গছ ভালপোৱা ককাৰ খং Class 7 Assamese Chapter 11

SCERT class 7 Assamese Chapter 11 গছ ভালপোৱা ককাৰ খং free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.

Class 7 Assamese Chapter 11

Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese Lesson 11 ( পাঠ ১১ গছ ভালপোৱা ককাৰ খং) solutions.

গছ ভালপোৱা ককাৰ খং

পাঠ ১১ (Class 7 Assamese)

Class 7 Assamese Chapter 11

গছ ভালপোৱা ককাৰ খং

ভাল পাঁলো ৰঘুনাথ
তুমি মোক পুতেৰাৰ
বিয়ালৈ মাতিলা,
পিছে ৰভাখন দিবলৈকে
আমলখি গছজোপা
কিয়নো কাটিলা
আলহী-অতিথি যাব
ৰভা নাইকিয়া হব
বোৱাৰীয়ে ঘৰখন
দিবহি পূৰাই,
পিছে কোৱাচোন ৰঘুনাথ
আমলখি গছজোপা
সহজতে পাবানে ঘূৰাই
দৰাটিক মাতাচোন
এজোলোকা আশীবাদ
দিওঁ আৰু যাওঁ,
গছজোপা কটা বাবে
লুচি-ভাজি, ৰসগোল্লা
একোকে নাখাওঁ।
                                                                    কবি- ভবেন্দ্ৰ নাথ শইকীয়া।

ক- পাঠভিত্তিক ক্ৰিয়া

ক্ৰিয়া-কলাপ

প্ৰশ্ন ১। কবিতাটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া ৷

উত্তৰ— ছাত্ৰ-ছাত্ৰীসকলে নিজে পঢ়া ৷

প্ৰশ্ন ২। কবিতাটো ছন্দ আৰু লয়ৰ সংগতি ৰাখি আবৃত্তি কৰা ৷

উত্তৰ— ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ সহায় লৈ নিজে কৰা ৷

প্ৰশ্ন ৩। কোৱা আৰু লিখা ৷

(ক)  কবিতাটোত কাৰ বিয়াৰ কথা কৈছে ?

উত্তৰ— কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে ৷

(খ) আমলখি গছজোপা কিয় কাটিলে ?

উত্তৰ— ৰভা দিবৰ বাবে আমলখি গছজোপা কাটিলে ৷

(গ) কোনে আহি ঘৰখন পূৰাবহি বুলি কোৱা হৈছে ? 

উত্তৰ— বােৱাৰী আহি ঘৰখন পূৰাবহি বুলি কোৱা হৈছে ৷

(ঘ) সহজে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে ? 

উত্তৰ— ৰভা দিবৰ বাবে কটা আমলখি গছজোপা সহজে ঘূৰাই নাপাব বুলি ককাই কৈছে ৷

প্রশ্ন ৪। কোৱা আৰু লিখা :

(ক) বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল ? 

উত্তৰ— বিয়াৰ ৰভা দিবৰ বাবে আমলখি গছজোপা কটা দেখি ককাৰ খং উঠিছিল ৷

(খ) বিয়াঘৰত ককাই কিয় একো নাখালে ?

উত্তৰ— আমলখি গছজোপা কটাৰ বাবে খং কৰি বিয়াঘৰত ককাই একো নাখালে ।

(গ) খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল ? 

উত্তৰ— খং উঠাৰ পাছতো ককাই দৰাক এজোলোকা আশীর্বাদ দিব বিচাৰিছিল ৷

প্রশ্ন ৫। তলৰ কবিতা ফাকি গদ্যৰূপত লিখা—

‘আলহী-অতিথি যাব

ৰভা নাইকিয়া হ’ব

বোৱাৰীয়ে ঘৰখন দিবহি পূৰাই,

পিছে কোৱাচোন ৰঘুনাথ

আমলখি গছজোপা

সহজতে পাবানে ঘূৰাই ?’

উত্তৰ— আলহী–অতিথি যােৱাৰ পাছত ৰভাখন নাইকিয়া হ’ব ৷ বােৱাৰী আহি ঘৰখন পূৰাই দিবহি ৷ পিছে ৰঘুনাথ কোৱাচোন, সহজতে আমলখি গছজোপা জানো আকৌ ঘূৰাই পাবা ?

প্রশ্ন ৬। কবিতাটোৰ মূলভাব লিখা ৷

উত্তৰ— ৰঘুনাথে পুতেকৰ বিয়া পাতিবলৈ লৈ ৰভাপতাৰ অসুবিধাৰ কাৰণে ৰভা ঠাইত থকা অতি প্রয়ােজনীয় আৰু মূল্যৱান আমলখি গছজোপা কাটি পেলালে ৷ ৰঘুনাথে বিয়ালৈ কবিকো নিমন্ত্রণ জনাইছিল ৷ বিয়ালৈ মতাৰ বাবে কবিয়ে ভাল পালে যদিও বিয়ালৈ আহি আমলখি গছজোপা কটা দেখি তেওঁ মনতে বৰ দুখ পালে আৰু খঙো কৰিলে ৷ বিয়াৰ পিছত আলহী–অতিথিবােৰ ঘৰাঘৰি গুচি যাব; ৰভাখনাে ভঙা যাব ৷ ন–বােৱাৰী আহি ঘৰখন পূৰাব; কিন্তু এই যে আমলখি গছজোপা কাটি পেলালে তাক জানাে সহজে ঘূৰাই পাব ? বিয়ালৈ কবি আহিল যদিও বিয়াত একো নোখোৱাকৈয়ে দৰাক এজোলোকা আশীর্বাদ দি তেওঁ ঘৰলৈ গুচি গ’ল ৷

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৭। বাক্য ৰচনা কৰা ৷

এজোলোকা, আলহী-অতিথি, আশীৰ্বাদ, সহজতে, ঘূৰাই, ৰভা

উত্তৰ—

এজোলোকা বিহুৰ দিনা এজোলোকা আশীৰ্বাদ দি ককাই “মঙ্গল হওঁক, কুশল হওঁক “বুলি কৈছিল ৷

আলহী-অতিথি অনিলৰ বিয়া বুলি ঘৰখন আলহী-অতিথিৰে ভৰি পৰিছে ৷

আশীৰ্বাদ জীৱনত উন্নতি কৰিবলৈ হ’লে শিক্ষাগুৰু তথা মাক-দেউতাকৰ আশীৰ্বাদ খুবেই প্ৰয়োজন ৷

সহজতে ইন্টাৰনেটৰ সহায়ত আজিকালি মানুহে ঘৰতে থাকি সহজতে দেশ-বিদেশৰ খবৰ পাব পাৰে ৷

ঘূৰাই পাৰ হৈ যোৱা সময় ঘূৰাই পোৱা অসম্ভব ৷

ৰভা অমলৰ ককায়েকৰ বিয়াৰ বাবে গাৱৰ সকলোৱে মিলি ৰভা দিছে ৷

প্রশ্ন ৮। ‘ক’- অংশৰ লগত ‘খ’- অংশৰ অৰ্থৰ মিল থকা শব্দবােৰ আঁচ টানি মিলোৱা-

‘ক’- অংশ ‘খ’- অংশ
ৰভা দৰব
দৰা বৃক্ষ
গছ বৰ
ঔষধ কোনো অনুষ্ঠানৰ বাবে অস্হায়ীকৈ নিৰ্মাণ কৰা চালি

উত্তৰ—

‘ক’- অংশ ‘খ’- অংশ
ৰভা কোনো অনুষ্ঠানৰ বাবে অস্হায়ীকৈ নিৰ্মাণ কৰা চালি
দৰা বৰ
গছ বৃক্ষ
ঔষধ দৰব

গ— জ্ঞান সম্প্ৰসাৰণ

প্রশ্ন ৯। তোমাৰ পৰিয়ালৰ অন্য সদস্যসকলক বা ওচৰ চুবুৰীয়াক গছ-গছনি নাকাটিবলৈ কেনেদৰে বুজাবা কোৱা ৷

উত্তৰ— আজিকালি মানুহে বিভিন্ন কাৰণত গছ-গছনি কাটে কিন্তু সেই অনুপাতে গছ-গছনি ৰোপণ নকৰে ৷ মােৰ পৰিয়ালৰ অন্য সদস্য বা ওচৰ-চুবুৰীয়াও ইয়াৰ ব্যতিক্ৰম নহয় ৷ মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰিম যে গছ নহ’লে পৃথিৱীত মানুহকে আদি কৰি কোনাে প্রাণী জীয়াই থাকিব নােৱাৰে ৷ গছে অক্সিজেন উৎপাদন কৰি, বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আঁতৰাই, অগণন প্ৰজাতিৰ প্ৰাণীৰ বাসস্থান আৰু খাদ্যৰ ব্যৱস্থা কৰি পৃথিৱীত জীৱন ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ গছ একেবাৰে নাথাকিলে পৃথিৱীখন মৰুভূমিত পৰিণত হ’ব ৷ গতিকে গছ–গছনি কেতিয়াও কাটিব নালাগে ৷ প্রয়ােজনত কাটিলেও এজোপা গছৰ সলনি দহ জোপা গছ ৰুব লাগে আৰু তাৰ প্ৰতিপাল কৰিব লাগে ৷

প্রশ্ন ১০। “কেৱল বৃক্ষৰােপণ কৰিলেই নহয়, তাৰ প্ৰতিপালন কৰাটোও আমাৰেই দায়িত্ব ।” — কথাষাৰ দলীয়ভাৱে আলােচনা কৰা আৰু দলৰ এজনে বর্ণনা কৰা ৷

উত্তৰ— কথাষাৰ দলীয়ভাৱে আলােচনা কৰি এনেধৰণেৰে বৰ্ণনা কৰিব পাৰি— গছৰ সংখ্যা যিমানেই বৃদ্ধি হয় সিমানেই জীৱ কুলৰ বাবে মংগল ৷ কিয়নাে গছ অবিহনে কোনাে প্রাণীয়েই পৃথিৱীত জীয়াই থাকিব নােৱাৰে ৷ সেই কাৰণে গছ গছনি জধে–মধে কাটিব নালাগে আৰু কাটিলেও এজোপাৰ ঠাইত দহজোপা ৰুব লাগে ৷ যিদৰে বৃক্ষৰােপণ কৰিব লাগে তেনেদৰে তাক প্রতিপালনাে কৰিব লাগে । বৃক্ষ ৰোপণৰ পিছত তাৰ যতন লোৱাতো অর্থাৎ পুলিটো গৰু, ম’হ , ছাগলী আদি জন্তুৱে খাব নােৱৰাকৈ, গা ঘহাই ভাঙিব নােৱৰাকৈ ভালদৰে বেৰ দি ৰাখিব লাগে পুলিটো ডাঙৰ হৈ নিৰাপদ নােহােৱা পর্যন্ত ৷ লগতে পুলিটো কিবা বেমাৰ-আজাৰত আকান্ত্ৰ হ’লে যথোচিত ব্যৱস্থা ল’ব লাগে ৷  যদি এনেদৰে প্রতিপালন কৰা নহয় তেন্তে বৃক্ষৰােপণৰ কাম অথলে যাব ৷

SL. No. Contents (Class 7 Assamese)
পাঠ-1 তেজৰে কমলাপতি
পাঠ-2 কালিকা লগা পাট-কাপোৰ
পাঠ-3 পণ্ডিত আনন্দৰাম বৰুৱা
পাঠ-4 জনমভূমি
পাঠ-5 বিজ্ঞান আৰু আমাৰ মানসিকতা
পাঠ-6 নোকোৱাৰ পৰিণাম
পাঠ-7 জতুৱাৰ জঁট
পাঠ-8 মিছাইল মানৱ
পাঠ-9 অসম
পাঠ-10 প্ৰত্যাহ্বান
পাঠ-11 গছ ভালপোৱা ককাৰ খং
পাঠ-12 নামৰ বেবেৰিবাং
পাঠ-13 প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14 বিদ্যা
পাঠ-15 গড়গাঁও

প্রশ্ন ১১। ‘গছ আমাৰ পৰম মিত্ৰ’ এই বিষয়টো লৈ শ্ৰেণীত পতা তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ৷

উত্তৰ— শ্ৰেণী শিক্ষকৰ সহায় লৈ নিজে কৰা ৷

প্রশ্ন ১২। আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য পাঁচবিধ ফলৰ বিষয়ে লিখা ৷

উত্তৰ— আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য পাঁচবিধ ফল হৈছে- (১) শিলিখা (২) আম (৩) জলফাই (৪) কঁঠাল (৫) কমলা ৷

প্রশ্ন ১৩। কিছুমান গছৰ ফল–ফুল, ডাল–পাত, গা–গছ আদি আটাইবােৰ অংশই আমাৰ বাবে অতি উপকাৰী । ‘কলগছ’ তেনে এবিধ উপকাৰী গছ । কলগছৰ উপকাৰিতাৰ বিষয়ে দলত আলোচনা কৰি তলৰ তালিকাখন পূৰ কৰা ৷

গছৰ নাম ফল ফুল পাত গা-গছ
কলগছ

উত্তৰ—

গছৰ নাম ফল ফুল পাত গা-গছ
কলগছ কলগছৰ ফলক কল বুলি কোৱা হয় ৷ কলগছৰ ফুলক কলফুল তথা কলডিল বুলি কোৱা হয় ৷ কলগছৰ পাতক কলপাত বুলি কোৱা হয় ৷ সকলাে সকাম–নিকাম আৰু ব্যক্তিগত কামত ব্যৱহাৰ কৰা হয় ৷ গা-গছৰ কোনো অংশই পেলনি নাযায় ৷ হাতীৰ ই প্রধান খাদ্য ৷ আনহাতে পুলি কলগছ পচলা হিচাপে মানুহে ৰান্ধি খায় ৷

পৰিৱেশ সংৰক্ষণৰ বাবে উদযাপন কৰা দিৱস

বিশ্ব বন দিৱস (২১ মাৰ্চ) : প্ৰতি বছৰে ২১ মাৰ্চ দিনটো বন দিৱস হিচাপে পালন কৰা হয় ৷

ধৰিত্ৰী দিৱস (২২ এপ্ৰিল) : পৃথিৱীত মানুহে সৃষ্টি কৰা পৰিৱেশ সম্পৰ্কীয় সমস্যাবোৰ দিনে দিনে বৃদ্ধি পাইছে ৷ এই দিশৰ প্ৰতি সৰ্বসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই দিনটোক ‘ধৰিত্ৰী দিৱস’ হিচাপে উদযাপন কৰা হয় ৷

বিশ্ব পৰিবেশ দিৱস (৫ জুন) : প্ৰতি বছৰে ৫ জুন তাৰিখে পৃথিৱীজুৰি ‘বিশ্ব পৰিৱেশ দিৱস’ পালন কৰা হয় ৷ জনসাধাৰণক পৰিৱেশৰ প্ৰতি সচেতন কৰি তোলাই এই দিৱস পালনৰ মুখ্য উদ্দেশ্য ৷

সাঁথৰ ভাঙা

(ক)  খাল-বিল শুকাই গ’ল,

গছৰ আগত পানী ৰ’ল ৷

উত্তৰ— নাৰিকল ৷

(খ)  ৰজাৰ লাঠি,

 ঘন ঘন গাঠি

উত্তৰ— কুঁহিয়াৰ ৷

(adsbygoogle = window.adsbygoogle || []).push({});

Leave a Comment

close