SCERT class 7 Assamese Chapter 13 প্ৰাকৃতিক দুৰ্যোগ free study material and class notes available here for free. So, if you are looking for class 7 Assamese text book questions-answers (সপ্তম শ্ৰেণী অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ), this is the right place for you. Let’s start the activities.
Class 7 Assamese Chapter 13
Apart from SCERT Assam, we also provide CBSE, NCERT, SEBA, AHSEC free study material here. Now lets have a look at the class 7 Assamese Lesson 13 ( পাঠ ১৩ প্ৰাকৃতিক দুৰ্যোগ) solutions.
প্ৰাকৃতিক দুৰ্যোগ
পাঠ ১৩
ক- পাঠভিত্তিক ক্ৰিয়া
ক্ৰিয়া-কলাপ
প্ৰশ্ন ১ ৷ উত্তৰ দিয়া ৷
(ক) অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি ?
উত্তৰ— অসমত প্রলংকৰী ভূমিকম্প হােৱা চন দুটা হ’ল – ১৮৯৭ চন আৰু ১৯৫০ চন ৷
(খ) ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক’ত আছিল ?
উত্তৰ— ১৮৯৭ চনত অসমত হােৱা ভূমিকম্পৰ উৎপত্তি স্থল আছিল খাছীয়া জয়ন্তীয়া পাহাৰ ৷
(গ) ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল ?
উত্তৰ— ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যত ভূমিকম্প হৈছিল ৷
(ঘ) কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল ?
উত্তৰ— ১৯৫০ চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্রকোপ বাঢ়িল ৷
প্ৰশ্ন ২ ৷ তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা ৷
(ক) চানডুবি বিল কেনেকৈ সৃষ্টি হ’ল ?
উত্তৰ— ১৮৯৭ চনৰ ভূঁইকঁপৰ ফলত কেইবাখনাে পাহাৰ তললৈ বহি গৈ চানডুবি বিলৰ সৃষ্টি হ’ল ৷
(খ) ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল ?
উত্তৰ— ১৯৫০ চনৰ ভূমিকম্পত গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহি আহি বৰলুইতৰ বুকু বাম কৰি পেলাইছিল ৷ ফলত অসমত প্রলয়ংকৰী বানপানী হৈছিল আৰু বহুত নদীৰ গতিপথ সলনি হৈছিল ৷
(গ) ‘ছুনামি’ কি ?
উত্তৰ— সাগৰত হােৱা ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্র গর্ভৰ আলােড়নৰ কাৰণে পানীৰ ওপৰত সৃষ্টি হােৱা প্রবল ঢৌক ছুনামি বুলি কোৱা হয় ৷
(ঘ) ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্ৰভাৱ পেলাইছিল ?
উত্তৰ— ভাৰতবৰ্ষত ২০০৪ চনৰ ২৬ ডিচেম্বৰত ভাৰত মহাসাগৰত হােৱা ছুনামিয়ে শ্রীলংকা, ইণ্ডোনেছিয়া আদি দেশৰ লগতে ভাৰতবৰ্ষৰ তামিলনাড়ু, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি অঞ্চলত প্ৰভাৱ পেলাইছিল ৷
খ- ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্ৰশ্ন ৩ ৷ তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা ৷
পাহাৰ বনভোজ চানডুবি বিল
আনন্দ আতংক ভূমিকম্প
উত্তৰ— পাহাৰ → শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত ৷
বনভোজ → প্ৰতি বছৰে শীতৰ আগমনৰ লগে লগে সকলোৱে মিলি বনভোজ খোৱাৰ দিনবোৰো আহি পৰে ৷
চানডুবি বিল → চানডুবি বিল আৰু ইয়াৰ চৌপাশৰ সুবৃস্তিত মনৰোম প্ৰাকৃতিক সৌন্দৰ্য সচাঁকৈয়ে অনুপম ৷
আনন্দ → অসমৰ সকলো মানুহে আনন্দ আৰু প্ৰাচুৰ্য্যৰে বিহু উৎসৱ পালন কৰে ৷
আতংক → যোৱা কিছুদিন ধৰি গাওঁখনত বাঘৰ আতংক বিয়পি পৰিছে ৷
ভূমিকম্প → ভূমিকম্পৰ ফলত অনেক ক্ষয়–ক্ষতি হয় ।
প্ৰশ্ন ৪ ৷ উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অভিধান চাই অৰ্থ জানি লোৱা ৷
(ক)
উত্তৰ—
শব্দ | অৰ্থ |
সাৱধান + তা = সাৱধানতা | সতর্কতা |
বিচ্ছিন্ন + তা = বিচ্ছিন্নতা | বিভক্ত, পৃথক |
বিভিন্ন + তা = বিভিন্নতা | পার্থক্য, বৈচিত্র্য |
বিশাল + তা = বিশালতা | বিৰাট, বৃহৎ |
প্ৰসাৰ + তা = প্ৰসাৰতা | বহলাই বা দীঘলকৈ মেলি দিয়া |
প্ৰশ্ন ৫ ৷ তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা ৷
ফৰিদা — হেৰা মনু, তুমি কেনেকৈ যাবা ?
মনু — বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ ৷
ফৰিদা — পিছে মই এতিয়া নাযাওঁ দিয়া ৷
মনু — বাৰু, হ’ব দিয়া ৷
ফৰিদা — উঃ, আজি যে কি গৰম ! মনু, মোক ঠাণ্ডা পানী এগিলাচ দিবা নে ?
মনু — হয়, দিছোঁ ৰ’বা ৷
ফৰিদা — তুমি কাৰ লগত বজাৰলৈ যাবা ?
মনু — মই আৰু শেৱালি একেলগে যাম ৷
উত্তৰ— ফৰিদা — হেৰা মনু, তুমি কেনেকৈ যাবা ? → সম্বােধনবােধক অব্যয় ৷
মনু — বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ ৷ → বিয়ােজক অব্যয় ৷
ফৰিদা — পিছে মই এতিয়া নাযাওঁ দিয়া ৷ → সময়সূচক অব্যয় ৷
মনু — বাৰু, হ’ব দিয়া ৷ → সন্মতিসূচক অব্যয় ৷
ফৰিদা — উঃ, আজি যে কি গৰম ! মনু, মোক ঠাণ্ডা পানী এগিলাচ দিবা নে ? → ভাববােধক অব্যয় ৷
মনু — হয়, দিছোঁ ৰ’বা ৷ → সন্মতিসূচক অব্যয় ৷
ফৰিদা — তুমি কাৰ লগত বজাৰলৈ যাবা ? → প্রশ্নবােধক অব্যয় ৷
মনু — মই আৰু শেৱালি একেলগে যাম ৷ → সংযােজক অব্যয় ৷
প্ৰশ্ন ৬ ৷ পাঠত থকা যুৰীয়া শব্দবোৰ বিচাৰি লিখা ৷
উত্তৰ— পাঠত থকা যুৰীয়া শব্দবােৰ হ’ল— চহৰ–নগৰ, ঘৰ–দুৱাৰ, হাজাৰ–হাজাৰ, লাহে লাহে, জম্মু–কাশ্মীৰ, মুখে মুখে, উঠা নমা, ক্ষয়–ক্ষতি, আলৈ–আহুকাল ৷
গ- জ্ঞান সম্প্ৰসাৰণ (Class 7 Assamese Chapter 13)
জানো আহা
NDRF – The National Disaster Response Force (ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা বাহিনী) – দেশত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগ, দুৰ্ঘটনা, (স্থল, জল) আৰু বিপদৰ আগৰ আৰু পাছৰ সময়ত উদ্ধাৰ কাৰ্যৰ বাবে নিয়োজিত প্ৰশিক্ষনপ্ৰাপ্ত এটা বাহিনী ৷ SDRF – State Disaster Response Force (ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী) – ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী সঞ্চালকৰ অধীনত আৰক্ষী, নদী আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু প্ৰশাসনিক বিষয়াৰে সন্মিলিত উদ্ধাৰকাৰী বাহিনী ৷ |
উত্তৰ দিয়া ৷
প্রশ্ন ৭। তােমালােকে ভূমিকম্প, বানপানী আৰু ধুমুহা–বতাহ আদিৰ পৰা পােৱা অভিজ্ঞতাসমূহ শ্ৰেণীকোঠাত কোৱা ৷
উত্তৰ— ছাত্ৰ-ছাত্ৰী সকলে নিজৰ নিজৰ অভিজ্ঞতা সমূহ শ্ৰেণীকোঠাত কোৱা ৷
প্রশ্ন ৮। ভূমিকম্পৰ সময়ত মাৰা – দেউতাৰাই তােমালােকক কি কি কৰিবলৈ কয় ?
উত্তৰ— ভূমিকম্পৰ সময়ত মা–দেউতাই আমাক ঘৰৰ বাহিৰলৈ আহি মুকলি ঠাইত বহি থাকিবলৈ কয় ৷ লগতে দৌৰা–দৌৰি নকৰিবলৈ কয় আৰু ওখ অট্টালিকা, গছ গছনিৰ ওচৰলৈ নাযাবলৈ কয় ৷ লাইট, চিলিণ্ডাৰৰ চুইচ বন্ধ কৰিবলৈ আৰু জুই জ্বলি থাকিলে তৎক্ষণাত পানী ঢালি নুমুৱাই দিবলৈ কয় ৷
SL. No. | Contents (Class 7 Assamese) |
পাঠ-1 | তেজৰে কমলাপতি |
পাঠ-2 | কালিকা লগা পাট-কাপোৰ |
পাঠ-3 | পণ্ডিত আনন্দৰাম বৰুৱা |
পাঠ-4 | জনমভূমি |
পাঠ-5 | বিজ্ঞান আৰু আমাৰ মানসিকতা |
পাঠ-6 | নোকোৱাৰ পৰিণাম |
পাঠ-7 | জতুৱাৰ জঁট |
পাঠ-8 | মিছাইল মানৱ |
পাঠ-9 | অসম |
পাঠ-10 | প্ৰত্যাহ্বান |
পাঠ-11 | গছ ভালপোৱা ককাৰ খং |
পাঠ-12 | নামৰ বেবেৰিবাং |
পাঠ-13 | প্ৰাকৃতিক দুৰ্যোগ |
পাঠ-14 | বিদ্যা |
পাঠ-15 | গড়গাঁও |
প্রশ্ন ৯। তলৰ ছবিখন চোৱা আৰু তাত দেখা দৃশ্যৰ আলমত পাঁচশাৰী বাক্য লিখি ছবিখনৰ নামকৰণ কৰা ৷
উত্তৰ—
ছবিখনৰ নামকৰণ— “ কৃত্রিম বান ”
(১) ল’ৰা ছােৱালীবােৰ স্কুললৈ যােৱাৰ সময়তেই দোপাল-পিটা বৰষুণ আহিল ৷
(২) ফলত গােটেই চহৰখনৰ বাট-পথ বোৰ বুৰি গ’ল ৷
(৩) গাড়ী – মটৰবোৰো প্ৰবল বৰষুণৰ বাবে লাহে লাহে গতি কৰিছে ৷
(৪) আলৰ বুঢ়া – বুঢ়ী দুগৰাকীয়ে এজনী সৰু ছােৱালীৰ হাতত ধৰি লাহে লাহে পানী আৰু বৰষুণৰ মাজেৰে গৈ আছে ৷
(৫) মাকহঁতে ল’ৰা – ছােৱালীৰ বেগবােৰ এহাতে লৈ আনহাতেৰে সিহঁতক ধৰি তিতি বুৰি পানীৰ মাজেৰে যাবলৈ চেষ্টা কৰিছে ৷
প্রশ্ন ১০। ভূমিকম্পৰ ধ্বংসলীলা বা বানপানীৰ ধ্বংসলীলা সম্পর্কে বর্ণনা কৰি প্রত্যেকেই একোটা গল্প, কবিতা বা দফা প্রস্তুত কৰা ৷
উত্তৰ— বানপানীয়ে খেতি-পথাৰ নষ্ট কৰাৰ লগতে মানুহ তথা অন্যান্য জন্তুৰ জীৱন ধাৰণত যথেষ্ট প্ৰভাৱ পেলায় ৷ লগতে প্ৰবল বানপানীয়ে ঘৰ-দুৱাৰ ভাঙি লৈ যোৱাৰ লগতে ঘৰৰ সা–সম্পত্তি , ভঁৰালৰ ধানো নষ্ট কৰে ৷ লগতে পাচলি, অমিতা, হালধি, আদা আদি নিমিষতে নষ্ট কৰি পেলায় ৷ ৰাস্তা পদূলি নষ্ট কৰি, দলং আদি ভাঙি উটুৱাই নি যাতায়াত একেবাৰে বন্ধ কৰি পেলায় । নৈৰ মথাউৰি ভাঙি খেতি পথাৰ নষ্ট কৰাৰ উপৰি অনেকৰ ঘৰ–দুৱাৰ উটুৱাই লৈ যায় ৷ পােহনীয়া, আৰু বনৰীয়া জীৱ-জন্তুৰ নানান অথন্তৰ ঘটাৰ লগতে মৃত্যুৰ মুখতাে পৰে ৷ আশ্রয় শিবিৰত মানুহ আৰু পােহনীয়া জীৱ–জন্তুৱে আশ্রয় ল’বলগীয়া হয় ৷ এমুঠি অন্নৰ বাবে হাহাকাৰ হয় ৷ বানপানী কমি যােৱাৰ পিচত নানান বেমাৰ মহামাৰিয়ে দেখা দিয়ে ৷
প্রশ্ন ১১। আকস্মিক বক্তৃতা প্রতিযােগিতাত তাংশ গ্রহণ কৰা ৷
বিষয় : বানপানী, ভূমিকম্প, ব্ৰহ্মপুত্ৰ নদী, ধুমুহা, বতাহ, হিমালয় পৰ্বত, গণতন্ত্ৰ দিৱস ৷
উত্তৰ— শিক্ষকৰ সহায় লৈ নিজে কৰা ৷
(adsbygoogle = window.adsbygoogle || []).push({});