SCERT class 7 Assamese Chapter 3 পণ্ডিত আনন্দৰাম বৰুৱা free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese Lesson 3 ( পাঠ ৩ পণ্ডিত আনন্দৰাম বৰুৱা) solutions.
পণ্ডিত আনন্দৰাম বৰুৱা
পাঠ ৩
ক- পাঠভিত্তিক ক্ৰিয়া
ক্ৰিয়া-কলাপ
প্ৰশ্ন ১। পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া।
উত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে নিজে শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ চেষ্টা কৰা।
প্রশ্ন ২। উত্তৰ দিয়া ।
(ক) আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল ?
উত্তৰ— আনন্দৰাম বৰুৱাৰ জন্ম উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত ১৮৫০ চনৰ ২১ মে তাৰিখে হৈছিল।
(খ) তেওঁৰ পিতৃ–মাতৃৰ নাম কি ?
উত্তৰ— তেওঁৰ পিতৃৰ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুর্লভেশ্বৰী বৰুৱানী।
(গ) আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল ?
উত্তৰ— আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেছিডেন্সী কলেজত নামভৰ্তি কৰিছিল ।
(ঘ) ‘আনন্দৰাম বৰুৱা ভাষা-কলা–সংস্কৃতি-সংস্থা’ কিয় প্রতিষ্ঠা কৰিছিল ?
উত্তৰ— ভাৰতৰ ব্ৰিটিছ আমোলত প্ৰথমজন অসমীয়া বেৰিষ্টাৰ আৰু অসমীয়া তথা ভাৰতীয় চিভিলিয়ান, প্ৰখ্যাত সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ স্মৃতি ৰক্ষাৰ বাবে ১৯৮৯ চনত অসম চৰকাৰে ‘আনন্দৰাম বৰুৱা ভাষা–কলা–সংস্কৃতি সংস্থা’ প্রতিষ্ঠা কৰিছিল । ইয়াৰ ইংৰাজী নামটো হ’ল – Anundoram Borooah Institute of Language, Art and Culture, Assam, চমুকৈ ABILAC বুলি জনা যায় ।
প্রশ্ন ৩। ABILAC ৰ সম্পূর্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা ।
উত্তৰ— ABILAC- ৰ সম্পূর্ণ নামটো ইংৰাজীত — ‘Anundoram Borooah Institute of Language, Art and Culture, Assam আৰু অসমীয়াত— ‘আনন্দৰাম বৰুৱা ভাষা–কলা–সংস্কৃতি-সংস্থা’ ।
প্রশ্ন ৪। তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা ।
|
|
উত্তৰ— প্ৰাচীন ভাৰতৰ ভূগোল, ভৱভূতিৰ মহাবীৰ চৰিত, ইংৰাজী–সংস্কৃত অভিধান, উচ্চ সংস্কৃত ব্যাকৰণ, সৰস্বতী কণ্ঠাভৰণ, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, সংস্কৃত শিক্ষার্থী সহচৰ।
প্রশ্ন ৫। আনন্দৰাম বৰুৱাই আই . চি . এছ . পৰীক্ষাত উত্তীর্ণ হােৱাৰ পাছত বিলাতত হােৱা বয়সৰ বিতৰ্কত মি . গ্রেন্ট ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা।
উত্তৰ— আনন্দৰাম বৰুৱাই আই.চি.এছ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছতো, এই পৰীক্ষাত উত্তীৰ্ণ বুলি ঘোষিত হ’বলৈ যি ন্যূনতম বয়সৰ প্ৰয়োজন, সেই বয়স নোহোৱাত তেখেতে স্বীকৃতিৰ বাবে থমকি ৰ’ব লগা হৈছিল। তেতিয়া ব্ৰিটিছ পাৰ্লামেন্টৰ সদস্য মিঃ গ্ৰেন্ট ডাফে আনন্দৰাম বৰুৱাক সমৰ্থন কৰি কৈছিল যে আমি কেৱল নিয়মাৱলীৰ কথা ভাবিলেই নহ’ৱ। সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। গতিকে সৰু এটা নিয়মাৱলীৰ দোহাই দি আমি তেখেতৰ সাফল্যৰ বাটত হেঙাৰ হোৱাতো উচিত নহ’ৱ।
প্রশ্ন ৬। আনন্দৰাম বৰুৱাৰ কৰ্ম জীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা ।
উত্তৰ— লণ্ডনত বেৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ স্বদেশলৈ ঘূৰি আহি আনন্দৰাম বৰুৱাই প্রথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্রেট হিচাপে যােগদান কৰিছিল । তাৰ পিছত মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্রেট আৰু কলেক্টৰ হিচাপে চাকৰি কৰিছিল । বিভিন্ন জিলাত উচ্চপদস্থ বিষয় হিচাপে চাকৰি কৰি ১৮৮৪ চনত নােৱাখালি জিলাৰ মেজিষ্ট্রেট নিযুক্ত হৈছিল । সেই সময়ত তেওঁ বংগদেশৰ ভালেমান উন্নয়নমূলক কাম কৰিছিল ।
প্রশ্ন ৭। ‘ ক ‘ অংশত থকা শব্দৰ লগত ‘ খ ’ অংশত থকা অর্থবােৰ আঁচ টানি মিলােৱা ।
উত্তৰ—
‘ক’ অংশ | ‘খ’ অংশ |
অধ্যৱসায় | নেৰানেপেৰাকৈ লাগি থকা কার্য |
মন্থন | মথা বা ঘোঁটা কার্য |
সুখ্যাতি | সুনাম, যশস্যা |
জাকতজিলিকা | অতি শুৱনি , বহুতৰ মাজত চকুত পৰা |
অৱদান | বৰঙণি বা অৰিহণা |
সংকল্প | কোনাে কাম কৰিবলৈ দৃঢ় ইচ্ছা |
অপ্ৰত্যাশিত | আশা নকৰা |
প্ৰতিযোগী | প্রতিদ্বন্দ্বী |
নিযুক্ত | কামত লগােৱা, কামত নিয়ােগ কৰা |
মনীষী | জ্ঞানী |
খ- ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
জানো আহা
মই পঢ়িছোঁ ।মই পঢ়িছিলোঁ ।মই পঢ়িম ।’পঢ়িছোঁ, পঢ়িছিলোঁ, পঢ়িম’— এইকেইটা হৈছে সমাপিকা ক্ৰিয়াপদ। সমাপিকা ক্ৰিয়াবোৰ কালসাপেক্ষ অৰ্থাৎ ক্ৰিয়াপদটোৱে সদায় একোটা নিৰ্দিষ্ট সময়ত কোনো এটা কাম কৰা বা হোৱা বুজায়। ক্ৰিয়াৰ এনে সময়কে ‘কাল’ বোলে।’কাল তিনি প্ৰকাৰৰ— বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যত কাল। |
তলৰ বাক্যকেইটালৈ চোৱা—১। আনন্দৰাম বৰুৱা সংস্কৃতৰ অগাধ পণ্ডিত আছিল।২। তেখেতে আই. চি. এছ পৰীক্ষাত সপ্তম স্থান লাভ কৰিছিল।৩। আনন্দৰাম বৰুৱাই লণ্ডনত বেৰিষ্টাৰী পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।বাক্যকেইটাত আছিল, কৰিছিল আৰু হৈছিল আদি ক্ৰিয়াপদবোৰে বহুদিনৰ আগতে কৰা বা হোৱা কাৰ্যৰ কথা প্ৰকাশ কৰিছে। অৰ্থাৎ অতীতৰ কামৰ কথা বুজাইছে।এনেবোৰ ক্ৰিয়াৰ সময়কে অতীত কাল বোলে।এনেদৰে ক্ৰিয়াটোৱে যদি বৰ্তমান কৰি থকা বুজায়, তেন্তে বৰ্তমান কাল আৰু যদি আগলৈ কামটো কৰাৰ কথা বুজায়, তাকে ভৱিষ্যত কাল বোলে। |
প্রশ্ন ৮। দলত ভাগ হৈ পাঠটো পঢ়া। পাঠৰ পৰা অতীত কালৰ ক্ৰীয়াপদকেইটা বাছি উলিয়াই লিখা।
উত্তৰ— পাঠটো ছাত্ৰ-ছাত্ৰী সকলে দলত ভাগ হৈ পঢ়া।
পাঠত উল্লেখিত অতীত কালৰ ক্ৰীয়াপদকেইটা হৈছে— হৈছিল, দৰ্শাইছিল, পাৰিছিল, পঠিয়াইছিল, আছিল, কৰিছিল।
প্রশ্ন ৯। খালী ঠাই পূৰ কৰা ।
(ক) কালি মই গুৱাহাটিলৈ ____ ।
উত্তৰ— কালি মই গুৱাহাটিলৈ গৈছিলো ।
(খ) কাইলৈ আমাৰ ঘৰলৈ ৰমেন ____ ।
উত্তৰ— কাইলৈ আমাৰ ঘৰলৈ ৰমেন আহিব ।
(গ) ল’ৰা বিলাকে খেলপথাৰত বল ____ ।
উত্তৰ— ল’ৰা বিলাকে খেলপথাৰত বল খেলিছে ।
প্রশ্ন ১০। পাঠৰ পৰা বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু ক্ৰিয়াপদ বিচাৰি উলিয়াই বহীত লিখা।
উত্তৰ—ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিবলৈ চেষ্টা কৰা। তোমালোকৰ সহায় হোৱাকৈ প্ৰত্যেকৰে এটাকৈ কৰি দিয়া হৈছে-
বিশেষ্য :- আনন্দৰাম বৰুৱা
বিশেষণ :- মেধাৱী
সৰ্বনাম :- তেখেতে
ক্ৰিয়া :- কৰিছিল
গ— জ্ঞান সম্প্ৰসাৰণ (Class 7 Assamese)
প্রশ্ন ১১। ‘চেষ্টাৰ অসাধ্য একো নাই’ কথাষাৰ বহলাই লিখা।
উত্তৰ— চেষ্টা বা যত্ন অবিহনে কোনো কামেই সম্ভৱ নহয়। পৃথিৱীত যিসকল মনীষীয়ে নিজৰ নাম চিৰকাললৈ জিলিকাই থৈ গৈছে , সেইসকলে জীৱনত কেতিয়াও চেষ্টা বা যত্নৰ ত্ৰুটি কৰা নাছিল । উদাহৰন স্বৰূপে আমি পণ্ডিত আনন্দৰাম বৰুৱাৰ কথা ক’ব পাৰো। তেখেতে নিজৰ চেষ্টাৰ বলত আই.ছি.এছৰ দৰে কঠিন পৰীক্ষাতো প্রয়ােজনীয় ন্যূনতম বয়স নৌহওঁতেই ৭ ম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছিল । গতিকে কোনো কাম যদি এবাৰতে সম্পন্ন নহয় তেন্তে হাজাৰবাৰ চেষ্টা কৰিব লাগে। অকল এয়াই নহয়, আনকি পৃথিৱীত হােৱা ডাঙৰ কাম , আৱিষ্কাৰ আদিও অলেখ চেষ্টাৰ ফলতেই হৈছিল । বৈদ্যুতিক বাতিৰ আৱিস্কাৰক টমাছ আলভা এডিছনেও প্ৰায় ১০০০ বাৰ অসফল হোৱাৰ পাছতহে ইলেকট্ৰিক বাল্ব আৱিস্কাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পৰা আমি এটা কথাই বুজো, নেৰানেপেৰা চেষ্টা কৰিলে কঠিন কাম এটাও আমাৰ সাধ্যৰ ভিতৰত আহি পৰে।
প্রশ্ন ১২। কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি, ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে। তুমি নিজে তেনে এজন ব্যক্তি হ’বলৈ কি কৰিবা লিখা।
উত্তৰ— ভৱিষ্যতে মই এজন চিকিৎসক হ’ৱ বিচাৰো। আৰু ইয়াৰ জৰিয়তে মানৱ সেৱা কৰাৰ লগতে গাঁৱৰ দুখীয়া-নিছলা সকলক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব বিচাৰো। এজন গাৱলীয়া ল’ৰা হিচাপে মই সৰুৰে পৰা দেখি আহিছো যে গাঁৱৰ লোকসকলে চিকিৎসাৰ ক্ষেত্ৰত অনেক সমস্যাৰ সন্মুখীন হ’ব লগা হয়। সেয়ে মই কঠোৰ শ্ৰম কৰি পঢ়া – শুনা কৰিম যাতে ভৱিষ্যতে এজন সুচিকিৎসক হৈ গাঁৱৰ দুখীয়া-নিছলা ৰােগীসকলৰ সহায়কাৰী বন্ধু হ’ব পাৰো ।
জানো আহা
পদ্মনাথ গোহাঞি বৰুৱা– অসীম ত্যাগ স্বীকাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ ভেটি নিৰ্মাণ কৰি সুদৃঢ় কৰা লেখকসকলৰ ভিতৰত পদ্মনাথ গোহাঞি বৰুৱা অন্যতম। তেখেতৰ জন্ম হৈছিল ১৮৭১ চনত উত্তৰ লখিমপুৰ (লক্ষীমপুৰ)ৰ নকাড়ী নামে গাঁৱত। তেখেতৰ দেউতাক আছিল ঘিনাৰাম বৰুৱা। পদ্মনাথ গোহাঞি বৰুৱাই কলকালাত বি.এ. পঢ়ি থাকোঁতে অসমীয়া ভাষা সাহিত্য সাধনাত ব্ৰতী হৈছিল। জোনাকী আলোচনীত তেখেতে লেখা মেলা আৰম্ভ কৰিছিল। ১৯৭১ চনত তেখেতে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম সভাপতি আছিল। |
প্রশ্ন ১৩। বিভিন্ন ক্ষেত্ৰত (সাহিত্য, কলা, গীত গোৱা, বাদ্য-যন্ত্ৰী, চিত্ৰ-শিল্পী, খেলুৱৈ) আদিৰ নাম সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰা।
জানো আহাসীতানাথ ব্ৰহ্মচৌধুৰী (১৯০৮-১৯৮২)সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সাহিত্যৰ প্ৰতি আগবঢ়োৱা অৱদান অতুলনীয়। ‘নিৰুপমা সৌন্দৰ্য প্ৰতিমা’ৰ অম্বেষণ কৰা কবি সীতানাথ ব্ৰহ্মচৌধুৰীৰ প্ৰথম কবিতা পুথি ‘কমল কলি’ ১৯২৫ চনত প্ৰকাশ হৈছিল। তাৰ পিছত ‘আবেগ’ আৰু ‘চকুলো’ নামৰ দুখন পুথি প্ৰকাশিত হৈছিল।১৯৫৬ চনত ধুবুৰীত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ মুকলি সভাৰ মুকলি সভাৰ ব্ৰহ্মচৌধুৰী ডাঙৰীয়া উদ্বোধক আছিল। ১৯৮১ আৰু ১৯৮২ চনত যথাক্ৰমে দুবাৰ তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ আসন শোভিত কৰে। সীতানাথ ব্ৰহ্মচৌধুৰী প্ৰকৃতপক্ষে জাতীয় সংস্কৃতিৰ সমন্বয়ৰ প্ৰতীক স্বৰূপ। তেখেত অতি স্পষ্টবাদী, সুদৃঢ়মনা ব্যক্তি আছিল। |
জানো আহা
SL. No. | Contents (Class 7 Assamese) |
পাঠ-1 | তেজৰে কমলাপতি |
পাঠ-2 | কালিকা লগা পাট-কাপোৰ |
পাঠ-3 | পণ্ডিত আনন্দৰাম বৰুৱা |
পাঠ-4 | জনমভূমি |
পাঠ-5 | বিজ্ঞান আৰু আমাৰ মানসিকতা |
পাঠ-6 | নোকোৱাৰ পৰিণাম |
পাঠ-7 | জতুৱাৰ জঁট |
পাঠ-8 | মিছাইল মানৱ |
পাঠ-9 | অসম |
পাঠ-10 | প্ৰত্যাহ্বান |
পাঠ-11 | গছ ভালপোৱা ককাৰ খং |
পাঠ-12 | নামৰ বেবেৰিবাং |
পাঠ-13 | প্ৰাকৃতিক দুৰ্যোগ |
পাঠ-14 | বিদ্যা |
পাঠ-15 | গড়গাঁও |
মহৰ্ষি পাণিনি : মহৰ্ষি পাণিনিয়ে ‘অষ্টাধ্যায়ী’ নামে সংস্কৃত ভাষাৰ ব্যাকৰণ প্ৰণয়ন কৰে। এই ব্যাকাৰণখনেই বিশ্বৰ ভিতৰত স্বীকৃত বিজ্ঞানসন্মত ব্যাকৰণ পুথি। জন বেকাচ (John Backus ) নামে এজন বিজ্ঞানীয়ে এই ব্যাকৰণ পুথিখনৰ ভিত্তিত পোন প্ৰথমে তথ্য প্ৰযুক্তিৰ আহিলা কম্পিউটাৰৰ উপযোগীকৈ ‘কৃত্ৰিম ভাষা প্ৰযুক্তি’ নিমাৰ্ণ কৰে। এই প্ৰযুক্তিক ‘যান্ত্ৰিক ভাষা’ বুলি কোৱা হয়। ভাষাটো কম্পিউটাৰ জগতত PBNF(Panini Backus Normal Form ) নামে জনাজাত। পাণিনিৰ এই অৱদানৰ বাবে বিশ্বই সদায় ভাৰতবৰ্ষ আৰু সংস্কৃত ভাষাৰ ওচৰত ঋণী হৈ থাকিব। |
ঘ- প্ৰকল্প
প্রশ্ন ১৪। প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ গাঁৱৰ/ঠাইৰ সকলোৱে জনা এজন ব্যক্তিৰ (লিখা-মেলা কৰা, গীত-গোৱা, সমাজৰ কাম কৰা, খেলা-ধূলা কৰা, নৃত্য কৰা, মাটিৰ মূৰ্তি সজা, কাঠৰ বস্তু তৈয়াৰ কৰা, বাঁহৰ বস্তু সজা, মৰাপাটৰ বস্তু তৈয়াৰ কৰা আদি যিকোনো এটা বিষয়ত পাৰ্গত)ৰ বিষয়ে আনক সুধি বা নিজে সেই ব্যক্তিৰ লগত দেখা কৰি তেখেতৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লিখিবা।
উত্তৰ— ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী শিক্ষকৰ সহায় লৈ নিজে কৰিবলৈ চেষ্টা কৰা।
প্রশ্ন ১৫। ভৱিষ্যতে কোনে কি হ’বলৈ বিচৰা আৰু কিয় হ’ব বিচৰা সেই বিষয়ে লিখা।
উত্তৰ— তোমালোকে নিজে কৰা।
(adsbygoogle = window.adsbygoogle || []).push({});