয়পি পৰিল ৷ স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অৰ্জুন শৰ্মাই কথাটো শুনি দাসৰ ঘৰলৈ আহিল ৷ তেখেতে লগে লগে ১০৮ সেৱাক মাতি দাসক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিলে ৷ চিকিৎসালয়ত চিকিৎসকৰ আশাসুধীয়া চেষ্টাৰ ফলত দাসৰ স্বাস্থ্য ক্ৰমে ভাললৈ আহিবলৈ ধৰিলে ৷ আজিৰ যুগতো এনেধৰণে জৰা-ফুঁকা কৰা কাৰ্যৰ বাবে দাসৰ পৰিয়ালক সকলোৱে সমালোচনা কৰিলে ৷ |
প্রশ্ন ১২৷ তােমাৰ গাঁৱত বা ওচৰ–চুবুৰীয়াই সর্প দংশন, জণ্ডিচ, বসন্ত আদি ৰোগত ভুগিলে তুমি কেনে ধৰণৰ মতামত আগবঢ়াবা আৰু কি ধৰণে সহায় কৰিবা ?
উত্তৰ— সর্প দংশন, জণ্ডিচ, বসন্ত আদি ৰােগত ভুগিলে অন্ধবিশ্বাসত থাকি জৰা ফুকা কৰি ৰােগ ভাল কৰিব নিবিচাৰি ততালিকে ডাক্তৰৰ সহায় ল’ব লাগে ৷ প্রয়ােজন হলে ১০৮, ১০২ সেৱাক মাতি ৰােগীক ডাক্তৰৰ ওচৰলৈ নিয়াব লাগে ৷ আজিৰ বিজ্ঞানৰ যুগত বেমাৰৰ উন্নত চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰ হােৱা সত্ত্বেও কিছুমান অন্ধবিশ্বাসী মানুহে জৰা–ফুকা কৰি এনেবােৰ ৰােগ ভাল কৰিবলৈ চাই ৰােগীক মৃত্যু মুখত পেলায় ৷ ই বৰ পৰিতাপৰ কথা ৷
প্রশ্ন ১২৷ তুমি নিশ্চয় ভাওনা, ভ্ৰাম্যমান থিয়েটাৰৰ নাটক আৰু দূৰদৰ্শনৰ নাটক বা ধাৰাবাহিক চাইছা ৷ তুমি চাই আনন্দ লভা এনে নাটকসমূহৰ এখন তালিকা প্ৰস্তুত কৰা ৷
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ৷
(adsbygoogle = window.adsbygoogle || []).push({});